পৃষ্ঠা:সতীৰ তেজ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্দৰ। —কিয়?
পানী। —ইমানবোৰ মানুহ মৰা হৈছে, কিজানি তাৰ ভিতৰত কোনোবাটো গদাকোঁৱৰেই আছিল।
বন্দৰ। —সি যি কি নহওক, সম্প্ৰতি আৰু এটা নতুন বাতৰি আছে, এইখন পঢ়ি চাওক।
 (চিঠিখন দিয়ে। পানী ফুকনে পঢ়ে, মুখত আনন্দৰ চিন বিৰিঙ্গে। বন্দৰে তেওঁৰ মুখ-চকুৰ ভঙ্গী সাৱধানে লক্ষ্য কৰে। )
পা, ফু। —কথা দেখোন গুৰুতৰ। হওঁতে অকল উজনীতে নহয়, এই ফালেও সকলোৰে মনৰ ভাব তেনে বুলিয়েই অনুমান হয়।
বন্দৰ। —আপোনাৰ মত কি?
পা, ফু। —মোৰ মত কি হ’ব! আপুনি যি আদেশ দিয়ে, সেয়েই মোৰ মত।
বন্দৰ। —আপুনি মোৰ প্ৰশ্নটো সন্দেহেৰে লৈছে। সেইটো আপোনাৰ ভুল। মই আপোনাক পৰীক্ষা কৰিব খোজা নাই। অতি সৰলভাবে বিশ্বাসতে আপোনাৰ মতামত জানিব খুজিছোঁ।
পা, ফু। —শুনক তেন্তে। ৰাজ-ভৃত্যস্বৰূপে মোৰ যি মত, ব্যক্তিগত ভাবে সেই মত নহয়। ব্যক্তিগতভাবে মই বৰগোঁহাই ডাঙ্গৰীয়াৰ প্ৰস্তাব সৰ্ব্বান্তঃকৰণে সমৰ্থন কৰোঁ!
বন্দৰ। —তাৰ কাৰণ?