মত দিছোঁ, কিন্তু মন শান্ত হোৱা নাই। ক’ব পৰা নাই—কোনটো বাট ঠিক। (চিন্তান্বিত হয়। )
(বাউলীৰ প্ৰবেশ )
বাউলী।—কি স্থিৰ কৰিলে ?
বন্দৰ।—কিনো কৰিম ! উভয় সঙ্কট ! সকলোৰে মত—গদাক সাহায্য কৰিব লাগে। মোৰো সেয়েই আন্তৰিক ইচ্ছা। কিন্তু কৰ্ত্তব্যই কয় তাৰ বিপৰীত আচৰণ কৰিবলৈ।
বাউলী।—আপোনাৰ আন্তৰিক ইচ্ছাই বিবেকৰ বাণী ; সেয়ে আপোনাৰ কৰ্ত্তব্য। তাৰ বাহিৰে আন একোৱেই আপোনাৰ কৰ্ত্তব্য নহয়। গদাক পাটত বহুৱাওক বা নবহুৱাওক, সি পিচৰ কথা ; সম্প্ৰতি প্ৰাণদান দিয়ক।
বন্দৰ।—কেনেকৈ ?
বাউলী।—আপুনি গদাক আশ্ৰয় দিয়ক, যাতে তেওঁৰ প্ৰাণ নিৰাপদ হয়, তাৰ ব্যৱস্থা কৰক।
বন্দৰ।—কিন্তু গদাক এতিয়াও পোৱা নাই।
বাউলী।—গদাক পোৱা একো টান কথা নহয়। মাত্ৰ আপুনি কওক—পালে আশ্ৰয় দিব।
বন্দৰ।—দিম।
বাউলী।—ঠিক দিব ? কওক, –আৰু গদাৰ প্ৰাণৰ ভয় নাই ?
বন্দৰ।—তুমিও মোক সন্দেহ কৰা নে ?
বাউলী।—এনেয়ে নকৰোঁ। কিন্তু ই জীৱন-মৰণৰ কথা,-ৰাজনীতিৰ কথা।