সমললৈ যাওক

পৃষ্ঠা:সতীৰ তেজ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অঙ্ক।

প্ৰথম দৃশ্য।
ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰাজবাট।
সময়—দুপৰীয়া।

গদাপাণিৰ প্ৰবেশ।

গদা। —পচোৱা বতাহৰ দৰে উৰি আহিছিলোঁ ধৰা দিবলৈ, লৰা ৰজাৰ হাতত প্ৰাণ সমৰ্পণ কৰি জয়াক ৰক্ষা কৰিবলৈ। কিন্তু পলম হ’ল, নাপালোঁ, জয়া মোৰ অদৃশ্য ৰাজ্যলৈ গুচি গ’ল। থৈ গ’ল ৰাজ্য-জোৰা এটা হাহাকাৰ, এটা হিয়াভগা কৰুণ সুৰ! আজি মোৰ জয়া নাই, প্ৰাণৰ মায়া নাই, সংসাৰৰ বন্ধন নাই। আজি মোৰ জীৱন মৰণ উভয় সমান। (চিন্তা কৰি) কিন্তু অৰাজক আহোম ৰাজ্যৰ শৃঙ্খলা লগাবলৈ আত্মগোপন কৰি প্ৰাণ ৰক্ষা কৰিছিলোঁ, আজি জয়াৰ মহাপ্ৰয়াণে সেই উদেশ্য আৰু মহৎ কৰিছে। তাক সাধন নকৰাকৈ মৰিবৰ মোৰ অধিকাৰ আছে জানো?–নাই। তেন্তে-জীয়াই থাকিব লাগিব, সতীৰ সাধনা সফল কৰিব লাগিব, শান্তিৰ ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগিব। ( অলপ সময় আকাশলৈ চাই থাকি) আত্মৰক্ষা কৰিম, জয়াৰ আদেশ পালন কৰিম, সতীৰ তেজেৰে উদ্দীপ্ত হৈ লক্ষ্যস্থানলৈ আগ বাঢ়িম, আত্মগোপন কৰি