পৃষ্ঠা:সতীৰ তেজ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হ’ব মোৰ বিশল্য-কৰণী। প্ৰাণৰো প্ৰাণত
 য’ত কমল-কোৰক আছিল জয়াৰ স্থান,
 তাত আজি নৱ বেদী শ্মশান-ভস্মৰ।
 অধিষ্ঠাত্ৰী প্ৰতিহিংসা লোলজিহ্বা মেলি।
 অন্তৰ্হিত দয়া, ক্ষমা, প্ৰণয়-বন্ধন,
 অন্তৰ্দ্ধান কল্পনাৰ চিত্ৰ অতীতৰ।
 সম্মুখত অতি গাঢ় অন্ধ অন্ধকাৰ,
 প্ৰতিহিংসা সাধনৰ সুবৰ্ণ সুযোগ।
 নাচি উঠ শিৰে শিৰে দানৱ-প্ৰবৃত্তি,
 জ্বলি উঠ দীপশিখা মহা প্ৰলয়ৰ,
 তুমুল তৰঙ্গ তুলি ঘূৰ্ণ প্ৰভঞ্জন
 বই যা মোহাৰি বিশ্ব অস্তিত্ব উৰাই।
 ( বেগেৰে যাবলৈ ধৰে। এনেতে এদল সৈন্ত গদাপাণিৰ আগত উপস্থিত হয় আৰু গদাপাণিক বেৰি ধৰে। )
গদা। –সাৱধান কুকুৰৰ দল! ব্যাধৰ টিহনি শুনি চেকুৰি আহিছ? নাহিবি, আঁতৰ হ, নহলে প্ৰাণ যাব।
 (সৈন্যবিলাক সাৱধানে চাপি আহে। )
গদা। –কি! কথা নুশুন! এই তাৰ প্ৰতিফল।
 (সম্মুখত যাকে য’তে পালে ওফৰাই পেলাই বিজুলী সঞ্চাৰে ওলাই যায়। )
প্ৰ, সৈন্য। —পাই হেৰুৱালোঁ, সৌৱা একে জাঁপেই লুইতত পৰিল। টোপা কাঁড় যোৱা দি গৈছে।