সমললৈ যাওক

পৃষ্ঠা:সতীৰ তেজ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বন্দৰ। —যুদ্ধৰ অন্তত বৰগোঁহাই ডাঙ্গৰীয়া গড়গাঁৱলৈ গৈছে। তেওঁৰ পৰা নগৰৰ সবিশেষ সংবাদ পাম বুলি আশা কৰিছোঁ। তেওঁৰ বাতৰি পোৱাৰ পিচত যদি মত পৰিবৰ্ত্তনৰ আৱশ্যক হয়, সি ভিন্ন কথা, কিন্তু বৰ্ত্তমানত স্বৰ্গদেৱৰ আদেশ পালনৰ বাহিৰে মোৰ আন কৰ্ত্তব্য নাই।
 (দুৱৰীৰ প্ৰবেশ। )
দুৱৰী। —ডাঙ্গৰীয়া দেউতা! গড়গাঁৱৰ পৰা এজন কটকী আহিছে।
বন্দৰ –আহিব পাৰে।
 (দুৱৰীৰ প্ৰস্থান। )
বাউলী। —আপুনি যেন মোৰ অনুৰোধ দলিয়াই নেপেলায়।
 (বৰফুকনলৈ কাতৰ দৃষ্টিৰে চাই ওলাই যায় )
 (কটকীৰ প্ৰবেশ আৰু বৰফুকনৰ প্ৰতি অভিবাদন )
বন্দৰ। —কটকী! কি সংবাদ?
কটকী। —ডাঙ্গৰীয়া! সংবাদ অতি ভীষণ আৰু সম্প্ৰতি গোপনীয়। এইখন বৰগোহাই ডাঙ্গৰীয়াৰ চিঠি।
 (সাঁচি পাতত লিখা এখন দীঘল চিঠি দিয়ে। বৰফুকনে নিবিষ্টচিত্তে চিঠিখন পঢ়ে। পঢ়াৰ লগে লগে তেওঁৰ কপাল আৰু চকুত বিৰক্তি আৰু উদ্বেগ প্ৰকাশ পায়। )
বন্দৰ। —(চিঠি পঢ়া হ’লত ) তেন্তে স্বৰ্গদেৱ সঁচাকৈয়ে উন্মাদ হ’ল! বহলাই কোৱাঁচোন কি হৈছে।