পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
পৰীক্ষিৎ বধ
 

আমিতো তক্ষক নাগ,  তােমাক পাইলো লাগ,
 মাৰিয়া পঠাম যম ঘৰ ॥৭৩
শুনা ওজা ধন্বন্তৰী,  বটবৃক্ষ ভস্ম কৰি,
 পুনু যদি জীয়াইতে পাৰ ৷
নাৰায়ণ দেবে কয়,  সুকবি বল্লভ হয়,
 তেবে বুজিম সাহস তোমাৰ॥৭৪

দিহা

এ জয় গোপাল ৰাম জয় গােবিন্দ হৰে
হাসি ধন্বন্তৰী বােলে ভণ্ড তপােধন।
জীয়াইতে পাৰি যদি কিবা দিবা ধন ॥৭৫
পৰাস্ত কৰিব আজি এই বাক্য সাৰ।
কুপিয়া তক্ষক বিষে কৰে অন্ধকাৰ॥
নাগে ওজাই বিবাদ কৰে বটবৃক্ষ তলে।
পৰম প্রচণ্ড গছ অতি ভয়ঙ্কৰে ॥৭৬
সহস্রেক শিপা গছ পৰম বিশাল।
মূল গাছ এড়িযা প্রচণ্ড চাৰি ডাল॥
পূব ডালে যাইবাৰে পাৰি উদয় গিৰি।
পশ্চিম চলে যাইতে পাৰি ওৰেষা নগৰী ॥৭৭
উত্তৰ ডালে যাইতে পাৰি কৈলাস নগৰী ।
দক্ষিণ ডালে যাইতে পাৰি যমৰ নগৰী॥
মূল গাছে ব্ৰহ্মা বসি আছে হংস যানে।
মধ্যে ত্ৰিপুৰাৰি বসি আহন্ত আপুনে ॥৭৯