দ্বি, সৈন্য।—নাও বিচাৰ, নাও বিচাৰ। ৰজাই শুনিলে আধ্যা পৰিব।
সকলোৱে।—ব’ল, ব’ল, নাও ল, খেদা দিওঁ ।
(সকলো লৰি ওলাই যায়। )
ব্ৰহ্মপুত্ৰৰ মাজ ।
নৈৰ সোঁতৰ হো-হোৱনি উঠিছে, ঢৌৱে আফালিব লাগিছে, ডকা ফুটিছে।
গদাপাণিয়ে অবিৰাম সাঁতুৰিছে, মাজে মাজে মূৰ উলিয়াই পিচলৈ
চাইছে। চাওঁতে চাওঁতেই গদাপাণি অদৃশ্য হৈ গ’ল। তাৰ
পিচত নাৱত সৈন্তবিলাকৰ প্ৰবেশ। সিহঁতে কোবেৰে
ব’ঠা মাৰি নাও উৰুৱাই নিয়া দি নিছে।
———
দ্বিতীয় দৃশ্য।
বৰ চ’ৰা ।
সময় আবেলি ।
চৰাৰ ভিতৰত এফালে সাতখলপীয়া সিংহাসন, ওপৰত চন্দ্ৰতাপ।
সিংহাসনৰ ওপৰত ডাঙ্গৰ গাৰু। সকলোতে নানাৰত্ন আৰু কাৰু-
কাৰ্য্যৰ বিতোপন সৌন্দৰ্য্য। সিংহাসনৰ পৰা আঁতৰত দুয়ো
কাষে দুশাৰী খুটাৰ দাতিত ডাঙ্গৰীয়াসকলৰ আসন।
দুৱাৰ মুখত সশস্ত্ৰ প্ৰহৰী।
বুঢ়া।—আপুনি ভুল বুজিছে। স্বৰ্গদেৱৰ কাৰ্য্যত মোৰ কোনো হাত নাই ! কোঁৱৰসকলৰ অঙ্গহানি, জয়মতীৰ শাস্তি,