পৃষ্ঠা:সতীৰ তেজ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদ্ৰোহৰ সূচনা। মই তাৰ বিচাৰ কৰিম, ইহঁতক সবংশে ধ্বংস কৰিম।
বুঢ়া। —স্থিৰ হওক স্বৰ্গদেৱ! সময়তকৈ আগ নাবাঢ়িব। এতিয়াই গৃহ-বিবাদ আৰম্ভ কৰিলে সকলো উদেশ্য ব্যৰ্থ হ’ব। আগেয়ে গদাপাণিৰ ব্যৱস্থা হওক, তাৰ পিচত আনবিলাকৰ বিচাৰ কৰিব।
ৰজা। —গদাপাণিৰেই বা কি ব্যৱস্থা হ'ব! আজি ইমান দিনেও তাক ধৰিব নোৱাৰিলে। তাৰ ভীষণ মূৰ্ত্তি মই দেখিছোঁ, সি মোক হত্যা কৰিব।
বুঢ়া। —আপোনাৰ কল্পনা অসঙ্গত। এইবাৰ এনে উপায়ত ধৰিব লাগে, যাতে গদাপাণিৰ মৃত্যু অপৰিহাৰ্য হয়।
ৰজা। —কি উপায়?
বুঢ়া। —উপায় স্বৰ্গদেৱে কোৱাটোৱেই, মাত্ৰ তাতে অলপ যোগ দিব লাগিব। ঘোষণা কৰা হওক—এতিয়াৰ পৰা কোনো মানুহে নিজ গাওঁ এৰিব নোৱাৰে, আৰু অচিনাকি মানুহ মাত্ৰৰেই প্ৰাণদণ্ড। তেতিয়া গদাপাণি নিশ্চয় মৰিব। অৱশ্বে লগতে কিছুমান নিৰ্দ্দোষ মানুহে মৰা পৰিব
পাৰে।
ৰজা। —কিছুমান মানুহ মৰিব, মৰক। গোটেইবোৰ মানুহ মাৰিও যদি গদাপাণিক ধৰিব পাৰি, তাতো মই সম্মত। যি ৰাজ্যই ৰজাক নামানে, সেই ৰাজ্য ধ্বংস হৈ যাওক।
বুঢ়া। —তেন্তে এই ব্যৱস্থা মতেই কাৰ্য্য আৰম্ভ হওক।