সতীৰ তেজ/চতুৰ্থ অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সতীৰ তেজ
লেখক দণ্ডিনাথ কলিতা
[ ৪৫ ]
চতুৰ্থ অঙ্ক।

প্ৰথম দৃশ্য।
ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰাজবাট।
সময়—দুপৰীয়া।

গদাপাণিৰ প্ৰবেশ।

গদা।—পচোৱা বতাহৰ দৰে উৰি আহিছিলোঁ ধৰা দিবলৈ, লৰা ৰজাৰ হাতত প্ৰাণ সমৰ্পণ কৰি জয়াক ৰক্ষা কৰিবলৈ । কিন্তু পলম হ’ল, নাপালোঁ, জয়া মোৰ অদৃশ্য ৰাজ্যলৈ গুচি গ’ল। থৈ গ’ল ৰাজ্য-জোৰা এটা হাহাকাৰ, এটা হিয়াভগা কৰুণ সুৰ ! আজি মোৰ জয়া নাই, প্ৰাণৰ মায়া নাই, সংসাৰৰ বন্ধন নাই। আজি মোৰ জীৱন মৰণ উভয় সমান। (চিন্তা কৰি) কিন্তু অৰাজক আহোম ৰাজ্যৰ শৃঙ্খলা লগাবলৈ আত্মগোপন কৰি প্ৰাণ ৰক্ষা কৰিছিলোঁ, আজি জয়াৰ মহাপ্ৰয়াণে সেই উদেশ্য আৰু মহৎ কৰিছে। তাক সাধন নকৰাকৈ মৰিবৰ মোৰ অধিকাৰ আছে জানো ?–নাই। তেন্তে-জীয়াই থাকিব লাগিব, সতীৰ সাধনা সফল কৰিব লাগিব, শান্তিৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগিব। ( অলপ সময় আকাশলৈ চাই থাকি) আত্মৰক্ষা কৰিম, জয়াৰ আদেশ পালন কৰিম, সতীৰ তেজেৰে উদ্দীপ্ত হৈ লক্ষ্যস্থানলৈ আগ বাঢ়িম, আত্মগোপন কৰি

[ ৪৬ ]

অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে জুই জ্বলাই দিন। যেতিয়া সি জিভা মেলি আকাশ লঙ্ঘিব, তেতিয়া তাত দিম সেই পাষণ্ড নৰঘাতীদলৰ শোণিতৰ আহুতি। সেই দিন হে মোৰ জীৱন সাৰ্থক হব, স্বেচ্ছাচাৰিতাৰ লৌহদণ্ড ধুলিত মিলিব, জয়াৰ ভবিষ্যৎ দৃষ্টি বৰ্তমানত পৰিণত হ'ব। ( অলপ ৰৈ ) জয়া ! জয়া। শক্তিময়ী তুমি, মোক শক্তি দিয়াঁ, ধৈৰ্য্য দিয়াঁ। কঠোৰ সংযম দিয়াঁ, যেন হিয়া ভেদি ওলোৱা প্ৰলয়ৰ হুঙ্কাৰ চেপি ৰাখি কৰ্ম্মক্ষেত্ৰ প্ৰস্তুত কৰিব পাৰোঁ, যেন পশুবল নিৰ্ম্মূল কৰি প্ৰতিশোধৰ ভস্মৰ মাজত শান্তৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰোঁ।
                   (স্থিৰ দৃষ্টিৰে শূন্যলৈ চাই থাকি )
সৌৱা, সতীৰ তেজৰ ঢল উঠিছে, জয়াৰ চিতাৰ ধোঁৱাই আকাশ জুৰিছে। ৰাজ্য জুৰি ধুমুহা মাৰিব, শিলাবৃষ্টিত জগৎ কপিব, দেৱতাৰ বজ্ৰত পাপীৰ হৃদয় চূৰ্ণবিচূৰ্ণ হ'ব। ধৈৰ্য্য ধৰ গদাপাণি, হৃদয় বজৰ দৰে কঠিন কৰ, শোকৰ উচ্ছ্বাস প্ৰতিহিংসা বহ্নিৰ তাপেৰে শুকুৱাই পেলা। নিজৰ প্ৰতি নিৰ্ব্বিকাৰ হৈ সাধনা কৰ–প্ৰতিশোধ – ভীষণ প্ৰতিশোধ। (প্ৰস্থান। )
                   (দুটা মানুহৰ প্ৰবেশ। )
প্ৰথম।—নাথাকোঁ বুলিছোঁ, নাথাকোঁ। ক'ৰবাত শুকাই মৰিম, তেও এনে অধৰমী ৰজাৰ ৰাজ্যত নাথাকোঁ।
দ্বিতীয়।—এক প্ৰকাৰ বুঢ়াই হলোঁহি, তেও এনে অধৰম দেখা

[ ৪৭ ]

যে নাই, শুনাও নাই। লোকে তিৰী-বধ বুলি দোহাই দিলে কৰিবলৈ ধৰা কামো নকৰে। এওঁ দেখাদেখিকৈয়ে তিৰী-বধ কৰিলে।
প্ৰথম।—চাচোন বাৰু কুঁৱৰীক যে মাৰিলেই, আকৌ যি তাত বেজাৰ কৰিছিল তাকো মাৰিছে। গদা-কোঁৱৰে তাক ওচৰ চপাই পাব লাগিছিল, মাগুৰ মাছ কছা দি কছিলেহেতেন।
দ্বিতীয়।—পৰা হ’লে নো শুদাই এৰে বুলি ভাবিছ নে ? তেওঁ হ’ল অকলশৰীয়া, ৰজাৰ লগত হেজাৰ হেজাৰ পাইক।
প্ৰথম।—হ’ব নোৱাৰিছে। কোঁৱৰে কৰবাত চল চাই হে আছে। সুবিধা পালে একে মোহাৰতে তাৰ নেলু ছিঙি তেজ পিব।
                        ( আৰু দুটা মানুহৰ প্ৰবেশ। )
তৃতীয়।—ককাইহঁত, কলৈ যাৱ ?
প্ৰথম।—যলৈকে চকু যায়।
চতুৰ্থ।—এৰা ককাই, এই দেশত আৰু থাকিব নোৱাৰি। এতিয়াও যে জীয়াই আছোঁ, এয়েই পৰম ভাগ্য ! এনে ৰাজ্যত থকাতকৈ হাবিত বাঘ-ঘোঙৰ লগত থকাই ভাল।
তৃতীয়।—চাচোন বাৰু, প্ৰজা আছে বুলি হে ৰজাটো। প্ৰজা নহলে নো ৰজাটো কিহৰ ? এই ফেৰাও নো তেওঁৰ বিবেচনা হ’ব নাপায় নে ?
প্ৰথম।—বিবেচনা হ'ব! দেখা নাই নে কেনেকৈ যাকে য'তে পায় ধৰি ধৰি মাৰিছে।

[ ৪৮ ]

নেপথ্যত ঢোলৰ শব্দ। সকলোৱে সেই ফাললৈ চায়, এনেতে কান্ধত ঢোল আৰু হাতত এখন দীঘল সাঁচি পাত লৈ দুটা ৰজাঘৰীয়া পাইকৰ প্ৰবেশ। )
১ম পাইক।—(সাঁচি পাত চাই ) প্ৰবল প্ৰতাপান্বিত মহামহিম শ্ৰীল শ্ৰীশ্ৰীশ্ৰীশ্ৰীযুক্ত স্বৰ্গদেৱ চুলিক্‌ফাৰ আদেশ সকলোৱে শুনিবাহক –
                (দ্বিতীয় পাইকে ঢোল বজায়। মানুহকেইটা থৰ হয়। আন বাটৰুৱা মানুহ কিছুমান গোট ৰায়। )
১ম পাইক।— ( সাচিপাত চাই ) যেহেতু ৰাজদ্ৰোহী গদাপাণি ভেশ ছন কৰি ফুৰিছে বুলি জনা গৈছে, সেই হেতুকে সমূহ প্ৰজাক জনোৱা যায় যে যেয়ে গদাপাণিৰ মূৰ আনি দিব পাৰিব, সেয়ে এহেজাৰ সোণৰ মোহৰ বঁটা পাব।
                 ( দ্বিতীয় পাইকে ঢোল বজায়। )
যদি কোনোবাই পায়ো গোপন কৰে তাক সবংশে শালত দিয়া হ’ব।
                  ( দ্বিতীয় পাইকে ঢোল বজায়। )
                  ( পুনৰায় পূৰ্ব্ববৎ পাঠ কৰি দুয়ো ওলাই যায়।)
প্ৰ, মানুহ।—গদাকোঁৱৰৰ মূৰ অনাকেইটা হে হয়। লগ পালেই বাৰু, কাষ চাপিবলৈ সাহ কৰিব কোনে ? জেৰেঙা পথাৰত চাওদাঙৰ মাজতে ওলাইছিল বুলি শুনিছোঁ, তেও দেখোন ধৰি ৰাখিব নোৱাৰিলে একা !
দ্বি, মানুহ।—গদা কোঁৱৰক ধৰাটো বাৰু হৈছে ! মুঠেই মাজতে নিৰ্দোষ মানুহ কিছুমানৰ মূৰ যাব।

[ ৪৯ ]

চতুৰ্থ মানুহ।—মই নকৈছোঁ এই ৰাজ্যত মানুহ নাথাকে।
তৃ, মানুহ।—ইমানতে আঁতৰাই ভাল। ইয়াৰ পাচত পলোৱাৰো মুদা মৰিব। আকৌ লাগে যদি ঢোল পিটি শুনাৰ বোলে যেয়ে ঘৰৰ বাহিৰ ওলাব তাৰে প্ৰাণদণ্ড।
প্ৰ, মানুহ।—লৰা ৰজা থাকক মাথোন, তাৰ আটক নাই। এতিয়াই কৰবাত পৰ্ব্বতে-পাষণ্ডে সোমাই থকাই ভাল।
দ্বি, মানুহ।—এৰা, বলহঁক, ইয়াৰ পৰা আঁতৰ হওঁ।
                                       ( সকলোৰে.প্ৰস্থান। )
                  ( বিপৰীত ফালৰ পৰা গদাপাণিৰ প্ৰবেশ। )
গদা।—গদাৰ প্ৰাণৰ মূল্য সহস্ৰ মোহৰ,—
          ৰাজ্য যুৰি ঘুষিছে ৰজাই। নাজানে সি।—
          জয়াহীন গদাপাণি নাই মূল্য তাৰ।
           সংসাৰৰ মায়া-মোহ সকলো ছিগিল,
           সোণৰ সংসাৰ মোৰ হ’ল ছাৰখাৰ,
           ভৰা নাও ডুবি গ’ল অতল জলত।
           অকাতৰে দিব পাৰোঁ আত্ম-বিসৰ্জন।
           কিন্তু জয়াৰ আদেশ মই নোৱাৰোঁ পেলাব,
           নোৱাৰোঁ কৰিব ব্যৰ্থ সাধনা সতীৰ।
           ভাগি যোৱা বুকু মোৰ শিলেৰে বন্ধাই,
           শত যাতনাৰ সহি শত শক্তিশেল,
           ৰাখিব লাগিব প্ৰাণ; প্ৰতিহিংসা, প্ৰতিশোধ

[ ৫০ ]

          হ’ব মোৰ বিশল্য-কৰণী। প্ৰাণৰো প্ৰাণত
          য’ত কমল-কোৰক আছিল জয়াৰ স্থান,
          তাত আজি নৱ বেদী শ্মশান-ভস্মৰ।
          অধিষ্ঠাত্ৰী প্ৰতিহিংসা লোলজিহ্বা মেলি।
          অন্তৰ্হিত দয়া, ক্ষমা, প্ৰণয়-বন্ধন,
          অন্তৰ্দ্ধান কল্পনাৰ চিত্ৰ অতীতৰ।
          সম্মুখত অতি গাঢ় অন্ধ অন্ধকাৰ,
          প্ৰতিহিংসা সাধনৰ সুবৰ্ণ সুযোগ।
          নাচি উঠ শিৰে শিৰে দানৱ-প্ৰবৃত্তি,
          জ্বলি উঠ দীপশিখা মহা প্ৰলয়ৰ,
          তুমুল তৰঙ্গ তুলি ঘূৰ্ণ প্ৰভঞ্জন
          বই যা মোহাৰি বিশ্ব অস্তিত্ব উৰাই।
    ( বেগেৰে যাবলৈ ধৰে। এনেতে এদল সৈন্ত গদাপাণিৰ আগত উপস্থিত হয় আৰু গদাপাণিক বেৰি ধৰে। )
গদা।–সাৱধান কুকুৰৰ দল ! ব্যাধৰ টিহনি শুনি চেকুৰি আহিছ ? নাহিবি, আঁতৰ হ, নহলে প্ৰাণ যাব।
                   (সৈন্যবিলাক সাৱধানে চাপি আহে। )
গদা।–কি ! কথা নুশুন ! এই তাৰ প্ৰতিফল।
                   (সম্মুখত যাকে য’তে পালে ওফৰাই পেলাই বিজুলী সঞ্চাৰে ওলাই যায়। )
প্ৰ, সৈন্য।—পাই হেৰুৱালোঁ, সৌৱা একে জাঁপেই লুইতত পৰিল। টোপা কাঁড় যোৱা দি গৈছে।

[ ৫১ ]

দ্বি, সৈন্য।—নাও বিচাৰ, নাও বিচাৰ। ৰজাই শুনিলে আধ্যা পৰিব।
সকলোৱে।—ব’ল, ব’ল, নাও ল, খেদা দিওঁ ।
                (সকলো লৰি ওলাই যায়। )

পট-পৰিবৰ্ত্তন।

ব্ৰহ্মপুত্ৰৰ মাজ ।
নৈৰ সোঁতৰ হো-হোৱনি উঠিছে, ঢৌৱে আফালিব লাগিছে, ডকা ফুটিছে।
গদাপাণিয়ে অবিৰাম সাঁতুৰিছে, মাজে মাজে মূৰ উলিয়াই পিচলৈ
চাইছে। চাওঁতে চাওঁতেই গদাপাণি অদৃশ্য হৈ গ’ল। তাৰ
পিচত নাৱত সৈন্তবিলাকৰ প্ৰবেশ। সিহঁতে কোবেৰে
ব’ঠা মাৰি নাও উৰুৱাই নিয়া দি নিছে।
———
দ্বিতীয় দৃশ্য।
বৰ চ’ৰা ।
সময় আবেলি ।
চৰাৰ ভিতৰত এফালে সাতখলপীয়া সিংহাসন, ওপৰত চন্দ্ৰতাপ।
সিংহাসনৰ ওপৰত ডাঙ্গৰ গাৰু। সকলোতে নানাৰত্ন আৰু কাৰু-
কাৰ্য্যৰ বিতোপন সৌন্দৰ্য্য। সিংহাসনৰ পৰা আঁতৰত দুয়ো
কাষে দুশাৰী খুটাৰ দাতিত ডাঙ্গৰীয়াসকলৰ আসন।
দুৱাৰ মুখত সশস্ত্ৰ প্ৰহৰী।

(কথা পাতি পাতি বৰগোঁহাই আৰু বুঢ়াগোঁহাইৰ প্ৰবেশ।

বুঢ়া।—আপুনি ভুল বুজিছে। স্বৰ্গদেৱৰ কাৰ্য্যত মোৰ কোনো হাত নাই ! কোঁৱৰসকলৰ অঙ্গহানি, জয়মতীৰ শাস্তি,

[ ৫২ ]

প্ৰজাৰ পীড়ন আদি সকলো স্বৰ্গদেৱৰ নিজৰ ইচ্ছা। মোৰ পৰামৰ্শত তেনে কৰিছে বুলি যদি আপোনাৰ বিশ্বাস, তেন্তে সি মহাভুল।
বৰ।—আপুনি পৰামৰ্শ নিদিব পাৰে, কিন্তু সম্মতি দিছে,—সাহায্য কৰিছে।
বুঢ়া।—স্বৰ্গদেৱেৰ বিৰুদ্ধে চলিবলৈ মই অপাৰগ।
বৰ।—বিনা দোষত শাস্তি দিয়া ৰাজধৰ্ম্ম নহয়। আপুনি মন্ত্ৰী, ৰজাক সুমন্ত্ৰণা দিয়াটো আপোনাৰ কৰ্ত্তব্যৰ ভিতৰত। অন্যায় কাৰ্য্যত নিৰ্ব্বিবাদে সাহায্য কৰাটো আৰু অন্যায়।
বুঢ়া।—ন্যায়-অন্যায় অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। এক অৱস্থাত যিটো অন্যায়, বিপৰীত অৱস্থাত সেয়ে কৰ্তব্য।
বৰ।—তেন্তে আপুনি এই হত্যাকাণ্ড সমৰ্থন কৰে ?
বুঢ়া।—নকৰি উপায় নাই।
বৰ।—আপুনি এতিয়াও ভাবি চাওক। যি কৰিলে কৰিলে, এতিয়াও ক্ষান্ত হওক। নিৰ্দোষ প্ৰজাৰ তেজেৰে দেশ ৰাঙ্গলী নকৰিব।
বুঢ়া।—দোষ ৰজাৰ নহয়। গদাপাণি পলৰীয়া অপৰাধী। তেওঁক ধৰি দি ৰজাক সাহায্য কৰা প্ৰজাৰ কৰ্ত্তব্য। তাকে নকৰি গদাপাণিক পলাবলৈ যি সুযোগ দিয়ে, সি নিশ্চয় ৰাজদ্ৰোহী। মৃত্যুৰ বাহিৰে তাৰ আন শাস্তি নাই।
বৰা।—আপুনি তেন্তে এই অত্যাচাৰত বাধা নিদিয়ে ?
বুঢ়া।–ৰাজ্যৰ বৰ্ত্তমান অৱস্থালৈ চাই নিদিওঁ। ডাঙ্গৰীয়াসকলে

[ ৫৩ ]

ৰাজকাৰ্য্যত হস্তক্ষেপ কৰাৰ পৰাই ৰাজ্য প্ৰায় অৰাজক। চুন্যতফা, চুক্লনফা, চুহুং, গোবৰ, চুজিন্‌ফা আৰু চুদৈফা স্বৰ্গদেৱেৰ অকাল মৃত্যুৰ কাৰণ অকল ডাঙ্গৰীয়াসকলৰ প্ৰাধান্য লাভৰ চেষ্টা আৰু কোঁৱৰসকলৰ প্ৰতিদ্বন্দ্বিতা । এনে অৱস্থাত যদি স্বৰ্গদেৱে আত্মপ্ৰতিষ্ঠাৰ নিমিত্তে কঠোৰ নীতি অৱলম্বন কৰে, সি কোনোমতেই দূষণীয় নহয়।
বৰ।—এয়ে তেন্তে আপোনাৰ মত ?
বুঢ়া।—আন পথ নাই। বৰ্তমান আহোম শাসনৰ বিশৃঙ্খল আঁতৰ নহলে, এই ৰাজ্য নাথাকে। যেতিয়ালৈকে সিংহাসনৰ প্ৰতিদ্বন্দ্বী থাকিব, ৰাজক্ষমতা মন্ত্ৰীসকলৰ আকাঙ্খাৰ বশবৰ্ত্তী হ’ব, তেতিয়ালৈকে গুপ্তহত্যা, অৰাজকতা— একোৰেই অন্ত নপৰে। বৰ্ত্তমান স্বৰ্গদেৱে তাৰ মূল উচ্ছেদ কৰি দৃঢ় ভেঁটিৰ ওপৰত সিংহাসন প্ৰতিষ্ঠা কৰিবলৈ আগ বাঢ়িছে। আমাৰ সকলোৰে কৰ্ত্তব্য-সামান্য স্বাৰ্থ বিসৰ্জ্জন দি তেওঁৰ এই মহৎ উদেশ্য সাধনত সাহায্য কৰা। দেশক যি ভাল পায়, আহোম গৌৰব যাৰ প্ৰিয়, তেওঁ কেতিয়াও স্বৰ্গদেৱৰ কাৰ্য্যত ব্যাঘাত জন্মাব নোৱাৰে।
বৰ।—হ’ব পাৰে আপোনাৰ উদ্দেশ্য সাধু। কিন্তু আপুনি ভাবে নে আপোনালোকৰ অৱলম্বিত উপায়েৰে সেই উদেশ্য সিদ্ধি হ’ব ? মই দঢ়াই দঢ়াই কওঁ –কেতিয়াও নহয়। মই যদি বঙ্গালৰ বিৰুদ্ধে অভিযানত আবদ্ধ হৈ নাথাকিলোঁহেতেন, তেন্তে গুৰিৰে পৰা আপোনালোকৰ কাৰ্য্যত বাধা

[ ৫৪ ]

জন্মালোঁহেতেন। মোৰ অনুপস্থিতিৰ যোগ লৈ, আপোনালোকে শাসনৰ নামত পীড়ন, বিচাৰৰ নামত গুপ্তহত্যাৰ প্ৰবৰ্ত্তন কৰি দেশৰ সুখ-শান্তি দূৰ কৰিলে। এতিয়াও মই সাৱধান কৰি দিওঁ, অত্যাচাৰ বন্ধ কৰক। উৎপীড়নে কোনো কালে কোনো দেশতে সুশাসন প্ৰবৰ্তন কৰা নাই। নহলে ইয়াৰ যি পৰিণাম হ’ব, সি অতি ভয়ঙ্কৰ। অকল স্বৰ্গদেৱেই নহয়, আপুনিও তাৰপৰা মুক্তি নাপায়।

(বৰপাত্ৰগোঁহাই আৰু অন্যান্য বিষয়াসকলৰ প্ৰবেশ। এনেতে নেপথ্যত

শঙ্খঘণ্টা বাজি উঠে। দুশাৰী সশস্ত্ৰ চাওদাঙৰ মাজে দি শৰীৰ-ৰক্ষী
আৰু ছত্ৰচামৰধাৰীসহ ৰজাই প্ৰবেশ কৰে। ডাঙ্গৰীয়াসকলে
অভিবাদন জনায়। ৰজাই আসন গ্ৰহণ কৰে। চাওদাং-

বিলাক চ'ৰাৰ দুৱাৰ মুখত থিয় দি থাকে। )

ৰজা।– উগ্ৰ দৃষ্টিৰে কেইওফালে চাই। ডাঙ্গৰীয়াসকল ! ৰাজদ্ৰোহী গদাপাণি আজিও ধৰা নপৰিল ! ইয়াৰ কাৰণ কি ? মই অনুমান কৰিছো আপোনালোকে ৰাজকাৰ্য্যত অৱহেলা কৰিছে।
বৰ, গো।—স্বৰ্গদেৱ ! ই আমাৰ ওপৰত অযথা দোষাৰোপ। গদাপাণি ৰাজদ্ৰোহী হয় নে নহয়, সি আমাৰ অজ্ঞাত। তথাপিও তেওঁক ধৰাই যদি স্বৰ্গদেৱৰ ইচ্ছা, তেনেহলে প্ৰচলিত প্ৰথামতে কাৰ্য্য কৰা উচিত আছিল। তাকে নকৰি নীতিবিৰুদ্ধ উপায়ৰ আশ্ৰয় ললে কিয় ? হুৰামুৰাকৈ আগ বাঢ়ি গদাপাণিক হুৰাই দিলে কিয় ? জানিব লাগি-

[ ৫৫ ]

ছিল, যিমানেই চোকা বাঘ নহওক, গুজৰি গুমৰি গৈ পহু ধৰিব নোৱাৰে।
ৰজা।—তাৰ মানে কি ? আপুনি ক’ব খোজে নে কি, গদাপাণিক মোৰ তেজ পিবলৈ দি মই হাত সাবটি বহি থাকিব লাগিছিল ? এয়েই নে আপোনাৰ পৰামৰ্শ ? মই সিমান মূখ নহওঁ ডাঙ্গৰীয়া। মই বুজিছোঁ ডাঙ্গৰীয়াৰ পৰা কাঁড়ীলৈকে গোটেই ৰাজ্যই মোৰ বিদ্ৰোহ আচৰণ কৰিছে।
বুঢ়া।—তাত সন্দেহ নাই স্বৰ্গদেৱ ! প্ৰায় গোটেই ৰাজ্যই জয়মতীৰ মৃত্যুৰ বাবে স্বৰ্গদেৱৰ গাত দোষাৰোপ কৰিছে। নানা প্ৰকাৰ শাস্তিয়েও সিহঁতক শিক্ষা দিব পৰা নাই। এতিয়া শুনিছোঁ জাকে জাকে মানুহ গাওঁ এৰি পলাবলৈ ধৰিছে।
ৰজা।—পলাবলৈ ধৰিছে ! নহয়, সিহঁত পলাব নোৱাৰে। যেয়ে পলাব খোজে তাৰেই শান্তি হ’ব লাগিব। আজিৰ পৰা যি কোনো মানুহ বিনা অনুমতিত নিজ গাৱঁৰ বাহিৰ ওলাব, তাৰেই শাস্তি প্ৰাণদণ্ড।
বৰ।—তাৰ ফল ভাল নহ’ব স্বৰ্গদেৱ। যি জুই জ্বলালে, তাক নুমুৱাবলৈ যত্ন কৰক, নতুনকৈ জুই জ্বলাই বিপদ নবঢ়াব। জুই জলোৱা অতি সহজ, কিন্তু যেতিয়া সি জিভা মেলি চৌদিশ জুৰিব, তেতিয়া সাগৰৰ পানীৰেও তাক নুমুৱাব নোৱাৰে। অন্তৰ্বিপ্লবৰ সুযোগ লৈয়েই ৰঙ্গামাটিৰ নবাবে গুৱাহাটী অধিকাৰ কৰিছিল, প্ৰাণপণ চেষ্টাৰ ফলত সিদিনা

[ ৫৬ ]

মাত্ৰ পুনৰুদ্ধাৰ হৈছে। এনে অৱস্থাত যদি ৰাজ্যত উৎপাত অশান্তি বঢ়াই দিয়ে, সিহঁত আকৌ মূৰ তুলি উঠিব। আভ্যন্তৰিক শান্তিস্থাপন নহলে,—নিশ্চয় জানিব, আহোম ৰাজ্য নাথাকে।
ৰজা।—নাথাকে নাথাকক। বিদেশী শত্ৰুৰ ভয়ত গৃহ-শত্ৰুৰ হাতত আত্মসমপণ কৰিব নোৱাৰোঁ। বিদ্ৰোহীক দমাব লাগিব, সিহঁতৰ সঁচ মাৰি দেশত শান্তি প্ৰবৰ্ত্তাব লাগিব। তাৰ বাবে যিমান কঠোৰ হোৱাৰ প্ৰয়োজন, সিমান হ’ব লাগিব।
বৰ।—স্বৰ্গদেৱে পাহৰিছে প্ৰজাশক্তি সিমান ক্ষুদ্ৰ নহয়। সন্মিলিত প্ৰজাশক্তিৰ ওচৰত ৰাজদণ্ড অতি তুচ্ছ। প্ৰীতিৰে প্ৰজাক বশ নকৰিলে, আন কোনো উপায়েৰে বশ কৰিব নোৱাৰি। সেই কাৰণে মই আকৌ আপোনাক অনুৰোধ কৰিছো, সকলো কঠোৰ ব্যৱস্থা পৰিত্যাগ কৰক।
ৰজা।—কি ! আপুনিও তেনেহলে বিদ্ৰোহীৰ দলত ?
বৰ।—যদি এয়ে স্বৰ্গদেৱৰ ধাৰণা, তেন্তে এই পৰামৰ্শত বিদ্ৰোহীৰ যোগ নথকাই উচিত। অপৰাধ হলে মাৰ্জ্জনা কৰিব। মই আশা কৰোঁ, যিসকলৰ মত মোৰ লগত মিলে, তেওঁলোকে এই পৰামৰ্শৰ পৰা আঁতৰি থাকিব।
          ( বৰগোঁহাই ওলাই যায়, লগতে আন বিষয়া দুজনমানো ওলায়। )
ৰজা।—এই দেশৰ ৰজা কোন ? মোৰ সম্মুখত মোৰেই কৰ্ম্মচাৰীয়ে ঔদ্ধত্য দেখুৱাই গুচি যায়! ই দেখাদেখিকৈ

[ ৫৭ ]

বিদ্ৰোহৰ সূচনা। মই তাৰ বিচাৰ কৰিম, ইহঁতক সবংশে ধ্বংস কৰিম।
বুঢ়া।—স্থিৰ হওক স্বৰ্গদেৱ ! সময়তকৈ আগ নাবাঢ়িব। এতিয়াই গৃহ-বিবাদ আৰম্ভ কৰিলে সকলো উদেশ্য ব্যৰ্থ হ’ব। আগেয়ে গদাপাণিৰ ব্যৱস্থা হওক, তাৰ পিচত আনবিলাকৰ বিচাৰ কৰিব।
ৰজা।—গদাপাণিৰেই বা কি ব্যৱস্থা হ'ব ! আজি ইমান দিনেও তাক ধৰিব নোৱাৰিলে। তাৰ ভীষণ মূৰ্ত্তি মই দেখিছোঁ, সি মোক হত্যা কৰিব।
বুঢ়া।—আপোনাৰ কল্পনা অসঙ্গত। এইবাৰ এনে উপায়ত ধৰিব লাগে, যাতে গদাপাণিৰ মৃত্যু অপৰিহাৰ্য হয়।
ৰজা।—কি উপায় ?
বুঢ়া।—উপায় স্বৰ্গদেৱে কোৱাটোৱেই, মাত্ৰ তাতে অলপ যোগ দিব লাগিব। ঘোষণা কৰা হওক—এতিয়াৰ পৰা কোনো মানুহে নিজ গাওঁ এৰিব নোৱাৰে, আৰু অচিনাকি মানুহ মাত্ৰৰেই প্ৰাণদণ্ড। তেতিয়া গদাপাণি নিশ্চয় মৰিব। অৱশ্বে লগতে কিছুমান নিৰ্দ্দোষ মানুহে মৰা পৰিব
পাৰে।
ৰজা।—কিছুমান মানুহ মৰিব, মৰক। গোটেইবোৰ মানুহ মাৰিও যদি গদাপাণিক ধৰিব পাৰি, তাতো মই সম্মত। যি ৰাজ্যই ৰজাক নামানে, সেই ৰাজ্য ধ্বংস হৈ যাওক।
বুঢ়া।—তেন্তে এই ব্যৱস্থা মতেই কাৰ্য্য আৰম্ভ হওক।

[ ৫৮ ]

ৰজা।—এতিয়াই, অবিলম্বে। যেনে উপায়েৰেই হওক, মোৰ ৰাজক্ষমতাৰ মৰ্য্যাদা ৰাখিব লাগিব। প্ৰজাই বুজিব লাগিব, মোৰ ইচ্ছাৰ বাহিৰে সিহঁতৰ ধৰ্ম্ম নাই।
                      (বুঢ়া গোহাঁইৰ বাহিৰে সকলোৰে প্ৰস্থান )
বুঢ়া।—ডেবেৰা বৰবৰুৱা নাই, লালুকশোলা বৰফুকন আজি সিপুৰীত। আজি অসমৰ ভাগ্য-বিধাতা এই আতন বুঢ়াগোঁহাই। যি কাৰ্য্য আৰম্ভ কৰিছোঁ, তাক শেষ নকৰাকৈ মই বিশ্ৰাম নলওঁ। স্বৰ্গদেৱৰ সকলো প্ৰতিদ্বন্দ্বীৰ শেষ কৰিম, সিংহাসনৰ দৃঢ়তা স্থাপন কৰিম, ৰাজ্যজোৰা হুল-স্থুল, অৰাজকতাৰ বিভীষিকা, সকলো শেষ কৰি আহোম ৰাজ্যলৈ নতুন আলোক নমাই আনিম। সিংহাসন নিষ্কণ্টক কৰি, ৰজা-প্ৰজা সকলোকে হাতৰ মুঠিত ৰাখি অপ্ৰতিহত ক্ষমতাৰে এনে ভাবে ৰাজ্যৰ গতি নিৰ্দেশ কৰিম, যাতে ভবিষ্যৎ বুৰঞ্জীত ৰাজমন্ত্ৰী আতন বুঢ়া-গোঁহাইৰ নাম স্বৰ্ণাক্ষৰে জিলিকি থাকে।
                                                                     ( প্ৰস্থান )

————
[ ৫৯ ]
তৃতীয় দৃশ্য

বৰফুকনৰ চ’ৰা।
সময়—অাগ বেলা।

বন্দৰ আৰু বাউলী গাভৰু।

বন্দৰ।—ৰাজ্যত হুলস্থল, চাৰিওফলে কটা-মৰা। অকল গদাপাণিৰ কাৰণেই কিমান মানুহ মৰিছে, তাৰ সীমা-সংখ্যা নাই।
বাউলী।—স্বৰ্গদেৱৰ এনেবোৰ অন্যায় দেখি-শুনিও আপোনালোকে সহি আছে কিয় ? অকল ৰজাক নহয়, আপোনালোককো ইয়াৰ দোষে ছুব।
বন্দৰ –মই যে কোনো উপায় ভাবি পোৱা নাই ! ৰাজপ্ৰতিনিধি স্বৰূপে ৰজাৰ আদেশ মানিবলৈ মই বাধা। মোৰ আগৰ দুজন প্ৰতিনিধিয়ে গুৱাহাটী মোগলৰ হাতত অৰ্পণ কৰিছিল, মই তাক উদ্ধাৰ কৰিছোঁ। ৰঙ্গামাটিৰ যুদ্ধত নিজ প্ৰাণলৈ ভ্ৰক্ষেপ নকৰি আহোম গৌৰব ৰক্ষা কৰিছোঁ, স্বৰ্গদেৱৰ শত্ৰুনাশ কৰি ৰাজ্যবিস্তাৰ কৰিছোঁ। তথাপিও স্বৰ্গদেৱৰ ধাৰণ মই গদাপাণিক ধৰিবলৈ যত্ন কৰা নাই, কিয়নো তেওঁ মোৰ আত্মীয়। এনে অৱস্থাত প্ৰতিবাদ কৰোঁ কেনেকৈ ? তেনে কৰিলে স্বৰ্গদেৱে মোকো অপৰাধী নকৰাকৈ নাথাকে।
বাউলী।—কিন্তু ভাবি চাওক, গদাৰ দোষ কি ! আহোম কুলৰ লক্ষ্মী জয়াৰ তেজৰ সোঁত এতিয়াও মাৰ যোৱা নাই। আকৌ মোৰ একেটি ভাইৰ তেজেৰে হাত বোলাব নে ?

[ ৬০ ]

বন্দৰ।—কি কৰিম ! স্বৰ্গদেৱৰ বিশ্বাস গদাপাণি এই অঞ্চলতে আছে। মই কি চেষ্টা কৰিছোঁ, তাক বুজিবলৈ নতুন নতুন চোৰাংচোৱা পঠিয়াব লাগিছে। তেনে স্থলত মই কৰ্ত্তব্যত অৱহেলা কৰিব নোৱাৰোঁ।
বাউলী।—তেনেহলে আপুনি গদাক ধৰি দিব ?
বন্দৰ।—পাল ধৰিবই লাগিব। ইচ্ছা হয়—মই নিজে মাতি আনি আশ্ৰয় দিওঁ, কিন্তু সি যে ৰাজদ্ৰোহ ! গদা মোৰ অতি চেনেহৰ, কিন্তু কৰ্ত্তব্যৰ ঠাই তাৰো ওপৰত। কৰ্ত্তব্যৰ উপাসনাৰ বাহিৰে মোৰ আন ধৰ্ম্ম নাই । হৃদয় শিলেৰে বন্ধাই, চকুৰ লোতক চকুতে শুকুৱাই, ওলাই অহা কান্দোনৰ টেটু চেপি ধৰি নিজে নিজৰ গাত অস্ত্ৰ বহুৱায়ো কৰ্ত্তব্য পালিব লাগিব।
বাউলী।—নহয় প্ৰিয়তম, এনে নিদাৰুণ নহ’ব। ৰজাৰ কাৰ্য্যই প্ৰমাণ কৰিছে তেওঁ উন্মাদ। ৰাজাজ্ঞা-পালন ধৰ্ম্ম হ’ব পাৰে, কিন্তু উন্মাদৰ উক্তি সমৰ্থন কৰা ধৰ্ম্ম নহয়।
বন্দৰ।—তেন্তে কি কৰিবলৈ কোৱা ?
বাউলী।—মোৰ একেটি মাথোন ভাইক ৰক্ষা কৰক। আপুনিয়েই কৈছিল, সিদিনা খেদাখোৱা বঙ্গালে আকৌ গুৱাহাটী লবলৈ যো-যা কৰিছে বুলি। যদি সেয়ে হয়, এই দুৰ্য্যোগৰ সময়ত দেশ কেনেকৈ ৰক্ষা কৰিব ! নিশ্চয় জানিব, গদাক ৰক্ষা নকৰিলে দেশ ৰক্ষা নহয়।

[ ৬১ ]

বন্দৰ।—যুদ্ধৰ অন্তত বৰগোঁহাই ডাঙ্গৰীয়া গড়গাঁৱলৈ গৈছে। তেওঁৰ পৰা নগৰৰ সবিশেষ সংবাদ পাম বুলি আশা কৰিছোঁ। তেওঁৰ বাতৰি পোৱাৰ পিচত যদি মত পৰিবৰ্ত্তনৰ আৱশ্যক হয়, সি ভিন্ন কথা, কিন্তু বৰ্ত্তমানত স্বৰ্গদেৱৰ আদেশ পালনৰ বাহিৰে মোৰ আন কৰ্ত্তব্য নাই।
                          (দুৱৰীৰ প্ৰবেশ।)
দুৱৰী।—ডাঙ্গৰীয়া দেউতা ! গড়গাঁৱৰ পৰা এজন কটকী আহিছে।
বন্দৰ –আহিব পাৰে।
                          (দুৱৰীৰ প্ৰস্থান। )
বাউলী।—আপুনি যেন মোৰ অনুৰোধ দলিয়াই নেপেলায়।
                         (বৰফুকনলৈ কাতৰ দৃষ্টিৰে চাই ওলাই যায় )
                         (কটকীৰ প্ৰবেশ আৰু বৰফুকনৰ প্ৰতি অভিবাদন )
বন্দৰ।—কটকী ! কি সংবাদ ?
কটকী।—ডাঙ্গৰীয়া ! সংবাদ অতি ভীষণ আৰু সম্প্ৰতি গোপনীয়। এইখন বৰগোহাই ডাঙ্গৰীয়াৰ চিঠি।
               (সাঁচি পাতত লিখা এখন দীঘল চিঠি দিয়ে। বৰফুকনে নিবিষ্টচিত্তে চিঠিখন পঢ়ে। পঢ়াৰ লগে লগে তেওঁৰ কপাল আৰু চকুত বিৰক্তি আৰু উদ্বেগ প্ৰকাশ পায়। )
বন্দৰ।—(চিঠি পঢ়া হ’লত ) তেন্তে স্বৰ্গদেৱ সঁচাকৈয়ে উন্মাদ হ’ল ! বহলাই কোৱাঁচোন কি হৈছে।

[ ৬২ ]

কটকী।—চিঠিতেই সকলো পাব পায়। সঁচাকৈয়ে স্বৰ্গদেৱৰ মূৰৰ ঠিক নোহোৱা হৈছে। আগেয়ে যি হ’ল হ’ল, এতিয়া কুঁৱৰীক মৰাৰ বাবে কোনোবাই বেজাৰ কৰিছে বুলি শুনিলেও ধৰাই আনি শালত দিছে। গদাকোঁৱৰৰ হৈ যি একেষাৰ কথাও কৈছে, তাকেই ৰাজদ্ৰোহী বুলি শাস্তি দিছে। চকীয়াল, ঘাটৈ প্ৰভৃতিয়ে গদাপাণিৰ বাতৰি দিব নোৱৰাৰ বাবেই শাস্তি পাইছে। মানুহ ঘৰৰ পৰা ওলাব নোৱৰাত পৰিছে। এতিয়া আকেী গদাপাণিৰ নামৰ লগত মিল থকা নাম পালেই যাকে তাকে মাৰিবলৈ আদেশ হৈছে। ডাঙ্গৰীয়াসকল নিৰুপায়! বুঢ়াগোঁহাই ডাঙ্গৰীয়াৰ বাহিৰে বাকী ডাঙ্গৰীয়াসকল ৰজাৰ বিৰুদ্ধে থিয় দিবলৈ বাধ্য হৈছে। দেশৰ শান্তিৰ নিমিত্তে বৰ্ত্তমান স্বৰ্গদেৱক ভাঙ্গি আন এজনক পাটত বহুওৱাই তেওঁলোকৰ ইচ্ছা। আপুনিও তেওঁলোকৰ লগত যোগ দিব লাগে,— এয়ে আপোনাৰ ওচৰত তেওঁলোকৰ গোহাৰি।
বন্দৰ।—তেওঁলোকে নে কাক পাটত বহুৱাব খোজে ?
কটকী।—কাক বহুৱাব ! গদাকোঁৱৰৰ বাহিৰে জানো উপযুক্ত কোঁৱৰ আছে ?
বন্দৰ।—গদাৰ বাতৰি পাইছে জানো ?
কটকী।—নাই পোৱা। সকলোৰে বিশ্বাস তেওঁ এই ফালেই ক’ৰবাত ছদ্মবেশে আছে। আপুনি অভয় দিলেই তেওঁ ধৰা দিব।

[ ৬৩ ]

বন্দৰ।—গদাক সাহায্য কৰা মানে ৰাজদ্ৰোহ আচৰণ কৰা। সি যে মহাপাপ ! তদুপৰি সকলোৱে কব আত্মীয় বুলি হে মই গদাৰ পক্ষ অৱলম্বন কৰিছোঁ।
কটকী।—কোনেও নকয়। গদাকোঁৱৰক আপুনি পাটত বহুৱাব খোজা নাই, খুজিছে ডাঙ্গৰীয়া বিষয়াসকলে সমূহ অসমীয়া প্ৰজাই। ৰাজ্যৰ যেনে অৱস্থা, দৃঢ়ভাবে ৰাজদণ্ড ধৰিব পৰা এজন ৰজা নহলে আহোমৰ বুৰঞ্জী ইমানতেই শেষ হ’ব। তথাপিও যদি আপুনি প্ৰজাপক্ষ অৱলম্বন নকৰে, তেনেহলে নিশ্চয় নিশ্চয় পিচত অনুতাপ কৰিব লাগিব।
বন্দৰ।—বাৰু, এতিয়া তুমি যোৱা, বিশ্ৰাম লোৱাঁগৈ। মই ভাবি চাওঁ।
         (কটকী ওলাই যায়। বন্দৰে চিঠিখনকে ঘূৰাই ঘূৰাই পঢ়ে। )
বন্দৰ।—দুই নাৱত দুই ভৰি। কোন পথ লওঁ। মোৰ কৰ্ত্তব্য কি !
                             (বাউলীৰ প্ৰবেশ। )
বাউলী।—কটকীয়ে কি বাতৰি দিলে ?
বন্দৰ।—বাতৰি ভয়ানক ! বৰগোঁহাইকে আদি কৰি ডাঙ্গৰীয়াসকল বিদ্ৰোহী হৈছে, স্বৰ্গদেৱক ভাঙ্গি গদাপাণিক পাটত বহুৱাবলৈ সঙ্কল্প কৰিছে। তেওঁলোকৰ লগত যোগ দিবলৈ মোকো আহবান কৰিছে। বাউলী।—এনে দিন যে আহিব তাক ভাবিবও নোৱাৰিছিলোঁ। ই পৰমেশ্বৰৰ কুপা। আপুনি এনেয়ে গদাৰ ফলীয়া হোৱা

[ ৬৪ ]

হলেও কোনেও দোষ দিব নোৱাৰিলেহেতেন। এতিয়া লোকে সাহায্য বিচাৰিছে, আহোম ৰাজ্য ৰক্ষা কৰিবলৈ এয়েই মাহেন্দ্ৰ সুযোগ। ইয়াক নেৰিব। এনে সজ উদেশ্যত দোষ হ’ব নোৱাৰে।
বন্দৰ।—তথাপিও সি ৰাজদ্ৰোহ।
বাউলী।—হওক ৰাজদ্ৰোহ। তাৰপৰা দেশৰ মঙ্গল হ’ব। সমূহ প্ৰজাৰ মঙ্গলৰ নিমিত্তে আপুনিও বিদ্ৰোহী হ’ব লাগিব। মই মিনতি কৰিছোঁ, আপুনিও এই প্ৰস্তাবত সম্মতি দিয়ক, দেশ ৰক্ষা কৰক, নিৰীহ নৰ-নাৰীৰ অকালমৃত্যু ৰোধ কৰক।
                    ( দুৱৰীৰ প্ৰবেশ )
দুৱৰী।—পানীফুকন ডাঙ্গৰীয়াই লগ পাব খুজিছে।
বন্দৰ।—যা ইয়ালৈকে মাতি আন।
                    ( দুৱৰীৰ প্ৰস্থান )
বাউলী।—আপুনি যেন গদাৰ অমঙ্গল নিচিন্তে। গদাৰ কিবা হ’বৰ হ’লে মই জীয়াই থাকিব নোৱাৰোঁ।
                                         ( প্ৰস্থান )
         (বন্দৰে চিঠিখনক চাই চিন্তান্বিত হয়। অলপ পিচতে পানীফুকনৰ প্ৰবেশ)
বন্দৰ।—ফুকন ! আহক। কিবা নতুন বাতৰি আছে নে ?
পানী।—একো নাই। ইমান চেষ্টা, ইমান অনুসন্ধান মিছা হ’ল। গদাপাণিৰ কোনো বাতৰি নাই, জীয়াই আছে নে নাই তাতেই মোৰ সন্দেহ জন্মিছে।

[ ৬৫ ]

বন্দৰ।—কিয় ?
পানী।—ইমানবোৰ মানুহ মৰা হৈছে, কিজানি তাৰ ভিতৰত কোনোবাটো গদাকোঁৱৰেই আছিল।
বন্দৰ।—সি যি কি নহওক, সম্প্ৰতি আৰু এটা নতুন বাতৰি আছে, এইখন পঢ়ি চাওক।
           (চিঠিখন দিয়ে। পানী ফুকনে পঢ়ে, মুখত আনন্দৰ চিন বিৰিঙ্গে। বন্দৰে তেওঁৰ মুখ-চকুৰ ভঙ্গী সাৱধানে লক্ষ্য কৰে। )
পা, ফু ।—কথা দেখোন গুৰুতৰ। হওঁতে অকল উজনীতে নহয়, এই ফালেও সকলোৰে মনৰ ভাব তেনে বুলিয়েই অনুমান হয়।
বন্দৰ।—আপোনাৰ মত কি ?
পা, ফু ।—মোৰ মত কি হ’ব ! আপুনি যি আদেশ দিয়ে, সেয়েই মোৰ মত।
বন্দৰ।—আপুনি মোৰ প্ৰশ্নটো সন্দেহেৰে লৈছে। সেইটো আপোনাৰ ভুল। মই আপোনাক পৰীক্ষা কৰিব খোজা নাই। অতি সৰলভাবে বিশ্বাসতে আপোনাৰ মতামত জানিব খুজিছোঁ।
পা, ফু।—শুনক তেন্তে । ৰাজ-ভৃত্যস্বৰূপে মোৰ যি মত, ব্যক্তিগত ভাবে সেই মত নহয়। ব্যক্তিগতভাবে মই বৰগোঁহাই ডাঙ্গৰীয়াৰ প্ৰস্তাব সৰ্ব্বান্তঃকৰণে সমৰ্থন কৰোঁ !
বন্দৰ।—তাৰ কাৰণ ?

[ ৬৬ ]

পা, ফু।—তাৰ কাৰণ স্বৰ্গদেৱৰ কাৰ্য্যত বাধা নিদিলে ৰাজ্য নাথাকে, অন্ততঃ গুৱাহাটী আহোমৰ হাতত নাথাকে। ৰজাৰ কাৰ্য্যত কামৰূপৰ সকলো প্ৰজা বিৰক্ত, বৰুৰা-চৌধুৰীসকলৰ মনত বিদ্ৰোহৰ ভাব, ৰঙ্গামাটিৰ নবাব গুৱাহাটী আক্ৰমণ কৰিবলৈ সাজু। দেশত শান্তি নহলে শক্ৰক ভেটা দিব কেনেকৈ ?
বন্দৰ।—ভাল তেন্তে, আজি আবেলিকৈ চ'ৰাৰ মেলত ইয়াৰ মীমাংসা কৰিব লাগিব।
পা, ফু।—আপোনাৰ আসৈ নাপালে কোনেও মনোভাব ব্যক্ত কৰিবলৈ সাহ নকৰে। কিন্তু আপুনি যদি বৰগোঁহাই ডাঙ্গৰীয়াৰ প্ৰস্তাবত সন্মত হয়, তেন্তে সকলোৱে আপোনাক সমৰ্থন কৰিব।
বন্দৰ।—যদি সকলোৰে একমত হয়, ময়ো আৰু আপত্তি নকৰোঁ, অনিচ্ছাৰে হলেও ৰাজদ্ৰোহকেই কৰ্ত্তব্য বুলি গ্ৰহণ কৰিম। কিন্তু যাক কেন্দ্ৰ কৰি এই আয়োজন, সেই গদাপাণিয়েই যে নাই।
               ( এজন চোৰাংচোৱাৰ প্ৰবেশ। )
চোৰাং।—(সেৱা জনাই ) ডাঙ্গৰীয়া দেউতা, গদাপাণিৰ বাতৰি পাইছোঁ !
বন্দৰ।—ক’ত আছে ?
চোৰাং।—ক’ত আছে সঠিককৈ নাজানো, কিন্তু গুৱাহাটীৰ ভিতৰতে ক’ৰবাত আছে।

[ ৬৭ ]

বন্দৰ।—কেনেকৈ জানিলা ?
চোৰাং।—মই বহুত অনুসন্ধান কৰি কালি জানিব পাৰিলোঁ, লুকী বুলি গাৰোৱনী এজনীৰ ঘৰত বৰ শকত-আৱত উজনীয়া মানুহ এজন আছে। মই পম খেদি গৈ নিৰ্ভুলকৈ বুজিব পাৰিলোঁ,—তেওঁ গদাপাণিৰ বাহিৰে আন কোনো নহয়। দুৰ্ভাগ্যবশতঃ কালি ৰাতিয়েই তেওঁ তাৰ পৰা নগৰমুৱা হৈ আহিল, মই অলক্ষিতে তেওঁৰ পিচ ললোঁ। নগৰৰ ওচৰলৈকে মই তেওঁক দেখিছিলোঁ, কিন্তু এবাৰ হঠাৎ নোহোৱা হ’ল, কেনি গ’ল ক’লৈ গ’ল, মই একোকে ঠাৱৰাব নোৱাৰিলোঁ। এতিয়ালৈকে বহু প্ৰবন্ধেৰে বিচাৰিলোঁ , তথাপি কোনো শুংসূত্ৰ পোৱা নগ’ল। এইটো হলে ডাঠি ক'ব পাৰোঁ, তেওঁ নগৰৰ ভিতৰতে ক'ৰবাত আছে।
বন্দৰ।—বাৰু, এতিয়া যোৱাঁ, মই তাৰ ব্যৱস্থা কৰিম, তুমিও লক্ষ্য ৰাখিবা।
                                                 ( চোৰাংচোৱাৰ প্ৰস্থান। )
পা, ফু।—যদি এয়ে হয়, কোঁৱৰক পোৱা কঠিন নহব। আপুনি অভয় দি জাননী দিওক, নিশ্চয় তেওঁ আত্মপ্ৰকাশ কৰিব।
বন্দৰ।—আপোনালোকৰ যেতিয়া সেয়ে ইচ্ছা, ময়ে আৰু আপত্তি নকৰোঁ। আপুনি যাওক, আবেলিকৈ দোপদৰত সকলো সম্মিলিত হ'ম, তাতেই ভবিষ্যৎ কাৰ্য্য পদ্ধতি স্থিৰ কৰিম।
                             ( পানী ফুকনৰ প্ৰস্থান )

[ ৬৮ ]

মত দিছোঁ, কিন্তু মন শান্ত হোৱা নাই। ক’ব পৰা নাই—কোনটো বাট ঠিক। (চিন্তান্বিত হয়। )
                    (বাউলীৰ প্ৰবেশ )
বাউলী।—কি স্থিৰ কৰিলে ?
বন্দৰ।—কিনো কৰিম ! উভয় সঙ্কট ! সকলোৰে মত—গদাক সাহায্য কৰিব লাগে। মোৰো সেয়েই আন্তৰিক ইচ্ছা। কিন্তু কৰ্ত্তব্যই কয় তাৰ বিপৰীত আচৰণ কৰিবলৈ।
বাউলী।—আপোনাৰ আন্তৰিক ইচ্ছাই বিবেকৰ বাণী ; সেয়ে আপোনাৰ কৰ্ত্তব্য। তাৰ বাহিৰে আন একোৱেই আপোনাৰ কৰ্ত্তব্য নহয়। গদাক পাটত বহুৱাওক বা নবহুৱাওক, সি পিচৰ কথা ; সম্প্ৰতি প্ৰাণদান দিয়ক।
বন্দৰ।—কেনেকৈ ?
বাউলী।—আপুনি গদাক আশ্ৰয় দিয়ক, যাতে তেওঁৰ প্ৰাণ নিৰাপদ হয়, তাৰ ব্যৱস্থা কৰক।
বন্দৰ।—কিন্তু গদাক এতিয়াও পোৱা নাই।
বাউলী।—গদাক পোৱা একো টান কথা নহয়। মাত্ৰ আপুনি কওক—পালে আশ্ৰয় দিব।
বন্দৰ।—দিম।
বাউলী।—ঠিক দিব ? কওক, –আৰু গদাৰ প্ৰাণৰ ভয় নাই ?
বন্দৰ।—তুমিও মোক সন্দেহ কৰা নে ?
বাউলী।—এনেয়ে নকৰোঁ। কিন্তু ই জীৱন-মৰণৰ কথা,-ৰাজনীতিৰ কথা।

[ ৬৯ ]

বন্দৰ।—তোমাৰ ওচৰত মোৰ কোনো ৰাজনীতি নাই, বিশ্বাস কৰাঁ।
বাউলী।—দেৱতা মোৰ ! ক্ষমা কৰিব।
                                                    ( অলপ আগ বাঢ়ি ভিতৰলৈ চাই )
           গদাপাণি !
বন্দৰ।—( বিমূঢ়ভাবে ) কি ! গদাপাণি !
       (জিজ্ঞাস্থ দৃষ্টিৰে বাউলীলৈ চায়, এনেতে গদাপাণি সোমাই আহে। )
বন্দৰ।—(গদাপাণিক নিলগতে দেখি ) গদাপাণি !
গদা।—ভিনীহিদেউ ! (বেগেৰে আহি বন্দৰৰ পদধূলি ল’ব খোজোঁতেই বন্দৰে সাবটি ধৰে। )

চতুৰ্থ অঙ্ক শেষ।


————

[Nuvola apps download manager3.png ওপৰলৈ যাওক]

[Gtk-go-forward-ltr.svg পৰৱৰ্তী অঙ্ক পঢ়ক]

Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)