পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
পৰীক্ষিৎ বধ

এহিমতে পুণ্য কথা কৰয়ে শ্ৰবণ।
পাত্ৰ মিত্ৰ সবে হেথা কৰিলা মন্ত্ৰণ॥
সৰ্ববদায় কৰে ৰজা আমাসাৰ হিত।
সৰ্পেসে ন দংশে হেন চিন্তিতে উচিত ॥৪৮
ধন্বন্তৰী নামে ওজা থাকে শঙ্খপুৰী।
ৰজাৰ কাৰণে তাৰ আনা শীঘ্ৰ কৰি॥
নহলে তক্ষক হাতে নেদেখি নিস্তাৰ।
ধন্বন্তৰী আসিলে তাহাৰ অল্প ভাৰ॥৪৯
এহিমতে পাত্ৰগণে মন্ত্ৰণা কৰি সাৰ।
সত্বৰে পঠাইলা দূত ওজা আনিবাৰ।
শীঘ্ৰগতি দূত গৈয়া নিলে শঙ্খপুৰী।
ত্ববিতে জানাইলা গৈ ওজা ধন্বন্তৰী॥৫০
পৰীক্ষিতে ব্ৰহ্মশাপ পাই আছে বনে।
তক্ষকে দংশিতে কহিয়াছে সপ্তদিনে।
ৰজাক ৰাখিতে তুমি চলহ সত্বৰ।
বিলম্ব নকৰা বসি কাৰ্য্য গুৰুতৰ॥৫১
এত শুনি ধন্বন্তৰী বিষৌষধি তুলি।
কমণ্ডলু লৈলা আৰ ঔষধৰ ঝুলি॥
বিচিত্ৰ সাপৰ ছাল বান্ধিয়া মাথায়।
বাঘৰ পিঠিত চড়ি জয়ঢাক বজায়॥৫২
ছয় কুৰি শিষ্য ওজাৰ চলিলেক সঙ্গে।
মন্ত্ৰ মহৌষধি যত লইলেক ৰঙ্গে॥