পৃষ্ঠা:সতীৰ তেজ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাত্ৰ পুনৰুদ্ধাৰ হৈছে। এনে অৱস্থাত যদি ৰাজ্যত উৎপাত অশান্তি বঢ়াই দিয়ে, সিহঁত আকৌ মূৰ তুলি উঠিব। আভ্যন্তৰিক শান্তিস্থাপন নহলে,—নিশ্চয় জানিব, আহোম ৰাজ্য নাথাকে।
ৰজা। —নাথাকে নাথাকক। বিদেশী শত্ৰুৰ ভয়ত গৃহ-শত্ৰুৰ হাতত আত্মসমপণ কৰিব নোৱাৰোঁ। বিদ্ৰোহীক দমাব লাগিব, সিহঁতৰ সঁচ মাৰি দেশত শান্তি প্ৰবৰ্ত্তাব লাগিব। তাৰ বাবে যিমান কঠোৰ হোৱাৰ প্ৰয়োজন, সিমান হ’ব লাগিব।
বৰ। —স্বৰ্গদেৱে পাহৰিছে প্ৰজাশক্তি সিমান ক্ষুদ্ৰ নহয়। সন্মিলিত প্ৰজাশক্তিৰ ওচৰত ৰাজদণ্ড অতি তুচ্ছ। প্ৰীতিৰে প্ৰজাক বশ নকৰিলে, আন কোনো উপায়েৰে বশ কৰিব নোৱাৰি। সেই কাৰণে মই আকৌ আপোনাক অনুৰোধ কৰিছো, সকলো কঠোৰ ব্যৱস্থা পৰিত্যাগ কৰক।
ৰজা। —কি! আপুনিও তেনেহলে বিদ্ৰোহীৰ দলত?
বৰ। —যদি এয়ে স্বৰ্গদেৱৰ ধাৰণা, তেন্তে এই পৰামৰ্শত বিদ্ৰোহীৰ যোগ নথকাই উচিত। অপৰাধ হলে মাৰ্জ্জনা কৰিব। মই আশা কৰোঁ, যিসকলৰ মত মোৰ লগত মিলে, তেওঁলোকে এই পৰামৰ্শৰ পৰা আঁতৰি থাকিব।
 ( বৰগোঁহাই ওলাই যায়, লগতে আন বিষয়া দুজনমানো ওলায়। )
ৰজা। —এই দেশৰ ৰজা কোন? মোৰ সম্মুখত মোৰেই কৰ্ম্মচাৰীয়ে ঔদ্ধত্য দেখুৱাই গুচি যায়! ই দেখাদেখিকৈ