পৃষ্ঠা:সতীৰ তেজ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰজাৰ পীড়ন আদি সকলো স্বৰ্গদেৱৰ নিজৰ ইচ্ছা। মোৰ পৰামৰ্শত তেনে কৰিছে বুলি যদি আপোনাৰ বিশ্বাস, তেন্তে সি মহাভুল।
বৰ। —আপুনি পৰামৰ্শ নিদিব পাৰে, কিন্তু সম্মতি দিছে,—সাহায্য কৰিছে।
বুঢ়া। —স্বৰ্গদেৱেৰ বিৰুদ্ধে চলিবলৈ মই অপাৰগ।
বৰ। —বিনা দোষত শাস্তি দিয়া ৰাজধৰ্ম্ম নহয়। আপুনি মন্ত্ৰী, ৰজাক সুমন্ত্ৰণা দিয়াটো আপোনাৰ কৰ্ত্তব্যৰ ভিতৰত। অন্যায় কাৰ্য্যত নিৰ্ব্বিবাদে সাহায্য কৰাটো আৰু অন্যায়।
বুঢ়া। —ন্যায়-অন্যায় অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। এক অৱস্থাত যিটো অন্যায়, বিপৰীত অৱস্থাত সেয়ে কৰ্তব্য।
বৰ। —তেন্তে আপুনি এই হত্যাকাণ্ড সমৰ্থন কৰে?
বুঢ়া। —নকৰি উপায় নাই।
বৰ। —আপুনি এতিয়াও ভাবি চাওক। যি কৰিলে কৰিলে, এতিয়াও ক্ষান্ত হওক। নিৰ্দোষ প্ৰজাৰ তেজেৰে দেশ ৰাঙ্গলী নকৰিব।
বুঢ়া। —দোষ ৰজাৰ নহয়। গদাপাণি পলৰীয়া অপৰাধী। তেওঁক ধৰি দি ৰজাক সাহায্য কৰা প্ৰজাৰ কৰ্ত্তব্য। তাকে নকৰি গদাপাণিক পলাবলৈ যি সুযোগ দিয়ে, সি নিশ্চয় ৰাজদ্ৰোহী। মৃত্যুৰ বাহিৰে তাৰ আন শাস্তি নাই।
বৰা। —আপুনি তেন্তে এই অত্যাচাৰত বাধা নিদিয়ে?
বুঢ়া। –ৰাজ্যৰ বৰ্ত্তমান অৱস্থালৈ চাই নিদিওঁ। ডাঙ্গৰীয়াসকলে