পৃষ্ঠা:সতীৰ তেজ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্দৰ। —কি কৰিম! স্বৰ্গদেৱৰ বিশ্বাস গদাপাণি এই অঞ্চলতে আছে। মই কি চেষ্টা কৰিছোঁ, তাক বুজিবলৈ নতুন নতুন চোৰাংচোৱা পঠিয়াব লাগিছে। তেনে স্থলত মই কৰ্ত্তব্যত অৱহেলা কৰিব নোৱাৰোঁ।
বাউলী। —তেনেহলে আপুনি গদাক ধৰি দিব?
বন্দৰ। —পাল ধৰিবই লাগিব। ইচ্ছা হয়—মই নিজে মাতি আনি আশ্ৰয় দিওঁ, কিন্তু সি যে ৰাজদ্ৰোহ! গদা মোৰ অতি চেনেহৰ, কিন্তু কৰ্ত্তব্যৰ ঠাই তাৰো ওপৰত। কৰ্ত্তব্যৰ উপাসনাৰ বাহিৰে মোৰ আন ধৰ্ম্ম নাই। হৃদয় শিলেৰে বন্ধাই, চকুৰ লোতক চকুতে শুকুৱাই, ওলাই অহা কান্দোনৰ টেটু চেপি ধৰি নিজে নিজৰ গাত অস্ত্ৰ বহুৱায়ো কৰ্ত্তব্য পালিব লাগিব।
বাউলী। —নহয় প্ৰিয়তম, এনে নিদাৰুণ নহ’ব। ৰজাৰ কাৰ্য্যই প্ৰমাণ কৰিছে তেওঁ উন্মাদ। ৰাজাজ্ঞা-পালন ধৰ্ম্ম হ’ব পাৰে, কিন্তু উন্মাদৰ উক্তি সমৰ্থন কৰা ধৰ্ম্ম নহয়।
বন্দৰ। —তেন্তে কি কৰিবলৈ কোৱা?
বাউলী। —মোৰ একেটি মাথোন ভাইক ৰক্ষা কৰক। আপুনিয়েই কৈছিল, সিদিনা খেদাখোৱা বঙ্গালে আকৌ গুৱাহাটী লবলৈ যো-যা কৰিছে বুলি। যদি সেয়ে হয়, এই দুৰ্য্যোগৰ সময়ত দেশ কেনেকৈ ৰক্ষা কৰিব! নিশ্চয় জানিব, গদাক ৰক্ষা নকৰিলে দেশ ৰক্ষা নহয়।