পৃষ্ঠা:সতীৰ তেজ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যে নাই, শুনাও নাই। লোকে তিৰী-বধ বুলি দোহাই দিলে কৰিবলৈ ধৰা কামো নকৰে। এওঁ দেখাদেখিকৈয়ে তিৰী-বধ কৰিলে।
প্ৰথম। —চাচোন বাৰু কুঁৱৰীক যে মাৰিলেই, আকৌ যি তাত বেজাৰ কৰিছিল তাকো মাৰিছে। গদা-কোঁৱৰে তাক ওচৰ চপাই পাব লাগিছিল, মাগুৰ মাছ কছা দি কছিলেহেতেন।
দ্বিতীয়। —পৰা হ’লে নো শুদাই এৰে বুলি ভাবিছ নে? তেওঁ হ’ল অকলশৰীয়া, ৰজাৰ লগত হেজাৰ হেজাৰ পাইক।
প্ৰথম। —হ’ব নোৱাৰিছে। কোঁৱৰে কৰবাত চল চাই হে আছে। সুবিধা পালে একে মোহাৰতে তাৰ নেলু ছিঙি তেজ পিব।
 ( আৰু দুটা মানুহৰ প্ৰবেশ। )
তৃতীয়। —ককাইহঁত, কলৈ যাৱ?
প্ৰথম। —যলৈকে চকু যায়।
চতুৰ্থ। —এৰা ককাই, এই দেশত আৰু থাকিব নোৱাৰি। এতিয়াও যে জীয়াই আছোঁ, এয়েই পৰম ভাগ্য! এনে ৰাজ্যত থকাতকৈ হাবিত বাঘ-ঘোঙৰ লগত থকাই ভাল।
তৃতীয়। —চাচোন বাৰু, প্ৰজা আছে বুলি হে ৰজাটো। প্ৰজা নহলে নো ৰজাটো কিহৰ? এই ফেৰাও নো তেওঁৰ বিবেচনা হ’ব নাপায় নে?
প্ৰথম। —বিবেচনা হ'ব! দেখা নাই নে কেনেকৈ যাকে য'তে পায় ধৰি ধৰি মাৰিছে।