বৰফুকনৰ চ’ৰা।
সময়—অাগ বেলা।
বন্দৰ।—ৰাজ্যত হুলস্থল, চাৰিওফলে কটা-মৰা। অকল গদাপাণিৰ কাৰণেই কিমান মানুহ মৰিছে, তাৰ সীমা-সংখ্যা নাই।
বাউলী।—স্বৰ্গদেৱৰ এনেবোৰ অন্যায় দেখি-শুনিও আপোনালোকে সহি আছে কিয় ? অকল ৰজাক নহয়, আপোনালোককো ইয়াৰ দোষে ছুব।
বন্দৰ –মই যে কোনো উপায় ভাবি পোৱা নাই ! ৰাজপ্ৰতিনিধি স্বৰূপে ৰজাৰ আদেশ মানিবলৈ মই বাধা। মোৰ আগৰ দুজন প্ৰতিনিধিয়ে গুৱাহাটী মোগলৰ হাতত অৰ্পণ কৰিছিল, মই তাক উদ্ধাৰ কৰিছোঁ। ৰঙ্গামাটিৰ যুদ্ধত নিজ প্ৰাণলৈ ভ্ৰক্ষেপ নকৰি আহোম গৌৰব ৰক্ষা কৰিছোঁ, স্বৰ্গদেৱৰ শত্ৰুনাশ কৰি ৰাজ্যবিস্তাৰ কৰিছোঁ। তথাপিও স্বৰ্গদেৱৰ ধাৰণ মই গদাপাণিক ধৰিবলৈ যত্ন কৰা নাই, কিয়নো তেওঁ মোৰ আত্মীয়। এনে অৱস্থাত প্ৰতিবাদ কৰোঁ কেনেকৈ ? তেনে কৰিলে স্বৰ্গদেৱে মোকো অপৰাধী নকৰাকৈ নাথাকে।
বাউলী।—কিন্তু ভাবি চাওক, গদাৰ দোষ কি ! আহোম কুলৰ লক্ষ্মী জয়াৰ তেজৰ সোঁত এতিয়াও মাৰ যোৱা নাই। আকৌ মোৰ একেটি ভাইৰ তেজেৰে হাত বোলাব নে ?