পৃষ্ঠা:সতীৰ তেজ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছিল, যিমানেই চোকা বাঘ নহওক, গুজৰি গুমৰি গৈ পহু ধৰিব নোৱাৰে।
ৰজা। —তাৰ মানে কি? আপুনি ক’ব খোজে নে কি, গদাপাণিক মোৰ তেজ পিবলৈ দি মই হাত সাবটি বহি থাকিব লাগিছিল? এয়েই নে আপোনাৰ পৰামৰ্শ? মই সিমান মূখ নহওঁ ডাঙ্গৰীয়া। মই বুজিছোঁ ডাঙ্গৰীয়াৰ পৰা কাঁড়ীলৈকে গোটেই ৰাজ্যই মোৰ বিদ্ৰোহ আচৰণ কৰিছে।
বুঢ়া। —তাত সন্দেহ নাই স্বৰ্গদেৱ! প্ৰায় গোটেই ৰাজ্যই জয়মতীৰ মৃত্যুৰ বাবে স্বৰ্গদেৱৰ গাত দোষাৰোপ কৰিছে। নানা প্ৰকাৰ শাস্তিয়েও সিহঁতক শিক্ষা দিব পৰা নাই। এতিয়া শুনিছোঁ জাকে জাকে মানুহ গাওঁ এৰি পলাবলৈ ধৰিছে।
ৰজা। —পলাবলৈ ধৰিছে! নহয়, সিহঁত পলাব নোৱাৰে। যেয়ে পলাব খোজে তাৰেই শান্তি হ’ব লাগিব। আজিৰ পৰা যি কোনো মানুহ বিনা অনুমতিত নিজ গাৱঁৰ বাহিৰ ওলাব, তাৰেই শাস্তি প্ৰাণদণ্ড।
বৰ। —তাৰ ফল ভাল নহ’ব স্বৰ্গদেৱ। যি জুই জ্বলালে, তাক নুমুৱাবলৈ যত্ন কৰক, নতুনকৈ জুই জ্বলাই বিপদ নবঢ়াব। জুই জলোৱা অতি সহজ, কিন্তু যেতিয়া সি জিভা মেলি চৌদিশ জুৰিব, তেতিয়া সাগৰৰ পানীৰেও তাক নুমুৱাব নোৱাৰে। অন্তৰ্বিপ্লবৰ সুযোগ লৈয়েই ৰঙ্গামাটিৰ নবাবে গুৱাহাটী অধিকাৰ কৰিছিল, প্ৰাণপণ চেষ্টাৰ ফলত সিদিনা