পৃষ্ঠা:সতীৰ তেজ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হলেও কোনেও দোষ দিব নোৱাৰিলেহেতেন। এতিয়া লোকে সাহায্য বিচাৰিছে, আহোম ৰাজ্য ৰক্ষা কৰিবলৈ এয়েই মাহেন্দ্ৰ সুযোগ। ইয়াক নেৰিব। এনে সজ উদেশ্যত দোষ হ’ব নোৱাৰে।
বন্দৰ। —তথাপিও সি ৰাজদ্ৰোহ।
বাউলী। —হওক ৰাজদ্ৰোহ। তাৰপৰা দেশৰ মঙ্গল হ’ব। সমূহ প্ৰজাৰ মঙ্গলৰ নিমিত্তে আপুনিও বিদ্ৰোহী হ’ব লাগিব। মই মিনতি কৰিছোঁ, আপুনিও এই প্ৰস্তাবত সম্মতি দিয়ক, দেশ ৰক্ষা কৰক, নিৰীহ নৰ-নাৰীৰ অকালমৃত্যু ৰোধ কৰক।
 ( দুৱৰীৰ প্ৰবেশ )
দুৱৰী। —পানীফুকন ডাঙ্গৰীয়াই লগ পাব খুজিছে।
বন্দৰ। —যা ইয়ালৈকে মাতি আন।
 ( দুৱৰীৰ প্ৰস্থান )
বাউলী। —আপুনি যেন গদাৰ অমঙ্গল নিচিন্তে। গদাৰ কিবা হ’বৰ হ’লে মই জীয়াই থাকিব নোৱাৰোঁ।
 ( প্ৰস্থান )
 (বন্দৰে চিঠিখনক চাই চিন্তান্বিত হয়। অলপ পিচতে পানীফুকনৰ প্ৰবেশ)
বন্দৰ। —ফুকন! আহক। কিবা নতুন বাতৰি আছে নে?
পানী। —একো নাই। ইমান চেষ্টা, ইমান অনুসন্ধান মিছা হ’ল। গদাপাণিৰ কোনো বাতৰি নাই, জীয়াই আছে নে নাই তাতেই মোৰ সন্দেহ জন্মিছে।