পৃষ্ঠা:সতীৰ তেজ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ মানুহ। —মই নকৈছোঁ এই ৰাজ্যত মানুহ নাথাকে।
তৃ, মানুহ। —ইমানতে আঁতৰাই ভাল। ইয়াৰ পাচত পলোৱাৰো মুদা মৰিব। আকৌ লাগে যদি ঢোল পিটি শুনাৰ বোলে যেয়ে ঘৰৰ বাহিৰ ওলাব তাৰে প্ৰাণদণ্ড।
প্ৰ, মানুহ। —লৰা ৰজা থাকক মাথোন, তাৰ আটক নাই। এতিয়াই কৰবাত পৰ্ব্বতে-পাষণ্ডে সোমাই থকাই ভাল।
দ্বি, মানুহ। —এৰা, বলহঁক, ইয়াৰ পৰা আঁতৰ হওঁ।
 ( সকলোৰে.প্ৰস্থান। )
 ( বিপৰীত ফালৰ পৰা গদাপাণিৰ প্ৰবেশ। )
গদা। —গদাৰ প্ৰাণৰ মূল্য সহস্ৰ মোহৰ,—
 ৰাজ্য যুৰি ঘুষিছে ৰজাই। নাজানে সি। —
 জয়াহীন গদাপাণি নাই মূল্য তাৰ।
 সংসাৰৰ মায়া-মোহ সকলো ছিগিল,
 সোণৰ সংসাৰ মোৰ হ’ল ছাৰখাৰ,
 ভৰা নাও ডুবি গ’ল অতল জলত।
 অকাতৰে দিব পাৰোঁ আত্ম-বিসৰ্জন।
 কিন্তু জয়াৰ আদেশ মই নোৱাৰোঁ পেলাব,
 নোৱাৰোঁ কৰিব ব্যৰ্থ সাধনা সতীৰ।
 ভাগি যোৱা বুকু মোৰ শিলেৰে বন্ধাই,
 শত যাতনাৰ সহি শত শক্তিশেল,
 ৰাখিব লাগিব প্ৰাণ; প্ৰতিহিংসা, প্ৰতিশোধ