জন্মালোঁহেতেন। মোৰ অনুপস্থিতিৰ যোগ লৈ, আপোনালোকে শাসনৰ নামত পীড়ন, বিচাৰৰ নামত গুপ্তহত্যাৰ প্ৰবৰ্ত্তন কৰি দেশৰ সুখ-শান্তি দূৰ কৰিলে। এতিয়াও মই সাৱধান কৰি দিওঁ, অত্যাচাৰ বন্ধ কৰক। উৎপীড়নে কোনো কালে কোনো দেশতে সুশাসন প্ৰবৰ্তন কৰা নাই। নহলে ইয়াৰ যি পৰিণাম হ’ব, সি অতি ভয়ঙ্কৰ। অকল স্বৰ্গদেৱেই নহয়, আপুনিও তাৰপৰা মুক্তি নাপায়।
শঙ্খঘণ্টা বাজি উঠে। দুশাৰী সশস্ত্ৰ চাওদাঙৰ মাজে দি শৰীৰ-ৰক্ষী
আৰু ছত্ৰচামৰধাৰীসহ ৰজাই প্ৰবেশ কৰে। ডাঙ্গৰীয়াসকলে
অভিবাদন জনায়। ৰজাই আসন গ্ৰহণ কৰে। চাওদাং-
ৰজা। – উগ্ৰ দৃষ্টিৰে কেইওফালে চাই। ডাঙ্গৰীয়াসকল! ৰাজদ্ৰোহী গদাপাণি আজিও ধৰা নপৰিল! ইয়াৰ কাৰণ কি? মই অনুমান কৰিছো আপোনালোকে ৰাজকাৰ্য্যত অৱহেলা কৰিছে।
বৰ, গো। —স্বৰ্গদেৱ! ই আমাৰ ওপৰত অযথা দোষাৰোপ। গদাপাণি ৰাজদ্ৰোহী হয় নে নহয়, সি আমাৰ অজ্ঞাত। তথাপিও তেওঁক ধৰাই যদি স্বৰ্গদেৱৰ ইচ্ছা, তেনেহলে প্ৰচলিত প্ৰথামতে কাৰ্য্য কৰা উচিত আছিল। তাকে নকৰি নীতিবিৰুদ্ধ উপায়ৰ আশ্ৰয় ললে কিয়? হুৰামুৰাকৈ আগ বাঢ়ি গদাপাণিক হুৰাই দিলে কিয়? জানিব লাগি-