সতীৰ তেজ/তৃতীয় অঙ্ক
প্ৰথম দৃশ্য।
নগা পাহাৰৰ এটা টিলা। কাষে দি এটা জুৰি বৈ গৈছে; বেলিৰ
পোহৰত পানীত এটা তিৰবিৰণি উঠিছে। পাৰত নানা জাতীয়
গছ, মাজে মাজে শিল আৰু ঠায়ে ঠায়ে গহ্বৰ। সময়
আবেলি। ভৈয়ামলৈ মুখ কৰি নগাবেশ গদাপাণি,
সম্মুখত গছৰ তলত লুকুৱা গাওঁ, নগৰ আদি,
গদা। –যিমান হেপাহে মোৰ দৃষ্টি বিয়পাওঁ,
সিমানে আন্ধাৰে কৰে সৃষ্টি অন্ধতাৰ।
নেদেখে সি ৰম্যপুৰী ৰজাৰ কাৰেং,
সৌন্দৰ্যা-পোহাৰী নাই চঞ্চলা ফুলনি,
দিখৌৰ সঙ্গীত-ধ্বনি নপশে কাণত।
সম্মুখত মাত্ৰ এক অৰণ্য বিশাল,
আন্দোলিত পল্লৱৰ অনন্ত সাগৰ।
তাৰেই গৰ্ভত হায়! কোন এচুকত
অভাগাৰ জীৰ্ণাবাস অভাব-মলিন,
অনন্ত ই আন্ধাৰৰ বুকত বিলীন!
চিৰহাস্যময় সেই মুকুতা-উজ্জল
জয়াৰ বদনখনি স্নিগ্ধ সুষমাৰ,
বিজুলী চমকে যায় দেখা দি লুকায়।
(জপলুৰ প্ৰবেশ )
জপলুৰ। —অ’! তুমি অ’লে ইয়াতে অকলে টাকিছে গৰত কেলে নাযায়। বাত নাকায় না?
গদা। —( আপোনা-আপুনি ) ঘৰ। ঘৰ ক’ত!
পৰ্ব্বতৰ গুহা,—এয়ে ঘৰ দুৰ্ব্বলৰ।
সম্মুখত মহাবন, অতল গহবৰ,
পিচত আকাশ-ছোৱা পৰ্ব্বতৰ শিৰ, –
অতি উপযুক্ত এয়ে স্থান ঢাকিবৰ
কাপুৰুষ-বদনৰ কলঙ্ক লাজৰ।
(ফুটাই ) মোৰ অলপ কাম আছে। নগৰৰ বাতৰি আনিবলৈ মানুহ পঠাইছিলোঁ, এতিয়াও অহা নাই। আহিলেই যাম।
জপলু। —ইয়াতে নাটাকিবি, বাট কাই আহিবি। আমি ওপৰ চাঙতে যাব। তাতে হৰ নগা মানু আছে,আমি লগতে ল’ব লাগিব। এতিয়া গৰতে যাবি। তুমি গৰতে নাযালে ৰেণু বাট নাকায়। তাই তোকে বৰ বাল পায়। আমি আহিলে।
(প্ৰস্থান )
গদা। —নগ্ন দেহ, নগ্ন ভাষ, সৰল নগাৰ,
কৰা নাই সভ্যতাই জটিল-কুটিল।
গৃহহীন অতিদীন পলৰীয়া মই,
তথাপি আদৰ কৰি যাচিছে আশ্ৰয়,
কিমান সম্মান কৰে দেও ৰজা বুলি।
কিমান শ্ৰদ্ধাৰে মোক শুশ্ৰূষে যতনে
নাগবালা ৰেণু মোৰ ভগিনী মিত্ৰব।
জানিলেহেতেন যদি প্ৰাণৰো প্ৰাণত
একেখনি ছবি মোৰ যাউতিযুগীয়
জীৱনে-মৰণে, নতু জন্মজন্মান্তৰে,
—যাৰ অভাবত মোৰ অস্তিত্ব নৰয়,—
নাৰীৰ মস্তকমণি জয়মতী মোৰ।
( প্ৰস্থান )
( ৰেণু আৰু জেনুৰ প্ৰবেশ)
জন্ম। –দেও ৰজা দেও ৰজা কৰি কেলে গুৰি পুৰিছে? বলিয়া ৰজা, বনাই পুৰিছে, তাকে নাপাবি। কেলে বিচাৰিব লাগিছে? বোক লাগিলে এনেয়ে গৰতে যাব।
ৰেণু। —নাযায়। আমি আগে ডেকিছে। পাহাড়তে বহি টাকিব, হুমুনিয়া কাঢ়িব; নহলে বৈয়ামলে চাই বকি টাকিব।
জেনু। —বাট নেকোৱাকে নো কেইদিন টাকিব। টাকিব নাপাৰিলে নাযাব না? আমি নবহে, এতিয়া আহিবি।
ৰেণু। —নাযায়। হি নাকালে আমিও নাকায়। আমি কাব, হি লগোনে টাকিব, হেইটো হ’ব নাপাৰে। আমি তাকে ডেকিব। ইয়াতে বাগ আছে, ম' আছে, হাতী আছে, তাকে দৰি মাৰিব।
জেনু। –হেইটো মানু মাৰিব পাৰে না?
ৰেণু। –ডেকিলে নোৱাৰিব, নেডেকিলে কি কৰিব? তাকে নেডেকিলে আমি টাকিব নাপাৰে, বুকুকান পুৰি টাকে। হে জুৰিৰ দাঁতিতে ডেকিব, আহিবি।
জেনু। –আমি নাযায়। ইয়াতে গান গাই টাকিব, হুলিলে হিও আহিব।
ৰেণু। –নাহিলে অ’লে ডেকিব লাগিব।
জনু। –ডেকিব। এতিয়া গাবি।
( দুয়োৰে নৃত্য-গীত )
দুয়ো। –তিৰবিৰ তিৰবিৰ জুৰিৰ নাচন,
গছৰ আগত সোণৰ ঢৌ।
দিপলিপ কূলত ফুলৰ কাচন,
ৰব্ ৰিব্ বাত জৰে মৌ।
জিলিৰ তলত জিন-জিন্ জিন্-জিন্,
বিৰিখ নাচে ধিন্-ধিন্-ধিন্-ধিন্,
উগুল-থুগুল আকুল মন, বুকৰ মাজত কিবাৰ ঢৌ।
( গীতৰ মাজে মাজে ৰেণুৱে চঞ্চল ভাবে ইভালে সিফালে চায়। হঠাৎ গীত বন্ধ কৰি)
ৰেণু। –হেই ফালে কিবা আহিছে।
জেতু। –( ভালকৈ চাই ) হয়, হেই দুটা বৈয়ামৰ মানু, কিবা ডেকিছে; ধেনু-কাঁড় লগতে আনিছে, জুপি জুপি আহিছে।
ৰেণু। –আমি জানিছে, দেওৰজাকে মাৰিব আহিছে। আৰু এদিন আহিছিলে। আহিবি, দেও ৰজাকে ডেকিব।
(এফালে দুয়ো লৰি ওলাই যায়, আনফালে হাতত ধনু-কাঁড় লোৱা দুটা মানুহ সোমায়। )
প্ৰথম। — নিলগলৈ দেখুৱাই ) মনে মনে ব’ল, সেইটো ঠিক গদা কোঁৱৰেই হয়।
দ্বিতীয়। — হয় যেন লাগিছে। নহলে ইমান দীঘল-ডাঙ্গৰ মানুহ ক’ৰ পৰা ওলাব! -
প্ৰথম। — এই ফালেই আহিছে, ভালকৈ চাই লোৱা যাওক। যদি হয়, একে লগেই কাঁড় মাৰিম দেই। দ্বিতীয়। — আহ, সৌ জোপাটোৰ আঁৰত লুকাই লওঁ। বৰকৈ কাষ নাচাপিবি আকৌ। আগ ধৰি গম পাবৰ হলে আহৰি।
( দুয়ো এফালে ওলাই যায়, আন ফালে ব্যাকুল ভাবে গদাপাণি লোমায়। )
গদা। — ( আপোনাআপুনি) কি শুনিলোঁ!
কঠোৰ পীড়ন সহি পাষণ্ড ৰজাৰ
জয় মোৰ মৃত্যুৰ মুখত। আৰু মই?
খ্যাতি ল’ই বীৰবাহু গদাপাণি বুলি
দেশ এৰি হীনবেশে ৰাখিছো জীৱন।
ছিগি যা হৃদয় গ্ৰন্থি, দূৰ হ চেতনা,
হানা বজ্ৰ পুৰন্দৰ নিৰ্ম্মম বুকত।
নৰক বদন মেলি কৰ মোক গ্ৰাস।
( আগত ৰেণু আৰু পিচত জেনু লৰি সোমায়। )
ৰেণু। —সোমোৱাৰ লগে লগে। ৰজা! ৰজা। বৈয়ামৰ মানু–বৈয়ামৰ মায়–গদাপাণিক সাবটি ধৰে। এনেতে বাহিৰৰ পৰা দুপাট কাঁড় আহি ৰেণুৰ কাষে দি সোমায়; গদাপাণিৰ ভৰিৰ ওচৰত ৰেণু বাগৰি পৰে।
গদা। —(চক খাই উঠি ) কি হ’ল! কি হল! ৰেণু! ৰেণু।
( ৰেণুক ধৰে। )
ৰেণু। –বৈয়ামৰ মানু।
গদা। —(বাহিৰলৈ ডিঙ্গি মেলি চাই ভোঁ-ভোঁ কৰে ওলাই যায়। )
জেনু। —ৰেণুৰ গাত উবুৰি খাই পৰে। )
(জপলুৰ প্ৰবেশ। )
জপলু। —টুকুৰাটুকুৰ কৰিলে। মিতাকে মাৰিব আহিছিলে!
(ৰেণুক দেখি) ৰেণু! ৰেণু! (ধৰে )
ৰেণু। —বৈয়ামৰ মানু, কাঁড় মাৰিছিলে।
( গদাপাণিৰ প্ৰবেশ। )
গদা। —ৰেণু! ৰেণু! মোক ৰক্ষা কৰিবলৈ তোমাৰ প্ৰাণ দিলা।
( ৰেণুক ধৰে। )
জপলু। —আমি ওপৰ চাঙৰ পৰা আহিছিলে, বৈয়ামৰ মানু লৰি গৈছিলে, ডৰি কাটি পেলালে।
ৰেণু। —( অলপ মূৰ দাঙ্গি ) ৰজা! ৰজা! (গদাপাণিৰ ফালে দুয়ো হাত মেলি উঠিবৰ চেষ্টা কৰি বাগৰি পৰে আৰু মৃত্যু হয়। )
জেনু। —ৰেণুক সাবটি ধৰি কান্দে। )
জপলু। —(কান্দে। )
গদা। —(একেৰাহে কিছুপৰ ৰেণুলৈ চাই থাকি )
ক্ৰুৰ সৰ্প গত-প্ৰাণ।
কিন্তু সেই আশী বিষে হৰিলে জেউতি
প্ৰকৃতি বুকৰ এটি ফুল্ল কুসুমৰ।
মোৰেই পাপত এই নাৰীৰ মৰণ।
আৰু এটি নাৰী-প্ৰাণ যায় যায় যায়!
নোৱাৰে থাকিব স্থিৰ, নালাগে জীৱন,
নহওঁ নহওঁ আৰু কাৰো বধ-ভাগী।
নালাগে নালাগে মোক সহায়-সাৰথি,
নকৰোঁ কামনা আৰু ৰাজ-সিংহাসন।
আজি শেষ, নগাবেশ, প্ৰাণৰ মমতা,
শেষ আজি জীৱনৰ সকলো সাধনা।
বিদায়! বিদায় মোৰ আশ্ৰয়ৰ স্থল,
বিপদৰ বন্ধু মোৰ অন্তিম বিদায়।
যাওঁ, যাওঁ, উৰি যাওঁ, নোৱাৰোঁ থাকিব,
বিজুলী-সঞ্চাৰে গৈ ৰজাৰ হাতত দিওঁ ধৰা,
দিওঁ সপি নিষ্কৰ্ম্ম জীৱন।
খণ্ড খণ্ড কৰি মোৰ মাংস শৰীৰৰ
বিতৰক মাংসাহাৰী প্ৰাণীৰ মাজত;
হোক যোগ্য প্ৰায়শ্চিত্ত কাপুৰুষতাৰ।
লুপ্ত হোক গদা নাম পৃথিবীৰ পৰা!
(বেগেৰে প্ৰস্থান। )
জপলু। —মিতা! মিতা! ( পিচত লৰি যায়। )
( জেনুৱে ৰেণুৰ গাত ধৰি থকা অৱস্থাতে তেওঁলোকৰ ফালে মূৰ তুলি চায়। )
দ্বিতীয় দৃশ্য।
ৰজাৰ ভিতৰ চ'ৰা।
সময়–ডেৰ পৰ।
ৰজা। –ইমান দিনেও গদাপাণিৰ বাতৰি নোলাল। খাওঁতে-শোওঁতে, উঠোঁতে-বহোঁতে ভূতৰ দৰে মোৰ পিচে পিচে গদাপাণি। তাৰ চকুৰ জ্যোতিয়ে শৰীৰ দহি নিয়ে, ভ্ৰকুটিত অন্তৰ কপি উঠে। কোনে মোক তাৰ দৃষ্টিৰ পৰা ৰক্ষা কৰিব। আৰু জয়মতী–ইমান ধৈৰ্য্য, ইমান সহিষ্ণুতা এই তিৰুতাজনৰ। ই স্বপ্ন নে দিঠক!
(বন্দীপাল বৰুৱা সোমায় আৰু ৰজাক সেৱা জনায়। )
বন্দীপাল বৰুৱা! মই মাতিছোঁ তোমাক সুধিবলৈ— কেনেকৈ তুমি ইমান অকৰ্ম্মণ্য হ’লা! এজনী তিৰুতাৰ মুখৰ পৰা একেষাৰ কথা উলিয়াব নোৱাৰিলা!
বন্দী, ব। —স্বৰ্গদেৱ! বন্দীৰ কোন অপৰাধ নাই। জয়মতীৰ মুখৰ পৰা কথা উলিওৱা সাধ্যৰ অতীত। ৰজা। —তুমি শাস্তি দিওৱাত কৃপণতা কৰিছা।
বন্দী, ব। —কেতিয়াও কৰা নাই স্বৰ্গদেৱ। এনে গুৰুতৰ শক্তি পৃথিবীত কোনেও কাকো দিয়া নাই। আপুনি নিজে তাৰ প্ৰমাণ চাব পাৰে। বেতৰ কোবত গোটেই গা ডোখৰে ডোখৰে ছিগি গৈছে, কাপোৰ-কানি তেজেৰে ৰাঙ্গলী হৈছে, কোৰ তপতাই গোটেই গা পুৰি দিয়া হৈছে। তাৰ ওপৰত খাৰণি, চোৰাত, আমৰলি। ইমানতো জয়মতীৰ কান্দোন ওলোৱা নাই, হাঁহি-মুখ মলিন হোৱা নাই। যেনে অৱস্থা হৈছে, শাস্তি দিবলৈ আৰু ঠাই নাই।
ৰজা। —ঠাই ধাকক বা নাথাকক, শাস্তি বন্ধ হ'ব নোৱাৰে।
বন্দী, ব। —স্বৰ্গদেৱ! জয়মতীৰ আয়ুস আৰু এদিন কি ছদিন মাথোন। এতিয়া শাস্তি দিয়াত লাভ কি? ৰজা। —লাভ হওক, ক্ষতি হওক, তাৰ বিচাৰ তোমাৰ কাম নহয়। তোমাৰ কৰ্ত্তব্য আদেশ পালন। যোৱাঁ, শাস্তিৰ কোব তিনি গুণ চৰাই দিয়া। হয় গদাপাণিৰ বাতৰি, নহয় মৃত্যু—এয়ে তাইৰ মুক্তিৰ উপায়। ইয়াৰ যেন অন্যথা নহয়। পৰিণামলৈ লক্ষ্য ৰাখি কাম কৰিবা।
( বন্দীপাল বৰুৱাৰ প্ৰস্থান। )
এজনী সামান্য তিৰুতা, মোহাৰিলেই মৰে, তাইৰ ইমান অহঙ্কাৰ!
(ৰাণীৰ প্ৰবেশ। )
ৰাণী। —বঙ্গহৰ দেও! দাসীৰ এটি মিনতি ৰাখক,–এতিয়াও জয়মতীক এৰি দিয়ক।
ৰজা। —তুমিও মোৰ বিৰুদ্ধে থিয় দিব খুজিছা! যোৱাঁ, আৰু মোক তেনে অনুৰোধ নকৰিবা।
ৰাণী। —বঙ্গহৰ দেও! মই আপোনাৰ দাসী–সহধৰ্ম্মিণী। আপোনাৰ মঙ্গল-কামনাৰ বাহিৰে আৰু মোৰ উদেশ্য নাই
ৰজা। —জয়মতীৰ মুক্তিত মোৰ মঙ্গল নে অমঙ্গল?
ৰাণী। —নাৰীৰ ওপৰত অত্যাচাৰ কৰাৰ পৰা কেতিয়াও কাৰো মঙ্গল হোৱা নাই। যি নাৰীৰ সম্মান নুবুজে, তাৰ ধ্বংস নিচেই ওচৰত। দ্ৰৌপদীক অপমান কৰাৰ ফলত কৌৰৱৰ চিন নাথাকিল সীতাক লাঞ্ছনা দি ৰাৱণৰ বিৰাট পৰিবাৰ ধ্বংস হৈ গ'ল। এই যে জয়মতীৰ ওপৰত অত্যাচাৰ, ইয়াৰ পৰিণাম বৰ ভয়ানক হ’ব। আপুনি এতিয়া ক্ষান্ত হওক। ভাবি চাওক—গদাপাণিৰ বাতৰি দিলে জয়মতীয়ে দেখুৱাই দিব নোৱাৰে, বিচাৰিব লাগিব। তেনে স্থলত নাৰী-হত্যাৰ প্ৰয়োজন কি?
ৰজা। —নাৰীয়ে নাৰীৰ দৰে আচৰণ নকৰে কিয়?
ৰাণী। —নাৰীৰ আচৰণ। এয়েই তো নাৰীৰ আচৰণ সংসাৰ এনে কোনো প্ৰিয়বস্তু নাই, যাক সতীয়ে পতিৰ নিমিত্তে বিসৰ্জ্জন দিব নোৱাৰে। আন কি, স্বামীৰ ওচৰত নিজ প্ৰাণো অতি তুচ্ছ। আপুনি আজিও নাৰীৰ অন্তৰৰ পৰিচয় পোৱা নাই। নাৰীৰ অন্তৰত কোমলতা কঠিনভাৰ মধুৰ মিলন। সাধাৰণ দুখৰ দৃশ্যতে নাৰীৰ চকুত চকু-লো
ওলায়, অলপ শোকতে মূৰ্ছা যায়, সহজে অন্তৰ বিচলিত হয়। কিন্তু বিপদক বুকু পাতি দি যেতিয়া প্ৰতিজ্ঞা কৰে, ঘাইকৈ যদি তাত স্বামীৰ সম্পৰ্ক থাকে, তেতিয়া নাৰীৰ সেই কঠিনতা ইন্দ্ৰৰ বজ্ৰয়ো ভেদ কৰিব নোৱাৰে। তেনে প্ৰতিজ্ঞা লৰাবলৈ চেষ্টা কৰাত নাৰী-চৰিত্ৰৰ অজ্ঞতা মাথোন প্ৰকাশ পায়।
ৰজা। —তোমাৰ পাণ্ডিত্য মোক নালাগে –তিৰুতা তিৰুতাৰ দৰে থাকাগৈ, মোক ৰাজনীতি শিকাবলৈ নাহিবা। মই জানো, মই ৰজা, মই যি আদেশকে দিওঁ প্ৰজাই পালিব লাগিব। নহলে ৰজাৰ গৌৰব ক’ত?
ৰাণী। —জয়মতীৰ শাস্তিৰ আদেশে আপোনাৰ গৌৰব বঢ়োৱা নাই, টুটাইছে। শাস্তিয়ে জয়মতীক কন্দুৱাব পৰা নাই, কিন্তু হেজাৰ হেজাৰ মানুহৰ চকু-লো বোৱাইছে। আপুনি বুজা নাই, সেই চকু-লোৱে আপোনাৰ ওপৰত দেৱতাৰ অভিসম্পাত বৰ্ষণ কৰিছে। প্ৰজাক কন্দুৱাই ৰজাই কেতিয়াও শান্তি নাপায়! সেই দেখি মই আকৌ খাটছোঁ, কাবৌ কৰি কৈছোঁ—জয়মতীক এৰি দিয়ক!
ৰজা। —কি! বাৰে বাৰে একেটা কথা! গুচি যোৱাঁ—যোৱাঁ!
(ৰাণীৰ প্ৰস্থান। )
ৰজা। —(উত্তেজিত ভাবে কিছু সময় খোজ কাঢ়ি) মোৰ আদেশৰ বিৰুদ্ধাচৰণ! দোষীৰ লগত সহানুভূতি! আৰু কঠোৰ হ'ব লাগিব, অবাধ্য প্ৰজাক ধৰি আনি শালত দিব লাগিব।
যাওক, সকলো যাওক,—সুখ যাওক, শান্তি যাওক, প্ৰজা যাওক, পৰিয়াল যাওক, তথাপিও মোৰ প্ৰতিজ্ঞা যাবলৈ নিদিওঁ। উগ্ৰ দণ্ডেৰে সকলোকে বুজাব লাগিব মই ৰজা, মোৰ আদেশ অলঙ্ঘনীয়।
(প্ৰস্থান। )
তৃতীয় দৃশ্য।
জেৰেঙ্গা পথাৰ।
সময়—সূৰ্য্যাস্ত।
এজোপা কোঁটকৰা গছৰ গাতে লগাই জয়মতী বন্ধা অৱস্থাত। তেওঁৰ ককালত
আৰু বুকুৱে হাতে সাবটাকৈ জৰিৰ বান্ধ। তেওঁ গছতে লাগি
স্থিৰ ভাবে থিয় হৈ থাকে, ডিঙ্গি অলপ বেঁকা হৈ মূৰটো দোঁ খায়।
ওচৰত চাওদাংবিলাকৰ এটাৰ হাতত চমটা, এটাৰ হাতত চোৰাত,
আন এটাৰ হাতত বেত। অলপ আঁতৰতে এটাই জুইত লোহা
তপতাইছে। ইফালে সিফালে কেইটামান খাৰণি আৰু পানীৰ
কলহ। অলপ নিলগত বন্দীপাল বৰুৱা। দৰ্শকবিলাক—অহা
আহিছে, যোৱা গৈছে, কোনোৱে থিয় দি চাইছে।
সকলো দৰ্শকৰ চকুত চকু-লো।
জয়। —যিমান বেগাই মোৰ সজা ভাগি যায়,
সিমানে মুকলি হই দূৰ নীলিমাত,
উৰি উৰি আনন্দত কৰিম বিহাৰ,–
ভগা সজা ৰ'ব পৰি মিলিব ধৰাত।
উৰ্ব্বৰ মূৰৰ যত উগ্ৰ আবিষ্কাৰ
–শাসন-নীতিৰ নামে যমৰ যাতনা
সকলো কৰিছোঁ জয় স্থিৰ সাধনাত।
সংসাৰৰ লীলা-খেলা অৱসান প্ৰায়।
ধিমিকি জ্যোতিৰে পৰে ৰিণিকি চকুত
সাধনাৰ শেষলক্ষ্য – জীৱন-প্ৰভাত।
এখন্তক—আৰু এখন্তক ৰাখাঁ প্ৰভু!
স্থিৰ মনোবল, নাহে যেন ভ্ৰান্তি, মোৰ
লক্ষ্য নেহেৰায়।
ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম,
মায়া-শয্যা মাজে আছয় ঘুমটি যাই।
তুমি সি চৈতন্য সনাতন, ৰাম ৰাম ৰাম ৰাম ৰাম ,
আমি অচেতন নিয়োক নাথ জগাই ॥
ক্ষুদ্ৰ সুখে বহু আশা কৰি, ভৱকূপে জীৱ আছে পৰি,
কালসৰ্পে দংশি হৰিল চেতনা তাৰ।
মোক্ষৰূপ তযু বাক্যামৃত, কৃপায়ে সিঞ্চিয়া প্ৰতিনিত
(লাহে লাহে মূৰটো ওলমি পৰে। বন্দীপাল বৰুৱা আদিয়ে ওচৰ চাপি মৰিল নে আছে চায়। )
জয়। —(মূৰ তুলি) চকুৰ আগত দৃশ্য কি যে জ্যোতিৰ্ম্ময়!
অন্তিমত অনন্তৰ অনন্ত আলোক।
কত সূৰ্য্য, কত তৰা, কতনা চন্দ্ৰমা,
আলোক-তৰঙ্গ তুলি ধীৰে চলি যায়।
বতাহত উটি ফুৰে নন্দন সুৰভি,
কাণত বৰষে কি যে ত্ৰিদিবৰ সুৰ!
নাই তাত কপটীৰ কপট প্ৰণয়,
হিংসা নাই, দ্বেষ নাই, নাই প্ৰতাৰণা,
শান্ত শিৱ অদ্বৈতৰ অখণ্ড জ্যোতিৰে
উদ্ভাসিত মহাকাশ, স্থাবৰ, জঙ্গম। প্
প্ৰাণ মোৰ উৰোঁ উৰোঁ, উৰিব বেগাই,
ভাঙ্গি-ছিঙ্গি দুদিনীয়া দেহাৰ পিঞ্জৰ,
বিপুল সি তৰঙ্গত হৈ এটি ঢৌ
নাচি নাচি একোবাৰ নামি ধৰণীত
ঢৌৱাই প্ৰত্যেক প্ৰাণ, প্ৰতি গছ-লতা,
স্বামীৰ চৰণ চুমি যাব পুনৰায়।
জীৱনৰ কাম সাধি মাহেন্দ্ৰ ক্ষণত
যিদিনা প্ৰভুৱে মোৰ ল’ব একে বাট,
দুয়ো মিলি মিলি যাম পূৰ্ণ মিলনত—
আনন্দ, পৰমানন্দ, পূৰ্ণানন্দৰূপে।
( স্থিৰ হয়, চকু মুদ যায়, ডিঙ্গি মোটোকা খায়। )
বন্দী, ব। –মেলি দে, আৰু বান্ধি ৰখাৰ সকাম নাই! তেওঁ এতিয়া বন্ধনৰ বাহিৰত।
(চাওদাঙে বান্ধ মেলি দিয়ে। জয়মতী পৰি যাবলৈ ধৰে। চাওদাঙে বহুৱাই দিয়ে। জয়মতী ভৰি মেলি বহি গছত আউজি ৰয়। )
জয়। —(লাহে লাহে মূৰ দাঙ্গি ক্ষীণ মাতেৰে )
সংসাৰৰ মায়া-গাঠি ছিঙ্গিবৰ বেলা
সম্মুখত অতীতৰ বিজুলীৰ ৰেখ –
বিশাল আহোম ৰাজ্য, স্বামী-পুত্ৰ মোৰ,
ভাই-ভনী স্বদেশৰ আশ্ৰিতা-আশিত,
ছিঙ্গিম বন্ধন আজি স্থূল সম্বন্ধৰ।
প্ৰাণৰ কামনা মোৰ, – হক সকলোৰে
জয়-জয় ময়-ময় ধৰম-কৰম!
সৃষ্টি-স্থিতি প্ৰলয়ৰ নিত্য আৱৰ্ত্তন
যি মহা শক্তিৰ চক্ৰ ঘূৰে অলক্ষিতে
ঘূৰাব সেয়েই ভাগ্য বিপন্ন ৰাজ্যৰ,
শাস্তিৰ অন্তত কৰি শান্তিৰ প্ৰচাৰ।
যাবৰ সময় হ’ল, বিদায় ধৰণী!
থাকিবা কুশলে দুটি প্ৰাণৰ কুমাৰ,
নাথ মোৰ চিৰসঙ্গী জীৱনে-মৰণে,
জনালোঁ অন্তিম সেৱা শ্ৰীচৰণত।
( কাতি হৈ পৰে। )
বন্দী, ব। —(ওচৰ চাপি ) সকলো অন্ত। ইমান শাস্তিতো একেষাৰ টান কথা নোলাল! যোৱাঁ দেবি! আজিয়েই মোৰো বিষয়ৰ শেষ! বাট দেখুৱাই নিবা। (চকু ঢাকে। )
চাওদাংবিলাক। —আমাৰো শেষ! আমাৰো শেষ।
(নিজ নিজ অস্ত্ৰ-শস্ত্ৰ দলিয়াই পেলাই চকুত হাত দি তলমূৰ হয়। তেতিয়া সন্ধ্যাৰ অন্ধকাৰ ক্ৰমশঃ ঘন হৈ আহিছিল। )
জয়। —(চকু মেলি লাহে লাহে মূৰ দাঙি গছত আওজে! তাৰ পাচত স্থিৰ দৃষ্টিৰে ওপৰলৈ চাই )
আহিছে বিমান, তাত কেনে জ্যোতিৰ্ম্ময়!
স্নিগ্ধ, শান্ত সুমধুৰ উঠিছে সঙ্গীত।
সুৰে স্তৰে উঠি তাৰ, শূন্তাৰ কোলাত
উটি যাম আলোকৰ সিন্ধু-তৰঙ্গত।
কিযে শান্তি! আজি মোৰ প্ৰাণ পূৰ্ণকাম!
( আকাশলৈ উঠাৰ দৰে হাত মেলে। এনেতে “জয়া! জয়া!" বুলি চিঞৰি গদাপাণি লৰি সোমায়। জয়াৰ মৃতদেহ গদাপাণিৰ ভৰিৰ ওচৰত বাগৰি পৰে। )
গদা। –জয়া! জয়া! কলৈ যোৱা জয়া!
( জয়মতীৰ মৃতদেহ সাবটি ধৰে। )