পৰীক্ষিৎ বধ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
পৰীক্ষিৎ বধ
লেখক নাৰায়ণদেৱ
ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক

[  ]

Pbodhnew.jpg
পৰীক্ষিৎ বধ

সুকবি নাৰায়ণ দেৱৰ ৰচিত

শ্ৰীপ্ৰসন্নচন্দ্ৰ বৰুৱাৰ দ্বাৰা

সংগৃহীত ও সংশোধিত

প্ৰকাশক:—

শ্ৰীকৰুণা কান্ত বৰুৱা

পোঃ কমাৰকুছি

কামৰূপ

নতুন তাঙ্গৰণ

১৩৫৮ চন ৷

কাতি, শ্যামা-পূজা ৷

বেচ-৷৶০ অনা ৷

[  ]



ৰাম বন্দনা

দিহা

এ ৰাম হায় কোন গুণে,  হায় হায় কোন গুণে
 ৰাঘবৰ ভজিম চৰণ ।
প্ৰথমে বন্দিবো ৰাম,  মুক্তি পদে যাৰ নাম
 প্ৰভু ৰাম কমল লোচন ।
কৌশল্যা নন্দন ৰাম  নবদুৰ্ব্বাদল শ্যাম
 তব পদে লক্ষেক প্ৰণাম ॥
ৰাস কৰিতে নাশ  সবংশে ৰাবণ ধ্বংস
 সীতাদেবী জন্মে মহীতলে ।
লক্ষ্মী স্বৰূপিণী দেবী  আগম পুৰাণে সেবী
 যাৰ গুণে প্ৰকাশে ভূতলে ॥

[  ]

সন্ন্যাসীৰ বেশধাৰী দণ্ডুকা কাননে হৰি
 চুৰি কৰে দুৰ্জ্জয় ৰাবণ ।
শ্ৰীৰাম লক্ষণ ভাই সীতা শোকে দুঃখ পাই
 ভ্ৰমিলেক অনেক কানন ॥
কিষ্কিন্ধ্যাত থিত হৈয়া সুগ্ৰীবক লাগ পায়া
 মিত্ৰ কৰে বানৰৰ সঙ্গে ।
বধিয়া প্ৰচণ্ড বালি চলি গৈলা লঙ্কাপুৰী
 সমুদ্ৰ বান্ধিলা মহাৰঙ্গে ॥
তিনি মাহ যুদ্ধ কৰি মজাইলা লঙ্কাপুৰী
 মহাৰজা ৰাবণ বিনাশ ।
উদ্ধাৰি জানকী নাৰী চলিয়া অযোধ্যাপুৰী
 সুখী কৰে তেহো গৃহবাস ॥
হাজাৰ বৎসৰ দিন সুখে পালে প্ৰতিদিন
 ৰাম-ৰাজ্যে দুখী কেহো নাই ।
নাৰায়ণ দেবে বোলে প্ৰভু ৰাম পদতলে
 বিপ্ৰক জানকী নাথে গাই ॥

[  ]

পৰীক্ষিৎ বধ

শান্তনু ৰজাৰ নাতি ধৰ্ম্মশীল মহামতি
 পাণ্ডু ৰজা ব্যাসৰ নন্দন ।
তাৰ পুত্ৰ সদাচাৰ বিষ্ণু অংশে অৱতাৰ
 যুধিষ্ঠিৰ আদি পঞ্চজন ॥ ১
অৰ্জ্জুন শৰীৰ ধৰি ক্ষিতিতলে অৱতৰি
 কুৰুকুল কৰিলা বিনাশ ।
নৰনাৰায়ণ চলে জন্মিয়া ভাৰতকুলে
 চন্দ্ৰবংশ কৰিলা প্ৰকাশ ॥ ২
অৰ্জ্জুনৰ তনয় অভিমন্যু মহাশয়
 তাৰ পুত্ৰ পৰীক্ষিৎ ৰজা ।
জানিয়া কুলৰ ধৰ্ম্ম বেদ অনুসাৰে কৰ্ম্ম
 পুত্ৰবৎ পালে সব প্ৰজা ॥ ৩
এক দিন পৰীক্ষিৎ চড়িয়া কঞ্চন ৰথ
 হাতে লৈয়া দিব্য ধনুঃশৰ ।
সৈন্য-সামন্ত সঙ্গে মৃগয়া কৰিতে ৰঙ্গে
 প্ৰবেশিল অৰণ্য ভিতৰ ॥ ৪

[  ]

মাৰিলেক মৃগ যত তাহাক কহিবো কত
 তাতে বধ হইলা বিমুখ ।
কালপুৰুষ কোপে মায়া হৰিণ-ৰূপে
 দেখা দিলা ৰজাৰ সমুখ ॥ ৫
মৃগ দেখি নৰবৰ ধনুত যুৰিলা শৰ
 হৰিণ হানিতে গৈলা ধাইয়া ।
পাছে পাছে মহাৰাজ প্ৰবেশিলা বনমাজ
 মৃগ পলাইলা প্ৰাণ লৈয়া । ৬
মুনি দেখি তপোবনে জিজ্ঞাসিল তাৰ স্থানে
 কোন পথে গৈলেক কুৰঙ্গ ।
ধ্যানে বসি আছে মুনি উত্তৰ নিদিলা শুনি
 সমাধি হইব জানি ভঙ্গ ॥ ৭
মহামুনি তপোধন পৰম ধৰ্ম্মত মন
 উত্তৰ নিদিলা কোনে মতে ।
ৰজাৰ জন্মিল তাপ নাজানিলা ব্ৰহ্মশাপ
 মুনিৰে লাগিলা বিড়ম্বিতে ॥ ৮
তপ সজ্জা আছে সঙ্গে দণ্ড কমণ্ডলু ভাঙ্গে
 ধুতি বস্ত্ৰ উওৰি ফেলয় ।
মৰা সৰ্প সন্নিধানে তুলি লয় ধনুৰ্গুণে
 বেঢ়ি দিল মুনিৰ গলায় ॥ ৯
ভণ্ড তপস্বী মনে উত্তৰ নেদিলা কেনে
 এত বলি কৰিলা দুৰ্গতি ।

[  ]

কাল হৈল উপস্থিত ঘৰে গৈলা পৰীক্ষিৎ
 নাৰায়ণ দেৱৰ ভাৰতি ॥ ১০

দিহা

 আজু বৰ প্ৰমাদ মিলিলা
 কদম্বৰ তলে কানাই দেখা দিলা
এহিমতে ঘৰে গৈলা অৰ্জ্জুনৰ নাতি ।
ব্ৰহ্মশাপ পাইলা যেন শুন তাৰ ৰীতি ॥ ১১
মতঙ্গ মুনিৰ বেটা শৃঙ্গদেব নাম ।
প্ৰজাপতি স্থানে বেদ পঢ়ে অবিশ্ৰাম ॥
ষাঠি সহস্ৰ বৰ্ষ বসে ব্ৰহ্মপুৰে ।
সিদিনা বিদায় হৈলা ব্ৰহ্মাৰ গোচৰে ॥ ১২
তাহাৰ বিদায়ে ব্ৰহ্মা হাসে মনে মনে ।
পৰীক্ষিৎ ব্ৰহ্মশাপ পাইবো আজি দিনে ॥
আসিয়া মিলিলা শৃঙ্গ সেই তপোবনে ।
যথাত মতঙ্গ মুনি বসি আছে ধ্যানে ॥ ১৩
দণ্ডবতে প্ৰণাম কৰিয়া কুতুহলে ।
ক্ষণেক দেখিলা বাপৰ মৰা সৰ্প গলে ॥
ভাঙা দণ্ড কমণ্ডলু দেখি বিড়ম্বন ।
মৰা সৰ্প গলে তুলি দিলা কোন জন ॥ ১৪
যক্ষাদি দেৱতা কিবা অসুৰ দেৱতা ।
মুনি বিড়ম্বিতে পাৰে কাহাৰ ক্ষমতা ॥

[  ]

আমি থাকিতে বাপৰ এতেক দুৰ্গতি ।
নিশ্চয় শাপিবো তাৰে দৃঢ় কৰি মতি ॥ ১৫
এত বলি শৃঙ্গদেব কৰে আচমন ।
ব্ৰহ্মশাপ দিব বলে দাৰুণ বচন ॥
আমাৰ বাপৰ গলে যিবা সৰ্প দিল ।
জীৱন যৌৱন মদে গুৰুক লঙ্ঘিল ॥ ১৬
যদি ব্ৰাহ্মণ হওঁ মই ব্ৰহ্মতেজ থাকে ।
সপ্তদিনৰ মধ্যে তাক দংশিবো তক্ষকে ॥
এতেক বলিয়া কোপ ক্ষমি আপোনাৰ ।
দূৰ কৈলা মৰা সপ বাপৰ গলৰ ॥ ১৭
ধ্যানতে থাকিয়া মুনি জানিলা অন্তৰে ।
পৰীক্ষিৎ ব্ৰহ্মশাপ পাইলা নিৰ্ভৰে ॥
পুত্ৰ মুখ চাই মুনি বুলিলা বচন ।
কেন হেন ব্ৰহ্মশাপ দিল অকাৰণ ॥ ১৮
বিনা দোষে শাপ দিলা পৰীক্ষিৎ ৰজা ।
দেৱ দ্বিজ অতিথিক সদা কৰে পূজা ॥
বাপৰ বচনে পুত্ৰ বুলিলা বচন ।
আমাৰ বচন কভু নযাইবো খণ্ডন ॥ ১৯
পুত্ৰৰ মুখত শুনি নিষ্ঠুৰ বচন ।
শিষ্য এক পঠাই দিলা হস্তিনা ভুবন ॥
মোৰ পুত্ৰে ব্ৰহ্মশাপ দিয়াছে ৰজাক ।
সপ্তদিন মধ্যে ৰজাক দংশিবো তক্ষকে ॥ ২০

[  ]
 

মুনিৰ শুনিলা শিষ্যে এতেক বচন ।
হস্তিনা নগৰে শিষ্য  কৰিল গমন ॥
মুনিক দেখিয়া ৰজাৰ হৰষিত মন ।
বসিবাক দিলা নিয়া  ৰত্ন-সিংহাসন ॥২১
আশিৰ্ব্বাদ কৰি মুনি বসিলা সত্বৰে ।
মুনি শাপ বিবৰণ কহিলা ৰজাৰে ॥
এই বাৰ্ত্তা কহে দূত মুনিৰ সংবাদ ।
মহা চিন্তাত পৰে ৰজা ভাবিয়া বিষাদ ॥২২
সিংহাসন হৈতে ভূমিত  পৰিলা ত্বৰিত ।
আকাশ ভাঙ্গিয়া যেন পৰিলা মাথাত ॥

দিহা

 অনেক শোকে কালে নৃপমণি ॥২৩
শোকে কান্দে নৃপমণি শুনিয়া মুনিৰ বাণী,
 কান্দে ৰাজা বিষাদ বদনে ।
অজ্ঞানে কৰিলোঁ পাপ, ব্যৰ্থ নহে মুনি শাপ,
 কি জানি কুমতি হৈলা মোৰে ॥২৪
সংহাৰ কালত হিত, বুদ্ধি হৈলা বিপৰীত,
 কিবা কালে ধৰিলেক মোৰে ।
ধৰ্ম্মৰজা যুধিষ্ঠিৰ, মহাপুণ্যবান-ধীৰ,
 সশৰীৰে গৈলা স্বৰ্গপুৰে ॥২৫
হেন বংশে মোৰ জন্ম, কৰিলো কুৎসিৎ কৰ্ম্ম,
 ব্ৰহ্মশাপ আমাৰ ওপৰে ॥

[ ১০ ]

মৃগৰজা ত্ৰিকালজ্ঞ ব্ৰহ্মশাপে হৈলা ভস্ম
 চন্দ্ৰত কলঙ্ক ব্ৰহ্মশাপে ।
নল হৈলা অজগৰ, সহস্ৰাক্ষি পুৰন্দৰ
 আমাক ৰাখিবো কাৰ বাপে ॥ ২৬
সৰগৰ পুত্ৰ পাপে, ভস্ম হৈলা ব্ৰহ্মশাপে,
 অগোত্ৰ হৈলা জলনিধি ।
সূৰ্য্যৰ নন্দন কৰ্ণে, অস্ত্ৰ পাসৰিলা ৰণে,
 অহল্যা হইলা শিলা বৃদ্ধি ॥ ২৭
যদুবংশ ছাপান্ন কোটী, নৰইলা এক গুটী,
 ব্ৰহ্মশাপ বিষম অনলে ।
মহাৰাজ দশৰথ, ব্ৰহ্মশাপে হৈলা হত,
 বলিৰজা গেল ৰসাতলে ॥ ২৮
দুৰ্ব্বাসা মুনিৰ জন্যে, লক্ষ্মী নাশ ত্ৰিভুবনে,
 পক্ষী হৈলা ইন্দ্ৰ বিদ্যাধৰী ।
জন্মৰাশি হৈলা কাম, বিষ্ণুৰ শৰীৰ ৰাম,
 ব্ৰহ্মশাপে আপন পাসৰি ॥ ২৯
কুবেৰৰ দুই পুত্ৰ, বৃক্ষলতা অদ্ভুত,
 যমল অৰ্জ্জুন তৰুৰূপে ।
দাৰুণ দ্বিজৰ ঘায়, চণ্ডী হৈলা শিলাকায়,
 গজ-কচ্ছপ ব্ৰহ্মশাপে ॥ ৩০
সুমৰিয়া হৰি হৰি, কান্দিয়া বিস্তৰ কৰি,
 হৃদয়ে ভাবিয়া মহাতাপ ।

[ ১১ ]
 

নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 কান্দে ৰজা পায়া ব্রহ্মশাপ ॥৩১

দিহা

 ঐ আৰে পাৰ কৰা অ ৰঘুনাথ ।
  এ ভব সাগৰে ॥৩২
এতেক ভাবিয়া ৰজা চিন্তাযুক্ত মন।
দেখিবাৰে ব্যাসদেৱ আসিলা তখন॥
ব্যাসক দেখিয়া সবে উঠিলা তখন।
দণ্ডবতে প্রণামিলা ব্যাসৰ চৰণ ॥৩৩
পাদ্য-অর্ঘ্য আচমন দিলেক আসন।
যােৰহাতে পৰীক্ষিতে কৰে নিবেদন॥
শুনা ব্যাস মহামুনি আমাৰ বচন।
অসময়ে হৈলা গুৰু আমাৰ মৰণ ॥৩৪
মৃগয়া কৰিতে গৈলাে অৰণ্য ভিতৰে।
তাতে ব্রহ্মশাপ হৈলা আমাৰ উপৰে॥
সপ্তদিন মধ্যে মােক তক্ষকে দংশিবে।
ব্রহ্মশাপ ব্যর্থ নহে অৱশ্যে ফলিবে ॥৩৫
মৰণক লাগি ভয় নাহি কদাচন।
নতজিলো নাৰায়ণ শ্ৰীমধুসূদন॥
নাজানিলো কোন গতি হৈবেক আমাৰে।
নকৰিলাে ধৰ্ম্ম-কৰ্ম্ম মতি অনুসাৰে॥৩৬

[ ১২ ]
 

ৰজাৰ কথা শুনি মুনি বুলিলা বচন।
পুণ্য হেতু ভাগবত কৰহ শ্ৰৱণ॥
সংযম আচাৰ কৰি নিৰাহাৰ হৈয়া।
নিৰবধি শুনিবা আপনি মন দিয়া॥৩৭
ইয়াক শুনিয়া পূৰ্ব্বে মহামুনি সবে।
পৰম কল্যাণ যাৈ তৰি গৈলা ভাবে॥
পৰীক্ষিতে কহে তবে যোৰহাত কৰি।
কোনে শুনাবেক মোক বোলহ বিচাৰি॥৩৮
ব্যাস বোলে শুকদেৱ আমাৰ তনয়।
পৰম বৈষ্ণৱ সেই ভাগবতময়॥
ৰজা বোলে শুকদেৱ অব্যাহত গতি।
এক স্থানে একত্ৰে নাথাকে এক ৰাতি॥৩৯
তাহাক পাইবো আমি কোথা তপোধন।
মোৰ ঠাই প্ৰয়োজন এই সপ্তদিন॥
ব্যাস বোলে যি স্থানত শুনে হৰিকথা।
সেই স্থানে শুকদেৱ আহিবো সৰ্ব্বথা ॥৪০
তাক শুনি পৰীক্ষিৎ হুয়া এক মন ।
ৰাম ৰাম হৰি হৰি বোলে সৰ্ব্বক্ষণ॥
হৰিধ্বনি শুনি বৰ আনন্দিত মন।
আচম্বিতে শুকদেৱ আসিলা তেখন॥৪১
শতেক সূৰ্য্যৰ তেজ বালক চৰিত্ৰ।
মুক্তকেশ দিগম্বৰ সৰ্প বিভুষিত॥

[ ১৩ ]
 

ধূমকেতু হেন অঙ্গ বালক দেখিয়া।
সকল বালক নাচে হাত তালি দিয়া॥৪২
পৰীক্ষিৎ আদি কৰি ব্যাস এড়ি সবে।
প্ৰণামিলা ব্যাস পুত্ৰে পৰম গৌৰবে॥
পাদ্য-অৰ্ঘ্য আচমন দিলেক আসন।
বসিলেক দিম্বৰ প্ৰসন্ন বদন॥৪৩
ব্যাস বোলে শুকদেৱ শুনহ বচন।
ৰজাক কৰহ তুমি ভাগৱত শ্ৰবণ॥
তোমাৰ সমান নাই ই তিনি লোকে।
এঘোৰ সংসাৰ ভয খণ্ডাহ ৰজাকে॥৪৪
এত বুলি বাসদেৱ হৈলা অন্তদ্ধান৷
পৰীক্ষিত ৰজা তবে চিন্তিলেক ত্ৰাণ॥
ইষ্ট, মিত্ৰ, আত্ম, বন্ধু, আনিয়া যতেক।
জন্মেজয় আনি কৈলা ৰাজ্য অভিষেক॥৪৫
পাত্ৰ মিত্ৰ সকলোতে ভাৰ সমৰ্পিয়া।
চলিলা গঙ্গাৰ কুলে মৰণ জানিয়া॥
ব্ৰজজাল আদি কৰি ৰচিলা বিষম।
কৰিলা নিগৃঢ় স্থান সৰ্পৰ দুৰ্গম॥ ৪৬
গঙ্গাৰ অন্তৰ জলে কৈলা কুশাসন।
আৰম্ভিলা ভাগৱত কৰিহে শ্ৰবণ॥
শুকদেৱ মুখ হৈতে হৰিকথা ৰসে।
নিত্য উপবাস তবু ক্ষুধা ন পৰশে॥ ৪৭

[ ১৪ ]

এহিমতে পুণ্য কথা কৰয়ে শ্রবণ।
পাত্র মিত্র সবে হেথা কৰিলা মন্ত্রণ॥
সর্ববদায় কৰে ৰজা আমাসাৰ হিত।
সর্পেসে ন দংশে হেন চিন্তিতে উচিত ॥৪৮
ধন্বন্তৰী নামে ওজা থাকে শঙ্খপুৰী।
ৰজাৰ কাৰণে তাৰ আনা শীঘ্ৰ কৰি॥
নহলে তক্ষক হাতে নেদেখি নিস্তাৰ।
ধন্বন্তৰী আসিলে তাহাৰ অল্প ভাৰ॥৪৯
এহিমতে পাত্রগণে মন্ত্রণা কৰি সাৰ।
সত্বৰে পঠাইলা দূত ওজা আনিবাৰ।
শীঘ্রগতি দূত গৈয়া নিলে শঙ্খপুৰী।
ত্ববিতে জানাইলা গৈ ওজা ধন্বন্তৰী॥৫০
পৰীক্ষিতে ব্ৰহ্মশাপ পাই আছে বনে।
তক্ষকে দংশিতে কহিয়াছে সপ্তদিনে।
ৰজাক ৰাখিতে তুমি চলহ সত্বৰ।
বিলম্ব নকৰা বসি কাৰ্য্য গুৰুতৰ॥৫১
এত শুনি ধন্বন্তৰী বিষৌষধি তুলি।
কমণ্ডলু লৈলা আৰ ঔষধৰ ঝুলি॥
বিচিত্র সাপৰ ছাল বান্ধিয়া মাথায়।
বাঘৰ পিঠিত চড়ি জয়ঢাক বজায়॥৫২
ছয় কুৰি শিষ্য ওজাৰ চলিলেক সঙ্গে।
মন্ত্র মহৌষধি যত লইলেক ৰঙ্গে॥

[ ১৫ ]
 

অস্তি-সঞ্চাৰিণী আৰ জীৱ-সঞ্চাৰিণী।
জ্যোতিৰূপা তেজোময় বিশল্যকৰণী॥৫৩
বুলি ভৰি নিলা চাৰি ঔষধৰ মূল।
গাৰুড়ী মন্ত্ৰৰ পুথি লইলা সকল॥
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
ওজাৰ ছলনা বুলি একই লেছাৰি॥৫৪


দিহা

বাঘৰ পিঠিত চড়ি যাই ওজা ধন্বন্তৰী
 পৰীক্ষিৎ ৰজা জীয়াবাৰে।
বিষ জোলোঙা ভাৰ  দণ্ডমন কান্ধে কৰি
 কমণ্ডলু লৈলা বাম কৰে। ৫৫
বাঘৰ পিঠি চড়ি যাই  দুই কাষে ঢাক বায়
 ছয় কুৰি শিৰ সঙ্গে লৈয়া।
ৰ’দত পীড়িত হুয়া শীতল পবন পাইয়া
 বসে গৈয়া ব বৃক্ষ পইয়া॥৫৬
এহিমতে ধন্বন্তৰী কৰিলা গমন।
মন দিয়া শুনা কহো যত বিবৰণ॥
হিমালয় কৈলাশ দুই পৰ্ব্বতৰ সাৰ।
তথাত তক্ষক নাগ অগ্নি অৱতাৰ॥৫৭
পৰীক্ষিতে ব্ৰহ্মশাপ পাই আছে শুনি।
হৰষিতে নাগৰাজে বহিলেক পুনি।

[ ১৬ ]
 

যেতিয়া অনল গেল খাণ্ডব দহিতে।
মােৰ পুত্রে বধিয়াছে জননী সহিতে॥৫৮
আৰ পুত্র কর্ণ সনে সর্পমুখ বাণ।
তাহাক কাটিয়া পাৰে কণ বিদ্যমান॥
সেহি হৈতে মন মােৰ আছয় সন্তাপ।
তাৰ ৰাতি পৰীক্ষিৎ পাইলা ব্ৰহ্মশাপ ॥৫০
এ সময়ে পুত্র ধাৰ সুঙ্গিতে উচিত।
এত বলি নাগৰাজ চলিলা ত্বৰিত॥
এহিমতে তক্ষক যে কৰিলা গমন৷
ধন্বন্তৰী সহিত হইলা দৰশন॥৬০

দিহা

ক্ষুধাৰ কাৰণে ধন্বন্তৰী, বিচাৰ কৰিলা বুলি,
 লাগি গৈলা ঔষধৰ ঘ্রাণ ৷
অধিক সুজন তুমি  সি কাৰণে পােছো আমি,
 কোৱা বাপু তুমি কোন জন॥৬১
শুনিয়া ব্ৰাহ্মণ বাণী,  ওজাই বুলিলা পুনি,
 তক্ষক নাগে খাইবো পৰীক্ষিৎ ৰজা ।
তাহাক জীয়াবাৰে,  আমি যাই সত্বৰে,
 মােৰ নাম ধন্বন্তৰী ওজা॥৬২
ধন্বন্তৰী মােৰ নাম ঘৰ শঙ্খপুৰী।
শিবৰ সেৱক আমি ফুৰো সৰ্প মাৰি॥

[ ১৭ ]
 

তক্ষকে দংশিবে শুনিয়াছি পৰীক্ষিতে ।
তাহাক ৰাখিতে আমি যাইবো ত্বৰিতে ॥ ৬৩
ছয় কুৰি শিষ্য মোৰ অনুচৰ সঙ্গে ।
সৰ্প মাৰি বিষ খাই ঢাক ৰজাই ৰজে ॥
কৰ্কটক ধনঞ্জয় তক্ষক উৎপল ।
ধৃতৰাষ্ট্ৰ পাণ্ডু আদি যত নাগবল ॥ ৬৪
শঙ্খ আদি মহাপদ্ম যতেক প্ৰধান ।
আমাৰ নিকটে সবে মেড়ুক সমান ॥

শুনিয়া ওজাৰ বাণী, ব্ৰাহ্মণে বুলিলা বাণী,
 কথা দেখো কহা বৰ ভয়ে ।
স্বৰ্গ-মৰ্ত্ত্য পাতালত, ই তিনি যে ভুবনত,
 তক্ষকে দংশিলে কেহো জীয়ে ॥ ৬৫

দিহা

এতেক বচন যদি ব্ৰাহ্মণে বুলিলা ।
ক্ৰোধ কৰি ধন্বন্তৰী গৰ্জ্জন কৰিলা ॥ ৬৬
কোপ কৰি ধন্বন্তৰী ভাবে মনে মনে ।
সামান্য ব্ৰাহ্মণ নই বুলি অনুমানে ॥
আমাৰ বিক্ৰম আমি কি কহিবো তোৰে ।
আমাৰ বিক্ৰম জানে ব্ৰহ্ম হৰি হৰে ॥ ৬৭
কলিৰ ব্ৰাহ্মণ আৰ বলিৰ ছাগল ।
ভাল-মন্দ জ্ঞান নাই হয় যে পাগল ॥

[ ১৮ ]
 

পতিতৰ দান লোৱা নকৰি বিচাৰ ।
হাড়ি, ডোম, চণ্ডাল যজাহ সদাচাৰ ॥ ৬৮
কাকড়াৰ মাটিতে কপালে দীৰ্ঘ ফোটা ।
কক্ষ তলে লই আছা ভাঙ্গা লাউ গোটা ॥
ভালেতো হইছা তুমি শূদ্ৰৰ গোসাই ।
সি কাৰণে নাক চুলি এৰা মোৰ ঠাই ॥ ৬৯
অন্য জনে দিয়ে যদি এতেক উত্তৰ ।
এতিক্ষণে মাৰি পঠাম যমৰ নগৰ ॥
দ্বিজ হুয়া নাজানে যি ব্ৰাহ্মণৰ কাম ।
চণ্ডালতো ধিক তাক নকৰো প্ৰণাম ॥ ৭০
স্বৰূপে জানিলো তুমি নোপোৱা ব্ৰাহ্মণ ।
দুই জিহ্বা দেখো তোৰ সৰ্পৰ লক্ষণ ॥
কোন সৰ্প চলি আছ কপট ৰূপ ধৰি ।
নিশ্চয় জানিলো বেটা ভণ্ড দুৰাচাৰী ॥ ৭১
আপনাৰ নিজ ৰূপ ধৰ ব্যক্ত হৈয়া ।
নহইলে মন্ত্ৰবলে থইবো বান্ধিয়া ॥
কুপিত তক্ষক নাগ অগ্নি হেন জ্বলে ।
দুই চক্ষু পকাইয়া বলে তেজোবলে ॥ ৭২

দিহা

এতিয়া ব্ৰাহ্মণৰ মায়া ধৰে পঞ্চশত কায়া
 প্ৰতাপত কম্পে দেবাসুৰ ।

[ ১৯ ]
 

আমিতো তক্ষক নাগ,  তােমাক পাইলো লাগ,
 মাৰিয়া পঠাম যম ঘৰ ॥৭৩
শুনা ওজা ধন্বন্তৰী,  বটবৃক্ষ ভস্ম কৰি,
 পুনু যদি জীয়াইতে পাৰ ৷
নাৰায়ণ দেবে কয়,  সুকবি বল্লভ হয়,
 তেবে বুজিম সাহস তোমাৰ॥৭৪

দিহা

এ জয় গোপাল ৰাম জয় গােবিন্দ হৰে
হাসি ধন্বন্তৰী বােলে ভণ্ড তপােধন।
জীয়াইতে পাৰি যদি কিবা দিবা ধন ॥৭৫
পৰাস্ত কৰিব আজি এই বাক্য সাৰ।
কুপিয়া তক্ষক বিষে কৰে অন্ধকাৰ॥
নাগে ওজাই বিবাদ কৰে বটবৃক্ষ তলে।
পৰম প্রচণ্ড গছ অতি ভয়ঙ্কৰে ॥৭৬
সহস্রেক শিপা গছ পৰম বিশাল।
মূল গাছ এড়িযা প্রচণ্ড চাৰি ডাল॥
পূব ডালে যাইবাৰে পাৰি উদয় গিৰি।
পশ্চিম চলে যাইতে পাৰি ওৰেষা নগৰী ॥৭৭
উত্তৰ ডালে যাইতে পাৰি কৈলাস নগৰী ।
দক্ষিণ ডালে যাইতে পাৰি যমৰ নগৰী॥
মূল গাছে ব্ৰহ্মা বসি আছে হংস যানে।
মধ্যে ত্ৰিপুৰাৰি বসি আহন্ত আপুনে ॥৭৯

[ ২০ ]
 

গৰুড বাহনে সৈতে বিষ্ণু আছে স্থিতি।
স্থানে স্থানে কওঁ শুনা আৰু নানা জাতি॥
ইন্দ্ৰ আদি দলে গায গন্ধৰ্ব‌্ব চাৰণ।
ভূত প্ৰেত দানব পিশাচ নাগগণ॥৭৯
বিষ্ণুদূত যমদূত বৈসে চাৰি জাতি।
নিতে বৰি আছে তাত পক্ষীগণে স্থিতি॥
সাৰা শালিকা আৰু ৰাইজে শালিকা।
পিতলিয়া কঙ্গ আৰু কনোৱা কনকা॥৮০
ধলা ধূলি বাদুলিযে দুলুক মযুৰ৷
ৰাজহংস চিলা আৰ শ্বেত কাকচৰ॥
কৃপতি কৈৰত আছে টিয়া কামলিয়া।
মানে কুৰুযা আছে ভাটো চান্দালিয়া॥৮১
এহিমতে পক্ষী সব আছে থৰ থৰ।
ওপৰত থাকি গাছ কাটন্ত সুতাৰ॥
তক্ষকৰ পৰাক্ৰন সুতাৰে আছে দেখি।
ভয়ে ডালে সাবটিয়া মুদিলা দুই আঁখি॥৮২
মনে মনে সুতাৰ সৰে লাগে বুলিবাৰে।
স্ত্ৰী-পুত্ৰ এৰি কেনে আইলো মৰিবাৰে।

দিহা

ইবাৰ তাৰিয়ো ভগবান
অ হৰি নাজানো কি মতে পৰিত্ৰাণ॥৮৩

[ ২১ ]
 

পঞ্চশত মুখ দিয়া বিষ বহি পৰে।
তাক দেখি সুতাৰ সৰে হৰি হৰি স্মৰে॥
বিপদে পৰিয়া আজি আমাৰ যাই প্ৰাণ।
বোলে প্ৰভু ৰক্ষা কৰা দৈবকী নন্দন॥৮৪
বিপদত ৰক্ষা কৰা দেব নাৰায়ণ।
তুমি বিনে আৰ কোনে কৰিবেক ত্ৰাণ॥
পঞ্চশত ফণা ধৰে বৃক্ষক আকলি।
ভস্ম কৈলা বৃক্ষ গোট কালকূট ঢালি॥৮৫
ভস্ম ভৈলা বৃক্ষ গোট অতি বৰ ৰোষে।
ভয় কৰি ধন্বন্তৰী মহামন্ত্ৰ জপে।
ভস্ম কৰি বৃক্ষ চাই নিঃশ্বাসে উৰাই।
তাক দেখি ধনন্তৰী দুই হাত কোঞ্চাই।৮৬
মহামন্ত্ৰে ধনন্তৰী জল লৈয়া কৰে।
মহামন্ত্ৰ জপি দিলা ভস্মৰ উপৰে।
হাসি হাসি পাছে বোলে ওজা ধনন্তৰী।
দেখি থাকা ভস্ম হৈতে বৃক্ষ বাজ কৰি॥৮৭
পুনৰপি মহামন্ত্ৰ লাগিলা জপিতে।
ডালে মূলে উঠে গাছ সূতাৰ সহিতে॥
হাসিয়া হাসিয়া পাতে বোলে ধন্বন্তৰী
লাজ পাই তক্ষক ৰৈলা তল মুণ্ড কৰি॥৮৮
ওজাই বোলে তক্ষক তুমি তল মুণ্ড কেনে।
এতেক বৰাই পূৰ্ব্বে কৈলে কি কাৰণে॥

[ ২২ ]
 

তুমিতাে নাগৰ ৰজা চিনিলো ইঙ্গিতে।
বিনা ধন দিয়া তুমি নাপাৰা যাইতে॥৮৯
তুমিতো নাহিকে জানা মনসাৰ বল৷
মন্ত্রে বান্ধি ৰাখিবাে তােমাৰ এই স্থল॥
তক্ষক বোলয় শুনা ধন্বন্তৰী ওজা।
এবেসে জানিলো তােমাৰ মহামন্ত্ৰৰ তেজ॥৯
আমিতো তক্ষক নাগ পাইলে পৰাভৱ ।
আমাৰ বচন শুনি ৰাখহ গৌৰৱ॥
পৰীক্ষিৎ ৰজাৰ দেখা আযু হৈলা শেষ।
দৈবে তাহা ব্রহ্মশাপ পাইলা বিশেষ॥১০০
নিশ্চয় ফলিবে ওজা ব্রাহ্মণৰ গালি।
ব্ৰহ্মশাপ ব্যর্থ নহে জানহ সকলি।
এত শুনি ধনন্তৰী দেখিলা লেখিয়া।
পৰীক্ষিতৰ পৰমাযু দেখিলা গণিয়া॥১০১
দেখিলা পৰমহংস নাহি নিজ ঘৰে।
জ্যোতিৰ্ম্ময় নেদেখিলা নিৰঞ্জনপুৰে॥
এহিমতে কোন থানে নেদেখিয়া মন।
তক্ষকে বুলিলা পাছে লােৱা এই ধন॥১০২
এই যে বিৰিণা দেখা ধৰল বৰণ।
তাহাৰ তলত আছে সপ্ত ৰজাৰ ধন॥
হীৰা মাণিক কতাে ৰজত কাঞ্চন।
আপােন ইচ্ছাই লােৱা যত লাগে ধন॥১০৩

[ ২৩ ]
 

শিষ্য সবে বিৰিণাক উভাৰিলা পাকে।
তাহাৰ তলত সপ্ত ৰজাৰ ধন দেখে॥
শিষ্য সবে লৈলা ধন টোপলি বান্ধিয়া।
চলি যাই ধন্বন্তৰী ধন দান পাইয়া॥১০৪
ধন দিয়া ধন্বন্তৰীক পাঠাইলা ঘৰে।
তক্ষক নাগ চলি যাই ৰজাৰ দুৱাৰে॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাচালি।
তক্ষকৰ ছলনা বুলি একই লেছাৰি॥১০৫

দিহা

আজু বৃন্দাবনে চলিলা গােপাল।
চতুঃপার্শ্বে ক্রীড়া কৰে যত ৰাখোৱাল॥
এহিমতে ফিৰি যাই ওজা ধন্বন্তৰী।
চলিলা তক্ষক নাগ দ্বিজ ৰূপ ধৰি॥১০৬
শুক্ল বস্ত্র পৰিধান কমণ্ডলু কৰে।
অতি বৃদ্ধ মুনি বেশ চলে ধীৰে ধীৰে॥
বলিক ছলিতে যেন যাই দামােদৰ।
মদন চলিলা যেন মােহিতে শঙ্কৰ॥১০৭
বাসব চলিলা যেন বৃত্ৰক বধিতে।
ৰাৱণ সন্যাসী যেন সীতাক হৰিতে॥
এহিমতে চলি যাই ৰজাৰ দুৱাৰে।
দ্বাৰী গৈয়া জান দিলা ৰজাৰ গােচৰে॥১০৮

[ ২৪ ]
 

ৰজা বোলে শীঘ্ৰ কৰি অনা অন্তঃপুৰে।
ভাগ্যফলে মিলে আসি ব্ৰাহ্মণ দুৱাৰে॥
দুৱৰী কহিলা গৈয়া শুনা দ্বিজবৰ।
ৰজাৰ আদেশে তুমি চল অন্তঃপুৰ॥১০৯
তাহাক শুনিয়া দ্বিজ হৰষিত মন।
ৰজাৰ সম্মুখে গৈয়া দিলা দৰশন।
ব্ৰাহ্মণ দেখিয়া ৰজা পৰম সাদৰে।
আগত বসাই লৈ দণ্ডৱত কৰে॥১১০
মহাৰাজ পৰীক্ষিৎ হৌক পুণ্যৰাশি।।
বদৰিকাশ্ৰম হৈতে আইলো সন্যাসী॥
পূৰ্ণ ভাগৱত কৰা কৰিয়া কামনা।
তোমাৰ ঠাই আসি আহো লইতে দক্ষিণা॥১১১
ব্যাসৰ মুখত পুনঃ শুনিলো সম্বাদ।
অকাল বদৰি ফল আনিছেো প্ৰসাদ॥
ব্ৰাহ্মণ দেখিয়া ৰজা নলস্কাৰ কৰি।
বড়ই কৌতূকে লৈলা অকাল বদৰি॥১১২
অদভূত দেখি ফল হস্ত পাতি লৈলা।
নাকৰ নিকতে নিয়া সুঙ্গিতে লাগিলা॥
তাৰ মধ্যে তক্ষক আছে কীটৰূপ হৈয়া।
সুঙ্গিতে দংশন কৈলা মৃত্যুকাল পাইয়া॥১১৩
সপ্তদিন হৈলা তবে ভাগৱত শুনিতে।
গঙ্গা অন্তৰ্জ্জলে ৰাজা থাকিয়া নিভৃতে॥

[ ২৫ ]
 

ভাদ্র মাসে ৰােহিণী অষ্টমী শুক্লপক্ষ।
মধ্যাহ্নত মঙ্গলবাৰে দংশিলা তক্ষক ॥১১৪
তক্ষকৰ দংশনত পর্ব্বত হোৱে চিৰ।
ভস্ম হৈলা পৰীক্ষিৎ মনুষ্য শৰীৰ॥
দেখিয়া সকল লোকে কৰে হাহাকাৰ।
সিংহাসন হৈতে পৰে হইয়া অঙ্গাৰ॥১১৫
কৈতৰা ব্রাহ্মণ কৈত বদৰিকা ফল।
অন্তৰীক্ষে তক্ষক নাগ পলায় প্রৱল॥
জন্মেজয় সৈতে সেই ৰজাৰ মহিষী।
বিলাপ কৰিয়া কান্দে ভূমিতলে বসি॥১১৬
সুকবি নাৰায়ণ দেবৰ সুৰস পাচালি৷
সাৰাদাৰ ক্ৰন্দন বুলি একই লেছাৰি॥

দিহা

 অনেৰে কান্দে সাৰদা বাণী।
উঠৰে প্ৰাণৰ নাপ, আমাক লগাও মাত,
 চন্দ্রবংশ আজি হৈলা অন্ধকাৰ॥১১৭
উত্তৰাৰ গর্ভে তােমা  বধিছিলা অশ্বত্থামা,
 অপাণ্ডবা কৰিতে কাৰণ।
মায়েৰ স্মৰণ জানি  ৰাখিলেক চক্রপাণি,
 আপনি আসিয়া নাৰায়ণ॥১১৮
কুক্ষণে মৃগয়া কাজে  গৈলা প্রভু বনমাজে,
 তাতে হৈলা বিধিৰ ঘটন৷

[ ২৬ ]
 

ধার্ম্মিক শৰীৰ হুয়া নানাবিধ দান দিয়া,
 বিনা দোষে কৈলা বিড়ম্বন ॥ ১১৯
আমি কায়বাক্য-মনে,  কিবা স্বপ্ন জাগৰণে,
 তুমি বিনে অন্য নাহি জানি।
অনাথি কৰিয়া মােকে তুমি গৈলা পৰলােকে,
 কিমতে বঞ্চিবো অভাগিনী।১২০
কৰিয়া মােক অনাথ  এৰি গৈলা প্রাণনাথ,
 কোনে পালিবেক প্রজাগণ।
তুমি যদি এৰি যােৱা,  একবাৰ কথা কোৱা,
 একবাৰ মই জুৰাওঁ নয়ন॥১২১
মৃগয়ায় গৈলা বনে  তৃষ্ণাযুক্ত হৈয়া কেনে,
 জিজ্ঞাসিল মুনিৰ গােচৰে।
সেই কোপে কৰি দৰ্প  মুনিৰ গলে দিলা সৰ্প,
 মুনিৰ পুত্র শাপিলা তােমাৰে॥১২২
জন্মেজয় জননী আমি  আমাৰ মাৰিলা স্বামী
 তক্ষক নাগ হােৱে মােৰ পিতা।
সেই বাপ তক্ষক মােৰে  বধিলেক জামাতাৰে
 বিধবা আজি কৰিলেক মােক॥১২৩
নাৰায়ণ সুচৰিত  বধ হৈলা পৰীক্ষিৎ
 দংশিলেক তক্ষক বিষধৰ।

[ ২৭ ]
 

দিহা

ঐ আৰে লয়ৰে গোবিন্দৰ নাম
হৰি এই বাৰেসে বাৰ।
দুনাই ভাৰসা নাই মনুষ্য হইবাৰ॥১২৪
ৰাজা মৰা বাৰ্ত্তা পাই যত প্ৰজাগণ।
সত্বৰ কৰিয়া আসি মিলিলা তখন॥
জন্মেজয়ৰ ক্ৰন্দনত কান্দে প্ৰজাগণ।
কান্দিতে কান্দিতে সবে হৈলা অচেতন॥১২৫
এহিমতে দংশিলেক ৰাজা পৰীক্ষিৎ।
জন্মেজয় মহাৰাজা ভৈলা উপস্থিত॥
নিজ ধৰ্ম্মে ৰাজ্য কৰে শাসি বাহুবলে।
নানা দান ভোগ ৰাজা কৰিলা সকলে॥১১৬
সোণা ৰূপা দিলা দান লেখা জোখা নাই।
বৈতৰণী পাৰ হৈতে দিল শত গাই॥
পিতৃকাৰ্য্য কৰি ৰাজা আনন্দিত মন।
নিমন্ত্ৰিয়া আনিলেক যত ৰাজাগণ॥১২৭
সুতাৰে কহিলা কৰযোৰ কৰি।
ধন দিয়া কিৰাইলেক ওজা ধনন্তৰী॥
তাক শুনি জন্মেজয় ক্ৰোধ কৰি মন।
যি কাৰণে মৰে পিতৃ জানিলে কাৰণ॥১২৮
তক্ষক নাগে মোক কৰিলা অন্যায়।
বিনা দোষে বধিলেক আমাৰ পিতাই॥

[ ২৮ ]

মন্ত্ৰীগণ চাই ৰাজা কহে কোপ কৰি ।
মাৰিব সকল নাগ কৈক যাবো সাৰি ॥ ১২৯
এত শুনি বলিলেক ধৌম তপোধন ।
আমি দিবো উপদেশ যদি লোৱা মন ॥
তক্ষকে জিনিবে কেৱে নোৱাৰে যুজিয়া ।
যজ্ঞ কৰি মাৰ নাগ অগ্নিত পুড়িয়া ॥ ১৩০
সপশত্ৰু যজ্ঞৰ যে কৰহ ব্যৱস্থা ।
আপনি কৰহ যজ্ঞ হৈয়া অধিকৰ্ত্তা ॥
ধৌম বলে আমি যজ্ঞ কৰিতে যোগ্য নয় ।
শুনিয়াছি নাগগণ ব্ৰাহ্মণ তনয় ॥ ১৩১
উপায় কহিবো শুনা আছয় কাৰণ ।
উতঙ্গ নামেতে মুনি আছে তপোবন ॥
তাহাৰ পিতাক আগে দংশিলেক সাপে ।
ইমত আকুল ভৈলা পিতাৰ সন্তাপে ॥ ১৩২
তাৰে আনি যজ্ঞ কৰা কহিলো বুজাই ।
এহিমতে মাৰা সৰ্প অন্য উপায় নাই ॥
জন্মেজয় তপোবনে কৰিলা গমন ।
উতঙ্গ মুনিৰ কাছে কৰে নিবেদন ॥ ১৩৩
অৰ্দ্ধেক আসন দিয়া কৰিলা গৌৰব ।
কহিলেক নাগ বধে কিবা যুক্তি তৰ ॥
মুনি বলে এই কৰ্ম্ম কৰিতে আমাৰ ।
শীঘ্ৰ আয়োজন ৰাজা কৰহ তাহাৰ ॥ ১৩৪

[ ২৯ ]
 

দিহা

অগ বৰাই হেৰ মোৰ মন ব্যাকুল হৈলা।
ৰাধে বৰাই হেৰ মোৰ মন ব্যাকুল হৈলা বাধে॥
এই মতে যজ্ঞ আৰম্ভিলা পিতৃশোকে।
কান্দিয়া পদ্মাৰ আগে কহিলা তক্ষকে॥১৩৫
ধৌম ঋষি মুনি আৰু উতঙ্গ মুনি আনি।
সৰ্পশত্ৰু যজ্ঞ কৰে পিতৃবৈৰী জানি।
আছোক যজ্ঞৰ কায্য দেখিতে লাগে ভয়।
তোমাৰ চৰণ বিনে অন্য গতি নাই ॥১৩৬
এতেক শুনিয়া পদ্মা দুঃখ ভাবি মনে।
আস্তিক বুলিয়া পদ্মা কৰিলা স্মৰণে॥
শুনা পুত্ৰ সঙ্কট বৰ হইয়া আমাৰ।
নাথাকিলে তক্ষক কি হব সংসাৰ॥১৩৭
এতেক বলিয়া পদ্মা দুঃখ ভাবি মনে।
তক্ষক লইয়া গৈল বাসবৰ স্থানে।
পদ্মা বোলে ইন্দ্ৰ তুমি জগত পালক।
সঙ্কট সময় তুমি ৰাখহ তক্ষক॥১৩৮
পদ্মাৰ বচনে ইন্দ্ৰ অভয় বৰ দিয়া।
আপোনাৰ সিংহাসনে ৰাখিলা ঢাকিয়া॥

শুনা ইন্দ্ৰ মহাভাগ আমিতো তক্ষক নাগ
 ভয় পাই আইলো তযু ঠাই।

[ ৩০ ]
 

যত নাগ মহীতলে পুৰি মাৰে মন্ত্ৰ বলে
 পৰীক্ষিত পুত্র জন্মেজয়॥৩৯
মুনি শাপ দিলা তাৰে  তক্ষক নাগে দংশিবাৰে
 আমি যাই দংশিলো বাপেৰে।
মনে ভাবি জন্মেজয়  পিতৃ বৈৰী নিশ্চয়
 যজ্ঞ কৰে আমাক মাৰিবাৰে ॥১৪০
শুনি তক্ষকৰ কাজ  আশ্বাশিলা দেৱৰাজ
 স্থান দিলা ইন্দ্ৰৰ খাটৰ তলে।
নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 তক্ষক ৰৈলা মন বিয়াকুলে ॥১৪১

তক্ষকে থইয়া পদ্মা আসিলা ত্বৰিতে।
কহিতে লাগিলা কথা আস্তিক সাক্ষাতে॥১৪২
পদ্মা বোলে পুত্র আমি জনম দুখুনী।
বিয়া কৰি বিনা দোষে এৰি গৈলা মুনি॥
মােৰ আৰ কোনাে নাই সংসাৰ ভিতৰ।
তুমি পুত্ৰ মোৰ আৰ পিতা মহেশ্বৰ ॥১৪৩
আস্তিক বােলয় মাতা স্থিৰ কৰা মন।
ৰাখিবো তক্ষক সমে যত নাগগণ॥
হৰষিত পদ্মাবতী আস্তিকৰ বোলে।
কপালে চুম্বন দিয়া তুলি লৈলা কোলে॥১৪৪
মায়েৰ চৰণ পুনঃ বলিয়া বিশেষে।
চলিলা যথাত ৰজা যজ্ঞ আৰম্ভিছে॥

[ ৩১ ]
 

মুনিক দেখিয়া ৰজা উঠিয়া সত্বৰে।
দণ্ডৱতে প্রণামিলা বিধি অনুসাৰে ॥১৪৫
পাদ্য-অর্ঘ্য আচমন দিলেক আসন।
সিলেক মহামুনি প্রসন্ন বদন।
কৰযোৰ কৰি ৰজা মুনিক কৰে স্তুতি ।
মুনি বোলে শুনা ৰজা চন্দ্রবংশপতি ॥১৪৬
শিবৰ ঔৰষে জন্ম মাতা পদ্মাবতী।
বনে বনে ফুৰাে আমি তাহাৰ সন্ততি॥
যজ্ঞ কৰিবাৰে শুনি হৰষিত মন৷
সি কাৰণে আসিয়াছো মাগিবাৰে দান॥১৪৭
ৰজা বোলে আজ্ঞা কৰা প্ৰসন্ন বদনে।
যিবা ইচ্ছা কৰা মুনি দিবাে এতিক্ষণে॥
মুনি বোলে স্বস্তি দিলো তােমাৰ বচনে।
কাৰ্য্যকালে মাগিলে তুমি দিবা দানে ॥১৪৮
তবে জন্মেজয় ৰজা হৈয়া একমন।
উতঙ্গ মুনিৰ স্থানে কৰে নিবেদন॥
কি জন্য বিলম্ব কৰা শুনা মুনিবৰ।
যজ্ঞত প্ৰবৰ্ত্ত হৈয়া প্রাণ ৰক্ষা কৰ॥১৪৯
এত শুনি আহুতি তুলি লৈয়া হাতে।
লক্ষ লক্ষ নাগ আসি পড়িলা যজ্ঞতে॥
বৰ বৰ সৰ্প মৰে অগ্নিত পুৰিয়া।
দুর্গন্ধ বহিয়া যাই সংসাৰ বুড়িয়া ॥১৫০

[ ৩২ ]
 

পুনৰপি মন্ত্র পঢ়ি কৰিলা আহুতি।
কৃত্তিকাজি নাগ আসি পড়ে শীঘ্রগতি॥
আহুতি কৰিলা আৰু মন্ত্রক পঢ়িয়া।
কালীদেহৰ কালীনাগ পৰিল আসিয়া ॥১৫১
যেহি নাগ নামে মুনি কৰয় আহুতি।
সেহি নাগ অগ্নিকুণ্ডে পৰে শীঘ্রগতি॥
বৰ বৰ নাগ আসি পৰিলা অগ্নিতে।
তক্ষক নেদেখি মুনি হইলা চিন্তিতে ॥১৫২
কৰযােৰে জন্মেজয় বুলিলা বচন।
পিতৃবৈৰী তক্ষক নাগ নাহিল কি কাৰণ॥
ৰজাৰ বচনে মুনি লাগে কহিবাৰে।
ইন্দ্ৰত শৰণ লৈলা গৈয়া স্বর্গপুৰে ॥১৫৩
ক্রোধ মনে কহিলেক জন্মেজয় ৰজা।
বলে বান্ধি লৈতে পাৰাে ইন্দ্ৰ দেৱৰাজ॥
বিলম্ব নকৰি ধৃত লােৱা শীঘ্রগতি।
ইন্দ্র সমে তক্ষকৰ কৰহ আহুতি ॥১৫৪
ইন্দ্ৰ সমে তক্ষকৰ আহুতি গৈলা মন্ত্রবলে।
ইন্দ্র তক্ষক দুয়ো আহে যজ্ঞৰ উপৰে॥
নাৰদে কহিলা কথা আস্তিক গােচৰে।
যজ্ঞ কৰি জন্মেজয় সৃষ্টি নষ্ট কৰে ॥১৫৫
তাক শুনি আস্তিক মুনি বুলি বচন।
দান মাগাে মহাৰাজ মােক দিয়া দান॥

[ ৩৩ ]
 

বলিলেক জন্মেজয় হৰষিত হৈয়া ৷
অৰ্দ্ধৰাজ্য মহামুনি দিলো উছৰ্গিয়া॥১৫৬
মুনি বোলে অৰ্দ্ধৰাজে নাহিকে পীৰিতি।
শুদ্ধ মনে দিয়া তুমি তক্ষকৰ আহুতি॥
তাক শুনি জন্মেজয় চিন্তিত অন্তৰে।
নমৰিলা পিতৃ বৈৰী কাৰ্ঘ্য অনুসাৰে॥১৫৭


দিহা

 অনে কান্দে ৰজা জন্মেজয় ৷
মুনিৰ চৰণ ধৰি  কান্দে ৰজা অধিকাৰী
 কিয় মোক ফেলিলা বিপাকে।
মোৰ শত্ৰু তক্ষক,  বধিবাৰে চাহি তাক,
 তাক দয়া কৰিলা আস্তিকে ॥১৫৮
যজ্ঞ কৰিবাৰ তৰে,  ৰাখিলেক পুৰন্দৰে,
 দুইজন মৰিবেক পুৰি ॥১৫৯
মুনি বোলে নৃপবৰ  পৰীক্ষিৎ কোঙৰ,
 যদি আমি দিবোক আহুতি।
তোমাৰ যতেক পুৰী  কটাক্ষে নাশিতে পাৰি
 ভষ্ম কৰি ৰাখিবো খিয়াতি॥১৬০
কতক্ষণে ৰজা পুনি  বুলিলা উতঙ্গ মুনি
 দিয়া তাৰে উছৰ্গ কৰিয়া।
হৰষিত হৈল মুনি  তক্ষক নাগেৰে জানি,
 ইন্দ্ৰ চলে হৰষিত হৈয়া॥১৬১

[ ৩৪ ]
 

কতক্ষণে মুনিবৰে,  সন্মানে বিদায় কৰে,
 জন্মেজয় ৰজাৰ নন্দন।
নাৰায়ণ দেৱে কয়  সুকবি বল্লভ হয়,
 নাৰায়ণ দেৱৰ সুবচন ॥১৬২

এহিমতে আইলা মুনি পদ্মাৰ গােচৰে।
যিমতে আনিলা নাগ কহিলা তাহাৰে॥
পদ্মা বােলে বাপু তুমি কৰিলা বৰ কৰ্ম্ম।
আজি হৈতে তক্ষকৰ হৈলা পুনর্জন্ম॥১৬৩
কতক্ষণ মুনি তথা থাকি সেহি স্থানে।
প্রণাম কৰিয়া গেল গন্ধমাদনে॥
এহিমতে আস্তিক মুনি গমন কৰিলা।
হেনয় সময় নেতা পদ্মাক কহিলা ॥১৬৪
নেতা বোলে শুনা বৈনী জয় বিষহৰি।
এহিমতে তক্ষক জিনিলা ধন্বন্তৰী॥
এই ওজা যতদিন পৃথিবীত ৰবে।
তাবৎ নেদেখি বৈনী বিবাদ সাধিতে ॥১৬৫
পদ্মা বােলে আগে বধি ওজা ধন্বন্তৰী।
তবেসে চান্দোৰ বাদ সাধিবাৰে পাৰি॥
ওজাৰ ভবনে যাব গােৱালিনী বেশে।
দধিৰ পসাৰ কৰি সজায় বিশেষে॥১৬৬
তলে দিবা কালকূট উপৰে দধি সৰ।
ক্ষীৰ ক্ষীৰসা লাৰু পসৰা উপৰ॥

[ ৩৫ ]

দধি দেখি ওজা বৰ সন্তুষ্ট হইয়া।
নকৰি বিচাৰ ওজা মৰিবো খাইয়া॥ ১৬৭
এই যুক্তি কৰিয়া চলিলা বিষহৰি।
কপট কৰিয়া সৰ দধিৰ পসাৰি।
সুকবি নাৰায়ণ দেৱৰ সুৰস পাচালি।
পয়াৰ প্ৰৱন্ধে পদ একই লেছাৰি॥ ১৬৮
নামে ভব নামে সিন্ধু মুকুন্দমুৰাৰী।
সবাৰো দুৰ্গতি খণ্ডোক বোলা জয় হৰি॥

—সমাপ্ত—

যথা দৃষ্টং তথা লিখিতং লিখক নাস্তি দোষণং ।
ভীমে চাপি ৰণে ভঙ্গ মুনিনাঞ্চ মতিভ্ৰমঃ ॥

[ ৩৮ ]
 

ৰজনীপ্ৰভা এজেন্সীৰ প্ৰকাশিত

কেইখন মান পুথিৰ নাম ৷


১৷ সন্তোষ গণনা ধাৰাপাত— ৷৴৹ ১৫৷ মিহলি বড়গীত— ১৲
২৷ উষাহৰণ শুকনান্নি— ৷৴৹ ১৬৷ ভাউৰা পুৰাণ— ৷৹
৩৷ ধনন্তৰি বধ— ॥৴৹ ১৭৷ কণ্ট্ৰোল পুৰাণ— ৷৹
৪৷ পুষ্পধাৰি খণ্ড— ৷৴৹ ১৮৷ বসুন্ধৰী গীত— ১৲
৫৷ বিষহৰিৰ জন্ম— ॥৴৹ ১৯৷ কামৰূপীয়া বিয়াৰগীত— ॥৹
৬৷পৰীক্ষিত বধ— ৶৹ ২০৷ সৰ্ব্ব ঢাক মন্ত্ৰ— ৷৹
৭৷শ্ৰীশ্ৰীপদ্মাৱতীৰ বিয়া— ২১৷ পটন্তৰ মালা— ৷৹
৮৷চন্দ্ৰধৰৰ ডিঙা গঠন— ৷৴৹ ২২৷ শক্তিশেল উদ্ধাৰ— ৷৶৹
৯৷বেফুলাৰ সত্য পৰীক্ষা— ৷৴৹ ২৩৷শ্ৰীশ্ৰীকৃষ্ণৰ ব্ৰজলীলা— ১৲
১০৷সীতা স্বয়ম্বৰ— ॥৹ ২৪৷শ্ৰীকৃষ্ণৰ গোষ্ঠলীলা— ৸৹
১১৷মৎস্য বিবাহ— ৷৹ ২৫৷শ্ৰীশ্ৰী হৰ-গৌৰী লীলা— ৸৹
১২৷লখিন্দাৰৰ স্বৰ্গাৰোহণ— ১৲ ২৬৷শকুন্তলাৰ নাম— ॥৹
১৩৷দাতাকৰ্ণৰ নাম, ২৭৷শ্ৰীকৃষ্ণৰ জন্মাষ্টমী— ॥৹
১৪৷অভিমন্যু বধৰ নাম, ২৮৷স্যমন্তহৰণ— ৷৹


পোৱাৰ ঠিকনা

ৰজনীপ্ৰভা এজেন্সী  পোঃ আঃ কমাৰকুছ(কামৰূপ)
শঙ্কৰ লাইব্ৰেৰী  পোঃ আঃ ট্ৰিবিউন, গৌহাটী
লহকৰ এজেন্সী  পোঃ আঃ ৰঙিয়া (কামৰূপ)
দত্ত বৰুৱা এণ্ড কোং  পোঃ আঃ নলবাৰী ৷


মুদ্ৰকঃ—

আলোক প্ৰেছ, নলবাৰী


Flag of India.svg এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০১৯ চনত ১ জানুৱাৰী ১৯৫৯ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।)