সতীৰ তেজ/পঞ্চম অঙ্ক

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
সতীৰ তেজ
লেখক দণ্ডিনাথ কলিতা
[ ৭০ ]

পঞ্চম অঙ্ক।

ৰজাৰ নগৰ—গড়ৰ ভিতৰ।
সময়—তিনিপৰীয়া।

চুলিক্‌ফা আৰু বুঢ়াগোঁহাইৰ প্ৰবেশ।

ৰজা।—আমাৰ সকলো চেষ্টা ব্যৰ্থ হ’ল, শত্ৰু আজি দুৱাৰ মুখত। এতিয়া উপায় কি ডাঙ্গৰীয়া ?
বুঢ়া।—উপায় নাই স্বৰ্গদেৱ। গুৱাহাটীৰ পৰা শক্ৰ আহি গড়গাওঁ পালে, আমাৰ সকলো বাধা বিফল হ’ল। সকলো উপায় শেষ হ’ল।
ৰজা।—তেন্তে সিংহাসন ৰাখিব নোৱাৰোঁ ?
বুঢ়া।—নোৱাৰে। গদাপাণি নিজে বীৰ, বৰফুকন প্ৰধান সহায়, পানী-ফুকন, সলাল গোহাঁই তেওঁৰ সহকাৰী, কামৰূপৰ বিষয়াসকল অনুগত। প্ৰজা বিদ্ৰোহী, ডাঙৰীয়াসকল শত্ৰুৰ লগত। এনে অৱস্থাত সিংহাসন ৰক্ষা তো দূৰৰ কথা, ইয়াত থাকি আত্মৰক্ষা কৰাও অসম্ভব।
ৰজা।—তেন্তে কি কৰিব লাগে ?
বুঢ়া।—অবিলম্বে নগৰ এৰিবৰ ব্যৱস্থা কৰিব লাগে।
ৰজা।—কিয় ? এতিয়াও বহুতো বিষয়া আমাৰ দলত আছে, এতিয়াও ৰাজকীয় সৈন্য শেষ হোৱা নাই; আপোনাৰ পাইক

[ ৭১ ]

এতিয়াও ঢুকোৱা নাই; এতিয়াও মোৰ বাহু অৱশ হোৱা নাই। তেন্তে নগৰ এৰিম কিয় ?
বুঢ়া।—প্ৰাণ ৰক্ষাৰ নিমিত্তে। সৰহীয়া দল-বল লৈও শত্ৰুক বিমুখ কৰিব নোৱাৰিলোঁ। এতিয়া যি সহায়-সাৰথি অৱশিষ্ট, তাৰে জয়লাভ হ’ব নোৱাৰে।
ৰজা।—জয়লাভ নহ’ব পাৰে, কিন্তু এতিয়াও যুদ্ধ হ'ব পাৰিব।
বুঢ়া।—বিদ্ৰোহী প্ৰজাৰ হাতত লাঞ্ছনা ভুগিবলৈ যুদ্ধ কৰাৰ প্ৰয়োজন কি ?
ৰজা।—আৰু পলাই প্ৰাণ ৰাখিবৰ প্ৰয়োজনেই বা কি ?
বুঢ়া।—প্ৰয়োজন আছে। আজি প্ৰজাৰ অসন্তোষত গদাপাণিৰ সুযোগ মিলিছে, কালিলৈ হয় তো গদাপাণিৰ শাসনত অাকে প্ৰজা বিদ্ৰোহী হ’ব, আকৌ আপোনাক বিচাৰি আনিব।
ৰজা।—ডাঙৰীয়া! আপোনাৰ মন্ত্ৰণা আৰু মই নুশুনো। যি সিংহাসন ৰক্ষাৰ নিমিত্তে নাৰীবধ কৰিবলৈকে কুষ্ঠিত নহলোঁ , নিজৰ তেজ-মঙ্গহৰ কোঁৱৰসকলৰ তেজেৰে হাত ৰাঙ্গলী কৰিলোঁ, শই শই নিৰীহ প্ৰজাক শালত দি ৰাজ্যত মহামাৰীৰ সৃষ্টি কৰিলোঁ, সেই সিংহাসন মই স্ব-ইচ্ছাত এৰিব নোৱাৰোঁ—নেৰোঁ।
বুঢ়া।—স্বৰ্গদেৱ ! মানুহৰ অৱস্থা কালৰ মুখাপেক্ষিণী। কোনে জানে কেতিয়া কি হয়। সম্প্ৰতি আত্মৰক্ষা কৰি ভবিষ্যতলৈ অপেক্ষা কৰাই একমাত্ৰ সদুপায়।

[ ৭২ ]

ৰজা।—ভবিষ্যৎ মোক নালাগে, মোক লাগে বৰ্ত্তমান। বৰ্তমানে কৈছে –মই অসমৰ ৰজা, মোৰ প্ৰজা আৰু বিষয় বিদ্ৰোহী। হয় সিহঁতক দমন কৰি সিংহাসনৰ গৌৰব বঢ়াব লাগিব, নহলে সিংহাসনে সৈতে ধূলিৰ লগত মিলি যাব লাগিব।
বুঢ়া।—জানি-শুনি তেনে কৰাটো পতঙ্গ-বৃত্তিৰ বাহিৰে একো নহয়।
ৰজা।—যি হওক, সেয়ে মোৰ স্থিৰ সিদ্ধান্ত।
বুঢ়া।—মই তাক সমৰ্থন কৰিব নোৱাৰে। মই আকৌ স্বৰ্গদেৱক জনাওঁ, আত্মগোপনৰ বাহিৰে অন্য পথ নাই।
ৰজা।—আপোনাৰ পৰামৰ্শ মোক নালাগে। শেহলৈকে যুদ্ধ কৰিব লাগিব, এয়ে মোৰ আদেশ।
বুঢ়ী।—স্বৰ্গদেৱ ! তেনে আত্মঘাতী আদেশ পালন কৰিবলৈ মই অক্ষম। জলা জুইত জাপ দিয়া বিবেচকৰ কাৰ্য্য নহয়।
ৰজা।—মই সুধিব পাৰে নে ডাঙ্গৰীয়া, এই জুই জ্বলালে কোনে ? কোনে আগৰ ৰজাক হত্যা কৰি মোক পাটত বহুৱাইছিল ? কোনে কুট পৰামৰ্শেৰে অত্যাচাৰৰ বীজ মন্ত্ৰ মোক দান কৰিছিল ? কাৰ মন্ত্ৰণাৰ বানত সকলো সজ পৰামৰ্শ উটুৱাই দি ৰাজ্যত হাহাকাৰ লগালোঁ ? আজি ৰজা হৈও প্ৰজাৰ চকুত মই হীন ; আপনি ক'ব নে ই কাৰ সুবিবেচনাৰ ফল ?
বুঢ়া।—মই চিৰদিন স্বৰ্গদেৱৰ অৰ্থে প্ৰাণ আগ বঢ়াই আহিছোঁ। মোৰ বিবেচনা, মোৰ ৰাজনীতি, সকলো স্বৰ্গদেৱৰ মঙ্গলৰ

[ ৭৩ ]

নিমিত্তে। জানি-শুনি দোষাৰোপ কৰিলে মোৰ কবলৈ একো নাথাকে।
ৰজা।—ক’বলৈ নাথাকে, নক’ব। ইমান দিন আপোনাৰ ওপৰত নিৰ্ভৰ কৰি চলিলোঁ, আৰু নচলোঁ। যুদ্ধ কৰিব লাগিব, বিদ্ৰোহীক যিমান পৰ পাৰি ভেটিব লাগিব ; প্ৰয়োজন হলে শত্ৰুৰ তৰোৱালত বুকু পাতি দিব লাগিব। মোৰ সঙ্কল্প শুনক,—বাহিৰত শত্ৰক বাধা দিবৰ আৰু সময় নাই, কিন্তু ৰাজপুৰী ৰক্ষা কৰিবলৈ সকলো সুযোগ বৰ্ত্তমান। গড়ৰ ভিতৰৰ পৰা যুদ্ধ কৰিম, শেষ মূহূৰ্ত্তলৈকে অস্ত্ৰত্যাগ নকৰে। হয় শত্ৰুক্ষয়, নহয় মৃত্যু,—এয়ে মোৰ প্ৰতিজ্ঞা। আপুনি প্ৰস্তুত হওক।
বুঢ়া।—স্বৰ্গদেৱ! উন্মাদ নহব, আত্মহত্যা নকৰিব।
ৰজা।—কিয় নকৰিম ! হত্যা যে মোৰ জীৱন-যজ্ঞ ! হত্যাতেই মোৰ ৰাজ্যাভিষেক, হত্যাই মোৰ শাসন-মন্ত্ৰ। আৰু তাৰ পুৰোহিত—আপুনি স্বয়ং। এতিয়াও পূৰ্ণাহুতি বাকী, তাক সম্পূৰ্ণ কৰিব লাগিব। জানে নে কিহেৰে ? তেজেৰে—ইন্দ্ৰবংশী মহাৰাজ চুলিক্‌ফা আৰু আতন বুঢ়াগোঁহাইৰ তেজেৰে। ই মোৰ স্থিৰ সিদ্ধান্ত, আপুনি দ্বিৰুক্তি নকৰিব। ( এজন সৈনিকৰ প্ৰবেশ।)
সৈনিক।— (সেৱা কৰি) স্বৰ্গদেৱ ! আমাৰ সৈন্য ছিন্ন-ভিন্ন হ’ল, শত্ৰ মহাপয়োভৰেৰে আহিছে, গড় পাবলৈ পলম নাই।
                                                                                ( প্ৰস্থান। )

[ ৭৪ ]

ৰজা।—গড় পালেহি। ডাঙ্গৰীয়া! কি চাই আছে? বেগাই আহক, শত্ৰুক ভেটা দিবৰ এয়েই শেষ সুযোগ।
বুঢ়া।—স্বৰ্গদেৱ! এতিয়া ধৈৰ্য্য হেৰুৱাবৰ সময় নহয়, ভবিষ্যৎ ভাবিবৰ সময়।
ৰজা।—সেই সময় অতীত হৈছে। সম্মুখত একেটি মাথোন পথ – যুদ্ধ-মৃত্যু। প্ৰস্তুত হওক, -শীঘ্ৰে, পলম নকৰিব।
বুঢ়া।—স্বৰ্গদেৱ ! প্ৰাণৰ মমতাত মই যুদ্ধ ত্যাগৰ প্ৰস্তাব কৰা নাই। কৰিছোঁ ভবিষ্যতৰ চিন্তাত, মোৰ নীতিৰ ব্যৰ্থতা দেখি। আপুনি ভুলৰ ওপৰত ভুল নকৰিব। এতিয়াও আহক, আত্মগোপন কৰি উজ্জল ভবিষ্যতৰ সন্ধান কৰোঁ, ব্যৰ্থনীতি-পাৰোঁ যদি সফল কৰোঁ। যদি নোৱাৰোঁ, তেতিয়াও মৰিবৰ উপায় ওলাব। মৃত্যুৰ নিমিত্তে ইমান বিতত হৈছে কিয় ?
ৰজা।—যুক্তি-তৰ্ক, মোক নালাগে, মোক স্পষ্ট উত্তৰ লাগে – মোৰ আদেশ পালিবলৈ আপুনি প্ৰস্তুত নে অপ্ৰস্তুত?
বুঢ়া।—যদি মৃত্যুৱেই স্বৰ্গদেৱৰ একমাত্ৰ অভিলাষ, তেনেহলে আৰু উপায় নাই। কিন্তু মনত ৰাখিব এই ভ্ৰান্ত নীতিৰ ফল শুভ নহয়। এতিয়া আপুনি নুবুজিলে, যেতিয়া বুজিব, তেতিয়া আৰু সংশোধনৰ সুযোগ নাথাকে।
ৰজা।—কি সিদ্ধান্ত কৰিলে?
বুঢ়া।—জানো — যুদ্ধত নমা ভুল হ'ব। তথাপি সেই ভুলেই যেতিয়া স্বৰ্গদেৱৰ শেষ অভিলাষ তাক পূৰ্ণ কৰিম।

[ ৭৫ ]

ৰজা।— যাওক তেন্তে, শেষ চেষ্টাৰ নিমিত্তে সজ্জিত হওক। মৃত্যুৰ পূৰ্ব্ব মুহূৰ্ত্তলৈকে অস্ত্ৰত্যাগ নকৰিবলৈ সঙ্কল্প কৰক। যাওক, ৰাজপুৰী-ৰক্ষাৰ নিমিত্তে জীৱন পণ কৰি অগ্ৰসৰ হওক।
বুঢ়া।— যাওঁ। কিন্তু ফলাফলৰ বাবে মই দায়ী নহওঁ।
                                                                           ( প্ৰস্থান। )
ৰজা।— যিদিনা সিংহাসনত বহিলোঁ, সেই দিনাৰ পৰাই মৃত্যুৰ বিভীষিকা মোৰ সঙ্গিনী-দিঠকে সপোনে। আজি সিংহাসন এৰিলেও তাই মোক এৰি নিদিয়ে। হয় সিংহাসন, নহয় মৰণ, আন পথ নাই। ( অলপ ভাবি ) সিংহাসন ! অদ্ভুত মহিমা তোৰ ! তই মানবক দানব কৰিব পাৰ ; বিশ্বাসক ঘাতকৰ খড়গত পৰিণত কৰিব পাৰ, ৰাজ মুখৰ নামত হলাহল পিয়াই দেহ-মন জৰ্জৰিত কৰিব পাৰ। তথাপিও তোক নেৰে –যেতিয়ালৈকে তই নিজে এৰা নিদিয়। ( অলপ পৰ স্থিৰ দৃষ্টিৰে চাই থাকি ) সৌৱা, মৃতকসকলৰ প্ৰেতাত্মাবোৰ লৰি আহিছে, মোক বেৰি ধৰিছে । পলাব নোৱাৰোঁ,-পলাবৰ চেষ্টা নকৰো , তেওঁলোকৰ তৰ্পণ কৰিবলৈ আজি মোৰ এক মাত্ৰ সম্বল বুকৰ শোণিত।
বুঢ়া।— স্বৰ্গদেৱ শত্ৰু পালেহি। গড় ভাঙ্গিবলৈ আৰম্ভ কৰিছে। গড়-ৰখীয়া সেনা প্ৰায় শেষ। ভেটা দিয়া অসম্ভব।

[ ৭৬ ]

ৰজা।— তথাপি শেষ মুহূৰ্ত্তলৈকে ভেটিব লাগিব। ব'লক, শৰীৰৰ সকলো সামৰ্থ্য একেলগ কৰি শত্ৰুৰ ওপৰত জপিয়াই পৰোঁগৈ।
                                                       ( দুয়োৰে প্ৰস্থান। )
( নেপথ্যত হিলৈৰ শব্দ আৰু লগে লগে জয়-ধ্বনি :–“জয় গদাপাণিৰ জয়”। পিচলৈ চাই চাই কেইটামান সৈনিকৰ প্ৰবেশ আৰু প্ৰস্থান। অলপ পিচত ব্যস্ত ভাবে ৰজাৰ প্ৰবেশ )
ৰজা।— শক্ৰৱে গড় অধিকাৰ কৰিলে। আৰু সময় নাই। চুলিক্‌ফা ! তোৰ অস্তিত্ব আৰু এক মুহূৰ্ত্ত।
                                                       ( বুঢ়া গোঁহাইৰ প্ৰবেশ )
বুঢ়া।— স্বৰ্গদেৱ ! সকলো অন্ত। গড় অতিক্ৰম কৰি শত্ৰুৱে পুৰীত প্ৰবেশ কৰিছে। আৰু উপায় নাই স্বৰ্গদেৱ। যদি প্ৰাণ ৰক্ষাৰ প্ৰয়োজন আছে, সুৰঙ্গৰ আশ্ৰয় লওক।
ৰজা।— ৰাজ্যেশ্বৰ হৈ বহু পশুৰ দৰে চুলিক্‌ফাই গহবৰত আশ্ৰয় নলয়। আত্মগোপন অসম্ভব। এয়ে আমাৰ শেষ মুহূৰ্ত্ত ! আহক, এই মুহূৰ্ত্তৰ সদ্ব্যৱহাৰ কৰোঁ। শক্ৰৰ ভোগৰ নিমিত্তে এই ৰাজপুৰী ৰক্ষা কৰাৰ প্ৰয়োজন নাই। তাক জলাই দিওঁ। তাৰ পিচত শক্ৰৰ মাজত জপিয়াই পৰি জীৱনৰ শেষ কৰ্ত্তব্য সাধন কৰো।
                                                       ( দুয়োৰে প্ৰস্থান )
নেপথ্যত।— জয় গদাপাণিৰ জয় ! জয় গদাপাণিৰ জয় ! জয় গদাপাণিৰ জয় !

( গদাপাণি, বন্দৰ, পানীফুকন আৰু সৈন্যৰ প্ৰবেশ )
[ ৭৭ ]

গদা।— শত্ৰু-সৈন্য ছিন্ন-ভিন্ন, নগৰৰ প্ৰাচীৰ ধূলিসাৎ ততালিকে ৰাজপুৰী অধিকাৰ কৰি জয়লাভ সম্পূৰ্ণ কৰিব লাগিব। আৰু অপেক্ষা নকৰিব, আগ বাঢ়ক, এটি শত্ৰুও যেন পলাব নোৱাৰে। আজি চুলিক্‌ফাক বুজাই দিওঁ– নীচ ষড়যন্ত্ৰৰ পৰিণাম কি ভয়াবহ, সতীৰ তেজৰ চেকা কিমান গভীৰ, নাৰী-পীড়নৰ কি অচিন্তনীয় ভীষণ প্ৰতিফল।
                                                                     ( সকলোৰে গ্ৰস্থান )
                                             ( কেইটামান ৰজাঘৰীয়া ৰণুৱাৰ প্ৰবেশ )
সকলোৱে।— পলা, পলা।
প্ৰথম।— হেৰ পলাবি ক'লৈ ? বোলে নগাৰ চাঙৰ তলে হে বাট।
দ্বিতীয়।— তেও বোলে নমৰে মানে চাবা, নুবুৰে মানে বাবা।
( ওলাব খুজি থমকা খাই ৰয়। সন্মুখৰ ফালৰ পৰা সসৈন্যে পানীফুকন সোমায় )
পানী।— নপলাবি। যদি জীৱনৰ মায়া আছে, অস্ত্ৰ পৰিত্যাগ কৰ, আত্মসমপণ কৰ।
( ৰজাঘৰীয়া ৰণুৱাকেইটাই অস্ত্ৰশস্ত্ৰ আগ বঢ়াই দি সেৱা কৰে )
পানী।— সৈনিক ! এওঁলোক যুদ্ধৰ বন্দী। লৈ যোৱাঁ।
(ওলাই যায়। সৈন্যবিলাকে অস্ত্ৰ-শস্ত্ৰ আৰু বন্দীবিলাকক লৈ যায় )
                                                    (বুঢ়াগোঁহাইৰ প্ৰবেশ )
বুঢ়া।— ব্যৰ্থ হ’ল ! শেষ ৰক্ষা কৰিব নোৱাৰিলোঁ, স্বৰ্গদেৱৰ অধীৰতাই মোৰ নীতি ব্যৰ্থ কৰিলে। বৃথা চেষ্টা। এই বাৰ নিস্তাৰ নাই।

[ ৭৮ ]

                                            (বন্দৰৰ প্ৰবেশ )
বন্দৰ।— আতন বুঢ়াগোহাঁই ! এতিয়াও ৰণৰ হেপাহ পলোৱা নাই নে ? চুজিন্‌ফা স্বৰ্গদেৱৰ অকাল মৃত্যু, বীৰ-জায়া জয়মতীৰ পাশবিক হত্যাকাণ্ড, প্ৰজাৰ ওপৰত কৰা নৃশংস অত্যাচাৰ, –সকলো মহাপাপৰ মহা প্ৰায়শ্চিত্ত আহিব লাগিছে। প্ৰস্তুত হোৱা, নহলে আত্মসমপণ কৰাঁ।
বুঢ়া।— কোন তই ? বন্দৰ ! কাৰ অনুগ্ৰহত আজি তই ৰাজ-প্ৰতিনিধি ? এয়েই নে তোৰ ৰাজভক্তি ? এয়েই নে তোৰ কৃতজ্ঞতা ? বিশ্বাসঘাতক। ৰাজদ্ৰোহী ! ইহকালত তোৰ শাস্তি প্ৰাণদণ্ড, পৰকালত অনন্ত নৰক।
বন্দৰ।— বক্তৃতা শুনিবলৈ অৱসৰ নাই ! যদি মঙ্গল বাঞ্ছা কৰা, আত্মসমপণ কৰাঁ।
বুঢ়া।— আত্মসমপণ ! ৰাজদ্ৰোহীৰ ওচৰত আত্মসমৰ্পণ ! আচৰিত ! এতিয়াও তোৰ কণ্ঠৰোধ হোৱা নাই! আতন বুঢ়াগোঁহাই বিশ্বাসঘাতক নহয়। নিশ্চয় জানিবি, আতন বুঢ়াগোহাঁয়ে স্বৰ্গদেৱৰ বাহিৰে কাৰো ওচৰত আত্মসমৰ্পণ নকৰে।
বন্দৰ।— তেন্তে আত্মৰক্ষা কৰ।
                                           ( আক্ৰমণ কৰে। যুদ্ধ কৰি দুয়ো ওলাই যায় )
                                      ( গদাপাণিৰ প্ৰবেশ )
গদা।— সকলো শেষ! একমাত্ৰ বাকী আহোম কুলৰ কলঙ্ক চুলিক্‌ফা। তাক সময় দিছোঁ– তাৰ পাপৰ পৰিণাম

[ ৭৯ ]

চাবলৈ, আসন্ন মৃত্যুৰ ভীষণ দৃশ্যত আৰ্ত্তনাদ কৰিবলৈ। এইবাৰ শেষ বাৰ। তাৰ তেজেৰে জয়াৰ তৰ্পণ কৰিম,– প্ৰতিশোধৰ শেষ তৃষ্ণা নিবৃত্ত কৰিম।
( যাব খোজে। এনেতে ওপৰত জুইৰ পোহৰ দেখা যায়, আৰু আকাশ ৰঙ্গ হৈ উঠে। ঘনে ঘনে হিলৈৰ শব্দ শুনা যায়। গদাপাণি থমক খাই ৰৈ সেই ফাললৈ চায় )
গদা।— কি ! নগৰত জুই লগালে কোনে ? অলপ ৰৈ ) বেচ হৈছে, সুন্দৰ হৈছে। নাৰকীয় লীলাৰ স্থল, পিশাচৰ গহবৰ এই পাপপুৰী ধূলিৰ লগত মিলি যাওক, পাপীৰ শেষ চিহ্ন পৰ্য্যন্ত অন্তৰ্হিত হওক। এই নগৰ মোক নালাগে। পুৰণিক সমাধিৰ গৰ্ভত এৰি নতুন নগৰ নিৰ্ম্মাণ কৰিম, আহোমৰ লুপ্ত কীৰ্ত্তি পুনৰ উদ্ধাৰ কৰিম।
                              ( বন্দৰৰ প্ৰবেশ )
বন্দৰ।— আমাৰ কাৰ্য্য শেষ। ৰজা, বুঢ়াগোঁহাই দুয়ো বন্দী।
গদা।— লৈ আহক!
                              ( বন্দৰৰ প্ৰস্থান )
গদা।— আজি মোৰ জীৱনৰ সাধনা পূৰ্ণ হ’ল (স্থিৰদৃষ্টিৰে ওপৰলৈ চাই) জয়া ! জয়া ! চোৱাঁহি আজি তোমাৰ মহাব্ৰতৰ শেষ পৰিণতি, পাপীৰ প্ৰতি উদাস অন্তৰৰ নিৰ্ম্মম প্ৰতিশোধ !
                              (প্ৰহৰী বেষ্টিত ৰজা আৰু বুঢ়াগোঁহাইক লৈ বন্দৰ আৰু পানী ফুকনৰ প্ৰবেশ )
গদা।— আতন বুঢ়াগোঁহাই ! মনত আছে নে ইমান দিন কত নৰনাৰীক হত্যা কৰিলা ? কত ৰজা ৰাজকুমাৰক বধ কৰিলা?

[ ৮০ ]

এই বাৰ তোমাৰ হত্যা। তোমাৰ ক’বলগীয়া কিবা আছে নে ?
বুঢ়া।— মোৰ বক্তৱ্য—মোৰ কাৰ্য্যত কোনো ব্যক্তিগত উদ্দেশ্য নাই। যি কৰিছোঁ ৰাজকৰ্ম্মচাৰীৰূপে কৰ্ত্তব্যৰ অনুৰোধত। আজি মোৰ নীতি ব্যৰ্থ হৈছে, তথাপিও মোৰ সান্তনা– মই কৰ্ত্তব্যভ্ৰষ্ট হোৱা নাই, ৰাজদ্ৰোহ মহাপাপত লিপ্ত হোৱা নাই।
গদা।— চিন্তিত ভাবে ) হ'ব পাৰে, – ভাবিব লাগিব, প্ৰকৃত উদ্দেশ্য জানিব লাগিব। ( প্ৰহৰীৰ প্ৰতি ) প্ৰহৰী, লৈ। যা। এওঁৰ বিচাৰ আজিলৈ স্থগিত থাকিল।
                                                    (বুঢ়াগোহাঁইক লৈ যায় )
গদা।— ৰজালৈ চাই ) চুলিক্‌ফা। আছে নে তোমাৰ কিবা ক'বলগীয়া ?
ৰজা।— ( ঘৃণা আৰু বিৰক্তিৰ ভাবেৰে গদাপাণিলৈ চায়। )
গদা।— কি শাস্তি তোমাৰ উপযুক্ত হ’ব ক’ব পাৰা নে ?
ৰজা।— এদিন আগতে এই প্ৰশ্ন ওলোটা হ'লহেতেন। আজি তোমাৰ পাল। মোৰ কোনো বক্তব্য নাই।
গদা।— ক্ষমা প্ৰাৰ্থনা ?
ৰজা।— ৰাজদ্ৰোহীক ৰজাই শাস্তি দিয়ে, ক্ষমা নোখোজে। তুমি। আজি বিজেতা হ’ব পাৰা, তথাপিও তুমি ৰাজদ্ৰোহী।
গদা।— শুনা তেন্তে তোমাৰ শাস্তি– সম্প্ৰতি অন্ধকাৰ কাৰাগাৰত তোমাৰ ঠাই, অনাহাৰ তোমাৰ ব্ৰত। নিজ দুষ্কাৰ্য্য সুঁৱৰি

[ ৮১ ]

অনুতাপৰ বহ্নিত জলি জলি, অনাহাৰত মৃতকল্প হৈ যেতিয়া মৃত্যুক আৰাধনা কৰিবা, তেতিয়াহে তোমাৰ আচল শাস্তি আৰম্ভ হ’ব। সি যেনে-তেনে শাস্তি নহয়—কল্পনাতীত। শৰীৰৰ বেলেগ বেলেগ অংশ এনে ভাবে ক্ষতবিক্ষত কৰা হ'ব যাতে যন্ত্ৰণাৰ তীব্ৰ জ্বালাত প্ৰাণ কণ্ঠাগত হয়, অথচ মৃত্যু নহয়। আমৰণ এই শাস্তিৰ ব্যৱস্থা হ'ব। প্ৰহৰী ! লৈ যা।
( প্ৰহৰীয়ে নিব খোজে। এনেতে বেগেৰে ৰাণীৰ প্ৰবেশ। )
ৰাণী।— কোঁৱৰ ! মোৰ স্বামীৰ প্ৰাণ দান দিয়াঁ কোৱৰ।
গদা।— কোন তুমি ?
ৰাণী।— মই তোমাৰ শত্ৰুৰ সহধৰ্ম্মিণী।
গদা।— তেন্তে তোমাৰ অনুৰোধ অন্যায়। তোমাৰ স্বামীৰ যি অপৰাধ, পৃথিবীৰ সকলো শাস্তি একেলগে দিলেও যথেষ্ট নহয়.।
ৰাণী।— কিন্তু কোনো শাস্তিয়েই অতীতক ওভতাব নোৱাৰে,-যি গ’ল তাক ঘূৰাই নিদিয়ে। সেই মহা অমঙ্গলে যি ৰাজসম্পদ তোমাক চপাই দিছে, তাকো তুমি এৰিব নোৱাৰা। সেই কাৰণে মই প্ৰাৰ্থনা কৰিছে, স্বামীক ৰক্ষা কৰাঁ। শাস্তি নিদিলে যদি নহয়, তেওঁৰ সলনিত মোক শাস্তি দিয়া,– জয়াৰ ওপৰত কৰা অত্যাচাৰৰ প্ৰতিশোধ মোৰ ওপৰত লোৱাঁ !
গদা।— তুমি নাৰী। নাৰীৰ ওপৰত অত্যাচাৰ হব নোৱাৰে।

[ ৮২ ]

ৰাণী।— নহয়, সি ভুল। নাৰীৰ তেজৰ চেকা ধুবলৈ নাৰীৰ তেজেই উপযুক্ত। বিচাৰৰ সমতা ৰক্ষা কৰি স্বামীৰ হৈ মোক শাস্তি দিয়া। স্বামীক মুক্তি দিয়া।
গদা।— মুক্তি ! –অসম্ভব।
ৰাণী।— তেন্তে মই নিজে শাস্তি গ্ৰহণ কৰিম, মোৰ প্ৰাণ বিসৰ্জন দি স্বামীৰ পাপৰ প্ৰায়শ্চিত্ত কৰিম। বিদায় ! অন্তিম বিদায়! (লৰ মাৰিব খোজে। )
গদা।— ৰ’বা, নাযাবা !
ৰাণী।— মোৰ কাকুতিৰ যেতিয়া ফল নধৰিলে ৰৈ কি কৰিম ! পতিৰ অবিহনে একমাত্ৰ মৃত্যুৱেই সতীৰ আশ্ৰয়। তাৰ বাহিৰে আৰু ঠাই ক’ত ? তুমি জয়াৰ স্বামী, তোমাক সৰহ কোৱাৰ সকাম নাই। স্বামীৰ লগতেই মোৰো জীৱনৰ শেষ।
                                                             ( যাব খোজে। )
গদা।— ক্ষান্ত হোৱা ৰাণী? পাপৰ জোখ আৰু নবঢ়াবা। তোমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলোঁ।
( ৰজালৈ চাই) চুলিক্‌ফা ! চোৱা-নাৰীৰ স্বাৰ্থত্যাগ, নাৰীৰ মহীয়সী শক্তি। এই নাৰীৰ যি অবমাননা কৰে, তাৰ মনুষ্যত্ব ক’ত ?
ৰজা।— গদাপাণি। মই তোমাৰ কৰুণা-ভিখাৰী নহওঁ, শাস্তিৰ নিমিত্তে প্ৰস্তুত আছোঁ।
গদা।—কিন্তু নাৰীৰ মৰ্য্যাদা ৰাখিব লাগিব। ৰাণী, যোৱাঁ,

[ ৮৩ ]

তোমাৰ স্বামীৰ প্ৰাণদণ্ড ৰহিত কৰিলোঁ। তেওঁৰ যাৱজ্জীৱন নামৰূপলৈ নিৰ্ব্বাসিত কৰা হ'ল। তাত তেওঁ সকলো সুবিধা ভোগ কৰিব পাৰিব, কিন্তু যদি কেতিয়াৰ কোনো ষড়যন্ত্ৰত লিপ্ত হয়, তেন্তে পূৰ্ব্বৰ শাস্তি পূৰ্ণভাবে ভোগ কৰিব লাগিব। যোৱাঁ এতিয়া।
ৰাণী।— কোঁৱৰ ! তোমাৰ ধাৰ মই এই জীৱনত শুজিব নোৱাৰোঁ। মোৰ কৃতজ্ঞতা গ্ৰহণ কৰাঁ। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে , তোমাৰ মঙ্গল হওক, তোমাৰ যশস্যা, দেশে দেশে বিয়পি পৰক। গদা -যোৱা এতিয়া।
                                                                  (ৰাণীৰ প্ৰস্থান। )
প্ৰহৰী, ৰজাক লৈ যা, চাবি, যেন ৰাজ সম্মানৰ লাঘব নহয়।
                                               ( ৰজাক লৈ প্ৰহৰী যাব খোজে। )
ৰজা।— গদাপাণি ! তোমাৰ কাৰ্য্য দেখি বুজিছোঁ শত্ৰু হলেও তুমি মহান। সেই বাবে তোমাক এটা উপদেশ দিওঁ, –যদি সিংহাসন ৰাখিব খুজিছা, খুটাকেইটা সলাই ল'বা।
                                                             ( প্ৰহৰীসহ প্ৰস্থান। )
বন্দৰ।— আমাৰ কাৰ্য্য সুচাৰুৰূপে সমাধা হ’ল, অতি শীঘ্ৰে অভিষেক সম্পন্ন কৰিব লাগে।
পানী।— তাৰ পূৰ্বেই নগৰ সুসজ্জিত কৰিব লাগিব, বিধ্বস্ত নগৰক জীৱন্ত কৰিব লাগিব।

[ ৮৪ ]

গদা।— নালাগে,–একো নালাগে। গড়গাওঁ শ্মশানত পৰিণত হওক, তাৰ অস্তিত্ব বিস্মৃতিৰ গৰ্ভত লয় যাওক। য’ত শিবিৰ পাতি গড়গাওঁ অধিকাৰ কৰিছো, সেই বৰকলাই মোৰ নগৰ, তাতেই অভিষেকৰ কাৰ্য্য সম্পন্ন কৰিম।

( গায়ন, বায়নৰে সৈতে ডাঙ্গৰীয়া, বিষয়া আৰু অদ্যান্ত

লোকৰ প্ৰবেশ। )

( সকলোৱে আঠু কাঢ়ি সেৱা জনায়। )

গদা।— আপোনালোকৰ ব্যৱহাৰত সন্তুষ্ট হৈছোঁ। এতিয়া আহক, এক মুহূৰ্ত্তও অবাবত নষ্ট কৰিব নোৱাৰি। ৰাজ্য জুৰি অৰাজকতা, তাক গুচাই শান্তিস্থাপন কৰিব লাগিব, দেশক নতুনকৈ গঢ়িব লাগিব। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক—যেন ইমানতেই ৰাজ্যৰ সকলো অপায় অমঙ্গল আঁতৰ হয় ; যেন দেৱতাৰ আশীৰ্ব্বাদত ঘৰে ঘৰে শান্তিয়ে বিৰাজ কৰে ;–অৰাজক আহোম ৰাজ্য ৰাম ৰাজ্যত পৰিণত হয়।

( সকলোৱে মূৰ দোঁৱায় )


পঞ্চম অঙ্ক শেষ।


[ ৮৫ ]
সামৰণি।

জেৰেঙ্গা পথাৰ।

পথাৰৰ মাজতে জয়মতীক বন্ধা কোঁটকৰা গছ জোপা। দুয়ো দাঁতিয়ে
অসংখ্য মানুহ, এফালে মতা, এফালে তিৰুতা। কেইজনমান

শান্তিৰক্ষক প্ৰহৰী।

এজন প্ৰহৰী।– স্বৰ্গদেৱ আহিব লাগিছে, তোমালোক কোনেও হাই উৰুমি নকৰিবাহঁক।

( কোঁচত ফুল লৈ কেইজনীমান কুমাৰীৰ প্ৰবেশ )

কুমাৰীসকল –জয় সৰগৰে জ্যোতি,
,, সতী জয়মতী,
,, নাৰী সমাজৰে ৰাণীI
,, মৰণক জিনিলা,
,, স্বামীকো ৰাখিলা,
,, সতীৰে ধৰমে মানি।
,, আকাশে-বতাহে,
,, শুনো একেৰাহে,
,, তোমাৰে খিয়াতি গোৱাঁ।
,, ভকতিৰে তোলা,
,, চকু-লোৰে ধোৱা,
জয় ফুলৰে অাঁজলি লোৱাঁ

[ ৮৬ ]
(ফুলৰ আঁজলি কোঁটকৰা গছৰ গুৰিত দিয়ে। লগে লগে পুৰুষসকলে— “জয় মহাসতী জয়মতীৰ জয়” বুলি জয়ধ্বনি কৰে, নাৰীসকলে উৰুলি দিয়ে। এনেতে লাই, লেচাই, বিষয়া আৰু সৈন্যসকলেৰে সৈতে গদাপাণিৰ প্ৰবেশ। )

সকলোৱে।— জয় স্বৰ্গদেৱ গদাধৰ সিংহৰ জয়। জয় স্বৰ্গদেৱ গদাধৰ সিংহৰ জয় ! জয় স্বৰ্গদেৱ গদাধৰ সিংহৰ জয় !

( গদাপাণিয়ে একোলৈকে ভ্ৰূক্ষেপ নকৰি কোঁটকৰা গছৰ কাষ চাপে। পিচে পিচে গৈ লাই-লেচায়েও তেওঁৰ ওচৰত থিয় দিয়ে। )

গদা।— এয়ে মোৰ মহাতীৰ্থ, অসমৰ পুণ্যক্ষেত্ৰ। অত্যাচাৰপ্ৰপীড়িত কোন ক’ত আছা, আই, এবাৰ এই পুণ্যক্ষেত্ৰৰ সঞ্জীৱনী শক্তি লৈ মূৰ তুলি উঠাঁ। পাপ-তাপৰ দহনত দগ্ধ মানব, আই, এই তীৰ্থ লৈ আহাঁ, শান্তি পাবা। আই অসমৰ নাৰী, যদি তোমাৰ গৃহস্থালি নন্দন গন্ধেৰে আমোদিত কৰিব খোজা, এবাৰ এই তীৰ্থত কুসুমাঞ্জলি প্ৰদান কৰা, ইয়াৰ ধুলি-কণা শিৰত লৈ পবিত্ৰ হোৱাঁ।
           জয়া মোৰ ৰাণী। জয়াৰ ৰাজত্ব চিৰস্থায়ী। এদিন এই ইন্দ্ৰবংশী আহোম ৰজাই অস্তিত্ব হেৰুৱাব পাৰে, শাসকৰ দণ্ড এৰি দাসত্বৰ শৃঙ্খল পিন্ধিব পাৰে, কিন্তু জয়াৰ ৰাজত্ব নাযায়। যেতিয়ালৈকে পৃথিবীত সতীত্বৰ আদৰ থাকিব, যেতিয়ালৈকে নাৰীৰ নাৰীত্ব বিলোপ নহয়, যেতিয়ালৈকে পশুবল জিনিবলৈ তুৰ্জয় মনোবলৰ প্ৰয়োজন হব, তেতিয়ালৈকে জয়া মোৰ অজৰ অমৰ।

[ ৮৭ ] আজি মই অসমৰ ৰজা। ই মোৰ বাহুবলত নহয়, মন্ত্ৰীৰ মন্ত্ৰণাত নহয়, ই জয়াৰ অলৌকিক সতীত্ব-প্ৰভাবত। আজি অসমৰ প্ৰত্যেক নৰ-নাৰীৰ হৃদয়ত জয়াৰ অলৌকিক শক্তিৰ প্ৰতিবিম্ব, গছ-লতা,মাটি-পানী— সকলোতে জয়াৰ আলোকময় সৌন্দৰ্য্য। অসমৰ ৰাণী জয়া, নাৰীৰ আদৰ্শ জয়া, আহোম গৌৰৱৰ অনন্ত আলোক জয়া, মোৰ জীৱনৰ ধ্ৰুবতৰা জয়া। জয়া ! জয়া ! জয়া !

( আঠু কাঢ়ে, আৰু স্থিৰ দৃষ্টিৰে শৃষ্ঠলৈ চাই থৰ হয়। কিছু সময় তেনেকৈ থকাৰ পাচত পট পৰিবৰ্ত্তন হয়, জেৰেঙ্গ পথাৰৰ দৃশ্যৰ ঠাইত জয় সাগৰৰ এখন ছায়াময় পট তেওঁৰ চকুৰ আগে দি ভাহি যায়। তাকে চাই চাই)

মই দিব্য দৃষ্টিৰে দেখিছোঁ, এই জেৰেঙ্গ পথাৰ আৰু, শ্মশান নহয়, জয়াৰ অমৰ নাম লৈ ই অমৰ তীৰ্থ। সৌৱা ভগীৰথৰ বিনা আহবানত ভাগীৰথী নামি আহিছে, শ্মশানৰ ভয়ঙ্কৰ বুকত বিশাল সাগৰে ভুমুকি মাৰিছে, সুশীতল বাৰিধাৰাই জয়াৰ কৰুণাৰ্দ্ৰ হৃদয়ৰ স্নেহধাৰা উদ্বেলিত কৰিছে। তাৰ পাৰত সুৰম্য মন্দিৰ সতীৰ অতুলনীয় কীৰ্ত্তিৰ জীৱন্ত মূৰ্ত্তি। জয়া আজি দেবী, জয়াৰ নামত শঙ্খঘণ্টা বাজি উঠিছে, লক্ষ লক্ষ নৰ-নাৰীয়ে জয়াৰ উদ্দেশ্যে কুসুমাঞ্জলি লৈ অপেক্ষা কৰিছে। সোণৰ সিংহাসনত বহি জয়াই মোৰ সকলোকে আশীৰ্ব্বাদ কৰিছে। [ ৮৮ ]

লাই।— মাতৃৰ প্ৰতি এই কৰ্ত্তব্য মোৰ। আপোনাৰ সপোন মই দিঠকত পৰিণত কৰিম।
                    (ছায়া-পট আঁতৰি যায়।)
গদা।— (চক খাই উঠি থিয় হৈ) সপোন! মোৰ সপোন! কেনি গ'ল। লুকাল! জয়া। জয়া। আহাঁ মোৰ হৃদয়ৰ ৰাণী।
                   (দুয়ো হাত মেলি শূন্যত সাবটি ধৰে।)
পুৰুষসকল।— জয় মহাসতী জয়মতীৰ জয়।
         জয় স্বৰ্গদেৱ গদাধৰসিংহৰ জয়।
                    (লগে লগে নাৰীসকলে উৰুলি দিয়ে।)




অন্ত।

[Nuvola apps download manager3.png ওপৰলৈ যাওক]
Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)