পৃষ্ঠা:সতীৰ তেজ.pdf/৭০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


বন্দৰ। —কেনেকৈ জানিলা?
চোৰাং। —মই বহুত অনুসন্ধান কৰি কালি জানিব পাৰিলোঁ, লুকী বুলি গাৰোৱনী এজনীৰ ঘৰত বৰ শকত-আৱত উজনীয়া মানুহ এজন আছে। মই পম খেদি গৈ নিৰ্ভুলকৈ বুজিব পাৰিলোঁ,—তেওঁ গদাপাণিৰ বাহিৰে আন কোনো নহয়। দুৰ্ভাগ্যবশতঃ কালি ৰাতিয়েই তেওঁ তাৰ পৰা নগৰমুৱা হৈ আহিল, মই অলক্ষিতে তেওঁৰ পিচ ললোঁ। নগৰৰ ওচৰলৈকে মই তেওঁক দেখিছিলোঁ, কিন্তু এবাৰ হঠাৎ নোহোৱা হ’ল, কেনি গ’ল ক’লৈ গ’ল, মই একোকে ঠাৱৰাব নোৱাৰিলোঁ। এতিয়ালৈকে বহু প্ৰবন্ধেৰে বিচাৰিলোঁ , তথাপি কোনো শুংসূত্ৰ পোৱা নগ’ল। এইটো হলে ডাঠি ক'ব পাৰোঁ, তেওঁ নগৰৰ ভিতৰতে ক'ৰবাত আছে।
বন্দৰ। —বাৰু, এতিয়া যোৱাঁ, মই তাৰ ব্যৱস্থা কৰিম, তুমিও লক্ষ্য ৰাখিবা।
 ( চোৰাংচোৱাৰ প্ৰস্থান। )
পা, ফু। —যদি এয়ে হয়, কোঁৱৰক পোৱা কঠিন নহব। আপুনি অভয় দি জাননী দিওক, নিশ্চয় তেওঁ আত্মপ্ৰকাশ কৰিব।
বন্দৰ। —আপোনালোকৰ যেতিয়া সেয়ে ইচ্ছা, ময়ে আৰু আপত্তি নকৰোঁ। আপুনি যাওক, আবেলিকৈ দোপদৰত সকলো সম্মিলিত হ'ম, তাতেই ভবিষ্যৎ কাৰ্য্য পদ্ধতি স্থিৰ কৰিম।
 ( পানী ফুকনৰ প্ৰস্থান )