সমললৈ যাওক

পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পৰীক্ষিৎ বধ।
 

পুনৰপি মন্ত্ৰ পঢ়ি কৰিলা আহুতি।
কৃত্তিকাজি নাগ আসি পড়ে শীঘ্ৰগতি॥
আহুতি কৰিলা আৰু মন্ত্ৰক পঢ়িয়া।
কালীদেহৰ কালীনাগ পৰিল আসিয়া ॥১৫১
যেহি নাগ নামে মুনি কৰয় আহুতি।
সেহি নাগ অগ্নিকুণ্ডে পৰে শীঘ্ৰগতি॥
বৰ বৰ নাগ আসি পৰিলা অগ্নিতে।
তক্ষক নেদেখি মুনি হইলা চিন্তিতে ॥১৫২
কৰযোৰে জন্মেজয় বুলিলা বচন।
পিতৃবৈৰী তক্ষক নাগ নাহিল কি কাৰণ॥
ৰজাৰ বচনে মুনি লাগে কহিবাৰে।
ইন্দ্ৰত শৰণ লৈলা গৈয়া স্বৰ্গপুৰে ॥১৫৩
ক্ৰোধ মনে কহিলেক জন্মেজয় ৰজা।
বলে বান্ধি লৈতে পাৰো ইন্দ্ৰ দেৱৰাজ॥
বিলম্ব নকৰি ধৃত লোৱা শীঘ্ৰগতি।
ইন্দ্ৰ সমে তক্ষকৰ কৰহ আহুতি ॥১৫৪
ইন্দ্ৰ সমে তক্ষকৰ আহুতি গৈলা মন্ত্ৰবলে।
ইন্দ্ৰ তক্ষক দুয়ো আহে যজ্ঞৰ উপৰে॥
নাৰদে কহিলা কথা আস্তিক গোচৰে।
যজ্ঞ কৰি জন্মেজয় সৃষ্টি নষ্ট কৰে ॥১৫৫
তাক শুনি আস্তিক মুনি বুলি বচন।
দান মাগো মহাৰাজ মোক দিয়া দান॥