পৃষ্ঠা:সতীৰ তেজ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে জুই জ্বলাই দিন। যেতিয়া সি জিভা মেলি আকাশ লঙ্ঘিব, তেতিয়া তাত দিম সেই পাষণ্ড নৰঘাতীদলৰ শোণিতৰ আহুতি। সেই দিন হে মোৰ জীৱন সাৰ্থক হব, স্বেচ্ছাচাৰিতাৰ লৌহদণ্ড ধুলিত মিলিব, জয়াৰ ভবিষ্যৎ দৃষ্টি বৰ্তমানত পৰিণত হ'ব। ( অলপ ৰৈ ) জয়া! জয়া। শক্তিময়ী তুমি, মোক শক্তি দিয়াঁ, ধৈৰ্য্য দিয়াঁ। কঠোৰ সংযম দিয়াঁ, যেন হিয়া ভেদি ওলোৱা প্ৰলয়ৰ হুঙ্কাৰ চেপি ৰাখি কৰ্ম্মক্ষেত্ৰ প্ৰস্তুত কৰিব পাৰোঁ, যেন পশুবল নিৰ্ম্মূল কৰি প্ৰতিশোধৰ ভস্মৰ মাজত শান্তৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰোঁ।
 (স্থিৰ দৃষ্টিৰে শূন্যলৈ চাই থাকি )
সৌৱা, সতীৰ তেজৰ ঢল উঠিছে, জয়াৰ চিতাৰ ধোঁৱাই আকাশ জুৰিছে। ৰাজ্য জুৰি ধুমুহা মাৰিব, শিলাবৃষ্টিত জগৎ কপিব, দেৱতাৰ বজ্ৰত পাপীৰ হৃদয় চূৰ্ণবিচূৰ্ণ হ'ব। ধৈৰ্য্য ধৰ গদাপাণি, হৃদয় বজৰ দৰে কঠিন কৰ, শোকৰ উচ্ছ্বাস প্ৰতিহিংসা বহ্নিৰ তাপেৰে শুকুৱাই পেলা। নিজৰ প্ৰতি নিৰ্ব্বিকাৰ হৈ সাধনা কৰ–প্ৰতিশোধ – ভীষণ প্ৰতিশোধ। (প্ৰস্থান। )
 (দুটা মানুহৰ প্ৰবেশ। )
প্ৰথম। —নাথাকোঁ বুলিছোঁ, নাথাকোঁ। ক'ৰবাত শুকাই মৰিম, তেও এনে অধৰমী ৰজাৰ ৰাজ্যত নাথাকোঁ।
দ্বিতীয়। —এক প্ৰকাৰ বুঢ়াই হলোঁহি, তেও এনে অধৰম দেখা