পৃষ্ঠা:সতীৰ তেজ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নেপথ্যত ঢোলৰ শব্দ। সকলোৱে সেই ফাললৈ চায়, এনেতে কান্ধত ঢোল আৰু হাতত এখন দীঘল সাঁচি পাত লৈ দুটা ৰজাঘৰীয়া পাইকৰ প্ৰবেশ। )
১ম পাইক। —(সাঁচি পাত চাই ) প্ৰবল প্ৰতাপান্বিত মহামহিম শ্ৰীল শ্ৰীশ্ৰীশ্ৰীশ্ৰীযুক্ত স্বৰ্গদেৱ চুলিক্‌ফাৰ আদেশ সকলোৱে শুনিবাহক –
 (দ্বিতীয় পাইকে ঢোল বজায়। মানুহকেইটা থৰ হয়। আন বাটৰুৱা মানুহ কিছুমান গোট ৰায়। )
১ম পাইক। — ( সাচিপাত চাই ) যেহেতু ৰাজদ্ৰোহী গদাপাণি ভেশ ছন কৰি ফুৰিছে বুলি জনা গৈছে, সেই হেতুকে সমূহ প্ৰজাক জনোৱা যায় যে যেয়ে গদাপাণিৰ মূৰ আনি দিব পাৰিব, সেয়ে এহেজাৰ সোণৰ মোহৰ বঁটা পাব।
 ( দ্বিতীয় পাইকে ঢোল বজায়। )
যদি কোনোবাই পায়ো গোপন কৰে তাক সবংশে শালত দিয়া হ’ব।
 ( দ্বিতীয় পাইকে ঢোল বজায়। )
 ( পুনৰায় পূৰ্ব্ববৎ পাঠ কৰি দুয়ো ওলাই যায়। )
প্ৰ, মানুহ। —গদাকোঁৱৰৰ মূৰ অনাকেইটা হে হয়। লগ পালেই বাৰু, কাষ চাপিবলৈ সাহ কৰিব কোনে? জেৰেঙা পথাৰত চাওদাঙৰ মাজতে ওলাইছিল বুলি শুনিছোঁ, তেও দেখোন ধৰি ৰাখিব নোৱাৰিলে একা!
দ্বি, মানুহ। —গদা কোঁৱৰক ধৰাটো বাৰু হৈছে! মুঠেই মাজতে নিৰ্দোষ মানুহ কিছুমানৰ মূৰ যাব।