সতীৰ তেজ

ৱিকিউৎসৰ পৰা
সতীৰ তেজ
লেখক দণ্ডিনাথ কলিতা
[ cover ]
সতীৰ তেজ
শ্ৰীদণ্ডিনাথ কলিতা

[ Title ]
সতীৰ তেজ


শ্ৰীদণ্ডিনাথ কলিতা ৰচিত


তেজপুৰ

তৃতীয় সংস্কৰণ

১৮৭২ শক।
(ইং ১৯৫০ খ্ৰীষ্টাব্দ)

[ Preface ]

ভাৱৰীয়াসকল।
মুনিহ।

চুলিক্‌ফা বা লৰা ৰজা --- অসমৰ ৰজা।
আতন --- --- বুঢ়াগোঁহাই, ৰাজমন্ত্ৰী।
লাইথেপেনা --- --- বৰগোঁহাই।
গদাপাণি --- --- তুঙ্গগুঙ্গীন্না ফৈদৰ কোৱঁৰ।
লাই, লেচাই --- --- ঐ পুত্ৰদ্বয়।
বন্দৰ --- --- বৰফুকন।
জপলু --- --- এটা নগা।

পানীফুকন, চাওদাং বৰুৱা, বন্দীপাল বৰুৱা, কটকী, চোৰাংচোৱা,

পগলা, দুটা পাইক, বাটৰুৱা মানুহ, বেপাৰী নগা, দুৱৰী,
প্ৰহৰী, লৰাবিলাক, চাওদাংবিলাক, সৈন্যবিলাক,
দৰ্শকসকল, বিষয়াসকল, গায়ন-বায়ন ইত্যাদি।

তিৰুতা।

জয়মতী --- --- গদাপাণিৰ পত্নী।
বাউলী --- --- ,, বায়েক, বন্দৰৰ পত্নী।
ৰাণী --- --- চুলিক্‌ফাৰ মহিষী।
কেতেকী --- --- জয়মতীৰ লিগিৰী।
ৰতনী --- --- বৰগোঁহাইৰ ঘৰৰ বান্দী।
ৰেণু --- --- জপলুৰ ভনীয়েক।
জেণু --- --- ৰেণুৰ সখীয়েক।

লিগিৰী দুজনী, কুমাৰীসকল, নাৰীসকল ইত্যাদি।
_ _ _ _

[  ] সতীব তেজ । প্রথম অঙ্ক । গদাপাণিৰ ঘৰৰ আগচোতাল। ওচৰতে এজোপা গুটি-লগা আম। ঘৰৰ দুৱাৰ মুকলি । সময় আবেলি । লাই, লেচাই আৰু তেওঁলোকৰ লগৰীয়া লৰাবিলাকে গীত গায়। প্রত্যেকৰ হাতত ধেনু-কাড় । গীত। আকাশত হাঁহিছে সোণালী কয়ে পৃথিবীত হাঁহিছে ফুল। তাৰ মাজে মাজে পখিলা উৰিছে, পাখিতে হুগন্ধি বোল। আমৰে ডালতে কলীয়া কুলিয়ে কু-উ-কু কু-উ-কু গায়। সৰগৰ অমিয়া মৰতত সি চিছে, ৰিব, ৰিব, মলয়া বাই । [  ] সতীৰ তেজ । [ প্রথম অঙ্ক আকাশে হাঁহিছে, বিৰিখে হাঁহিছে, প্রভুৰে জেউতি লৈ। ঢালো চৰণতে ভকতি আঁজলি কৰুণাৰ ভিক্ষাৰী হৈ । লোহে লাহে কেতেকী আহি গুৱাৰ-মুখত থিয় হয়। ) লেচাই -আইতাই কৈছিল অর্জনে হেনো বৰ ওপৰত থোৱা মাছ এটা ছা চাই বিন্ধিছিল । আমিও নোৱাৰিম নে চাগৈ ? লাই –কেলেই নোৱাৰিম ! এতিয়া নোৱাৰিলেও অভ্যাস কৰিলেই পাৰিম, পাৰিমেই পাৰিম । প্রথম লৰা –ময়ে পাৰিম। দ্বিতীয় লৰা –মই হবলা নোৱাৰিম ? কেতেকী –বাৰু লক্ষ্য বিন্ধিব নালাগে, সে যে ওপৰত অকলশৰীয়াকৈ আমটো আছে, তাকে সৰোৱাচোন। প্র, লৰা –বাৰু, চোৱা তেন্তে, মই একে পাট কাড়তে মাটিত পেলাই দিম কাড় মাৰে, আৰু কাড় বহুত আঁতৰে দি যায়। ) দ্ধি, লৰা -বৰ কথা কৈছিল, নোৱাৰিলি কিয় ? মই সৰাম, 5to ( কাড় মাৰে, কঁাড় আঁতৰি যায়। ) শাহ -তোমাৰ কাড় দেখোন ওভোতা ফাললৈ হে গ’ল ! লেচাই পাৰিব নে? - [  ] প্রথম অঙ্ক ] সতীৰ তেজ । - লেচাই –চাওঁচোন বাৰু পাৰে" নে নোৱাৰো । ( কাড় মাৰে, কাড় লাগে। লাগো হৈ যায় । ) প্র, লৰা -লাগিল ! লাগিল ! এঃ অলপতে হে সাৰিল । লাই –এইবাৰ ময়ো চাওঁচোন । কাড় মাৰে, আৰু অামটো সৰি পৰে । ) সকলোৱে -ঠিক লাগিল ! সৰিল ! সৰিল । আনন্দত চাপৰি বজায় । ) কেতেকী – লাইক সাবটি ধৰি ) ডাঙ্গৰ হ'লে নিশ্চয় তুমি অৰ্জ্জুনৰ সমান বীৰ হ’বা । এতিয়া যোৱা, আইদেৱে জলপান খাবলৈ মাতিছে । আটাই কেইজন ভিতৰলৈ লোমায়। কেতেকী – ভাগ্যৰ বলত হে আইদেউক পাইছে। লোকে লিগিৰীৰ হতুৱাই সকলো কাম কৰাই নিজে ঠেঙৰ ওপৰত ঠেং তুলি ঘৰ চলায়। আমাৰ আইদেৱে সকলো কাম নিজেই কৰে। টান কামটো মোক অকলৈ কৰিবলৈ কেতিয়াও নিদিয়ে। বাহিৰৰ কাম থাকিলে হে মোৰ বিচাৰ লয়। জন্মে জন্মে যেন আইদেউৰ বেটা হবলৈ পাওঁ । চুচুক-চামাককৈ চাৰিওফালে চাই ৰতন সোমায়। ৰতনী –বাই, কুঁৱৰী ঘৰত আছে নে ? কেতেকী –নাথাকি নে কলৈ যাব ? আমাৰ কুঁৱৰীয়ে কিবা লোকৰ দৰে ঘৰে ঘৰে মেল মাৰি ফুৰে নে ? [  ] - সতীৰ তেজ । [ প্রথম অঙ্ক এতিয়াই কামৰ পৰা আজৰি হৈ তাতত বহিছে গৈ। আহ, বহাঁহি ৷ ৰতনী –মই নবহে, সময় নাই। থিয়ৈ থিয়ৈ কথা একেষাৰ কৈ যাবলৈ হে আহিছে। কেতেকী –উ আই ! ইমান নো তত নোহোৱা হ’ল নে ? ৰতনী –তত থাকিলে নে লৰালৰি কৰিছো নে ? বেগাই কুঁৱৰীক মাতি দিয়া। কেতেকী -বাৰু নবহা যদি ৰ’বা, আইদেউক কওঁ । ( 2 - ) ৰতন -দিন কালৰ যেনেহে গতি হৈছে, ওলাব সোমাবলৈকে এৰিব লগা হ’ল । মোৰ ওপৰত বা কাৰ চকু পৰিছে, কোনে জানে। তেহেলৈ মোৰ যি হয় হওক, কুঁৱৰীক কথাটো জনাবই লাগিব । জয়মতীৰ প্ৰবেশ । ) জয় –অ’ ৰতনী, ইয়াতে ৰ’ল কিয় ? ভিতৰলৈ আহা । ৰতনী- মই যাওঁৱেই। আঁচলত জীৱ বান্ধি হে আহিছোঁ। এটা গুপুত কথা আছে। কোৱৰ কলৈ গ’ল । জয় –ছপৰতে ওলাই গৈছে, এতিয়াও ঘূৰা নাই। সুধিলা কিয় ? ৰজনী – আইদেউ! মই আপোনাক এটা ভয়ানক বাতৰি দিবলৈ আহিছো । ( চাৰিওফাললৈ চাই ) আজি কোঁৱৰক ধৰাই নিব । [  ] জয় –কোনে ? ৰতনী –স্বৰ্গদেৱে । জয় -কিয় ? ৰতনী – ক’ব নোৱাৰে" | জয় –(হাঁহি হাঁহি ) নহয়, তোমাৰ ভুল হৈছে। স্বৰ্গদেৱে ধৰাই নিব কিয় ? তেওঁ তো কোনো অপৰাধ কৰা নাই । ৰতনী-মোৰ ভুল হোৱা নাই। অপৰাধ নহলেও ধৰাই নিবআজি গধূলিতে। আই-দেউতাই কেনেবাকৈ গম পাই মোক পঠিয়াই দিছে । কথা অতি গোপন, ওলাবৰ হ’লে মোৰো মূৰ যাব। তাতে বৰগোহাই ডাঙ্গৰীয়াও এতিয়া নগৰত নাই, ভাটীত আছে । মই যাওঁ । গধূলিৰ আগতে কিবা এটা নকৰিবৰ হলে কোঁৱৰক আৰু নাপায়। আনবোৰ কোৱৰৰ অৱস্থা দেখিছেই। ( শঙ্কিত ভাবে প্রস্থান । ) জয় –স্বামীৰ বিপদ মোৰ দেখোন বিশ্বাস কৰিবৰ মন নাযায় । তেওঁক দেখোন সকলোৱে ভাল পায়। হঠাৎ কি ৰজাঘৰীয়া অপৰাধ লগালে ? নহয়, মিছা, মই বিশ্বাস নকৰে । গদাপাণিৰ প্রলেশ । ) গদা - জয় ! আহোম বংশৰ সকলো কোৱৰ শেষ হ’ল ; [  ] ময়েই মাথোন বাকী। এইবাৰ মোৰ পাল, মোৰ পিচত শক্র । জয় –আপোনাৰ পিচত শত্রু ! আপুনি নো কাৰ কি কৰিছে ? গদা –বনত হৰিণ থাকে, সি নো কাৰ কি কৰে ? তথাপি মানুহে তাক খেদি খেদি মাৰে কিয় ? জয় —তাত মাৰোতাৰ পেট ভৰে । গদা -ইয়াতে হত্যাকাৰীৰ স্বার্থসিদ্ধি । জয় –হত্যাকাৰী নে কাক বুলিছে ? গদা –আৰু কোন হ’ব ? পাষণ্ড চুলিক্‌ফা। যিমান গোপনে কৰক এইবোৰ যে চুলিক্‌ফাৰ কাম, তাক বুজিবলৈ কাৰে বাকী নাই । ৰাজকোঁৱৰসকলৰ মৃত্যুত তাৰ বাহিৰে আনৰ স্বার্থ থাকিব নোৱাৰে। সি ভাবিছে কোঁৱৰসকলক বধি নাইবা ঘুণীয় কৰি তাৰ একাধিপত্য স্থাপন কৰিব । তোমাক কোৱা নাই এদল গুপ্তচৰ সদায় মোৰ পিচত ঘূৰিব লাগিছে। সিহঁতে ইমান দিন মোৰ গাত হাত দিবলৈ সাহ কৰা নাছিল, ময়ে সিহঁতক অবজ্ঞাৰ চকুৰেই চাইছিলো। আজি সিহঁত মৰণত শৰণ দি লাগিছিল। দিখৌ ঘাটৰ ওচৰতে আজি হঠাৎ পাট কাড় মোৰ কাণৰ কাষে দি ভো-ভোৱাই গ’ল। মই উভতি চাওঁতেই ছটা মানুহ লৰ মৰা দেখিলে। সিহঁতৰ কপাল ভাল, মই বিচাৰি [  ] নাপালে, নতুবা সিহঁতক আজি ধোবাই আছাৰ দি আছাৰিলোহেতেন । জয় ॥-তেন্তে ৰতনীৰ কথা সঁচা । গদা –কি কথা ? জয় –আজি হেনো আপোনাক ৰজাই ধৰাই নিব খুজিছে। গদা -হ’ব পাৰে। গুপ্তচৰে বলে নোৱৰা দেখি দেখাদেখিকৈ লাগিব খুজিছে। সকলো কোৱৰৰ অন্ত হ'ল, মোক মাৰিব পাৰিলেই সি নিষ্কণ্টক । জয় –তেন্তে উপায় কি প্রিয়তম? গদা –উপায় মোৰ এই বাহু ছটা। জয় –ৰজাঘৰীয় ফৌজৰ লগত আপুনি অকলৈ কি কৰিব ? গদা—সিহঁতৰ কুৰিটাক আছাৰি মাৰিবৰ শক্তি মোৰ এই বাহুত আছে। জয়।–কুৰিটা মাৰিলেই ৰজাৰ ফৌজ নুঢুকায়। বাকীবোৰে আপোনাক বন্দী কৰিব । গদা -মোক মাৰিব পাৰিব, বন্দী কৰিব নোৱাৰে। নহয়, মৰিব লাগিবই যেতিয়া বীৰৰ দৰে মৰিম । (ভো ভে কৰে ভিতৰলৈ সোমাই যায়। ) জয় –কি কৰিলা প্ৰভু ! ই যে বিনামেঘে বজ্রপাত ! ( ভিতৰলৈ যাব খোজে। এনেতে হাতত হেংদান লৈ গদাপাণি ওলাই আহে আৰু বেগেৰে যাবলৈ ধৰে। জয়মতীয়ে সাউৎ কৰে গৈ গদাপাণিৰ বাহুত ধৰে ।) জয় ॥-হেংদান লৈ কলৈ যায় ? [  ] গদা -ৰজাৰ চাঙ্গলে,-নৰাধম চুলিক্‌ফাক তাৰ পাপৰ যোগ প্রতিফল দিবলৈ । এটা এটা কৈ অঙ্গ ছেদ কৰি তাক বধ কৰিম, ইমানবোৰ কোৱৰৰ অঙ্গক্ষত কৰা প্রতিশোধ ল’ম ৷ জয় ।--তাৰ পৰিণাম যে ভয়ানক হ'ব। গদা –ভয়ানক আৰু কি হ’ব – মৃত্যু। ঘৰত বহি মৰণক বৰণ কৰাতকৈ পাপীক শাস্তি দি মৰিম। জয় ৷ আপুনি ৰজাৰ চাঙ্গলৈ যাব কেনেকৈ ? বাটতে ফৌজৰ হাতত পৰিব । গদ –তাতেই বা হানি কি ? যেনেকৈয়ে হওক, মৃত্যুৰ বাহিৰে মোৰ আন পথ নাই। নিজীৱৰ দৰে মৰাতকৈ এবাৰ চেষ্টা কৰি মৰিম । জয় –আপোনাৰ অবিহনে এই অত্যাচাৰৰ প্রতীকাৰ কৰিব কোনে ? নহয় প্রিয়তম, আপুনি মৰিব নোৱাৰে, জীয়াই থাকিবই লাগিব । অকল মোৰ নিমিত্তে নহয়, পোন দুটিৰ নিমিত্তে নহয়, আন কি, আপোনাৰ নিজৰ নিমিত্তে ও নহয় । অৰাজক আহোম ৰাজ্যত শৃঙ্খলা লগাবলৈ, আহোমৰ নুমাব খোজা বন্তিগছ জুলাই তুলিবলৈ আপোনাৰ বাহিৰে কোনো নাই । আপুনি ধৰা দিব নোৱাৰে। গধুলিৰ আগতে ৰজাঘৰীয়া ফৌজ আহিব, তাৰ পূর্বেই আপুনি এই ঠাই এৰিব লাগিব । [  ] গদা ।--পলাই প্রাণ ৰাখিব লাগিব । ন’কব। জয়, গদাপাণি কাপুৰুষ নহয়। তুমি আজিও মোক নিচিনিলা । জয় --আপোনাক চিনো বুলিয়েই মই এই অনুৰোধ কৰিছো, আপুনি প্রাণৰ ভয়ত পলালে কাপুৰুষ হ'ব পাৰে, কিন্তু পত্নী-পুত্ৰৰ নিমিত্তে, জ্ঞাতি-বন্ধুৰ নিমিত্তে, স্বদেশ-স্বজাতিৰ নিমিত্তে প্ৰাণৰক্ষা কৰা কেতিয়াও কাপুৰুষত নহয়। সি মহানুভৱতা । আপুনি এতিয়াই ঘৰ এৰিব লাগিব । গদা – চিন্তান্বিত হয় ) জয় -নিজক শত্ৰুৰ বিৰুদ্ধে সজ্জিত কৰিবলৈ সময় আৰু হুযোগ বিচাৰি পিচ হোহক যুদ্ধৰ ৰীতি। তাত লজ্জিত হোৱাৰ কাৰণ নাই । অকল সেয়ে নহয়, আপোনাৰ বিপদ ঘটিলে মই এক মুহূৰ্ত্তও জীয়াই নাথাকে, আহোম ৰাজ্য ৰক্ষাৰ উপায় নাথাকে। পোনা দুটিৰ কি হ’ব, তাকেই বা কোনে জানে । ইমানতে আপুনি প্রাণ দিব নে ? আত্মগৌৰব ৰক্ষাৰ নিমিত্তে ইমানবোৰৰ বধ ল'ব নে ? নহয়, আপুনি কেতিয়াও ইমান স্বাৰ্থপৰ হ'ব নোৱাৰে । গদা - ব্যাকুলভাবে ) জয় ! জয়া ! যায়।-আপুনি ভাবি চাওক দুদিন আত্মগোপন কৰি থাকিলেই আপুনি এই সকলোকে ৰক্ষা কৰিব পাৰে। নহলে এয়েই আহোমৰ সমাধি । � [ ১০ ] গদা –তুমি মোক উন্মাদ কৰিছা। মোৰ অন্তৰৰ হাহাকাৰৰ লগত ভবিষ্যৎ কৰ্ত্তব্য-চিন্তাৰ তুমুল তৰঙ্গ তুলিছা । মই কেনি যাম ? কোনটো প্রকৃত পথ ? জয় –সম্প্রতি আত্মগোপনেই একমাত্র পথ । আপুনি ছদ্ম বেশেৰে নগৰৰ ৰাহিৰ হওক, নিৰাপদ ঠাইৰ পৰা ৰাজ্যৰ গতি-বিধি লক্ষ্য কৰক। এদিন নিশ্চয় স্থযোগ মিলিব, গোটেই ৰাজ্য আপোনাক বিচাৰি ব্যাকুল হ'ব। সেইদিন নাহে মানে গোপনে থাকক। তাকে কৰিলেই দুয়োকুল ৰক্ষা পৰিব। গদা -( আপোনা-আপুনি ) বৰ্ত্তমান আৰু ভবিষ্যৎ ! আত্ম সমপণ আৰু আত্মৰক্ষী ! কোনটো মোৰ কৰ্ত্তব্য ! ধৰ দিলে গৌৰব ৰক্ষা, প্রাণৰ সঙ্কট ; পলালে আত্মৰক্ষা, দুৰ্ঘোৰ কলঙ্ক। মোৰ অন্তৰাত্মাই কৈছে আত্মসম্মান ৰক্ষা কৰি বিপদৰ সম্মুখীন হবলৈ, প্রাণ আহুতি দিবলৈ। কিন্তু জয়াৰ অনুৰোধ–সি যে স্নেহৰ দাবী, সি যে জয়াৰ অস্তিত্বৰ লগত জড়িত । তাকেই বা অৱহেলা কৰে। কেনেকৈ ! ( অলপ পৰ নাৰবে ভাবি ) নহয়, জয়াক অৱহেলা কৰিব নোৱাৰে। জয়াৰ ৰক্ষাৰ নিমিত্তে মোৰ সকলে এৰিম, মনুষ্যত্ব বিসর্জন দিম, পলৰীয়া হৈ প্ৰাণৰক্ষা কৰিম । ( ফুটাই ) তোমাৰ আদেশ পালম কৰিম, তুমি মোক বাট দেখুৱাই দিয়া। [ ১১ ] প্রথম অঙ্ক ] সতীৰ তেজ। o জয় —তেন্তে আপুনি এতিয়াই ছদ্মবেশেৰে ওলাই যাওক, তাৰ পাচত অৱস্থা বুজি ব্যৱস্থা কৰিব। গদা –কিন্তু মোৰ ভয় হয়, মই গ’লে যদি তোমালোকৰ ওপৰত অত্যাচাৰ কৰে ! পোন ছটিৰ কিবা অমঙ্গল ঘটায়। জয় । —সেই বাবে চিন্তা নকৰিব । মই নাৰী, নাৰীৰ ওপৰত কোনেও অত্যাচাৰ নকৰে । তদুপৰি, ৰজাৰ স্বার্থ আপোনাৰ জীৱনৰ লগত, মোৰ লগত নহয় । পোনা ছটিক এতিয়াই বুঢ়ীমাকৰ লগলৈ পঠিয়াই দিম, তাত সিহঁতৰ গাত হাত দিবৰ কাৰো সাধ্য নাই । গদা –মোৰ আত্মা বিদ্রোহী হৈ উঠিছে। গদাপাণিয়ে পলৰীয়া হৈ প্রাণ ৰাখিব !—নহয়, নাভাবে, তোমাৰ ইচ্ছাই পুর্ণ হওক । কিন্তু ছদ্মবেশ ধৰিম কেনেকৈ ? নেপথ্যত।- হুঁ-উঁঃ হুঁঃ! হুঁ-উঁঃ হুঁঃ! হুঁ-উঁঃ হুঁঃ! ( গদাপাণি আৰু জয়মতীয়ে বাহিৰলৈ চায়। এনেতে আলু, কচু জলকীয়া আদিৰ হোৰা এটা পিঠিত লৈ এটা নগৰ প্রবেশ । ) নগা –কিবা ল'ব না ? জয় –নালাগে । নগা –আলু আছে, কচু আছে, জলকীয়া আছে, আদা আছে, বৰ বাল আছে । গদ। --থাকক, নালাগে । - ( পূৰ্ব্ববং শব্দ কৰি নগা ওলাই যায় ) [ ১২ ] জয় -ঠিক, এয়েই উপযুক্ত ছদ্মবেশ । আপুনি নগাৰ বেশ ধৰি নগা পৰ্ব্বতলৈ যাওক । এই নগাৰ আগমন বিধি-প্রেৰিত বুলি মোৰ বিশ্বাস জন্মিছে । আহক, পলম নকৰিব, প্রতি মুহুৰ্ত্ততে বিপদ ওচৰ চাপিছে। যাবলৈ ধৰি ) অ’ নহয়, নগাটোক মাতক, তাৰ হোৰা, টুপী কিনি লওঁ । গদাপাণি অলপ আগ বাঢ়ি সঙ্কেতেৰে নগাটোক মাতি আনে। তাৰ পাচত জয়মতী আৰু গদাপাণি একেলগে ভিতৰ সোমায়। গদাপাণিৰ ইঙ্গিতমতে নগাটোও পিছে পিছে যায়। তাৰ চোলা ফটা-ছিটা, মূৰত চৰাইৰ পাখি, গাত এখন ফটা কাপোৰ, হাতত এডাল গছৰ ডাল। গীত শুনি লাই, লেচাই আৰু আন আন লৰা সোমাই আহে, কেইটামান লৰাই পগলাক জোকায় । ) পগলা —কচুৰ বৰে খুটা কলা কল কল ঔ মেটেকাৰ মাৰলি কলা কল কলী ঔ, জানে ঘৰ হুৰুষাই ভাগে ঔ কলী ঔ কলা কলী কলী ঔ । ভিতৰত থাপিছে কলী কলা কলী ঔ, সোণৰে সিংহাসন কলা কলা কলী ঔ, ৰখীয়া-পৰীয়া লাগে ঔ কলী ঔ কলী কলী কলী ঔ। [ ১৩ ] ৰজাৰে মূৰতে কলী কলা কলী ওঁ, সোণালী কিৰীটি কলী কলী কলা ঔ, চকুতে টোপনি নাই ঔ কলী ঔ কলী কলী কলী ওঁ । দুখীয়া নিছলাই কলী কলী কলা ঔ, পিন্ধে ফটাকান কলী কলী কলী ঔ, ফোচ ফোচ ঘুমটি যায় ঔ কলী ঔ কলী কলী কলী ঔ। প্র, লৰা —এইটো সেই পগলাটো দেখোন। পগলা –মোৰ জগৰ লাগিছে পগল হবলৈ ! হেৰ’ মই ৰজা নে ৰজাৰ লৰ, তালৈকে পগলা হব লাগিছে ! দ্বি, লৰা –ৰজা হলে হে হবলা পগলা হয় ? পগল –নহয় নে কোন হয় ? ধন-বস্ত থাকিলেই পগলা দেৱতাই ধৰি মানুহৰ কাচুটি এৰুৱায়। ৰজাৰ ধনবস্তু সকলোতকৈ সৰহ, সেই দেখি তেওঁ আটাইতকৈ ডাঙৰ পগলা । মোৰ ঘৰে নাই, ধনো নাই । মই আকৌ পগলা হবলৈ যাম কিহৰ জগৰত ? কেতেকী সোমাই পগলাক চাউল দিয়ে। সি তাৰে এগাল মুখত ভৰাই চোৰায় আৰু বাকীখিনি কাপোৰত বান্ধি লয়। তাৰ পিচত হেপোৰ পিটি নাম গাই কিছু সময় থাকি ওলাই যায় । লগে লগে লাই-লেচাইৰ বাহিৰে বাকী কেইট। লৰাও ওলাই যায় । ) [ ১৪ ] কেতেকী – লাই-লেচাইক) য’ৰে পগলা যলৈকে যায়, যাওক, তোমালোক ভিতৰলৈ আহা । ( কেতকী আৰু লাই-লেচাই ভিতৰলৈ সোমাই যায়। অলপ পাচতে এটা চোৰাংচোৱা অতি সতর্ক ভাবে সোমায়। চোৰাং —বুঢ়াগোৰাই ডাঙ্গৰীয়াৰ আদেশ ডাৰৰ বাতৰি ডাৰে) জনাব লাগে। পিচে দুপৰৰে পৰা জোপ লৈছে। হে লৈছো, গদা কোৱৰৰ গমেই নাই দেখোন । কিমান নো অহা-যোৱা কৰিম ! ৰৈ থাকিবলৈকো লাগে ভয় ! কেনেবাকৈ ধৰা পৰিবৰ হলে আমাৰ ফালে গতিয়েই লাগিব । ( চাৰিওফাললৈ চাই ) মই যাওঁতেই ইফালে আহিলেই কিজানি । গম লোৱা যাওক। (চাপৰি চাপৰি বাৰৰ কাষ চাপে আৰু জুমি জুমি চায়। তাৰ পাচত বাৰত কাণ লগাই শুনে । ) ঠিক ! কোৱৰেই হয়। আকৌ বা কলৈ যায় ! বেগাই যাওঁ, বুঢ়াগোহাঁই ডাঙৰীয়াক বাতৰি দিওঁগৈ। ধৰাই দিব পাৰিলে মই এটা লেখৰ মানুহেই হম। ( চোৰাংচোৱা ওলাই যায়। তেনেতে লই-লেচাইক লৈ কেতেকী ভিতৰৰ পৰা ওলায়।) কেতেকী –আই মোৰ পোনাহঁত। আইদেউতাই সদায় তোমালোকক মাতি আছে। তোমালোকক পালে বৰ ৰং পাব । [ ১৫ ] লাই –আমি তাত অভিমন্যু-বধ ভাওনা কৰিম। লেচাই –মই হলে অভিমন্যু হ'ম। বেহুত সোমাই সপ্তৰথীৰ লগত যুদ্ধ কৰিম। কেতেকী –কৰিবা মোৰ সোণ। এতিয়া আহ । সোঁৱা গধূলি হৈ আহিল। ( তিনিও ওলাই যায়। ) জয়মতী আৰু নগাৰেশ গদাপাণি ওলাই আছে। তেতিয়া সময় প্রায় গধূলি । ) জয় –আৰু পলম নকৰিব দেৱতা । গধূলি হবলৈ আৰু সময় নাই । ক’ত কিমান চোৰাংচোৱা ঘূৰিছে কোনে জানে ! গদা -যাওঁ, নগলে নেৰা যেতিয়া যাওঁ। কিন্তু জয় ! নিশ্চয় জানিবা, মোৰ শৰীৰ মাথোন অ’াতৰ হ’ব, প্রাণে তোমাক এৰিব নোৱাৰে । ভগৱান ! মোৰ সাধবী ভাৰ্য্যাক আজি তোমাৰ চৰণত সমর্পণ কৰিলে ; সকলো বিপদৰ পৰা ৰক্ষা কৰিবা । জয় -সেৱা কৰি পদধূলি লৈ) আপোনাৰ চৰণ-ধূলিয়েই মোৰ ৰক্ষণ-কৱচ । আৰু পলম নকৰিব। গদা -এই যাওঁ। ( আকুল দৃষ্টিৰে চাই চাই ওলাই যায়। ) ।-ভগবান ! তোমাৰ স্বদর্শন চক্ৰই যেন স্বামীক সততে আবৰি ৰাখে। যদি বলিৰ প্রয়োজন হয়, এই দাসীৰ প্রাণ উচৰ্গা কৰিছো। [ ১৬ ] গদাপাণি উভতি আহে ) গদা –নোৱাৰো, ভৰি নচলে। তোমাক এৰি যাব নোৱাৰে। জয় –দেৱতা মোৰ, ধৈর্য্য নেৰিব, দাসীৰ বধ নল'ব। আৰু এখন্তকে ইয়াত নৰ’ব। গদা –মই যে পলাব নাজানো, অভ্যাস নাই । জয় -সৌৱা ফৌজ আহিছে, আৰু নৰ’ব, পিচফালে বেগাই ওলাই যাওক । গদা --জয়া ! জয়া ! ( আলিঙ্গন । ) জয়া। কাঔ কৰিছোঁ, আৰু নৰ'ব। যাওক, যাওক। সৌৱা পালে হি, দাসীৰ মিনতি ৰাখক, ৰক্ষা কৰক । গদা –হৃদয় চুড়মাৰ হওক, কণ্ঠৰোধ হওক, তোমাৰ আদেশ পালন কৰিম । চকুৰে দেখালৈকে জয়মতীলৈ চাই চাই ওলাই যায়, জয়মতী য়েও ব্যাকুল ভাবে চাই থাকে ) জয় -প্রিয়তম দেৱতা মোৰ ! ( অলপ পিচত ওপৰলৈ চাই কৰযোৰে । ভগৱান ! এই ছখিনীৰ কাতৰ প্রার্থনা যেন বিফল নকৰা । লৈ যোৱা, মোৰ দেৱতাক তোমাৰ মঙ্গলময় হাতেৰে আবৰি লৈ যোৱ। বেগাই লৈ যোৱা, আৰু নুযুৱাবা। এদল সশস্ত্র চাওদাঙ্গেৰে সৈতে চাওদাং বৰুৱাৰ প্ৰবেশ। ) চা, ব - (চাওদাংবিলাকক) ঘৰ ভেটা দিয়া। অতি সাৱধানে [ ১৭ ] থাকিব, যেন গুৰি পৰুৱা এটাও বাহিৰ ওলাব নোৱাৰে । চাওদাংহঁতৰ কিছুমান চাৰিওফালে পিয়া-পি দিয়ে। ) --কি লাগে আপোনালোকক ? ৮. –কোৱৰক লগ পাব লাগে। wয় -কিয় ? wা, ব -স্বৰ্গদেৱৰ আদেশ। তেওঁ ৰাজদ্রোহত লিপ্ত বুলি জনা গৈছে। । - - চা, ব -মিছা-সঁচা আমি নাজানে। আমি আদেশৰ ভৃত্য। তেওঁ নিজে ধৰা দিলেই হয়ে পক্ষৰ মঙ্গল। wয়। তেওঁ ঘৰত নাই । । —হবই নোৱাৰে। এই এডাৰ বেলিৰ আগতে তেওঁ ঘৰ সোমাইছে । ।-সোমাব পাৰে, এতিয়া কিন্তু ঘৰত নাই । । –তেন্তে মই ঘৰত সোমাবলৈ বাধ্য হ'ম। এই স্বৰ্গদেৱৰ আদেশ-পত্র। জয়। সোমাব পাৰে। আদেশ-পত্ৰৰ মোৰ প্ৰয়োজন নাই। গ, ন – ভাল তেন্তে, সেয়ে হওক । - ( অনুচৰ সহ ভিতৰ লোমায় । ) জা –এক মুহূৰ্ত্ত ! আৰু এক মুহুৰ্ত্ত বিলম্ব হোৱা হলেই স্বামীক [ ১৮ ] ৰক্ষা কৰা অসম্ভব হ'লহেতেন। বিচাৰক, যিমান বেছি । পৰ বিচাৰে সিমানেই মঙ্গল । ( হাত ম্বোৰ কৰি গায়। ) ত্ৰাহি দেৱ দামোদৰ যাদৱানন্দ দীন দয়াশীল স্বামী। কৰাহা নিস্তাৰ তোমাৰ চৰণে শৰণে পশিলোঁ। আমি । সাহচৰ চাওদাং বৰুৱা বেগেৰে ওলাই আহে । ) চা, ব –নাই ! সঁচাকৈয়ে নাই ! নিশ্চয় আগ ধৰি সম্ভেদ পালে। পলাইছে। কিন্তু পলাই সাৰিব ক’ত ? (অনুচৰবিলাকক) আই, বেগাই আহা, চাৰিওফালে পিতপিতকৈ বিচাৰ। তেওঁ বাহুবলী হ'ব পাৰে, কিন্তু ইমান মানুহৰ চকুত ধূলি দিব পৰা মায়াবা নহয়। ( অস্থচৰ সহ বেগেৰে ওলাই যায়। ) sর – স্থিৰ দৃষ্টিৰে শূন্তৰ ফালে চাই থাকি) চুলি ছিঙ্গি কাতৰ কৰি মাতিছে, মোৰ জীৱ দান দিছে, মোৰ দেৱতাক ৰক্ষা কৰা জগদীশ্বৰ । ( আঠু কাঢ়ে। ) প্রথম অঙ্ক শেষ। [ ১৯ ] দ্বিতীয় অঙ্ক । o: ৰজাৰ চাংঘৰৰ শোৱা খোটালীৰ আগচালি। তাত এখন শয্যাত চুলিক্‌ফা। ছকাষে দুজনী লিগিৰীয়ে চোৱৰেৰে বিচি বিচি নাম গাইছে। চাংঘৰৰ পৰা বুলিনিলৈ খটখটি। টোলৰ দুৱাৰত দুয়ো ফালে সশস্ত্ৰ প্ৰহৰী । সময় আবেলি ।) লিগিৰী -সোণালী পালেঙত অ’ মন তৰা, ৰূপালী তলিচা অ’ মন তৰা, কমোৱা তুলাৰে তুলী মন তৰা, আই নিদ্রাৱলী স্বৰ্গৰ পৰা। চোৱৰে সিচিছে অ’ মন তৰা, হুগন্ধি মলয়া অ’ মন তৰা, স্বৰ্গদেৱ নিদ্রা যাওক বুলি মন তৰা, আই নিদ্ৰাৱলী স্বৰ্গৰ পৰা। ৰজা।- শত্ৰু! চাৰিওফালে শত্ৰু! আকাশত শত্ৰু, বতাহত শত্ৰু, আন্ধাৰত শক্র, পোহৰত শত্রু। যেনি চাওঁ তেনি বিভীষিকা,–খোলা তৰোৱালৰ তিৰবিৰণি । সপোনত ষড়যন্ত্র, দিঠকত অৰাজকতা। সোঁৱা গদাপাণি আহিছে, মোৰ তেজ পিবলৈ আহিছে। (চক খাই জাপ [ ২০ ] মাৰি উঠি ) মই কলৈ যাওঁ । ক’ত লুকাওঁ ! কোনে মোক ৰক্ষা কৰিব ! (বেগেৰে খটখটিয়েদি নামি আহে, এজনী লিগিৰীও পিচে পিচে আহে । ইজনী ভিতৰলৈ সোমাই যায় । , ৰজা – চকিত ভাবে চাৰিওফাললৈ চাই। স্বপ্ন ! দিনে নিশাই স্বপ্ন ! মই আজি এক বিভীষিকাময় স্বপ্নৰ সমষ্টি । এয়েই নে সিংহাসনৰ মূল্য। ( লিগিৰীৰে সৈতে ৰাণীৰ প্ৰবেশ ) ৰাণী।–বঙ্গতৰ দেও ! আপুনি শয্যা এৰি আহিল কিয় ? আপোনাৰ বিশ্রামৰ আৱশ্যক। ৰজা –শয্যা হখীয়াৰ শান্তিৰ আকৰ, পৰিশ্রমৰ অৱসাদ দূৰ কৰিবৰ অমোঘ ঔষধ। কিন্তু ৰজাৰ শয্যা কাইটেৰে ভৰ ; তাত শান্তি নাই। সজাগত চিন্তাৰ জুয়ে হৃদয় ভস্ম কৰে, টোপনিত চিকমিকীয়া তৰোৱালে বুকৰ তেজ পিবলৈ নাচ আহে । ৰাণী –বঙ্গহৰ দেও! আপুনি মিছা আশঙ্কাত বিতত হৈছে কিয় ? এনে ৰখীয়া-পৰীয়াৰ মাজত শত্ৰৰ ভয় ক’ত ? ৰজা –শক্ৰ যে মোৰ মগজুত ! তাক খেদাব নোৱৰে। ৰাণী -আপুনি ভিতৰলৈ আহক, মূৰত অলপ তেল লওক। - বেজবৰুৱাই কৈছে ৰাজকাৰ্য্যৰ চিন্তাত আপোনাৰ মূৰত ছ। তাপ সোমাইছে, অলপ টোপনি আহিলেই সকাহ পাব। [ ২১ ] ৰজা –তাপ সোমাইছে ! ঠিক কথা ! কিন্তু সেই তাপ নকমে। আৰু টোপনি ! টোপনি নহাই মঙ্গল। চকু মুদিলে ৰি ভয়াবহ দুখ মোৰ চকুত পৰে, সি দিঠকতকৈও ভয়ঙ্কৰ । ৰাণী ।-আপুনি অমূলক চিন্তাত বিতত হৈছে কিয় ? ৰজা –অমূলক নহয় ৰাণী । চকুৰ আগত ছজন ৰজাৰ হত্যা দেখিছে। তেওঁলোকৰ প্রেতাত্মা এতিয়াও ঘূৰিব লাগিছে। যেতিয়ালৈকে গদাপাণি জীয়াই থাকিব, তেতিয়ালৈকে মোৰ জীৱনৰ আশা নাই। ইমান দিন কোৱৰ আছিলো, বৰ লুখত আছিলে। চিন্তা নাছিল, চর্চা নাছিল, ভয় নাছিল, উদ্বেগ নাছিল। কি শান্তিৰ জীৱন ! আজি সিংহাসন লৈ সকলো হেৰুৱালে। ছজন ৰজাৰ তেজেৰে ৰাঙ্গলী এই সিংহাসন ! আজি ইয়াত প্রেতৰ তাণ্ডব লীলা, সম্মুখত বিভীষিকাৰ দানবী মুক্তি, পিচত অজ্ঞাত যড়যন্ত্ৰৰ ভীষণ জাল ! কোনে ক’ব—কেতিয়া মোৰ প্ৰাণ যায় ! ৰাণী –আপুনি চিন্তা এৰক, বিপদৰ ছায়া আপুনি নিলগ হ’ব । ৰজা –তুমি বিপদৰ গুৰুত্ব বুজা নাই, নুবুজ। ভিতৰলৈ যোৱ। দুৱৰী ! ( দুৱৰীয়ে সেৱা জনায় । ) ।-বুঢ়াগোহাঁই ডাঙ্গৰীয়া অহা নাই ? ন।--ত'ত অথনিয়েই আহিছিল। স্বৰ্গদেৱে বিশ্রাম লৈছে বোলাত চ’ৰাতে ৰৈ আছে । [ ২২ ] ৰজা –ইয়ালৈকে মাতি আন ৷ ৰাণী ! নোযোৱা কিয় ? ( এফালে দুৱৰীৰ, আনফালে ৰাণী আৰু লিগিৰীৰ প্ৰস্থান ) ৰজা –অনর্থক ৰক্তপাত ! অনৰ্থক অঙ্গক্ষত ! অনৰ্থক ষড়যন্ত্র ! সকলো কোৱৰৰ অন্ত হ’ল, কিন্তু যাৰ ভয়ত মোৰ চকুত টোপনি নাই, প্রাণত শান্তি নাই, সেই গদাপাণি পলাল। ইমান আয়োজন, ইমান সতর্কতা ব্যর্থ হ’ল । । নেগুৰ কাটি জীয়া বাঘ চোঙত মেলিলো। তাক ধৰিব নোৱাৰিলে মোৰ ৰক্ষা নাই, সি মোৰ তেজ পিবলৈ কৰবাত জোপ ল’ব লাগিছে । হয় গদাৰ, নহয় মোৰ মৰণ অনিবাৰ্য্য। ছয়োৰে জীৱন অসম্ভব । - বুঢ়াগোঁহাইৰ প্ৰবেশ ) ডাঙ্গৰীয়া, গদাপাণিক পালে নে নাই ? বুঢ়া –নাই স্বৰ্গদেৱ। চাৰিওফালে সৈন্য পঠিয়ালো, হাবিবন, জান-জোপোহা পিতপিতকৈ বিচৰালো, কিন্তু গদাপাণি নোলাল। দেখিছো বুলি কওঁতাও কোনো নাই । ৰজা –গদাপাণিৰ দৰে এটা প্রকাণ্ড মুনিহ অলক্ষিতে পলাই যায়,–ই হ’ব পাৰে নে ডাঙ্গৰীয়া ? নিশ্চয় কোনোবাই দেখিছে। মই বুজিছে মোৰ সকলো প্রজা ৰাজভক্ত নহয়। আপুনি চোৰাংচোৱা নিযুক্ত কৰক, যাৰে ওপৰত সন্দেহ হয় তাকেই কঠোৰ শাস্তি দিয়ক। বুঢ়ী —তাৰ ব্যৱস্থা কৰা হৈছে। অনুসন্ধানৰ কোনো পন্থী বাদ দিয়া নাই । � [ ২৩ ] ৰজা –অকল অনুসন্ধান কৰিলেই নহয়, গদাপাণিক ধৰিব লাগিব। যি অভয়-বাণীৰে আপুনি মোক সিংহাসন লবলৈ আহ্বান কৰিছিল, প্রতিদ্বন্দ্বীশূন্ত কৰিবলৈ প্রতিশ্ৰুত হৈছিল, গদাপাণিক ধৰিব নোৱাৰিলে সি প্রতাৰকৰ চাটু বাক্যত পৰিণত হ'ব। আপুনি যাওক, জয়মতীক সোধক, গদাপাণি কলৈ গৈছে । আনে নাজনিলেও জয়মতীয়ে নিশ্চয় জানে। বুঢ়ী।–জনাটোৱেই সম্ভব। ৰজা –সম্ভব কি ডাঙ্গৰীয়া! নিশ্চয় জানে। আপুনি এতিয়াই জয়মতীক সুধি বাতৰি আনক। বুঢ়া –সুধিবলৈ বাকী নাই। জয়মতীয়ে নকয়। ৰজা –নকয় ? ক’বলৈ বাধ্য নকৰিলে কিয় ? বুঢ়ী —স্বৰ্গদেৱ ! সকলে উপায় অবলম্বন কৰিলো, কিন্তু ফল নধৰিলে। অনুনয়-বিনয় কৰি সুধিলে, প্রলোভন দেখুৱাই স্থধিলো, কুট প্রশ্নৰ আশ্রয় ললোঁ,একোৱেই জয়মতীক টলাব নোৱাৰিলে। শেহত ভয় দেখুৱালে, তথাপিও জয়মতী নিৰুত্তৰ । ৰজা -তাইক তেতিয়াই বন্দী নকৰালে কিয় ? বুঢ়া –তাৰ বাকী ৰখা নাই। জয়মতীক ধৰাই অনা হৈছে। বৰ্ত্তমান তেওঁ বন্দীপাল বৰুৱাৰ তত্ত্বাৱধানত আছে। বুঢ়। -তাৰ কাৰণ আছে। যদিও স্বৰ্গদেৱৰ সিংহাসন দৃঢ় কৰি [ ২৪ ] ৰাজ্যত শান্ত স্থাপন কৰাই মোৰ এক মাত্র উদ্দেশ্য, তথাপি সকলোৰে বিশ্বাস কোঁৱৰসকলৰ অঙ্গক্ষতত মোৰ হে যেন কিবা স্বাৰ্থ আছে, যেন ই মোৰ ৰাজক্ষমতা যদি স্বৰ্গদেৱৰ আদেশ মানি উত্তৰ দিয়ে, ভালে ভালে পঠিয়াই দিব ; যদি নিদিয়ে এনে শাস্তিৰ বিধান কৰিব যাতে সঙ্কল্পৰ সকলে দৃঢ়তা ছিগি-ভাগি মষিমূৰ হয়। ৰজা – ভাল কথা । তাইক আনিবলৈ কওক । , জয়মতীক লৈ শহর - - * : - - - ( দুৱৰী ওলাই যায়। ) ৰজা।- এজনী সামান্যা নাৰী, তায়ো মোক অৱজ্ঞা কৰে! মই ৰজা, মই তাৰ বিচাৰ কৰিম। মোৰ কাৰ্য্যত ব্যাঘাত জন্মিলে,-নাৰী হওক, পুৰুষ হওক, কাৰো ৰক্ষা নাই । (ৰজা আৰু বুঢ়া গোহাঁয়ে আসন গ্রহণ কৰে। তাৰ পাচত হলদীপাল বৰুৱা আৰু চাওদাং-বেষ্টিতা জয়মতীৰ প্ৰবেশ। জয়মতীয়ে । ৰজাক ওলগ জনায় । ) ৰজা – জয়মতী'তোমাক নকলেও হ'ব-কিয় তোমাক ইয়ালৈ অনাইছে। কোনো ৰাজনৈতিক কাৰণত তোমাৰ স্বামীৰ [ ২৫ ] প্রয়োজন হৈছে । তেওঁক আমি পোৱা নাই। তেওঁ ক’ত আছে, আমাক তাৰ বাতৰি লাগে । । -( নিমাত । ) গান -গদাপাণিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে। তেওঁ ৰাজদ্রোহৰ ষড়যন্ত্রত লিপ্ত বুলি জনা গৈছে । -- -মিছা কথা । । -হ’ব পাৰে মিছা, কিন্তু তাৰ প্ৰমাণ দিয়াৰ ভাৰ তেওঁৰ ওপৰত। তাকে নকৰি তেওঁ পলাই গৈ দোষ বঢ়াইছে কিয় ? এটা।--এতিয়াও তেওঁৰ দোষ সাব্যস্ত হোৱা নাই। যদি তেওঁ নিজক নির্দোষ বুলি প্রমাণ কৰিব পাৰে, কোনেও তেওঁৰ চুলি এডালো স্পর্শ নকৰে। ৰজা –তুমি নিৰ্ভয়ে বাতৰি দিয়া। কোৱা—তোমাৰ স্বামী ক’ত ? দয় –মই নকওঁ । - ৰজা -জয়মতী ! মনত ৰাখিবা শাসন-বিধি বৰ কঠোৰ । ই কেচুৱাৰ ধেমালি নহয় । এতিয়াও সময় দিছো । তুমি মোৰ প্রশ্নৰ উত্তৰ দিয়া । --- পায় -( নিমাত । ) বুঢ়া।--তুমি বাৰে বাৰে স্বৰ্গদেৱৰ আদেশ অমান্ত কৰিছা, নামাতি ৰণ জিকিব খুজিছা। কিন্তু সি নহব । তোমাৰ মুখত কথা নোলালে আমি উলিয়াই লবলৈ বাধ্য হম। [ ২৬ ] জয় –মোৰ কথা মই কৈছো । স্বামীৰ সম্পর্কে মোৰ পৰা । কোনো বাতৰি নাপায়। ৰজা –ইমান দম্ভ ! শেষ বাৰ মই কৈছে-মোৰ প্রশ্নৰ উত্তৰ দিয়া। মনত ৰাখিবা-বিচাৰত মতা-তিৰুতা নাই, ডাঙ্গৰ-সৰু নাই, আপোন-পৰ নাই । যদি তুমি মঙ্গল বাঞ্ছা কৰা, ততালিকে কোৱা গদাপাণি ক’ত । জয় – আপোনা-আপুনি) মঙ্গল নিজৰ মঙ্গল। বিপদ-বহ্নিৰ ঘোৰ জলন্ত কুণ্ডত স্বামীক অৰ্পণ কৰি আপোন হাতেৰে, নাৰীৰ মঙ্গল যদি, অমঙ্গল ক’ত ? নাৰীৰ সম্পদ-মুখ, জ্যোতি জীৱনৰ, যত দিন নিৰাপদ জীৱন-ঈশ্বৰ। শাসকৰ দণ্ডাম্বাস্তে, নীচ প্রলোভনে। নন্দনৰ স্বধাসনা মুকলি বাহুৱে পাৰিব নে নিলগাব পূর্বের্ব প্ৰলয়ৰ, সতীক পতিৰ পৰা পথ ভূলোৱাই ? আচৰিত। ৰজা আজি ইমান অবোধ । ৰজা।--জয়মতী ৷ উত্তৰ নিদিয়া তুমি ? তুমি জনা উচিত ধৈর্য্যৰে সীমা আছে। এই মুহূৰ্ত্ততে মোক সমিধান লাগে। নহলে-কঠোৰ-অতি কঠোৰ শাস্তি ভোগ কৰিবা। জয়-স্বৰ্গদেৱ! আপোনাৰ ক্ষমতা অশেষ,যি ইচ্ছা কৰিব পাৰে। মোৰ সমিধান দি থৈছো। মোৰ স্বামীৰ কথা মই নকওঁ। [ ২৭ ] বুঢ়া।--জয়মতী ! তুমি ৰাজ-আদেশ লঙ্ঘন কৰি নিজক দোষী । সাব্যস্ত কৰিছা,গদাপাণিৰ বাতৰি গোপন কৰি তুমিও ষড়যন্ত্রত লিপ্ত বুলি প্রমাণ কৰিছা। ছয়োটাই গুৰু অপৰাধ। তাৰ শাস্তি অতি ভীষণ। তুমি নাৰী, সেই দেখি মই তোমাক অনুৰোধ কৰিছে, তোমাৰ সঙ্কল্প পৰিত্যাগ কৰা, কোৱৰ ক’লৈ গ’ল কৈ দিয়া, নির্বিঘ্নে ঘৰলৈ যোৱা। জয় –ক্ষমা কৰিব, মই তেনে অনুৰোধ ৰাখিব নোৱাৰে। ৰজা –তুমি নোকোৱা ? জয় –নকওঁ । ৰজা –নোকোৱা ? জয় –( নিমাত । ) ৰজা – অসহ্য ! বন্দীপাল বৰুৱা ! এইক লৈ ষোৱ । - যেতিয়ালৈকে তাই গিৰিয়েকৰ কথা নকয়, তেতিয়ালৈকে কঠোৰ শাস্তি দিবা। চাওঁ, তাইৰ অহঙ্কাৰ কিমান পৰ থাকে। ( বন্দীপাল বৰুৱাৰ ইঙ্গিত মতে চাওদাঙ্গে কাকলত জৰি লগায় । ) জয় – আপোনা-আপুনি) ধৈর্য্য দিয়া, শক্তি দিয়া, হৃদয়-দেৱতা। শাস্তি যেন হয় মোৰ শান্তিৰ অমিয়া ; পশুবল উটি যায়, হাঁহিৰ সোতত । পত্তিপ্রেম হোক মোৰ অক্ষয় কৱচ। [ ২৮ ] উপস্থিত শুভক্ষণ। বলি দি ই প্রাণ, পাৰে। হে ৰাখিব যদি পতিৰ সম্মান, ধন্ত হ’ব নগণ্য ই নাৰীৰ জীৱন । পৰিণাম দেশৰ মঙ্গল। ভয় কিয় ? শাস্তি যে কৰুণা-ধাৰা বিশ্ব-বিধাতাৰ, ধুই যত ধূলি-বালি চেক সংসাৰৰ নিৰ্ম্মত্ত নিৰ্ম্মল আত্মা কৰিব স্বাধীন, প্রেৰণাত বিশ্ব জুৰি বােব শান্তি-নাই । ইযে মোৰ জীৱনত দেৱ-আশীৰ্ব্বাদ, আত্ম-পৰীক্ষাৰ এক বর্ণ-সুযোগ । ফুটাই ) স্বৰ্গদেৱ ! ডাঙ্গৰীয়া ! নমস্কাৰ গ্ৰহণ কৰিব। বন্দীপাল বৰুৱাই জয়মতীক লৈ যাবলৈ ধৰে । ) ৰজা –(বহাৰ পৰা উঠি ) কি! ইমান অহঙ্কাৰ ! বন্দপুল বৰুৱা ! যিমান কঠোৰ শাস্তিৰ কল্পনা কৰিব পাৰা, তাৰ এটাও বাদ নিদিবা। বেতৰ কোব, চমটা, চোৰাত, আমৰলি—একোৰে বাকী নাৰাখিবা । তেও যদি নকয়, গাৰ মঙ্গহ ডোখৰে ডোখৰে ছিঙ্গি, হাড় গুৰি কৰি, কলিজ ছিৰাছিৰকৈ ফালি অন্তৰৰ পৰা উলিয়াই আনিব-গদাপাণি ক’ত । ( বেগেৰে ওলাই যায় | ) দ্বিতীয় অঙ্ক শেন। - [ ২৯ ] তৃতীয় অঙ্ক। প্রথম দৃশ্য। নগা পাহাৰৰ এটা টিলা । কাষে দি এটা জুৰি বৈ গৈছে ; বেলিৰ পোহৰত পানীত এটা তিৰবিৰণি উঠিছে। পাৰত নানা জাতীয় গছ, মাজে মাজে শিল আৰু ঠায়ে ঠায়ে গহবৰ। সময় আবেলি । ভৈয়ামলৈ মুখ কৰি নগাবেশ গদাপাণি, সম্মুখত গছৰ তলত লুকুৱা গাওঁ, নগৰ আদি, পিচফালে ওখ পৰ্ব্বতৰ শাৰী । ) গদা –বিমান হেপাহে মোৰ দৃষ্টি বিয়পাওঁ, সিমানে আন্ধাৰে কৰে সৃষ্টি অন্ধতাৰ । নেদেখে সি ৰম্যপুৰী ৰজাৰ কাৰেং, সৌন্দর্যা-পোহাৰী নাই চঞ্চলা ফুলনি, দিখৌৰ সঙ্গীত-ধ্বনি নপশে কাণত । সম্মুখত মাত্র এক অৰণ্য বিশাল, আন্দোলিত পল্লৱৰ অনন্ত সাগৰ । তাৰেই গৰ্ভত হায়! কোন এচুকত অভাগাৰ জীর্ণাবাস অভাব-মলিন, অনন্ত ই আন্ধাৰৰ বুকত বিলীন ! চিৰহাস্যময় সেই মুকুতা-উজ্জল জয়াৰ বদনখনি স্নিগ্ধ হুষমাৰ, বিজুলী চমকে যায় দেখা দি লুকায়। [ ৩০ ] জপলুৰ প্রবেশ ) জপলুৰ –অ’ ! তুমি অ’লে ইয়াতে অকলে টাকিছে গৰত কেলে নাযায়। বাত নাকায় না ? গদা -( আপোনা-আপুনি ) ঘৰ । ঘৰ ক’ত! পৰ্ব্বতৰ গুহা,-এয়ে ঘৰ তুর্কবলৰ । সম্মুখত মহাবন, অতল গহবৰ, পিচত আকাশ-ছোৱা পৰ্ব্বতৰ শিৰ, – অতি উপযুক্ত এয়ে স্থান ঢাকিবৰ কাপুৰুষ-বদনৰ কলঙ্ক লাজৰ। ফুটাই ) মোৰ অলপ কাম আছে। নগৰৰ বাতৰি আনিবলৈ মানুহ পঠাইছিলো, এতিয়াও অহা নাই। আহিলেই যাম । জপলু —ইয়াতে নাটাকিবি, বাট কাই আহিবি। আমি ওপৰ চাঙতে যাব। তাতে হৰ নগা মানু আছে, আমি লগতে ল’ব লাগিব। এতিয়া গৰতে যাবি। তুমি গৰতে নাযালে ৰেণু বাট নাকায়। তাই তোকে বৰ বাল পায়। আমি আহিলে। প্রস্থান ) গদা - নগ্ন দেহ, নগ্ন ভাষ, সৰল নগাৰ, কৰা নাই সভ্যতাই জটিল-কুটিল। গৃহহীন অতিদীন পলৰীয়া মই, তথাপি আদৰ কৰি যাচিছে আশ্রয়, [ ৩১ ] কিমান সম্মান কৰে দেও ৰজা বুলি । কিমান শ্রদ্ধাৰে মোক শুশ্রীষে যতনে নাগবালা ৰেণু মোৰ ভগিনী মিত্রব। জানিলেহেতেন যদি প্রাণৰো প্রাণত একেখনি ছবি মোৰ যাউতিযুগীয় জীৱনে-মৰণে, নতু জন্মজন্মান্তৰে, —যাৰ অভাবত মোৰ অস্তিত্ব নৰয়,— নাৰীৰ মস্তকমণি জয়মতী মোৰ । ( প্রস্থান ) ( ৰেণু আৰু জেকুৰ প্ৰবেশ) জন্ম –দেও ৰজা দেও ৰজা কৰি কেলে গুৰি পুৰিছে ? বলিয়া ৰজা, বনাই পুৰিছে, তাকে নাপাবি। কেলে বিচাৰিব লাগিছে ? বোক লাগিলে এনেয়ে গৰতে যাব। ৰেণু —নাযায়। আমি আগে ডেকিছে। পাহাড়তে বহি টাকিব, হুমুনিয়া কাঢ়িব ; নহলে বৈয়ামলে চাই বকি টাকিব। জয় । —বাট নেকোৱাকে নো কেইদিন টাকিব । টাকিব নাপাৰিলে নাযাব না? আমি নবহে, এতিয়া আহিবি। ৰণু-নাযায়। হি নাকালে আমিও নাকায় । আমি কাব, হি লগোনে টাকিব, হেইটো হ’ব নাপাৰে। আমি তাকে ডেকিব। ইয়াতে বাগ আছে, ম' আছে, হাতী আছে, তাকে দৰি মাৰিব। জন্ম –হেইটো মানু মাৰিব পাৰে না ? [ ৩২ ] ৰেণু –ডেকিলে নোৱাৰিব, নেডেকিলে কি কৰিব ? তাকে নেডেকিলে আমি টাকিব নাপাৰে, বুকুকান পুৰি টাকে। হে জুৰিৰ দাতিতে ডেকিব, আহিবি। জেনু –আমি নাযায়। ইয়াতে গান গাই টাকিব, হুলিলে হিও আহিব। ৰেণু –নাহিলে অ’লে ডেকিব লাগিব। জনু –ডেকিব । এতিয়া গাবি ৷ ( দুয়োৰে নৃত্য-গীত ) ছয়ো –তিৰবিৰ তিৰবিৰ জুৰিৰ নাচন, গছৰ আগত সোণৰ টে। দিপলিপ কুলত ফুলৰ কাচন, ৰিব ৰব বাত জৰে মোঁ । জিলিৰ তলত জিন-জিন জন-জিন, বিৰিখ নাচে ধন-ধন-ধন-ধন, । উগুল-থুগুল আকুল মন, বুকৰ মাজত কিবাৰ টে। ( গীতৰ মাজে মাজে বেণুৱে চঞ্চল ভাবে ইভালে সিফালে চায় o ছঠাৎ গীত বন্ধ কৰি ) - ৰেণু –হেই ফালে কিবা আহিছে। - জেতু -( ভালকৈ চাই ) হয়, হেই হটা বৈয়ামৰ মানু, কিবা ডেকিছে; ধেনু-কাড় লগতে আনিছে, জুপি জুপি আহিছে। ৰেণু। -আমি জানিছে, দেওৰজাকে মাৰিব আহিছে । আৰু এদিন আহিছিলে। আহিবি, দেও ৰজাকে ডেকিব । [ ৩৩ ] (এফালে দুয়ো লৰি ওলাই যায়, আনফালে হাতত ধনু-কাঁড় লোৱা দুটা মানুহ সোমায় । ) প্রথম – নিলগলৈ দেখুৱাই ) মনে মনে ব’ল, সেইটো ঠিক গদা কোৱৰেই হয়। দ্বিতীয় –হয় যেন লাগিছে। নহলে ইমান দীঘল-ডাঙ্গৰ মানুহ ক’ৰ পৰা ওলাব ! - প্ৰথম –এই ফালেই আহিছে, ভালকৈ চাই লোৱা যাওক । যদি হয়, একে লগেই কাড় মাৰিম দেই । দ্বিতীয় —আহ, সে জোপাটোৰ আঁৰত লুকাই লওঁ। বৰকৈ কাষ নাচাপিবি আকৌ । আগ ধৰি গম পাবৰ হলে আহৰি । ( দুয়ো এফালে ওলাই যায়, আন ফালে ব্যাকুল ভাবে গদাপাণি লোমায়। ) গদা –( আপোনাআপুনি) কি শুনিলো! ’ কঠোৰ পীড়ন সহি পাষণ্ড ৰজাৰ জয় মোৰ মৃত্যুৰ মুখত | আৰু মই? খ্যাতি ল’ই বীৰবাহু গদাপাণি বুলি দেশ এৰি হীনবেশে ৰাখিছো জীৱন । ছিগি যা হৃদয় গ্রন্থি, দূৰ হ চেতনা, - হানা বজ পুৰন্দৰ নিৰ্ম্মম বুকত । নৰক বদন মেলি কৰ মোক গ্ৰাস । ( আগত ৰেণু আৰু পিচত জেয় লৰি সোমায় । ) [ ৩৪ ] ৰেণু।– সোমোৱাৰ লগে লগে । ৰজা ! ৰজা। বৈয়ামৰ মান্থ -বৈয়ামৰ মায়- গদাপাণিক সাবটি ধৰে । এনেতে বাহিৰৰ পৰা দুপাট কাঁড় আহি ৰেণুৰ কাষে দি সোমায়; গদাপাণিৰ ভৰিৰ ওচৰত ৰেণু বাগৰি পৰে । গদা -(চক খাই উঠি ) কি হ’ল ! কি হল ! ৰেণু ! ৰেণু। ( ৰেণুক ধৰে । ) ৰেণু।–বৈয়ামৰ মানু । গদা –(বাহিৰলৈ ডাঙ্গ মেলি চাই ভে-ভো কৰে ওলাই যায়।) জেয় - ৰেণুৰ গাত উবুৰি খাই পৰে । ) জপলুৰ প্ৰবেশ । ) জপলু –টুকুৰাটুকুৰ কৰিলে। মিতাকে মাৰিব আহিছিলে! বেংক দেখি) ৰেণু ৰেণু ধৰে ) 1. ৰেণু।–বৈয়ামৰ মায়, কাড় মাৰিছিলে। ( গদাপাণিৰ প্রবেশ । ) গদা –ৰেণু ! ৰেণু! মোক ৰক্ষা কৰিবলৈ তোমাৰ প্ৰাণ দিলা । ( ৰেণুক ধৰে । ) জপলু –আমি ওপৰ চাঙৰ পৰা আহিছিলে, বৈয়ামৰ মানু লৰি গৈছিলে, ডৰি কাটি পেলালে। ৰেণু -( অলপ মূৰ দাঙ্গি ) ৰজা ! ৰজা ! গদাপাণিৰ ফালে দুয়ো হাত মেলি উঠিবৰ চেষ্টা কৰি বাগৰি পৰে আৰু মৃত্যু হয়। ) জেজু - ৰেণুক সাবটি ধৰি কান্দে । ) - জপলু –(কান্দে । ) [ ৩৫ ] গদা।- একেৰাহে কিছুপৰ ৰেণুলৈ চাই থাকি ) ক্ৰুৰ সৰ্প গত-প্রাণ । কিন্তু সেই আশী বিষে হৰিলে জেউতি প্রকৃতি বুকৰ এটি ফুল্ল কুসুমৰ ৷ মোৰেই পাপত এই নাৰীৰ মৰণ । আৰু এটি নাৰী-প্রাণ যায় যায় যায় ! নোৱাৰে থাকিব স্থিৰ, নালাগে জীৱন, নহওঁ নহওঁ আৰু কাৰো বধ-ভাগী । নালাগে নালাগে মোক সহায়-সাৰথি, নকৰে" কামনা আৰু ৰাজ-সিংহাসন । আজি শেষ, নগাবেশ, প্রাণৰ মমতা, শেষ আজি জীৱনৰ সকলো সাধনা ৷ বিদায় ! বিদায় মোৰ আশ্ৰয়ৰ স্থল, বিপদৰ বন্ধু মোৰ অন্তিম বিদায়। যাওঁ, যাওঁ, উৰি যাওঁ, নোৱাৰো থাকিব, বিজুলী-সঞ্চাৰে গৈ ৰজাৰ হাতত দিওঁ ধৰা, দিওঁ সপি নিষ্কৰ্ম্ম জীৱন । খণ্ড খণ্ড কৰি মোৰ মাংস শৰীৰৰ বিতৰক মাংসহাৰী প্রাণীৰ মাজত ; হোক যোগ্য প্রায়শ্চিত্ত কাপুৰুষতাৰ । লুপ্ত হোক গদা নাম পৃথিবীৰ পৰা ! (বেগেৰে প্ৰস্থান । ) [ ৩৬ ] জপলু-মিতা! মিতা ! ( পিচত লৰি যায়। ) ( জেলুৱে ৰেণুৰ গাত ধৰি থকা অৱস্থাতে তেওঁলোকৰ ফালে মূৰ তুলি চায়। ) দ্বিতীয় দৃশ্য। ৰজাৰ ভিতৰ চ'ৰা। সময়-ডেৰ পৰ । ( চুলিকফাৰ প্ৰবেশ।) ৰজা –ইমান দিনে ও গদাপাণিৰ বাতৰি নোলাল । খাওঁতেশোওঁতে, উঠোতে-বহোতে ভূতৰ দৰে মোৰ পিচে পিচে গদাপাণি । তাৰ চকুৰ জ্যোতিয়ে শৰীৰ দহি নিয়ে, ভ্ৰকুটত অন্তৰ কপি উঠে। কোনে মোক তাৰ দৃষ্টিৰ পৰা ৰক্ষা কৰিব। আৰু জয়মতী–ইমান ধৈর্য্য, ইমান সহিষ্ণুতা এই তিৰুতাজনৰ। ই স্বপ্ন নে দিঠক ! {বন্দীপাল বৰুৱা সোমায় আৰু ৰজাক সেৱা জনায়।) বন্দীপাল বৰুৱা ! মই মাতিছো তোমাক সুধিবলৈ— কেনেকৈ তুমি ইমান অকৰ্ম্মণ্য হ’ল ! এজনী তিৰুতাৰ মুখৰ পৰা একেষাৰ কথা উলিয়াব নোৱাৰিলা ! বন্দী, ব।--স্বৰ্গদেৱ ! বন্দীৰ কোন অপৰাধ নাই। জয়মতীৰ মুখৰ পৰা কথা উলিওৱা সাধাৰ অতীত । ৰজা –তুমি শাস্তি দিওৱাত কৃপণতা কৰিছা। [ ৩৭ ] বন্দী ৰ –কেতিয়াও কৰা নাই স্বৰ্গদেৱ। এনে গুৰুতৰ শক্তি পুথিবীত কোনেও কাকো দিয়া নাই। আপুনি নিজে তাৰ প্রমাণ চাব পাৰে। বেতৰ কোবত গোটেই গা ডোখৰে ডোখৰে ছিগি গৈছে, কাপোৰ-কানি তেজেৰে ৰাঙ্গলী হৈছে, কোৰ তপতাই গোটেই গা পুৰি দিয়া হৈছে । তাৰ ওপৰত খাৰণি, চোৰাত, আমৰলি । ইমানতো জয়মতীৰ কান্দোন ওলোৱা নাই, হাঁহি-মুখ মলিন হোৱা নাই । যেনে অৱস্থা হৈছে, শাস্তি দিবলৈ আৰু ঠাই নাই । -- –ঠাই ধাকক বা নাথাকক, শাস্তি বন্ধ হ'ব নোৱাৰে। না, ব -স্বৰ্গদেৱ ! জয়মতীৰ আয়ুস আৰু এদিন কি ছদিন মাথোন। এতিয়া শাস্তি দিয়াত লাভ কি ? - -লাভ হওক, ক্ষতি হওক, তাৰ বিচাৰ তোমাৰ কাম নহয়। তোমাৰ কৰ্ত্তব্য আদেশ পালন। যোৱা, শাস্তিৰ কোব তিনি গুণ চৰাই দিয়া। হয় গদাপাণিৰ বাতৰি, নহয় মৃত্যু—এয়ে তাইৰ মুক্তিৰ উপায়। ইয়াৰ যেন অন্যথা নহয়। পৰিণামলৈ লক্ষ্য ৰাখি কাম কৰিবা । ( বন্দীপাল বৰুৱাৰ প্ৰস্থান। ) এজনী সামান্ত তিৰুত, মোহাৰিলেই মৰে, তাইৰ ইমান অহঙ্কাৰ ! ৰাণীৰ প্ৰবেশ। ) ।-বঙ্গহৰ দেও ! দাসীৰ এটি মিনতি ৰাখক,–এতিয়াও জয়মতীক এৰি দিয়ক। [ ৩৮ ] ৰজা –তুমিও মোৰ বিৰুদ্ধে থিয় দিব খুজিছা ! যোৱা, আৰু মোক তেনে অনুৰোধ নকৰিবা। ৰাণী – বঙ্গহৰ দেও ! মই আপোনাৰ দাসী-সহধৰ্ম্মিণী । আপোনাৰ মঙ্গল-কামনাৰ বাহিৰে আৰু মোৰ উদেশ্য নাই ৰজা –জয়মতীৰ মুক্তিত মোৰ মঙ্গল নে অমঙ্গল ? ৰাণী ।- নাৰীৰ ওপৰত অত্যাচাৰ কৰাৰ পৰা কেতিয়াও কাৰে মঙ্গল হোৱা নাই। যি নাৰীৰ সম্মান নুবুজে, তাৰ ধ্বংস নিচেই ওচৰত। দ্রৌপদীক অপমান কৰাৰ ফলত কৌৰৱ চিন নাথাকিল সীতাক লাঞ্ছনা দি ৰাৱণৰ বিৰাট পৰিবা ংস হৈ গ'ল। এই যে জয়মতীৰ ওপৰত অত্যাচাৰ, ইয়াৰ পৰিণাম বৰ ভয়ানক হ’ব। আপুনি এতিয়া ক্ষান্ত হওক। ভাবি চাওক-গদাপাণিৰ বাতৰি দিলে জয়মতীয়ে দেখুৱাই দিব নোৱাৰে, বিচাৰিব লাগিব। তেে স্থলত নাৰী-হত্যাৰ প্রয়োজন কি ? ৰজা –নাৰীয়ে নাৰীৰ দৰে আচৰণ নকৰে কিয় ? ৰাণী ।-নাৰীৰ আচৰণ | এয়েই তো নাৰীৰ আচৰণ সংসাৰ এনে কোনো প্রিয়বস্তু নাই, যাক সতীয়ে পতিৰ নিমি বিসর্জন দিব নোৱাৰে। আন কি, স্বামীৰ ওচৰত নিজ প্রাণে অতি তুচ্ছ। আপুনি আজিও নাৰীৰ অন্ত পৰিচয় পোৱা নাই। নাৰীৰ অন্তৰত কোমলতা কঠিনভাৰ মধুৰ মিলন। সাধাৰণ দুখৰ দৃশ্যতে নাৰীৰ চকুত চকু-লো [ ৩৯ ] ওলায়, অলপ শোকতে মূৰ্ছা যায়, সহজে অন্তৰ বিচলিত হয়। কিন্তু বিপদক বুকু পাতি দি যেতিয়া প্রতিজ্ঞা কৰে, ঘাইকৈ যদি তাত স্বামীৰ সম্পর্ক থাকে, তেতিয়া নাৰীৰ সেই কঠিনতা ইন্দ্ৰৰ বজয়ো ভেদ কৰিব নোৱাৰে । তেনে প্রতিজ্ঞা লৰাবলৈ চেষ্টা কৰাত নাৰী-চৰিত্ৰৰ অজ্ঞতা মাথোন প্রকাশ পায় । জা –তোমাৰ পাণ্ডিত্য মোক নালাগে –তিৰুতা তিৰুতাৰ দৰে থাকাগৈ, মোক ৰাজনীতি শিকাবলৈ নাহিবা । মই জানে, মই ৰজা, মই যি আদেশকে দিওঁ প্রজাই পালিব লাগিব। নহলে ৰজাৰ গৌৰব ক’ত ? ৰাণী ।--জয়মতীৰ শাস্তিৰ আদেশে আপোনাৰ গৌৰব বঢ়োৱা নাই, টুটাইছে। শাস্তিয়ে জয়মতীক কন্দুৱাব পৰা নাই, কিন্তু হেজাৰ হেজাৰ মানুহৰ চকু-লো বোৱাইছে। আপুনি বুজা নাই, সেই চকু-লোৱে আপোনাৰ ওপৰত দেৱতাৰ অভিসম্পাত বর্ষণ কৰিছে। প্ৰজাক কন্দুৱাই ৰজাই কেতিয়াও শান্তি নাপায় ! সেই দেখি মই আকোঁ খাটছে, কাবৌ কৰি কৈছে—জয়মতীক এৰি দিয়ক! ৰজা –কি ! বাৰে বাৰে একেটা কথা ! গুচি যোৱা—যোৱা ! ৰাণীৰ প্ৰস্থান । ) -- -(উত্তেজিত ভাবে কিছু সময় খোজ কাঢ়ি) মোৰ আদেশৰ বিৰুদ্ধাচৰণ দোষীৰ লগত সহানুভূতি আৰু কঠোৰ হ'ব লাগিব, অবাধ্য প্রজাক ধৰি আনি শালত দিব লাগিব । [ ৪০ ] যাওক, সকলো যাওক,-সুখ যাওক, শান্তি যাওক, প্রজ যাওক, পৰিয়াল যাওক, তথাপিও মোৰ প্রতিজ্ঞ যাবলৈ নিদিওঁ। উগ্র দণ্ডেৰে সকলোকে বুজাব লাগিব মই ৰজা, মোৰ আদেশ অলঙ্ঘনীয়। ( প্রস্থান । ) তৃতীয় দৃশ্য। জেৰেঙ্গা পথাৰ । সময়-স্বৰ্য্যাস্ত । এজোপা কোট কৰা গছৰ গাতে লগাই জয়মতী বন্ধা অৱস্থাত। তেওঁৰ ককালত আৰু বুকুৱে হাতে সাবটাকৈ জৰিৰ বান্ধ। তেওঁ গছতে লাগি স্থিৰ ভাবে থিয় হৈ থাকে, ডিঙ্গি অলপ বেঁকা হৈ মূৰটো দে খায়। ওচৰত চাওদাংবিলাকৰ এটাৰ হাতত চমটা, এটাৰ হাতত চোৰাত, আন এটাৰ হাতত বেত। অলপ আঁতৰতে এটাই জুইত লোহা তপতাইছে। ইফালে সিফালে কেইটামান খাৰণি আৰু পানীৰ কলহ। অলপ নিলগত বন্দীপাল বৰুৱা। দর্শক বিলাক-অহা আহিছে, যোৱা গৈছে, কোনোৱে থিয় দি চাইছে। সকলো দৰ্শকৰ চকুত চকু-লো । জয় -যিমান বেগাই মোৰ সজা ভাগি যায়, সিমানে মুকলি হই দূৰ নীলিমাত, উৰি উৰি আনন্দত কৰিম বিহাৰ,– ভগা সজা ৰ'ব পৰি মিলিব ধৰাত । [ ৪১ ] উৰ্ব্বৰ মূৰৰ যত উগ্র আবিষ্কাৰ –শাসন-নীতিৰ নামে যমৰ যাতনাসকলো কৰিছে৷ জয় স্থিৰ সাধনাত । সংসাৰৰ লীলা-খেলা অৱসান প্রায় । ধিমিকি জ্যোতিৰে পৰে ৰিণিকি চকুত সাধনাৰ শেষলক্ষ্য – জীৱন-প্রভাত । এখন্তক—আৰু এখন্তক ৰাখী প্ৰভু ! স্থিৰ মনোবল, নাহে যেন ভ্রান্তি, মোৰ লক্ষ্য নেহেৰায় । গীত । ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম, মায়া-শয্যা মাজে আছয় ঘুমটি যাই । তুমি সি চৈতন্ত্য সনাতন, ৰাম ৰাম ৰাম ৰাম ৰাম , আমি অচেতন নিয়োক নাথ জগাই ৷ ক্ষুদ্র সুখে বহু আশা কৰি, ভৱকূপে জীৱ আছে পৰি, কালসৰ্পে দংশি হৰিল চেতনা তাৰ । মোক্ষৰূপ তযু বাক্যামৃত, কুপায়ে সিঞ্চিয়া প্রতিনিত দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ ॥ লাহে লাহে মূৰটো ওলমি পৰে। বন্দীপাল বৰুৱা আদিয়ে ওচৰ চাপি মৰিল নে আছে চায়। ) ।-(মূৰ তুলি) চকুৰ আগত দৃশু কি যে জ্যোতিৰ্ম্ময় ! অন্তিমত অনন্তৰ অনন্ত আলোক [ ৪২ ] কত সূৰ্য্য, কত তৰা, কতনা চন্দ্রমা, আলোক-তৰঙ্গ তুলি ধীৰে চলি যায়। বতাহত উটি ফুৰে নন্দন সুৰভি, কাণত বৰষে কি যে ত্রিদিবৰ স্থৰ ! নাই তাত কপটীৰ কপট প্রণয়, হিংসা নাই, দ্বেষ নাই, নাই প্ৰতাৰণা, শান্ত শিৱ অদ্বৈতৰ অখণ্ড জ্যোতিৰে উদ্ভাসিত মহাকাশ, স্থাবৰ, জঙ্গম। প্রাণ মোৰ উৰে" উৰো, উৰিব বেগাই, ভাঙ্গি-ছিঙ্গি দুদিনীয়া দেহাৰ পিঞ্জৰ, বিপুল সি তৰঙ্গত হৈ এটি টে নাচি নাচি একোবাৰ নামি ধৰণীত ঢৌৱাই প্রত্যেক প্রাণ, প্রতি গছ-লতা, স্বামীৰ চৰণ চুমি যাব পুনৰায়। জীৱনৰ কাম সাধি মাহেন্দ্র ক্ষণত যিদিনা প্রভুৱে মোৰ ল’ব একে বাট, ছয়ো মিলি মিলি যাম পূর্ণ মিলনত— আনন্দ, পৰমানন্দ, পূর্ণানন্দৰূপে। ( স্থিৰ হয়, চকু মুদ্ৰ যায়, ডিঙ্গি মোটোক খায় । ) বন্দী, ব –মেলি দে, আৰু বান্ধি ৰখাৰ সকাম নাই । তেওঁ এতিয়া বন্ধনৰ বাহিৰত ৷ [ ৪৩ ] (চাওদাঙে বান্ধ মেলি দিয়ে। জয়মতী পৰি যাবলৈ ধৰে । চাওদাঙে বহুৱাই দিয়ে । জয়মতী ভৰি মেলি বহি গছত আউজি ৰয়। ) জয় – লাহে লাহে মূৰ দাঙ্গি ক্ষীণ মাতেৰে ) সংসাৰৰ মায়া-গাঠি ছিঙ্গিবৰ বেলা সম্মুখত অতীতৰ বিজুলীৰ ৰেথ – বিশাল আহোম ৰাজ্য, স্বামী-পুত্র মোৰ, ভাই-ভনী স্বদেশৰ আশ্রিতা-অাশিত, ছিঙ্গিম বন্ধন আজি স্থল সম্বন্ধৰ । প্ৰাণৰ কামনা মোৰ, – হক সকলোৰে জয়-জয় ময়-ময় ধৰম-কৰম ! সৃষ্টি-স্থিতি প্ৰলয়ৰ নিত্য আৱৰ্ত্তনযি মহা শক্তিৰ চক্ৰ ঘূৰে অলক্ষিতে ঘূৰাব সেয়েই ভাগ্য বিপন্ন ৰাজ্যৰ, শাস্তিৰ অন্তত কৰি শান্তিৰ প্ৰচাৰ । যাবৰ সময় হ’ল, বিদায় ধৰণী । থাকিবা কুশলে দুটি প্রাণৰ কুমাৰ, নাথ মোৰ চিৰসঙ্গী জীৱনে-মৰণে, জনালো অন্তিম সেৱা ক্ৰীচৰণত । ( কাতি হৈ পৰে । ) বন্দী, ব - ওচৰ চাপি ) সকলো অন্ত। ইমান শাস্তিতে একেষাৰ টান কথা নোলাল ! যোৱণ দেবি ! আজিয়েই মোৰো বিষয়ৰ শেষ ! বাট দেখুৱাই নিবা । (চকু ঢাকে।) [ ৪৪ ] চাওদাংবিলাক ।- আমাৰো শেষ ! আমাৰে । শেষ । নিজ নিজ অস্ত্র-শস্ত্র দলিয়াই পেলাই চকুত হাত দি তলমূৰ হয়। তেতিয়া সন্ধ্যাৰ অন্ধকাৰ ক্ৰমশ: ঘন হৈ আহিছিল । ) জয় – (চকু মেলি লাহে লাহে মূৰ দাঙি গছত আওজে ! তাৰ পাচত স্থিৰ দৃষ্টিৰে ওপৰলৈ চাই ) আহিছে বিমান, তাত কেনে জ্যোতিৰ্ম্ময় ! স্নিগ্ধ, শান্ত সুমধুৰ উঠিছে সঙ্গীত । সুৰে স্তৰে উঠি তাৰ, শূন্তাৰ কোলাত উটি যাম আলোকৰ সিন্ধু-তৰঙ্গত। কিযে শান্তি ! আজি মোৰ প্ৰাণ পূর্ণকাম | ( আকাশলৈ উঠাৰ দৰে হাত মেলে। এনেতে “জয় ! জয় !" বুলি চিঞৰি গদাপাণি লৰি সোমায়। জয়াৰ মৃতদেহ গদাপাণিৰ ভৰিৰ ওচৰত বাগৰি পৰে । ) গদা –জয়া ! জয়া ! কলৈ যোৱা জয়া ! ( জয়মতীৰ মৃতদেহ সাবটি ধৰে । ) তৃতীয় অঙ্ক শেষ [ ৪৫ ] চতুর্থ অঙ্ক। প্রথম দুশ্য। ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰাজবাট । সময়-দুপৰীয়া। গদাপাণিৰ প্ৰবেশ । গদা –পচোৱা বতাহৰ দৰে উৰি আহিছিলো ধৰা দিবলৈ, লৰা ৰজাৰ হাতত প্রাণ সমৰ্পণ কৰি জয়াক ৰক্ষা কৰিবলৈ ৷ কিন্তু পলম হ’ল, নাপালে, জয় মোৰ অদৃশ্য ৰাজ্যলৈ গুচি গ’ল। থৈ গ’ল ৰাজ্য-জোৰা এটা হাহাকাৰ, এটা হিয়াভগা কৰুণ স্বৰ ! আজি মোৰ জয়া নাই, প্রাণৰ মায়া নাই, সংসাৰৰ বন্ধন নাই । আজি মোৰ জীৱন মৰণ উভয় সমান। (চিন্তা কৰি) কিন্তু অৰাজক আহোম ৰাজ্যৰ শৃঙ্খলা লগাবলৈ আত্মগোপন কৰি প্ৰাণ ৰক্ষা কৰিছিলো, আজি জয়াৰ মহাপ্রয়াণে সেই উদেশ্য আৰু মহৎ কৰিছে | তাক সাধন নকৰাকৈ মৰিবৰ মোৰ অধিকাৰ আছে জানো ?–নাই । তেন্তে-জীয়াই থাকিব লাগিব, সতীৰ সাধনা সফল কৰিব লাগিব, শান্তিৰ ৰাজ্য প্রতিষ্ঠা কৰিব লাগিব । ( অলপ সময় আকাশলৈ চাই থাকি) আত্মৰক্ষা কৰিম, জয়াৰ আদেশ পালন কৰিম, সতীৰ তেজেৰে উদ্দীপ্ত হৈ লক্ষ্যস্থানলৈ আগ বাঢ়িম, আত্মগোপন কৰি [ ৪৬ ] অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে জুই জ্বলাই দিন। যেতিয়া সি জিভা মেলি আকাশ লঙ্ঘিব, তেতিয়া তাত দিম সেই পাষণ্ড নৰঘাতীদলৰ শোণিতৰ আহুতি । সেই দিন হে মোৰ জীৱন সার্থক হব, স্বেচ্ছাচাৰিতাৰ লৌহদণ্ড ধুলিত মিলিব, জয়াৰ ভাবষ্যৎ দৃষ্টি বর্তমানত পৰিণত হ'ব। ( অলপ ৰৈ ) জয় ! জয় | শক্তিময়ী তুমি, মোক শক্তি দিয়া, ধৈর্য্য দয়। কঠোৰ সংযম দিয়া, যেন হিয়া ভেদি ওলোৱা প্ৰলয়ৰ হুঙ্কাৰ চেপি ৰাখি কৰ্ম্মক্ষেত্ৰ প্ৰস্তুত কৰিব পাৰোঁ, যেন পশুবল নিৰ্ম্মল কৰি প্ৰতিশোধৰ ভস্মৰ মাজত শান্তৰ ৰাজ্য প্রতিষ্ঠা কৰিব পাৰোঁ। স্থিৰ দৃষ্টিৰে শূন্যলৈ চাই থাক । সৌৱা, সতীৰ তেজৰ ঢল উঠিছে, জয়াৰ চিতাৰ ধোৱাই আকাশ জুৰিছে। ৰাজ্য জুৰি ধুমুহা মাৰিব, শিলাবৃষ্টিত জগং কপিব, দেৱতাৰ বজত পাপীৰ হৃদয় চূৰ্ণবিচূর্ণ হ'ব। ধৈর্য্য ধৰ গদাপাণি, হৃদয় বজৰ দৰে কঠিন কৰ, শোকৰ উচ্ছ,সি প্রতিহিংসা বহ্নিৰ তাপেৰে শুকুৱাই পেল। নিজৰ প্ৰতি নির্বিবকাৰ হৈ সাধনা কৰ-প্রতিশোধ – ভীষণ প্রতিশোধ । প্রস্থান । ) দুটা মানুহৰ প্রবেশ । ) প্রথম।-নাথাকো বুলিছে, নাথাকে। ক'ৰবাত শুকাই মৰিম, তেও এনে অধৰমী ৰজাৰ ৰাজ্যত নাথাকো । দ্বিতীয় –এক প্রকাৰ বুঢ়াই হলোহি, তেও এনে অধৰম দেখা [ ৪৭ ] যে নাই, শুনা ও নাই । লোকে তিৰী-বধ বুলি দোহাই দিলে কৰিবলৈ ধৰা কামো নকৰে। এওঁ দেখাদেখিকৈয়ে তিৰী-বধ কৰিলে । প্রথম –চাচোন বাৰু কুঁৱৰীক যে মাৰিলেই, আকৌ যি তাত বেজাৰ কৰিছিল তাকো মাৰিছে। গদাকেৱৰে তাক ওচৰ চপাই পাব লাগিছিল, মাগুৰ মাছ কছা দি কছিলেহেতেন । তায় –পৰা হ’লে নো শুদাই এৰে বুলি ভাবিছ নে ? তেওঁ হ’ল অকলশৰীয়া, ৰজাৰ লগত হেজাৰ হেজাৰ পাইক । --ম।–হ’ব নোৱাৰিছে। কোঁৱৰে কৰবাত চল চাই হে আছে। সুবিধা পালে একে মোহাৰতে তাৰ নেলু ছিঙি তেজ পিব। ( আঞ্চ দুটা মানুহৰ প্রবেশ । ) *তীয়।-ককাইহঁত, কলৈ যাৱ ? --ম।–ষলৈকে চকু যায়। . – এৰা ককাই, এই দেশত আৰু থাকিব নোৱাৰি। এতিমাও যে জীয়াই আছে, এয়েই পৰম ভাগ্য ! এনে ৰাজ্যত থকাতকৈ হাবিত বাঘ-ঘোঙৰ লগত থকাই ভাল । ।-চাচোন বাৰু, প্রজা আছে বুলি হে ৰজাটো। প্রজ নহলে নো ৰজাটো কিহৰ ? এই ফেৰাও নো তেওঁৰ বিবেচনা হ’ব নাপায় নে ? প্ৰথম।- বিবেচনা হ'ব! দেখা নাই নে কেনেকৈ যাকে য'তে পায় ধৰি ধৰি মাৰিছে। [ ৪৮ ] ঢোল আৰু হাতত এখন দীঘল সাচি পাত লৈ দুটা ৰজাঘৰীয়া পাইকৰ প্রবেশ । ) ১ম পাইক – সাচি পাত চাই ) প্রবল প্রতাপান্বিত মহামহিম শ্রীল শ্ৰীশ্ৰীশ্ৰীশ্ৰীযুক্ত স্বৰ্গদেৱ চুলিক্‌ফাৰ আদেশ সকলোৱে শুনিবাহক – দ্বিতীয় পাইকে ঢোল বজায়। মানুহকেইটা থৰ হয়। আন বাটৰুৱা মানুহ কিছুমান গোট ৰায় । ) ১ম পাইক – ( সাচিপাত চাই ) যেহেতু ৰাজদ্রোহী গদাপাণি ভেশছন কৰি ফুৰিছে বুলি জনা গৈছে, সেই হেতুকে সমূহ প্ৰজাক জনোৱা যায় যে যেয়ে গদাপাণিৰ মূৰ আনি দিব পাৰিব, সেয়ে এহেজাৰ সোণৰ মোহৰ বঁটা পাব । ( দ্বিতীয় পাইকে ঢোল বজায় । ) যদি কোনোবাই পায়ো গোপন কৰে তাক সবংশে শালত দিয়া হ’ব । ( দ্বিতীয় পাইকে ঢোল বজায় । ) ( পুনৰায় পূৰ্ব্ববৎ পাঠ কৰি দুয়ো ওলাই যায় । , প্র, মানুহ –গদাকোৱৰৰ মুৰ অনাকেইটা হে হয় | লগ পালেই বাৰু, কাষ চাপিবলৈ সাহ কৰিব কোনে ? জেৰেঙা পথাৰত চাওদাঙৰ মাজতে ওলাইছিল বুলি শুনিছে, তেও দেখোন ধৰি ৰাখিব নোৱাৰিলে এক ! দ্ধি, মানুহ –গদা কোৱৰক ধৰাটো বাৰু হৈছে ! মুঠেই মাজতে নির্দোষ মানুহ কিছুমানৰ মূৰ যাব । [ ৪৯ ] মানুহ –মই নকৈছো এই ৰাজ্যত মানুহ নাথাকে। , মানুহ –ইমানতে আঁতৰাই ভাল। ইয়াৰ পাচত পলোৱাৰো মুদা মৰিব। আকৌ লাগে যদি ঢোল পিটি শুনাৰ বোলে যেয়ে ঘৰৰ বাহিৰ ওলাব তাৰে প্ৰাণদণ্ড । । মানুহ –লৰ ৰজা থাকক মাথোন, তাৰ আটক নাই । এতিয়াই কৰবাত পৰ্ব্বতে-পাষণ্ডে সোমাই থকাই ভাল । - মানুহ –এৰা, বলহঁক, ইয়াৰ পৰা আঁতৰ হওঁ । ( সকলোৰে.প্রস্থান । ) ( বিপৰীত ফালৰ পৰা গদাপাণিৰ প্ৰবেশ । ) গদা -গদাৰ প্ৰাণৰ মূল্য সহস্ৰ মোহৰ, ৰাজ্য যুৰি ঘুষিছে ৰজাই। নাজানে সিজয়াহীন গদাপাণি নাই মূল্য তাৰ। সংসাৰৰ মায়া-মোহ সকলো ছিগিল, সোণৰ সংসাৰ মোৰ হ’ল ছাৰখাৰ, ভৰা নাও ডুবি গ’ল অতল জলত । অকাতৰে দিব পাৰে। আত্ম-বিসর্জন । কিন্তু জয়াৰ আদেশ মই নোৱাৰে পেলাব, নোৱাৰো কৰিব ব্যর্থ সাধনা সতীৰ । ভাগি যোৱা বুকু মোৰ শিলেৰে বন্ধাই, শত যাতনাৰ সহি শত শক্তিশেল, ৰাখিব লাগিব প্রাণ; প্রতিহিংসা, প্রতিশোধ [ ৫০ ] হ’ব মোৰ বিশল্য-কৰণী। প্রাণৰো প্রাণত য’ত কমল-কোৰক আছিল জয়াৰ স্থান, তাত আজি নৱ বেদী শ্মশান-ভস্মৰ, | অধিষ্ঠাত্রী প্রতিহিংসা লোলজিহব। মেলি । অন্তর্হিত দয়া, ক্ষমা, প্রণয়-বন্ধন, অন্তৰ্দ্ধান কল্পনাৰ চিত্র অতীতৰ । সম্মুখত অতি গাঢ় অন্ধ অন্ধকাৰ, প্রতিহিংসা সাধনৰ সুবর্ণ সুযোগ । নাচি উঠ শিৰে শিৰে দানৱ-প্রবৃত্তি, জলি উঠ দীপশিখা মহা প্ৰলয়ৰ, তুমুল তৰঙ্গ তুলি ঘূর্ণ প্রভঞ্জন বই যা মোহাৰি বিশ্ব অস্তিত্ব উৰাই । ( বেগেৰে যাবলৈ ধৰে। এনেতে এদল সৈন্ত গদাপাণিৰ আগত । উপস্থিত হয় আৰু গদাপাণিক বেৰি ধৰে । ) - গদা –সাৱধান কুকুৰৰ দল ! ব্যাধৰ টিহনি শুনি চেকুৰি আহিছ ? নাহিবি, আঁতৰ হ, নহলে প্রাণ যাব । সৈন্তবিলাক সাৱধানে চাপি আহে । ) গদা –কি ! কথা শুন ! এই তাৰ প্রতিফল। সম্মুখত যাকে য’তে পালে ওফৰাই পেলাই বিজুলী সঞ্চাৰে ওলাই যায় । ) [ ৫১ ] দ্বি, সৈন্য।- নাও বিচাৰ, নাও বিচাৰ। ৰজাই শুনিলে আধ্যা পৰিব। সকলোৱে – ব’ল, ব’ল, নাও ল, খেদা দিওঁ । (সকলো লৰি ওলাই যায়। ) পতি-পৰিবৰ্ত্তন। ব্ৰহ্মপুত্ৰৰ মাজ । নৈৰ সোঁতৰ হো-হোৱনি উঠিছে, ঢৌৱে আফালিব লাগিছে, ডকা ফুটিছে। গদাপাণিয়ে অবিৰাম সাতৰিছে, মাজে মাজে মূৰ উলিয়াই পিচলৈ চাইছে। চাওঁতে চাওঁতেই গদাপাণি অদৃশু হৈ গ’ল। তাৰ পিচত নাৱত সৈন্তবিলাকৰ প্ৰবেশ। সিহঁতে কোৰেৰে ৰ’ঠা মাৰি নাও উৰুৱাই নিয়া দি নিছে। দ্বিতীয় দৃশ্য। | বৰ চ’ৰা । সময় আবেলি ।চৰাৰ ভিতৰত এফালে সাতখলপীয়া সিংহাসন, ওপৰত চন্দ্ৰতাপ। সিংহাসনৰ ওপৰত ডাঙ্গৰ গাৰু। সকলোতে নানাৰত্ন আৰু কাৰুকাৰ্য্যৰ বিতোপন সৌন্দৰ্য্য। সিংহাসনৰ পৰা আঁতৰত দুয়ে কাষে দুশাৰী খুটাৰ দাতিত ডাঙ্গৰীয়াসকলৰ আসন। দুৱাৰ মুখত সশস্ত্ৰ প্ৰহৰী। কথা পাতি পাতি বৰগোহাই আৰু বুঢ়াগোহাঁইৰ প্ৰবেশ। ৮ – আপুনি ভুল বুজিছে। স্বৰ্গদেৱৰ কাৰ্য্যত মোৰ কোনো হাত নাই ! কোঁৱৰসকলৰ অঙ্গহানি, জয়মতীৰ শাস্তি, [ ৫২ ] প্রজাৰ পীড়ন আদি সকলো স্বৰ্গদেৱৰ নিজৰ ইচ্ছা। মোৰ পৰামৰ্শত তেনে কৰিছে বুলি যদি আপোনাৰ বিশ্বাস, তেন্তে সি মহাভুল। বৰ –আপুনি পৰামৰ্শ নিদিব পাৰে, কিন্তু সম্মতি দিছে,— সাহায্য কৰিছে। বুঢ়ী।–স্বৰ্গদেৱেৰ বিৰুদ্ধে চলিবলৈ মই অপাৰগ। বৰ -বিনা দোষত শাস্তি দিয়া ৰাজধৰ্ম্ম নহয়। আপুনি মন্ত্রী, ৰজাক সুমন্ত্রণা দিয়াটো আপোনাৰ কৰ্ত্তব্যৰ ভিতৰত । অন্যায় কাৰ্য্যত নিবিববাদে সাহায্য কৰাটো আৰু অন্যায়। বুঢ়া –হায়-অন্যায় অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। এক অৱস্থাত যিটো অন্যায়, বিপৰীত অৱস্থাত সেয়ে কর্তব্য। বৰ ।-তেন্তে আপুনি এই হত্যাকাণ্ড সমর্থন কৰে ? বুঢ়ী।–নকৰি উপায় নাই। বৰ ।-আপুনি এতিয়াও ভাবি চাওক। যি কৰিলে কৰিলে, এতিয়াও ক্ষান্ত হওক । নির্দোষ প্রজাৰ তেজেৰে দেশ ৰাঙ্গলী নকৰিব । বুঢ়া -দোষ ৰজাৰ নহয়। গদাপাণি পলৰীয়া অপৰাধী। তেওঁক ধৰি দি ৰজাক সাহায্য কৰা প্রজাৰ কৰ্ত্তব্য। তাকে নকৰি গদাপাণিক পলাবলৈ যি সুযোগ দিয়ে, সি নিশ্চয় ৰাজদ্রোহী। মৃত্যুৰ বাহিৰে তাৰ আন শাস্তি নাই । বৰা-আপুনি তেন্তে এই অত্যাচাৰত বাধা নিদিয়ে ? বুঢ়ী।–ৰাজ্যৰ বৰ্ত্তমান অৱস্থালৈ চাই নিদিওঁ। ডাঙ্গৰীয়াসকলে [ ৫৩ ] ৰাজকাৰ্য্যত হস্তক্ষেপ কৰাৰ পৰাই ৰাজ্য প্রায় অৰাজক। চুন্যতফা, চুক্লনফা, চুহুং, গোবৰ, চুজিনফা আৰু চুদৈফা স্বৰ্গদেৱেৰ অকাল মৃত্যুৰ কাৰণ অকল ডাঙ্গৰীয়াসকলৰ প্রাধান্ত লাভৰ চেষ্টা আৰু কোৱৰসকলৰ প্রতিদ্বন্দ্বিতা ৷ এনে অৱস্থাত যদি স্বৰ্গদেৱে আত্মপ্রতিষ্ঠাৰ নিমিত্তে কঠোৰ নীতি অৱলম্বন কৰে, সি কোনোমতেই দূষণীয় নহয়। ৰ -এয়ে তেন্তে আপোনাৰ মত ? ৮ –আন পথ নাই। বর্তমান আহোম শাসনৰ বিশৃঙ্খল অীতৰ নহলে, এই ৰাজ্য নাথাকে। যেতিয়ালৈকে সিংহাসনৰ প্রতিদ্বন্দ্বী থাকিব, ৰাজক্ষমতা মন্ত্ৰীসকলৰ আকাজহ্মাৰ বশবৰ্ত্তী হ’ব, তেতিয়ালৈকে গুপ্তহত্যা, অৰাজকতা— একোৰেই অন্ত নপৰে । বৰ্ত্তমান স্বৰ্গদেৱে তাৰ মূল উচ্ছেদ কৰি দৃঢ় ভেটিৰ ওপৰত সিংহাসন প্রতিষ্ঠা কৰিবলৈ আগ বাঢ়িছে। আমাৰ সকলোৰে কৰ্ত্তব্য-সামান্ত স্বার্থ বিসর্জন দি তেওঁৰ এই মহৎ উদেশু সাধনত সাহায্য কৰা । দেশক যি ভাল পায়, আহোম গৌৰব যাৰ প্রিয়, তেওঁ কেতিয়াওস্বৰ্গদেৱৰ কাৰ্য্যত ব্যাঘাত জন্মাব নোৱাৰে। ৰ -হ’ব পাৰে আপোনাৰ উদ্দেশু সাধু। কিন্তু আপুনি ভাবে নে আপোনালোকৰ অৱলম্বিত উপায়েৰে সেই উদেশ্য সিদ্ধি হ’ব ? মই দঢ়াই দঢ়াই কওঁ –কেতিয়াও নহয় । মই যদি বঙ্গালৰ বিৰুদ্ধে অভিযানত আবদ্ধ হৈ নাথাকিলো হেতেন, তেন্তে গুৰিৰে পৰা আপোনালোকৰ কাৰ্য্যত বাধা [ ৫৪ ] জন্মালোহেতেন। মোৰ অনুপস্থিতিৰ যোগ লৈ, আপোনালোকে শাসনৰ নামত পীড়ন, বিচাৰৰ নামত গুপ্তহত্যাৰ প্ৰবৰ্ত্তন কৰি দেশৰ সুখ-শান্তি দূৰ কৰিলে। এতিয়াও মই সাৱধান কৰি দিওঁ, অত্যাচাৰ বন্ধ কৰক। উৎপীড়নে কোনো কালে কোনো দেশতে স্বশাসন প্রবর্তন কৰা নাই। নহলে ইয়াৰ যি পৰিণাম হ’ব, সি অতি ভয়ঙ্কৰ। অকল স্বৰ্গদেৱেই নহয়, আপুনিও তাৰপৰা মুক্তি নাপায়। (বৰপাত্ৰ হোঁহাই আৰু অন্যান্য বিষয়াসকলৰ প্ৰবেশ। এনেতে নেপথ্যত শঙ্খঘণ্টা বাজি উঠে। দুশাৰী সশস্ত্র চাওদাঙৰ মাজে দি শৰীৰ-ৰক্ষী আৰু ছত্ৰচামৰধাৰীসহ ৰজাই প্ৰবেশ কৰে। ডাঙ্গৰীয়াসকলে অভিবাদন জনায় । ৰজাই আসন গ্রহণ কৰে । চাওদাং বিলাক চ'ৰাৰ দুৱাৰ মুখত থিয় দি থাকে । ) ৰজা – উগ্র দৃষ্টিৰে কেইওফালে চাই। ডাঙ্গৰীয়াসকল ! ৰাজদ্রোহী গদাপাণি আজিও ধৰা নপৰিল ! ইয়াৰ কাৰণ কি ? মই অনুমান কৰিছো আপোনালোকে ৰাজকাৰ্য্যত - অৱহেলা কৰিছে । বৰ, গো -স্বৰ্গদেৱ ! ই আমাৰ ওপৰত অযথা দোষাৰোপ । গদাপাণি ৰাজদ্রোহী হয় নে নহয়, সি আমাৰ অজ্ঞাত । তথাপিও তেওঁক ধৰাই যদি স্বৰ্গদেৱৰ ইচ্ছা, তেনেহলে প্রচলিত প্রথামতে কাৰ্য্য কৰা উচিত আছিল। তাকে নকৰি নীতিবিৰুদ্ধ উপায়ৰ আশ্রয় ললে কিয় ? হুৰামুৰাকৈ আগ বাঢ়ি গদাপাণিক হুৰাই দিলে কিয় ? জানিব লাগি [ ৫৫ ] ছিল, যিমানেই চোকা বাঘ নহওক, গুজৰি গুমৰি গৈ পহু ধৰিব নোৱাৰে। । -তাৰ মানে কি ? আপুনি ক’ব খোজে নে কি, গদাপাণিক মোৰ তেজ পিবলৈ দি মই হাত সাবটি বহি থাকিব লাগিছিল ? এয়েই নে আপোনাৰ পৰামর্শ ? মই সিমান মূখ নহওঁ ডাঙ্গৰীয়া। মই বুজিছো ডাঙ্গৰীয়াৰ পৰা কাড়ীলৈকে গোটেই ৰাজ্যই মোৰ বিদ্রোহ আচৰণ কৰিছে। । --তাত সন্দেহ নাই স্বৰ্গদেৱ ! প্রায় গোটেই ৰাজ্যই জয়মতীৰ মৃত্যুৰ বাবে স্বৰ্গদেৱৰ গাত দোষাৰোপ কৰিছে। নানা প্ৰকাৰ শাস্তিয়েও সিহঁতক শিক্ষা দিব পৰা নাই । এতিয়া শুনিছো জাকে জাকে মানুহ গাওঁ এৰি পলাবলৈ ধৰিছে। -- -পলাবলৈ ধৰিছে ! নহয়, সিহঁত পলাব নোৱাৰে। যেয়ে পলাব খোজে তাৰেই শান্তি হ’ব লাগিব। আজিৰ পৰা যি কোনো মানুহ বিনা অনুমতিত নিজ গাৱৰ বাহিৰ ওলাব, তাৰেই শাস্তি প্রাণদণ্ড । ৰণ –তাৰ ফল ভাল নহ’ব স্বৰ্গদেৱ। যি জুই জলালে, তাক নুমুৱাবলৈ যত্ন কৰক, নতুনকৈ জুই জ্বলাই বিপদ নবঢ়াব। জুই জলোৱা অতি সহজ, কিন্তু যেতিয়া সি জিভা মেলি চৌদিশ জুৰিব, তেতিয়া সাগৰৰ পানীৰেও তাক নুমুৱাব নোৱাৰে। আন্তবিপ্লবৰ সুযোগ লৈয়েই ৰঙ্গামাটিৰ নবাবে গুৱাহাটী অধিকাৰ কৰিছিল, প্রাণপণ চেষ্টাৰ ফলত সিদিনা [ ৫৬ ] মাত্র পুনৰুদ্ধাৰ হৈছে। এনে অৱস্থাত যদি ৰাজ্যত উৎপাত অশান্তি বঢ়াই দিয়ে, সিহঁত আকৌ মূৰ তুলি উঠিব। আভ্যন্তৰিক শান্তিস্থাপন নহলে,-নিশ্চয় জানিব, আহোম ৰাজ্য নাথাকে। ৰজা –নাথাকে নাথাকক। বিদেশী শত্ৰুৰ ভয়ত গুহ-শত্ৰুৰ । হাতত আত্মসমপণ কৰিব নোৱাৰে। বিদ্রোহীক দমাব । লাগিব, সিহঁতৰ সঁচ মাৰি দেশত শান্তি প্ৰবৰ্ত্তাব লাগিব । তাৰ বাবে যিমান কঠোৰ হোৱাৰ প্রয়োজন, সিমান হ’ব লাগিব। বৰ -স্বৰ্গদেৱে পাহৰিছে প্রজাশক্তি সিমান ক্ষুদ্ৰ নহয়। সন্মিলিত প্রজাশক্তিৰ ওচৰত ৰাজদণ্ড অতি তুচ্ছ। প্রীতিৰে প্ৰজাক বশ নকৰিলে, আন কোনো উপায়েৰে বশ কৰিব নোৱাৰি । সেই কাৰণে মই আকৌ আপোনাক অনুৰোধ কৰিছো, সকলো কঠোৰ ব্যৱস্থা পৰিত্যাগ কৰক। ৰজা –কি ! আপুনিও তেনেহলে বিদ্রোহীৰ দলত ? বৰ –যদি এয়ে স্বৰ্গদেৱৰ ধাৰণা, তেন্তে এই পৰামর্শত বিদ্রোহীৰ যোগ নথকাই উচিত। অপৰাধ হলে মার্জন কৰিব। মই আশা কৰে, যিসকলৰ মত মোৰ লগত মিলে, তেওঁলোকে এই পৰামশৰ পৰা আঁতৰি থাকিব । ( বৰগোহাই ওলাই যায়, লগতে আন বিষয়া দুজনমানো ওলায়। ) ৰজা – এই দেশৰ ৰজা কোন ? মোৰ সম্মুখত মোৰেই কৰ্ম্মচাৰীয়ে ঔদ্ধত্য দেখুৱাই গুচি যায়! ই দেখাদেখিকৈ [ ৫৭ ] বিদ্রোহৰ সূচনা । মই তাৰ বিচাৰ কৰিম, ইহঁতক সবংশে ধবংস কৰিম । ঢা।-স্থিৰ হওক স্বৰ্গদেৱ ! সময়তকৈ আগ নাবাঢ়িব। এতিয়াই গুহ-বিবাদ আৰম্ভ কৰিলে সকলো উদেশ্য ব্যর্থ হ’ব । আগেয়ে গদাপাণিৰ ব্যৱস্থ হওক, তাৰ পিচত আনবিলাকৰ বিচাৰ কৰিব । ৰজা -গদাপাণিৰেই বা কি ব্যৱস্থা হ'ব ! আজি ইমান দিনেও তাক ধৰিব নোৱাৰিলে। তাৰ ভীষণ মূৰ্ত্তি মই দেখিছো, সি মোক হত্যা কৰিব । ৮ –আপোনাৰ কল্পনা অসঙ্গত। এইবাৰ এনে উপায়ত ধৰিব লাগে, যাতে গদাপাণিৰ মৃত্যু অপৰিহার্য হয়। ।–কি উপায় ? দ। —উপায় স্বৰ্গদেৱে কোৱাটোৱেই, মাত্র তাতে অলপ যোগ দিব লাগিব । ঘোষণা কৰা হওক—এতিয়াৰ পৰা কোনো মানুহে নিজ গাওঁ এৰিব নোৱাৰে, আৰু অচিনাকি মানুহ মাত্ৰৰেই প্রাণদণ্ড । তেতিয়া গদাপাণি নিশ্চয় মৰিব। অৱশ্বে লগতে কিছুমান নির্দোষ মানুহে মৰা পৰিব পাৰে । ৰজা –কিছুমান মানুহ মৰিব, মৰক। গোটেইবোৰ মানুহ মাৰিও যদি গদাপাণিক ধৰিব পাৰি, তাতো মই সম্মত। যি ৰাজ্যই ৰজাক নামানে, সেই ৰাজ্য ধ্বংস হৈ যাওক । বুঢ়া -তেন্তে এই ব্যৱস্থা মতেই কাৰ্য্য আৰম্ভ হওক । [ ৫৮ ] ৰজা –এতিয়াই, অবিলম্বে । যেনে উপায়েৰেই হওক, মোৰ ৰাজক্ষমতাৰ মৰ্য্যাদা ৰাখিব লাগিব। প্রজাই বুজিব লাগিব, মোৰ ইচ্ছাৰ বাহিৰে সিহঁতৰ ধৰ্ম্ম নাই । বুঢ়া গোহাঁইৰ বাহিৰে সকলোৰে প্রস্থান ) বুঢ়ী।–ডেবেৰা বৰবৰুৱা নাই, লালুকশোলা বৰফুকন আজি সিপুৰীত। আজি অসমৰ ভাগ্য-বিধাতা এই আতন বুঢ়াগোহাই । যি কাৰ্য্য আৰম্ভ কৰিছো, তাক শেষ নকৰাকৈ মই বিশ্রাম নলওঁ । স্বৰ্গদেৱৰ সকলো প্রতিদ্বন্দ্বীৰ শেষ কৰিম, সিংহাসনৰ দৃঢ়তা স্থাপন কৰিম, ৰাজ্যজোৰা হুল-স্থল, অৰাজকতাৰ বিভীষিকা, সকলো শেষ কৰি আহোম ৰাজ্যলৈ নতুন আলোক নমাই আনিম । সিংহাসন নিষ্কণ্টক কৰি, ৰজা-প্রজা সকলোকে হাতৰ মুঠিত ৰাখি অপ্রতিহত ক্ষমতাৰে এনে ভাবে ৰাজ্যৰ গতি নির্দেশ কৰিম, যাতে ভবিষ্যৎ বুৰঞ্জীত ৰাজমন্ত্রী আতন বুঢ়া-গোঁহাইৰ নাম স্বর্ণীক্ষৰে জিলিকি থাকে। ( প্রস্থান ) [ ৫৯ ] তৃতীয় দুশ্য বৰফুকনৰ চ’ৰা । সময়-অাগ বেলা । বন্দৰ আৰু বাউলী গাভৰু। বন্দৰ -ৰাজ্যত হুলস্থল, চাৰিওফলে কটা-মৰা। অকল গদাপাণিৰ কাৰণেই কিমান মানুহ মৰিছে, তাৰ সীমা-সংখ্যা নাই। বাউলী৷—স্বৰ্গদেৱৰ এনেবোৰ অন্যায় দেখি-শুনিও আপোনালোকে সহি আছে কিয় ? অকল ৰজাক নহয়, আপোনালোককো ইয়াৰ দোষে ছুব। ন্দৰ –মই যে কোনো উপায় ভাবি পোৱা নাই । ৰাজপ্রতিনিধি স্বৰূপে ৰজাৰ আদেশ মানিবলৈ মই বাধা । মোৰ আগৰ দুজন প্রতিনিধিয়ে গুৱাহাটী মোগলৰ হাতত অপণ কৰিছিল, মই তাক উদ্ধাৰ কৰিছো । ৰঙ্গামাটিৰ যুদ্ধত নিজ প্রাণলৈ ভ্ৰক্ষেপ নকৰি আহোম গৌৰব ৰক্ষা কৰিছো, স্বৰ্গদেৱৰ শত্ৰুনাশ কৰি ৰাজ্যবিস্তাৰ কৰিছো । তথাপিও স্বৰ্গদেৱৰ ধাৰণ মই গদাপাণিক ধৰিবলৈ যত্ন কৰা নাই, কিয়নো তেওঁ মোৰ আত্মীয়। এনে অৱস্থাত প্রতিবাদ কৰে কেনেকৈ ? তেনে কৰিলে স্বৰ্গদেৱে মোকো অপৰাধী নকৰাকৈ নাথাকে। বাউলী -কিন্তু ভাবি চাওক, গদাৰ দোষ কি ! আহোম কুলৰ লক্ষ্মী জয়াৰ তেজৰ সোত এতিয়াও মাৰ যোৱা নাই। আকৌ মোৰ একেটি ভাইৰ তেজেৰে হাত বোলাব নে ? [ ৬০ ] বন্দৰ –কি কৰিম ! স্বৰ্গদেৱৰ বিশ্বাস গদাপাণি এই অঞ্চলতে আছে । মই কি চেষ্টা কৰিছে, তাক বুজিবলৈ নতুন নতুন চোৰাংচোৱা পঠিয়াব লাগিছে। তেনে স্থলত মই কৰ্ত্তব্যত অৱহেলা কৰিব নোৱাৰে। বাউলী –তেনেহলে আপুনি গদাক ধৰি দিব ? বন্দৰ -পাল ধৰিবই লাগিব। ইচ্ছা হয়-মই নিজে মাতি আনি আশ্রয় দিওঁ, কিন্তু সি যে ৰাজদ্রোহ ! গদা মোৰ অতি চেনেহৰ, কিন্তু কৰ্ত্তব্যৰ ঠাই তাৰো ওপৰত। কৰ্ত্তব্যৰ উপাসনাৰ বাহিৰে মোৰ আন ধৰ্ম্ম নাই ৷ হৃদয় শিলেৰে বন্ধাই, চকুৰ লোতক চকুতে শুকুৱাই, ওলাই অহা কান্দোনৰ টেটু চেপি ধৰি নিজে নিজৰ গাত অস্ত্র বহুৱায়ো কৰ্ত্তব্য পালিব লাগিব । বাউলী –নহয় প্রিয়তম, এনে নিদাৰুণ নহ’ব । ৰজাৰ কাৰ্য্যই প্রমাণ কৰিছে তেওঁ উন্মাদ । বাজাজ্ঞা-পালন 'ধৰ্ম্ম হ’ব পাৰে, কিন্তু উন্মাদৰ উক্তি সমর্থন কৰা ধৰ্ম্ম নহয়। বন্দৰ -তেন্তে কি কৰিবলৈ কোৱা ? বাউলী –মোৰ একেটি মাথোন ভাইক ৰক্ষা কৰক। আপুনিয়েই কৈছিল, সিদিনা খেদাখোৱা বঙ্গালে আকৌ গুৱাহাটী লবলৈ যো-যা কৰিছে বুলি। যদি সেয়ে হয়, এই দুৰ্য্যোগৰ সময়ত দেশ কেনেকৈ ৰক্ষা কৰিব ! নিশ্চয় জানিব, গদাক ৰক্ষা নকৰিলে দেশ ৰক্ষা নহয়। [ ৬১ ] বন্দৰ —যুদ্ধৰ অন্তত বৰগোহাই ডাঙ্গৰীয়া গড়গাৱলৈ গৈছে। তেওঁৰ পৰা নগৰৰ সবিশেষ সংবাদ পাম বুলি আশা কৰিছো । তেওঁৰ বাতৰি পোৱাৰ পিচত যদি মত পৰিবৰ্ত্তনৰ আৱশ্যক হয়, সি ভিন্ন কথা, কিন্তু বৰ্ত্তমানত স্বর্গদেৱৰ আদেশ পালনৰ বাহিৰে মোৰ আন কৰ্ত্তব্য নাই । দুৱৰীৰ প্ৰবেশ।) ৱৰী –ডাঙ্গৰীয়া দেউতা ! গড়গাঁৱৰ পৰা এজন কটকী আহিছে। গ্ৰন্দৰ –আহিব পাৰে । দুৱৰীৰ প্ৰস্থান । ) উলী -আপুনি যেন মোৰ অনুৰোধ দলিয়াই নেপেলায়। বৰফুকনলৈ কাতৰ দৃষ্টিৰে চাই ওলাই যায় ) কটকীৰ প্ৰবেশ আৰু বৰফুকনৰ প্রতি অভিবাদন ) দৰ –কটকী ! কি সংবাদ ? টকা – ডাঙ্গৰীয়া ! সংবাদ অতি ভীষণ আৰু সম্প্রতি গোপনীয়। এইখন বৰগোহাই ডাঙ্গৰীয়াৰ চিঠি । লাচি পাতত লিখা এখন দীঘল চিঠি দিয়ে । বৰফুকনে নিবিষ্টচিত্তে ।।ন পঢ়ে। পঢ়াৰ লগে লগে তেওঁৰ কপাল আৰু চকুত বিৰক্তি

  • উদ্বেগ প্রকাশ পায় । ) বন্দৰ - চিঠি পঢ়া হ’লত ) তেন্তে স্বৰ্গদেৱ সঁচাকৈয়ে উন্মাদ

হ’ল ! বহলাই কোৱাচোন কি হৈছে। [ ৬২ ] কটকী –চিঠিতেই সকলো পাব পায়। ੇ সতীৰ তেজ [ চতুর্থ অঙ্ক _ মূৰৰ ঠিক নোহোৱা হৈছে। আগেয়ে যি হ’ল হ’ল, এতিয়া কুঁৱৰীক মৰাৰ বাবে কোনোবাই বেজাৰ কৰিছে বুলি শুনিলেও ধৰাই আনি শালত দিছে। গদাকোৱৰৰ হৈ যি একেষাৰ কথাও কৈছে, তাকেই ৰাজদ্রোহী বুলি শাস্তি দিছে । চকীয়াল, ঘাটে প্রভূতিয়ে গদাপাণিৰ বাতৰি দিব নোৱৰাৰ বাবেই শাস্তি পাইছে। মানুহ ঘৰৰ পৰা ওলাব নোৱৰাত পৰিছে। এতিয়া আকেী গদাপাণিৰ নামৰ লগত মিল থকা নাম পালেই যাকে তাকে মাৰিবলৈ আদেশ হৈছে। ডাঙ্গৰীয়াসকল নিৰুপায়! বুঢ়াগোহাই ডাঙ্গৰীয়াৰ বাহিৰে বাকী ডাঙ্গৰীয়াসকল ৰজাৰ বিৰুদ্ধে থিয় দিবলৈ বাধ্য হৈছে। দেশৰ শান্তিৰ নিমিত্তে বৰ্ত্তমান স্বৰ্গদেৱক ভাঙ্গি আন এজনক পাটত বহুওৱাই তেওঁলোকৰ ইচ্ছা। আপুনিও তেওঁলোকৰ লগত যোগ দিব লাগে,— এয়ে আপোনাৰ ওচৰত তেওঁলোকৰ গোহাৰি । বন্দৰ –তেওঁলোকে নে কাক পাটত বহুৱাব খোজে ? কটকী।–কাক বহুৱাব ! গদাকোৱৰৰ বাহিৰে জানো উপযুক্ত কোৱৰ আছে ? বন্দৰ -গদাৰ বাতৰি পাইছে জানো ? কটকী –নাই পোৱা । সকলোৰে বিশ্বাস তেওঁ এই ফালেই ক’ৰবাত ছদ্মবেশে আছে। আপুনি অভয় দিলেই তেওঁ ধৰা দিব । [ ৬৩ ] গ্ৰন্দৰ -গদাক সাহায্য কৰা মানে ৰাজদ্রোহ আচৰণ কৰা । সি যে মহাপাপ। তদুপৰি সকলোৱে কব আত্মীয় বুলি হে মই গদাৰ পক্ষ অৱলম্বন কৰিছো । কটকী –কোনেও নকয়। গদাকোঁৱৰক আপুনি পাটত বহুৱাব খোজা নাই, খুজিছে ডাঙ্গৰীয়া-বিষয়াসকলে সমূহ অসমীয়া প্রজাই । ৰাজ্যৰ যেনে অৱস্থা, দৃঢ়ভাবে ৰাজদণ্ড ধৰিব পৰা এজন ৰজা নহলে আহোমৰ বুৰঞ্জী ইমানতেই শেষ হ’ব। তথাপিও যদি আপুনি প্রজাপক্ষ অৱলম্বন নকৰে, তেনেহলে নিশ্চয় নিশ্চয় পিচত অনুতাপ কৰিব লাগিব। ন্দৰ –বাৰু, এতিয়া তুমি যোৱা, বিশ্রাম লোৱাগৈ । মই ভাবি চাওঁ । কটকী ওলাই যায়। বন্দৰে চিঠিখনকে ঘূৰাই ঘূৰাই পঢ়ে। ) ন্দৰ –ছুই নাৱত দুই ভৰি । কোন পথ লওঁ । মোৰ কৰ্ত্তব্য কি ! বাউলীৰ প্রবেশ । ) পাউলী-কটকীয়ে কি বাতৰি দিলে ? দ।-বাতৰি ভয়ানক ! বৰগোহাইকে আদি কৰি ডাঙ্গৰীয়াসকল বিদ্রোহী হৈছে, স্বৰ্গদেৱক ভাঙ্গি গদাপাণিক পাটত বহুৱাবলৈ সঙ্কল্প কৰিছে। তেওঁলোকৰ লগত যোগ দিবলৈ মোকে আহবান কৰিছে। উল –এনে দিন যে আহিব তাক ভাবিবও নোৱাৰিছিলো। ই পৰমেশ্বৰৰ কুপা। আপুনি এনেয়ে গদাৰ ফলীয়া হোর [ ৬৪ ] হলেও কোনেও দোষ দিব নোৱাৰিলেহেতেন। এতিয়া লোকে সাহায্য বিচাৰিছে, আহোম ৰাজ্য ৰক্ষা কৰিবলৈ এয়েই মাহেন্দ্র সুযোগ। ইয়াক নেৰিব। এনে সজ উদেশ্যত দোষ হ’ব নোৱাৰে। বন্দৰ।-তথাপিও সি ৰাজদ্রোহ। বাউলী – হওক ৰাজদ্রোহ। তাৰপৰা দেশৰ মঙ্গল হ’ব । সমূহ প্রজাৰ মঙ্গলৰ নিমিত্তে আপুনিও বিদ্রোহী হ’ব লাগিব। মই মিনতি কৰিছে, আপুনিও এই প্রস্তাবত সম্মতি দিয়ক, দেশ ৰক্ষা কৰক, নিৰীহ নৰ-নাৰীৰ অকালমৃত্যু ৰোধ কৰক। ( দুৱৰাৰ প্ৰবেশ ) ছৱৰী –পানীফুকন ডাঙ্গৰীয়াই লগ পাব খুজিছে । ৰন্দৰ –যা ইয়ালৈকে মাতি আন । ( দুৱবীৰ প্ৰস্থান ) বাউলী –আপুনি যেন গদাৰ অমঙ্গল নিচিন্তে । গদাৰ কিবা হ’বৰ হ’লে মই জীয়াই থাকিব নোৱাৰে। ( প্রস্থান ) প্রবেশ ) বন্দৰ –ফুকন ! আহক | কিবা নতুন ৰাতৰি আছে নে ? পানী –একো নাই । ইমান চেষ্টা, ইমান অনুসন্ধান মিছা হ’ল । গদাপাণিৰ কোনো বাতৰি নাই, জীয়াই আছে নে নাই তাতেই মোৰ সন্দেহ জন্মিছে। [ ৬৫ ] বন্দৰ -কিয় ? পানী –ইমানবোৰ মানুহ মৰা হৈছে, কিজানি তাৰ ভিতৰত কোনোবাটে গদার্কোৱৰেই আছিল। বন্দৰ –সি যি কি নহওক, সম্প্রতি আৰু এটা নতুন বাতৰি আছে, এইখন পঢ়ি চাওক। চিঠিখন দিয়ে। পানী ফুকনে পঢ়ে, মুখত আনন্দৰ চিন বিৰিঙ্গে। বন্দৰে তেওঁৰ মুখ-চকুৰ ভঙ্গী সাৱধানে লক্ষ্য কৰে । ) পা, ফু –কথা দেখোন গুৰুতৰ। হওঁতে অকল উজনীতে নহয়, এই ফালেও সকলোৰে মনৰ ভাব তেনে বুলিয়েই অল্পমান হয় । বন্দৰ –আপোনাৰ মত কি ? পা, ফু –মোৰ মত কি হ’ব ! আপুনি যি আদেশ দিয়ে, সেয়েই মোৰ মত । বন্দৰ –আপুনি মোৰ প্রশ্নটো সন্দেহেৰে লৈছে। সেইটো আপোনাৰ ভুল। মই আপোনাক পৰীক্ষা কৰিব খোজ নাই। অতি সৰলভাবে বিশ্বাসতে আপোনাৰ মতামত জানিব খুজিছো । - পা, ফু —শুনক তেন্তে ৷ ৰাজ-ভৃত্যস্বৰূপে মোৰ যি মত, ব্যক্তিগত ভাবে সেই মত নহয়। ব্যক্তিগতভাবে মই বৰগোহাই ডাঙ্গৰীয়াৰ প্রস্তাব সৰ্ব্বান্তঃকৰণে সমর্থন কৰে ! বন্দৰ –তাৰ কাৰণ ? [ ৬৬ ] পা, ফু –তাৰ কাৰণ স্বৰ্গদেৱৰ কাৰ্য্যত বাধা নিদিলে ৰাজ্য নাথাকে, অন্ততঃ গুৱাহাটী আহোমৰ হাতত নাথাকে। ৰজাৰ কাৰ্য্যত কামৰূপৰ সকলো প্রজা বিৰক্ত, বকরাচৌধুৰীসকলৰ মনত বিদ্ৰোহৰ ভাব, ৰঙ্গামাটিৰ নবাব গুৱাহাটী আক্রমণ কৰিবলৈ সাজু। দেশত শান্তি নহলে শক্ৰক ভেটা দিব কেনেকৈ ? বন্দৰ –ভাল তেন্তে, আজি আবেলিকৈ চ'ৰাৰ মেলত ইয়াৰ মীমাংসা কৰিব লাগিব । পা, ফু।–আপোনাৰ আসৈ নাপালে কোনেও মনোভাব ব্যক্ত কৰিবলৈ সাহ নকৰে । কিন্তু আপুনি যদি বৰগোহাই ডাঙ্গৰীয়াৰ প্ৰস্তাবত সন্মত হয়, তেন্তে সকলোৱে আপোনাক সমর্থন কৰিব। বন্দৰ –যদি সকলোৰে একমত হয়, ময়ো আৰু আপত্তি নকৰো, অনিচ্ছাৰে হলেও ৰাজদ্রোহকেই কৰ্ত্তব্য বুলি গ্রহণ কৰিম । কিন্তু যাক কেন্দ্ৰ কৰি এই আয়োজন, সেই গদাপাণিয়েই যে নাই । ( এজন চোৰাংচোৱাৰ প্রবেশ । ) চোৰাং - সেৱা জনাই ) ডাঙ্গৰীয়া দেউতা, গদাপাণিৰ বাতৰি পাইছো ! বন্দৰ –ক’ত আছে ? চোৰাং —ক’ত আছে সঠিককৈ নাজানে, কিন্তু গুৱাহাটীৰ ভিতৰতে ক’ৰবাত আছে। [ ৬৭ ] বন্দৰ –কেনেকৈ জানিলা ? চোৰাং -মই বহুত অনুসন্ধান কৰি কালি জানিব পাৰিলে, লুকী বুলি গাৰোৱনী এজনীৰ ঘৰত বৰ শকত-আৱত উজনীয়া মানুহ এজন আছে। মই পম খেদি গৈ নিভুলকৈ বুজিব পাৰিলো—তেওঁ গদাপাণিৰ বাহিৰে আন কোনো নহয়। দুর্ভাগ্যবশতঃ কালি ৰাতিয়েই তেওঁ তাৰ পৰা নগৰমুৱা হৈ আহিল, মই অলক্ষিতে তেওঁৰ পিচ ললে। নগৰৰ ওচৰলৈকে মই তেওঁক দেখিছিলো, কিন্তু এবাৰ হঠাৎ নোহোৱা হ’ল, কেনি গ’ল ক’লৈ গ’ল, মই একোকে ঠাৱৰাব নোৱাৰিলো। এতিয়ালৈকে বহু প্রবন্ধেৰে বিচাৰিলে , তথাপি কোনো শুংসূত্র পোৱা নগ’ল। এইটো হলে ডাঠি ক'ব পাৰো, তেওঁ নগৰৰ ভিতৰতে ক'ৰবাত আছে। বন্দৰ –বাৰু, এতিয়া যোৱা, মই তাৰ ব্যৱস্থা কৰিম, তুমিও লক্ষ্য ৰাখিবা । ( চোৰাংচোৱাৰ প্ৰস্থান। ) পা, ফু।–যদি এয়ে হয়, কোঁৱৰক পোৱা কঠিন নহব। আপুনি অভয় দি জাননী দিওক, নিশ্চয় তেওঁ আত্মপ্রকাশ কৰিব। বন্দৰ –আপোনালোকৰ যেতিয়া সেয়ে ইচ্ছা, ময়ে আৰু আপত্তি নকৰে"। আপুনি যাওক, আবেলিকৈ দোপদৰত সকলো সম্মিলিত হ'ম, তাতেই ভবিষ্যৎ কাৰ্য্য পদ্ধতি স্থিৰ কৰিম । ( পানী ফুকনৰ প্ৰস্থান ) [ ৬৮ ] মত দিছো, কিন্তু মন শান্ত হোৱা নাই । ক’ব পৰা নাই—কোনটো বাট ঠিক চিন্তান্বিত হয়। ) বাউলীৰ প্রবেশ ) বাউলী –কি স্থিৰ কৰিলে ? বন্দৰ –কিনো কৰিম ! উভয় সঙ্কট ! সকলোৰে মত—গদাক সাহায্য কৰিব লাগে । মোৰো সেয়েই আন্তৰিক ইচ্ছা । কিন্তু কৰ্ত্তব্যই কয় তাৰ বিপৰীত আচৰণ কৰিবলৈ। বাউলী -আপোনাৰ আন্তৰিক ইচ্ছাই বিবেকৰ বাণী ; সেয়ে আপোনাৰ কৰ্ত্তব্য । তাৰ বাহিৰে আন একোৱেই আপোনাৰ কৰ্ত্তব্য নহয়। গদাক পাটত বহুৱাওক বা নবহুৱাওক, সি পিচৰ কথা ; সম্প্রতি প্রাণদান দিয়ক। বন্দৰ –কেনেকৈ ? বাউলী –আপুনি গদাক আশ্রয় দিয়ক, যাতে তেওঁৰ প্রাণ নিৰাপদ হয়, তাৰ ব্যৱস্থা কৰক । বন্দৰ –কিন্তু গদাক এতিয়াও পোৱা নাই । - বাউলী । — গদাক পোৱা একো টান কথা নহয়। মাত্ৰ আপুনি কওক—পালে আশ্রয় দিব । বন্দৰ –দিম । বাউলী –ঠিক দিব ? কওক, –আৰু গদাৰ প্ৰাণৰ ভয় নাই ? বন্দৰ।–তুমিও মোক সন্দেহ কৰা নে ? বাউল –এনেয়ে নকৰে। কিন্তু ই জীৱন-মৰণৰ কথা, ৰাজনীতিৰ কথা। [ ৬৯ ] বন্দৰ –তোমাৰ ওচৰত মোৰ কোনো ৰাজনীতি নাই, বিশ্বাস কৰ । বাউলী ।-দেৱতা মোৰ ! ক্ষমা কৰিব । ( অলপ আগ বাঢ়ি ভিতৰলৈ চাই ) গদাপাণি ! বন্দৰ – ( বিমূঢ়ভাবে ) কি ! গদাপাণি ! জিজ্ঞাস্থ দৃষ্টিৰে বাউলীলৈ চায়, এনেতে গদাপাণি সোমাই আহে । ) বন্দৰ — গদাপাণিক নিলগতে দেখি ) গদাপাণি ! গদা – ভিনীহিদেউ ! (বেগেৰে আহি বন্দৰৰ পদধূলি ল’ব খোজো তেই বন্দৰে সাবটি ধৰে । ) চতুর্থ অঙ্ক শেষ । [ ৭০ ] ৰজাৰ নগৰ-গড়ৰ ভিতৰ। সময়-তিনিপৰীয়া । চুলিক্‌ফা আৰু বুঢ়াগোঁহাইৰ প্ৰবেশ। ৰজা – আমাৰ সকলো চেষ্টা ব্যর্থ হ’ল, শত্ৰ আজি ছৱাৰ মুখত । এতিয়া উপায় কি ডাঙ্গৰীয়া ? বুঢ়া –উপায় নাই স্বৰ্গদেৱ । গুৱাহাটীৰ পৰা শক্ৰ আহি গড়গাওঁ পালে, আমাৰ সকলো বাধা বিফল হ’ল । সকলো উপায় শেষ হ’ল। ৰজা –তেন্তে সিংহাসন ৰাখিব নোৱাৰো ? বুঢ়ী –নোৱাৰে । গদাপাশি নিজে বীৰ, বৰফুকন প্রধান সহায়, পানী-ফুকন, সলাল গোহাঁই তেওঁৰ সহকাৰী, কামৰূপৰ বিষয়াসকল অনুগত। প্রজা বিদ্রোহী, ডাঙৰীয়াসকল শত্ৰুৰ লগত । এনে অৱস্থাত সিংহাসন ৰক্ষা তো দূৰৰ কথা, ইয়াত থাকি আত্মৰক্ষা কৰাও অসম্ভব । ৰজা – তেন্তে কি কৰিব লাগে ? বুঢ়া –অবিলম্বে নগৰ এৰিবৰ ব্যৱস্থা কৰিব লাগে । ৰজা –কিয় ? এতিয়াও বহুতো বিষয়া আমাৰ দলত আছে, এতিয়াও ৰাজকীয় সৈন্ত শেষ হোৱা নাই; আপোনাৰ পাইক [ ৭১ ] এতিয়াও ঢুকোৱা নাই , এতিয়াও মোৰ বাছ অৱশ হোৱা নাই। তেন্তে নগৰ এৰিম কিয় ? বুঢ়া –প্ৰাণ ৰক্ষাৰ নিমিত্তে। সৰহীয়া দল-বল লৈও শত্ৰুক বিমুখ কৰিব নোৱাৰিলো। এতিয়া যি সহায়-সাৰথি অৱশিষ্ট, তাৰে জয়লাভ হ’ব নোৱাৰে । ৰজা –জয়লাভ নহ’ব পাৰে, কিন্তু এতিয়াও যুদ্ধ হ'ব পাৰিব। বুঢ়া –বিদ্রোহী প্রজাৰ হাতত লাঞ্ছনা ভুগিবলৈ যুদ্ধ কৰাৰ প্রয়োজন কি ? ৰজা – আৰু পলাই প্রাণ ৰাখিবৰ প্রয়োজনেই বা কি ? বুঢ়া –প্রয়োজন আছে। আজি প্রজাৰ অসন্তোষত গদাপাণিৰ সুযোগ মিলিছে, কালিলৈ হয় তো গদাপাণিৰ শাসনত অাকে প্রজা বিদ্রোহী হ’ব, আকৌ আপোনাক বিচাৰি আনিব । - BBB SBBB S BBBBBB BBB BBB BB BBB SSSSSS S সিংহাসন ৰক্ষাৰ নিমিত্তে নাৰীবধ কৰিবলৈকে কুষ্ঠিত নহলে , নিজৰ তেজ-মঙ্গহৰ কোঁৱৰসকলৰ তেজেৰে হাত ৰাঙ্গলী কৰিলে। শই শই নিৰীহ প্ৰজাক শালত দি ৰাজ্যত মহামাৰীৰ স্মৃষ্টি কৰিলো, সেই সিংহাসন মই স্ব-ইচ্ছাত এৰিব নোৱাৰো,-নেৰে। - বুঢ়া -স্বৰ্গদেৱ ! মানুহৰ অৱস্থা কালৰ মুখাপেক্ষিণী। কোনে জানে কেতিয়া কি হয়। সম্প্রতি আত্মৰক্ষা কৰি ভবিষ্যতলৈ অপেক্ষা কৰাই একমাত্র সদুপায়। [ ৭২ ] ৰজা –ভবিষ্যৎ মোক নালাগে, মোক লাগে বৰ্ত্তমান। বর্তমানে কৈছে –মই অসমৰ ৰজা, মোৰ প্ৰজা আৰু বিষয় বিদ্রোহী। হয় সিহঁতক দমন কৰি সিংহাসনৰ গৌৰব বঢ়াব লাগিব, নহলে সিংহাসনে সৈতে ধূলিৰ লগত মিলি যাব লাগিব । বুঢ়া -জানি-শুনি তেনে কৰাটো পতঙ্গ-বৃত্তিৰ বাহিৰে একো নহয়। ৰজা –যি হওক, সেয়ে মোৰ স্থিৰ সিদ্ধান্ত । বুঢ়ী।–মই তাক সমর্থন কৰিব নোৱাৰে। মই আকৌ স্বৰ্গদেৱক জনাওঁ, আত্মগোপনৰ বাহিৰে অন্য পথ নাই । ৰজা –আপোনাৰ পৰামর্শ মোক নালাগে। শেহলৈকে যুদ্ধ কৰিব লাগিব, এয়ে মোৰ আদেশ । বুঢ়ী —স্বৰ্গদেৱ ! তেনে আত্মঘাতী আদেশ পালন কৰিবলৈ মই অক্ষম। জলা জুইত জাপ দিয়া বিবেচকৰ কাৰ্য্য নহয়। ৰজা –মই সুধিব পাৰে নে ডাঙ্গৰীয়া, এই জুই জ্বলালে কোনে ? কোনে আগৰ ৰজাক হত্যা কৰি মোক পাটত বহুৱাইছিল ? কোনে কুট পৰামর্শেৰে অত্যাচাৰৰ বীজ মন্ত্র মোক দান কৰিছিল ? কাৰ মন্ত্রণাৰ বানত সকলো সজ পৰামর্শ উটুৱাই দি ৰাজ্যত হাহাকাৰ লগালে ! আজি ৰজা হৈও প্রজাৰ চকুত মই হীন ; আপনি ক'ব নে ই কাৰ সুবিবেচনাৰ ফল ? বুঢ়া –মই চিৰদিন স্বৰ্গদেৱৰ অৰ্থে প্রাণ আগ বঢ়াই আহিছে। মোৰ বিবেচনা, মোৰ ৰাজনীতি, সকলো স্বৰ্গদেৱৰ মঙ্গলৰ [ ৭৩ ] নিমিত্তে । জানি-শুনি দোষাৰোপ কৰিলে মোৰ কবলৈ একো নাথাকে। ৰজা –ক’বলৈ নাথাকে, নক’ব। ইমান দিন আপোনাৰ ওপৰত নির্ভৰ কৰি চলিলো, আৰু নচলে। যুদ্ধ কৰিব লাগিব, বিদ্রোহীক যিমান পৰ পাৰি ভেটিব লাগিব ; প্রয়োজন হলে শত্ৰুৰ তৰোৱালত বুকু পাতি দিব লাগিব। মোৰ সঙ্কল্প শুনক,-বাহিৰত শত্রক বাধা দিবৰ আৰু সময় নাই, কিন্তু ৰাজপুৰী ৰক্ষা কৰিবলৈ সকলো সুযোগ বৰ্ত্তমান। গড়ৰ ভিতৰৰ পৰা যুদ্ধ কৰিম, শেষ মূহুৰ্ত্তলৈকে অস্ত্রত্যাগ নকৰে। হয় শত্ৰুক্ষয়, নহয় মৃত্যু,-এয়ে মোৰ প্রতিজ্ঞা। আপুনি প্রস্তুত হওক । বুঢ়ী —স্বৰ্গদেৱ! উন্মাদ নহব, আত্মহত্যা নকৰিব । ৰজা –কিয় নকৰিম ! হত্যা যে মোৰ জীৱন-যজ্ঞ ! হত্যাতেই মোৰ ৰাজ্যাভিষেক, হত্যাই মোৰ শাসন-মন্ত্র। আৰু তাৰ পুৰোহিত—আপুনি স্বয়ং। এতিয়াও পূর্ণাহুতি বাকী, তাক সম্পূর্ণ কৰিব লাগিব। জানে নে কিহেৰে ? তেজেৰে—ইন্দ্রবংশী মহাৰাজ চুলিক্‌ফা আৰু আতন বুঢ়াগোঁহাইৰ তেজেৰে। ই মোৰ স্থিৰ সিদ্ধান্ত, আপুনি দ্বিৰুক্তি নকৰিব । ( এজন্ত সৈনিকৰ প্ৰবেশ।) সৈনিক – (সেৱা কৰি) স্বৰ্গদেৱ ! আমাৰ সৈন্ত ছিন্ন-ভিন্ন হ’ল, শত্ৰ মহাপয়োভৰেৰে আহিছে, গড় পাবলৈ পলম নাই । ( প্রস্থান । ) [ ৭৪ ] ৰজা – গড় পালেহি | ডাঙ্গৰীয়া! কি চাই আছে ? বেগাই আহক, শত্ৰক ভেটা দিবৰ এয়েই শেষ সুযোগ। বুঢ়া – স্বৰ্গদেৱ ! এতিয়া ধৈর্য্য হেৰুৱাবৰ সময় নহয়, ভবিষ্যৎ ভাবিবৰ সময়। । ৰজা –সেই সময় অতীত হৈছে। সম্মুখত একেটি মাথোন পথ – যুদ্ধ-মৃত্যু। প্রস্তুত হওক,--শীঘ্ৰে, পলম নকৰিব। বুঢ়ী —স্বৰ্গদেৱ ! প্রাণৰ মমতাত মই যুদ্ধ-ত্যাগৰ প্ৰস্তাব কৰা নাই | কৰিছে। ভবিষ্যতৰ চিন্তাত,-মোৰ নীতিৰ ব্যর্থতা দেখি। আপুনি ভুলৰ ওপৰত ভুল নকৰিব । এতিয়াও আহক, আত্মগোপন কৰি উজ্জল ভবিষ্যতৰ সন্ধান কৰে", ব্যর্থনীতি-পাৰে। যদি সফল কৰে। যদি নোৱাৰে', তেতিয়াও মৰিবৰ উপায় ওলাব। মৃত্যুৰ নিমিত্তে ইমান বিতত হৈছে কিয় ? - ৰজা –যুক্তি-তর্ক, মোক নালাগে, মোক স্পষ্ট উত্তৰ লাগে– মোৰ আদেশ পালিবলৈ আপুনি প্রস্তুত নে অপ্রস্তুত ? বুঢ়া –যদি মৃত্যুৱেই স্বৰ্গদেৱৰ একমাত্র অভিলাষ, তেনেহলে আৰু উপায় নাই । কিন্তু মনত ৰাখিব এই ভ্রান্ত নীতিৰ । ফল শুভ নহয়। এতিয়া আপুনি হুবুজিলে, যেতিয়া

বুজিব, তেতিয়া আৰু সংশোধনৰ যোগ নাথাকে। ৰজা –কি সিদ্ধান্ত কৰিলে ? বুঢ়া -জানো—যুদ্ধত নমা ভুল হ'ব। তথাপি সেই ভুলেই [ ৭৫ ]

ৰজা।— যাওক তেন্তে, শেষ চেষ্টাৰ নিমিত্তে সজ্জিত হওক। মৃত্যুৰ পূৰ্ব্ব মুহূৰ্ত্তলৈকে অস্ত্ৰত্যাগ নকৰিবলৈ সঙ্কল্প কৰক। যাওক, ৰাজপুৰী-ৰক্ষাৰ নিমিত্তে জীৱন পণ কৰি অগ্ৰসৰ হওক।
বুঢ়া।— যাওঁ। কিন্তু ফলাফলৰ বাবে মই দায়ী নহওঁ।
                                                                           ( প্ৰস্থান। )
ৰজা।— যিদিনা সিংহাসনত বহিলোঁ, সেই দিনাৰ পৰাই মৃত্যুৰ বিভীষিকা মোৰ সঙ্গিনী-দিঠকে সপোনে। আজি সিংহাসন এৰিলেও তাই মোক এৰি নিদিয়ে। হয় সিংহাসন, নহয় মৰণ, আন পথ নাই। ( অলপ ভাবি ) সিংহাসন ! অদ্ভুত মহিমা তোৰ ! তই মানবক দানব কৰিব পাৰ ; বিশ্বাসক ঘাতকৰ খড়গত পৰিণত কৰিব পাৰ, ৰাজ মুখৰ নামত হলাহল পিয়াই দেহ-মন জৰ্জৰিত কৰিব পাৰ। তথাপিও তোক নেৰে –যেতিয়ালৈকে তই নিজে এৰা নিদিয়। ( অলপ পৰ স্থিৰ দৃষ্টিৰে চাই থাকি ) সৌৱা, মৃতকসকলৰ প্ৰেতাত্মাবোৰ লৰি আহিছে, মোক বেৰি ধৰিছে । পলাব নোৱাৰোঁ,-পলাবৰ চেষ্টা নকৰো , তেওঁলোকৰ তৰ্পণ কৰিবলৈ আজি মোৰ এক মাত্ৰ সম্বল বুকৰ শোণিত।
বুঢ়া।— স্বৰ্গদেৱ শত্ৰু পালেহি। গড় ভাঙ্গিবলৈ আৰম্ভ কৰিছে। গড়-ৰখীয়া সেনা প্ৰায় শেষ। ভেটা দিয়া অসম্ভব।

[ ৭৬ ]

ৰজা।— তথাপি শেষ মুহূৰ্ত্তলৈকে ভেটিব লাগিব। ব'লক, শৰীৰৰ সকলো সামৰ্থ্য একেলগ কৰি শত্ৰুৰ ওপৰত জপিয়াই পৰোঁগৈ।
                                                       ( দুয়োৰে প্ৰস্থান। )
( নেপথ্যত হিলৈৰ শব্দ আৰু লগে লগে জয়-ধ্বনি :–“জয় গদাপাণিৰ জয়”। পিচলৈ চাই চাই কেইটামান সৈনিকৰ প্ৰবেশ আৰু প্ৰস্থান। অলপ পিচত ব্যস্ত ভাবে ৰজাৰ প্ৰবেশ )
ৰজা।— শক্ৰৱে গড় অধিকাৰ কৰিলে। আৰু সময় নাই। চুলিক্‌ফা ! তোৰ অস্তিত্ব আৰু এক মুহূৰ্ত্ত।
                                                       ( বুঢ়া গোঁহাইৰ প্ৰবেশ )
বুঢ়া।— স্বৰ্গদেৱ ! সকলো অন্ত। গড় অতিক্ৰম কৰি শত্ৰুৱে পুৰীত প্ৰবেশ কৰিছে। আৰু উপায় নাই স্বৰ্গদেৱ। যদি প্ৰাণ ৰক্ষাৰ প্ৰয়োজন আছে, সুৰঙ্গৰ আশ্ৰয় লওক।
ৰজা।— ৰাজ্যেশ্বৰ হৈ বহু পশুৰ দৰে চুলিক্‌ফাই গহবৰত আশ্ৰয় নলয়। আত্মগোপন অসম্ভব। এয়ে আমাৰ শেষ মুহূৰ্ত্ত ! আহক, এই মুহূৰ্ত্তৰ সদ্ব্যৱহাৰ কৰোঁ। শক্ৰৰ ভোগৰ নিমিত্তে এই ৰাজপুৰী ৰক্ষা কৰাৰ প্ৰয়োজন নাই। তাক জলাই দিওঁ। তাৰ পিচত শক্ৰৰ মাজত জপিয়াই পৰি জীৱনৰ শেষ কৰ্ত্তব্য সাধন কৰো।
                                                       ( দুয়োৰে প্ৰস্থান )
নেপথ্যত।— জয় গদাপাণিৰ জয় ! জয় গদাপাণিৰ জয় ! জয় গদাপাণিৰ জয় !

( গদাপাণি, বন্দৰ, পানীফুকন আৰু সৈন্যৰ প্ৰবেশ )
[ ৭৭ ]

গদা।— শত্ৰু-সৈন্য ছিন্ন-ভিন্ন, নগৰৰ প্ৰাচীৰ ধূলিসাৎ ততালিকে ৰাজপুৰী অধিকাৰ কৰি জয়লাভ সম্পূৰ্ণ কৰিব লাগিব। আৰু অপেক্ষা নকৰিব, আগ বাঢ়ক, এটি শত্ৰুও যেন পলাব নোৱাৰে। আজি চুলিক্‌ফাক বুজাই দিওঁ– নীচ ষড়যন্ত্ৰৰ পৰিণাম কি ভয়াবহ, সতীৰ তেজৰ চেকা কিমান গভীৰ, নাৰী-পীড়নৰ কি অচিন্তনীয় ভীষণ প্ৰতিফল।
                                                                     ( সকলোৰে গ্ৰস্থান )
                                             ( কেইটামান ৰজাঘৰীয়া ৰণুৱাৰ প্ৰবেশ )
সকলোৱে।— পলা, পলা।
প্ৰথম।— হেৰ পলাবি ক'লৈ ? বোলে নগাৰ চাঙৰ তলে হে বাট।
দ্বিতীয়।— তেও বোলে নমৰে মানে চাবা, নুবুৰে মানে বাবা।
( ওলাব খুজি থমকা খাই ৰয়। সন্মুখৰ ফালৰ পৰা সসৈন্যে পানীফুকন সোমায় )
পানী।— নপলাবি। যদি জীৱনৰ মায়া আছে, অস্ত্ৰ পৰিত্যাগ কৰ, আত্মসমপণ কৰ।
( ৰজাঘৰীয়া ৰণুৱাকেইটাই অস্ত্ৰশস্ত্ৰ আগ বঢ়াই দি সেৱা কৰে )
পানী।— সৈনিক ! এওঁলোক যুদ্ধৰ বন্দী। লৈ যোৱাঁ।
(ওলাই যায়। সৈন্যবিলাকে অস্ত্ৰ-শস্ত্ৰ আৰু বন্দীবিলাকক লৈ যায় )
                                                    (বুঢ়াগোঁহাইৰ প্ৰবেশ )
বুঢ়া।— ব্যৰ্থ হ’ল ! শেষ ৰক্ষা কৰিব নোৱাৰিলোঁ, স্বৰ্গদেৱৰ অধীৰতাই মোৰ নীতি ব্যৰ্থ কৰিলে। বৃথা চেষ্টা। এই বাৰ নিস্তাৰ নাই।

[ ৭৮ ]
(বন্দৰৰ প্ৰবেশ )

বন্দৰ।— আতন বুঢ়াগোহাঁই ! এতিয়াও ৰণৰ হেপাহ পলোৱা নাই নে ? চুজিন্‌ফা স্বৰ্গদেৱৰ অকাল মৃত্যু, বীৰ-জায়া জয়মতীৰ পাশবিক হত্যাকাণ্ড, প্ৰজাৰ ওপৰত কৰা নৃশংস অত্যাচাৰ, –সকলো মহাপাপৰ মহা প্ৰায়শ্চিত্ত আহিব লাগিছে। প্ৰস্তুত হোৱা, নহলে আত্মসমপণ কৰাঁ।
বুঢ়া।— কোন তই ? বন্দৰ ! কাৰ অনুগ্ৰহত আজি তই ৰাজ-প্ৰতিনিধি ? এয়েই নে তোৰ ৰাজভক্তি ? এয়েই নে তোৰ কৃতজ্ঞতা ? বিশ্বাসঘাতক। ৰাজদ্ৰোহী ! ইহকালত তোৰ শাস্তি প্ৰাণদণ্ড, পৰকালত অনন্ত নৰক।
বন্দৰ।— বক্তৃতা শুনিবলৈ অৱসৰ নাই ! যদি মঙ্গল বাঞ্ছা কৰা, আত্মসমপণ কৰাঁ।
বুঢ়া।— আত্মসমপণ ! ৰাজদ্ৰোহীৰ ওচৰত আত্মসমৰ্পণ ! আচৰিত ! এতিয়াও তোৰ কণ্ঠৰোধ হোৱা নাই! আতন বুঢ়াগোঁহাই বিশ্বাসঘাতক নহয়। নিশ্চয় জানিবি, আতন বুঢ়াগোহাঁয়ে স্বৰ্গদেৱৰ বাহিৰে কাৰো ওচৰত আত্মসমৰ্পণ নকৰে।
বন্দৰ।— তেন্তে আত্মৰক্ষা কৰ।
                                                 ( আক্ৰমণ কৰে। যুদ্ধ কৰি দুয়ো ওলাই যায় )

( গদাপাণিৰ প্ৰবেশ )

গদা।— সকলো শেষ! একমাত্ৰ বাকী আহোম কুলৰ কলঙ্ক চুলিক্‌ফা। তাক সময় দিছোঁ– তাৰ পাপৰ পৰিণাম

[ ৭৯ ]

চাবলৈ, আসন্ন মৃত্যুৰ ভীষণ দৃশ্যত আৰ্ত্তনাদ কৰিবলৈ। এইবাৰ শেষ বাৰ। তাৰ তেজেৰে জয়াৰ তৰ্পণ কৰিম,– প্ৰতিশোধৰ শেষ তৃষ্ণা নিবৃত্ত কৰিম।
( যাব খোজে। এনেতে ওপৰত জুইৰ পোহৰ দেখা যায়, আৰু আকাশ ৰঙ্গ হৈ উঠে। ঘনে ঘনে হিলৈৰ শব্দ শুনা যায়। গদাপাণি থমক খাই ৰৈ সেই ফাললৈ চায় )
গদা।— কি ! নগৰত জুই লগালে কোনে ? অলপ ৰৈ ) বেচ হৈছে, সুন্দৰ হৈছে। নাৰকীয় লীলাৰ স্থল, পিশাচৰ গহবৰ এই পাপপুৰী ধূলিৰ লগত মিলি যাওক, পাপীৰ শেষ চিহ্ন পৰ্য্যন্ত অন্তৰ্হিত হওক। এই নগৰ মোক নালাগে। পুৰণিক সমাধিৰ গৰ্ভত এৰি নতুন নগৰ নিৰ্ম্মাণ কৰিম, আহোমৰ লুপ্ত কীৰ্ত্তি পুনৰ উদ্ধাৰ কৰিম।

( বন্দৰৰ প্ৰবেশ )

বন্দৰ।— আমাৰ কাৰ্য্য শেষ। ৰজা, বুঢ়াগোঁহাই দুয়ো বন্দী।
গদা।— লৈ আহক!

( বন্দৰৰ প্ৰস্থান )

গদা।— আজি মোৰ জীৱনৰ সাধনা পূৰ্ণ হ’ল (স্থিৰদৃষ্টিৰে ওপৰলৈ চাই) জয়া ! জয়া ! চোৱাঁহি আজি তোমাৰ মহাব্ৰতৰ শেষ পৰিণতি, পাপীৰ প্ৰতি উদাস অন্তৰৰ নিৰ্ম্মম প্ৰতিশোধ !

(প্ৰহৰী বেষ্টিত ৰজা আৰু বুঢ়াগোঁহাইক লৈ বন্দৰ আৰু পানী
ফুকনৰ প্ৰবেশ )

গদা।— আতন বুঢ়াগোঁহাই ! মনত আছে নে ইমান দিন কত নৰনাৰীক হত্যা কৰিলা ? কত ৰজা ৰাজকুমাৰক বধ কৰিলা?

[ ৮০ ]

এই বাৰ তোমাৰ হত্যা। তোমাৰ ক’বলগীয়া কিবা আছে নে ?
বুঢ়া।— মোৰ বক্তৱ্য—মোৰ কাৰ্য্যত কোনো ব্যক্তিগত উদ্দেশ্য নাই। যি কৰিছোঁ ৰাজকৰ্ম্মচাৰীৰূপে কৰ্ত্তব্যৰ অনুৰোধত। আজি মোৰ নীতি ব্যৰ্থ হৈছে, তথাপিও মোৰ সান্তনা– মই কৰ্ত্তব্যভ্ৰষ্ট হোৱা নাই, ৰাজদ্ৰোহ মহাপাপত লিপ্ত হোৱা নাই।
গদা।— চিন্তিত ভাবে ) হ'ব পাৰে, – ভাবিব লাগিব, প্ৰকৃত উদ্দেশ্য জানিব লাগিব। ( প্ৰহৰীৰ প্ৰতি ) প্ৰহৰী, লৈ। যা। এওঁৰ বিচাৰ আজিলৈ স্থগিত থাকিল।
                                                    (বুঢ়াগোহাঁইক লৈ যায় )
গদা।— ৰজালৈ চাই ) চুলিক্‌ফা। আছে নে তোমাৰ কিবা ক'বলগীয়া ?
ৰজা।— ( ঘৃণা আৰু বিৰক্তিৰ ভাবেৰে গদাপাণিলৈ চায়। )
গদা।— কি শাস্তি তোমাৰ উপযুক্ত হ’ব ক’ব পাৰা নে ?
ৰজা।— এদিন আগতে এই প্ৰশ্ন ওলোটা হ'লহেতেন। আজি তোমাৰ পাল। মোৰ কোনো বক্তব্য নাই।
গদা।— ক্ষমা প্ৰাৰ্থনা ?
ৰজা।— ৰাজদ্ৰোহীক ৰজাই শাস্তি দিয়ে, ক্ষমা নোখোজে। তুমি। আজি বিজেতা হ’ব পাৰা, তথাপিও তুমি ৰাজদ্ৰোহী।
গদা।— শুনা তেন্তে তোমাৰ শাস্তি– সম্প্ৰতি অন্ধকাৰ কাৰাগাৰত তোমাৰ ঠাই, অনাহাৰ তোমাৰ ব্ৰত। নিজ দুষ্কাৰ্য্য সুঁৱৰি

[ ৮১ ]

অনুতাপৰ বহ্নিত জলি জলি, অনাহাৰত মৃতকল্প হৈ যেতিয়া মৃত্যুক আৰাধনা কৰিবা, তেতিয়াহে তোমাৰ আচল শাস্তি আৰম্ভ হ’ব। সি যেনে-তেনে শাস্তি নহয়—কল্পনাতীত। শৰীৰৰ বেলেগ বেলেগ অংশ এনে ভাবে ক্ষতবিক্ষত কৰা হ'ব যাতে যন্ত্ৰণাৰ তীব্ৰ জ্বালাত প্ৰাণ কণ্ঠাগত হয়, অথচ মৃত্যু নহয়। আমৰণ এই শাস্তিৰ ব্যৱস্থা হ'ব। প্ৰহৰী ! লৈ যা।
( প্ৰহৰীয়ে নিব খোজে। এনেতে বেগেৰে ৰাণীৰ প্ৰবেশ। )
ৰাণী।— কোঁৱৰ ! মোৰ স্বামীৰ প্ৰাণ দান দিয়াঁ কোৱৰ।
গদা।— কোন তুমি ?
ৰাণী।— মই তোমাৰ শত্ৰুৰ সহধৰ্ম্মিণী।
গদা।— তেন্তে তোমাৰ অনুৰোধ অন্যায়। তোমাৰ স্বামীৰ যি অপৰাধ, পৃথিবীৰ সকলো শাস্তি একেলগে দিলেও যথেষ্ট নহয়.।
ৰাণী।— কিন্তু কোনো শাস্তিয়েই অতীতক ওভতাব নোৱাৰে,-যি গ’ল তাক ঘূৰাই নিদিয়ে। সেই মহা অমঙ্গলে যি ৰাজসম্পদ তোমাক চপাই দিছে, তাকো তুমি এৰিব নোৱাৰা। সেই কাৰণে মই প্ৰাৰ্থনা কৰিছে, স্বামীক ৰক্ষা কৰাঁ। শাস্তি নিদিলে যদি নহয়, তেওঁৰ সলনিত মোক শাস্তি দিয়া,– জয়াৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ মোৰ ওপৰত লোৱাঁ !
গদা।— তুমি নাৰী। নাৰীৰ ওপৰত অত্যাচাৰ হব নোৱাৰে।

[ ৮২ ]

ৰাণী।— নহয়, সি ভুল। নাৰীৰ তেজৰ চেকা ধুবলৈ নাৰীৰ তেজেই উপযুক্ত। বিচাৰৰ সমতা ৰক্ষা কৰি স্বামীৰ হৈ মোক শাস্তি দিয়া। স্বামীক মুক্তি দিয়া।
গদা।— মুক্তি ! –অসম্ভব।
ৰাণী।— তেন্তে মই নিজে শাস্তি গ্ৰহণ কৰিম, মোৰ প্ৰাণ বিসৰ্জন দি স্বামীৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম। বিদায় ! অন্তিম বিদায়! (লৰ মাৰিব খোজে। )
গদা।— ৰ’বা, নাযাবা !
ৰাণী।— মোৰ কাকুতিৰ যেতিয়া ফল নধৰিলে ৰৈ কি কৰিম ! পতিৰ অবিহনে একমাত্ৰ মৃত্যুৱেই সতীৰ আশ্ৰয়। তাৰ বাহিৰে আৰু ঠাই ক’ত ? তুমি জয়াৰ স্বামী, তোমাক সৰহ কোৱাৰ সকাম নাই। স্বামীৰ লগতেই মোৰো জীৱনৰ শেষ।
                                                             ( যাব খোজে। )
গদা।— ক্ষান্ত হোৱা ৰাণী? পাপৰ জোখ আৰু নবঢ়াবা। তোমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলোঁ।
( ৰজালৈ চাই) চুলিক্‌ফা ! চোৱা-নাৰীৰ স্বাৰ্থত্যাগ, নাৰীৰ মহীয়সী শক্তি। এই নাৰীৰ যি অবমাননা কৰে, তাৰ মনুষ্যত্ব ক’ত ?
ৰজা।— গদাপাণি। মই তোমাৰ কৰুণা-ভিখাৰী নহওঁ, শাস্তিৰ নিমিত্তে প্ৰস্তুত আছোঁ।
গদা।—কিন্তু নাৰীৰ মৰ্য্যাদা ৰাখিব লাগিব। ৰাণী, যোৱাঁ,

[ ৮৩ ]

তোমাৰ স্বামীৰ প্ৰাণদণ্ড ৰহিত কৰিলোঁ। তেওঁৰ যাৱজ্জীৱন নামৰূপলৈ নিৰ্ব্বাসিত কৰা হ'ল। তাত তেওঁ সকলো সুবিধা ভোগ কৰিব পাৰিব, কিন্তু যদি কেতিয়াৰ কোনো ষড়যন্ত্ৰত লিপ্ত হয়, তেন্তে পূৰ্ব্বৰ শাস্তি পূৰ্ণভাবে ভোগ কৰিব লাগিব। যোৱাঁ এতিয়া।
ৰাণী।— কোঁৱৰ ! তোমাৰ ধাৰ মই এই জীৱনত শুজিব নোৱাৰোঁ। মোৰ কৃতজ্ঞতা গ্ৰহণ কৰাঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে , তোমাৰ মঙ্গল হওক, তোমাৰ যশস্যা, দেশে দেশে বিয়পি পৰক। গদা -যোৱা এতিয়া।
                                                                  (ৰাণীৰ প্ৰস্থান। )
প্ৰহৰী, ৰজাক লৈ যা, চাবি, যেন ৰাজ সম্মানৰ লাঘব নহয়।
                                               ( ৰজাক লৈ প্ৰহৰী যাব খোজে। )
ৰজা।— গদাপাণি ! তোমাৰ কাৰ্য্য দেখি বুজিছোঁ শত্ৰু হলেও তুমি মহান। সেই বাবে তোমাক এটা উপদেশ দিওঁ, –যদি সিংহাসন ৰাখিব খুজিছা, খুটাকেইটা সলাই ল'বা।
                                                             ( প্ৰহৰীসহ প্ৰস্থান। )
বন্দৰ।— আমাৰ কাৰ্য্য সুচাৰুৰূপে সমাধা হ’ল, অতি শীঘ্ৰে অভিষেক সম্পন্ন কৰিব লাগে।
পানী।— তাৰ পূৰ্বেই নগৰ সুসজ্জিত কৰিব লাগিব, বিধ্বস্ত নগৰক জীৱন্ত কৰিব লাগিব।

[ ৮৪ ]

গদা।— নালাগে,–একো নালাগে। গড়গাওঁ শ্মশানত পৰিণত হওক, তাৰ অস্তিত্ব বিস্মৃতিৰ গৰ্ভত লয় যাওক। য’ত শিবিৰ পাতি গড়গাওঁ অধিকাৰ কৰিছো, সেই বৰকলাই মোৰ নগৰ, তাতেই অভিষেকৰ কাৰ্য্য সম্পন্ন কৰিম।

( গায়ন, বায়নৰে সৈতে ডাঙ্গৰীয়া, বিষয়া আৰু অদ্যান্ত

লোকৰ প্ৰবেশ। )

( সকলোৱে আঠু কাঢ়ি সেৱা জনায়। )

গদা।— আপোনালোকৰ ব্যৱহাৰত সন্তুষ্ট হৈছোঁ। এতিয়া আহক, এক মুহূৰ্ত্তও অবাবত নষ্ট কৰিব নোৱাৰি। ৰাজ্য জুৰি অৰাজকতা, তাক গুচাই শান্তিস্থাপন কৰিব লাগিব, দেশক নতুনকৈ গঢ়িব লাগিব। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক—যেন ইমানতেই ৰাজ্যৰ সকলো অপায় অমঙ্গল আঁতৰ হয় ; যেন দেৱতাৰ আশীৰ্ব্বাদত ঘৰে ঘৰে শান্তিয়ে বিৰাজ কৰে ;–অৰাজক আহোম ৰাজ্য ৰাম ৰাজ্যত পৰিণত হয়।

( সকলোৱে মূৰ দোঁৱায় )


পঞ্চম অঙ্ক শেষ।


[ ৮৫ ]
সামৰণি।

জেৰেঙ্গা পথাৰ।

পথাৰৰ মাজতে জয়মতীক বন্ধা কোঁটকৰা গছ জোপা। দুয়ো দাঁতিয়ে
অসংখ্য মানুহ, এফালে মতা, এফালে তিৰুতা। কেইজনমান

শান্তিৰক্ষক প্ৰহৰী।

এজন প্ৰহৰী।– স্বৰ্গদেৱ আহিব লাগিছে, তোমালোক কোনেও হাই উৰুমি নকৰিবাহঁক।

( কোঁচত ফুল লৈ কেইজনীমান কুমাৰীৰ প্ৰবেশ )

কুমাৰীসকল –জয় সৰগৰে জ্যোতি,
,, সতী জয়মতী,
,, নাৰী সমাজৰে ৰাণীI
,, মৰণক জিনিলা,
,, স্বামীকো ৰাখিলা,
,, সতীৰে ধৰমে মানি।
,, আকাশে-বতাহে,
,, শুনো একেৰাহে,
,, তোমাৰে খিয়াতি গোৱাঁ।
,, ভকতিৰে তোলা,
,, চকু-লোৰে ধোৱা,
জয় ফুলৰে অাঁজলি লোৱাঁ

[ ৮৬ ]
(ফুলৰ আঁজলি কোঁটকৰা গছৰ গুৰিত দিয়ে। লগে লগে পুৰুষসকলে— “জয় মহাসতী জয়মতীৰ জয়” বুলি জয়ধ্বনি কৰে, নাৰীসকলে উৰুলি দিয়ে। এনেতে লাই, লেচাই, বিষয়া আৰু সৈন্যসকলেৰে সৈতে গদাপাণিৰ প্ৰবেশ। )

সকলোৱে।— জয় স্বৰ্গদেৱ গদাধৰ সিংহৰ জয়। জয় স্বৰ্গদেৱ গদাধৰ সিংহৰ জয় ! জয় স্বৰ্গদেৱ গদাধৰ সিংহৰ জয় !

( গদাপাণিয়ে একোলৈকে ভ্ৰূক্ষেপ নকৰি কোঁটকৰা গছৰ কাষ চাপে। পিচে পিচে গৈ লাই-লেচায়েও তেওঁৰ ওচৰত থিয় দিয়ে। )

গদা।— এয়ে মোৰ মহাতীৰ্থ, অসমৰ পুণ্যক্ষেত্ৰ। অত্যাচাৰপ্ৰপীড়িত কোন ক’ত আছা, আই, এবাৰ এই পুণ্যক্ষেত্ৰৰ সঞ্জীৱনী শক্তি লৈ মূৰ তুলি উঠাঁ। পাপ-তাপৰ দহনত দগ্ধ মানব, আই, এই তীৰ্থ লৈ আহাঁ, শান্তি পাবা। আই অসমৰ নাৰী, যদি তোমাৰ গৃহস্থালি নন্দন গন্ধেৰে আমোদিত কৰিব খোজা, এবাৰ এই তীৰ্থত কুসুমাঞ্জলি প্ৰদান কৰা, ইয়াৰ ধুলি-কণা শিৰত লৈ পবিত্ৰ হোৱাঁ।
           জয়া মোৰ ৰাণী। জয়াৰ ৰাজত্ব চিৰস্থায়ী। এদিন এই ইন্দ্ৰবংশী আহোম ৰজাই অস্তিত্ব হেৰুৱাব পাৰে, শাসকৰ দণ্ড এৰি দাসত্বৰ শৃঙ্খল পিন্ধিব পাৰে, কিন্তু জয়াৰ ৰাজত্ব নাযায়। যেতিয়ালৈকে পৃথিবীত সতীত্বৰ আদৰ থাকিব, যেতিয়ালৈকে নাৰীৰ নাৰীত্ব বিলোপ নহয়, যেতিয়ালৈকে পশুবল জিনিবলৈ তুৰ্জয় মনোবলৰ প্ৰয়োজন হব, তেতিয়ালৈকে জয়া মোৰ অজৰ অমৰ।

[ ৮৭ ] আজি মই অসমৰ ৰজা। ই মোৰ বাহুবলত নহয়, মন্ত্ৰীৰ মন্ত্ৰণাত নহয়, ই জয়াৰ অলৌকিক সতীত্ব-প্ৰভাবত। আজি অসমৰ প্ৰত্যেক নৰ-নাৰীৰ হৃদয়ত জয়াৰ অলৌকিক শক্তিৰ প্ৰতিবিম্ব, গছ-লতা,মাটি-পানী— সকলোতে জয়াৰ আলোকময় সৌন্দৰ্য্য। অসমৰ ৰাণী জয়া, নাৰীৰ আদৰ্শ জয়া, আহোম গৌৰৱৰ অনন্ত আলোক জয়া, মোৰ জীৱনৰ ধ্ৰুবতৰা জয়া। জয়া ! জয়া ! জয়া !

( আঠু কাঢ়ে, আৰু স্থিৰ দৃষ্টিৰে শৃষ্ঠলৈ চাই থৰ হয়। কিছু সময় তেনেকৈ থকাৰ পাচত পট পৰিবৰ্ত্তন হয়, জেৰেঙ্গ পথাৰৰ দৃশ্যৰ ঠাইত জয় সাগৰৰ এখন ছায়াময় পট তেওঁৰ চকুৰ আগে দি ভাহি যায়। তাকে চাই চাই)

মই দিব্য দৃষ্টিৰে দেখিছোঁ, এই জেৰেঙ্গ পথাৰ আৰু, শ্মশান নহয়, জয়াৰ অমৰ নাম লৈ ই অমৰ তীৰ্থ। সৌৱা ভগীৰথৰ বিনা আহবানত ভাগীৰথী নামি আহিছে, শ্মশানৰ ভয়ঙ্কৰ বুকত বিশাল সাগৰে ভুমুকি মাৰিছে, সুশীতল বাৰিধাৰাই জয়াৰ কৰুণাৰ্দ্ৰ হৃদয়ৰ স্নেহধাৰা উদ্বেলিত কৰিছে। তাৰ পাৰত সুৰম্য মন্দিৰ সতীৰ অতুলনীয় কীৰ্ত্তিৰ জীৱন্ত মূৰ্ত্তি। জয়া আজি দেবী, জয়াৰ নামত শঙ্খঘণ্টা বাজি উঠিছে, লক্ষ লক্ষ নৰ-নাৰীয়ে জয়াৰ উদ্দেশ্যে কুসুমাঞ্জলি লৈ অপেক্ষা কৰিছে। সোণৰ সিংহাসনত বহি জয়াই মোৰ সকলোকে আশীৰ্ব্বাদ কৰিছে। [ ৮৮ ]

লাই।— মাতৃৰ প্ৰতি এই কৰ্ত্তব্য মোৰ। আপোনাৰ সপোন মই দিঠকত পৰিণত কৰিম।

(ছায়া-পট আঁতৰি যায়।)

গদা।— (চক খাই উঠি থিয় হৈ) সপোন! মোৰ সপোন! কেনি গ'ল। লুকাল! জয়া। জয়া। আহাঁ মোৰ হৃদয়ৰ ৰাণী।

(দুয়ো হাত মেলি শূন্যত সাবটি ধৰে।)

পুৰুষসকল।— জয় মহাসতী জয়মতীৰ জয়।
         জয় স্বৰ্গদেৱ গদাধৰসিংহৰ জয়।

(লগে লগে নাৰীসকলে উৰুলি দিয়ে।)





অন্ত।
Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৭ চনত ১ জানুৱাৰী ১৯৫৭ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)