পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
পৰীক্ষিৎ বধ
 

ৰজা বোলে শীঘ্ৰ কৰি অনা অন্তঃপুৰে।
ভাগ্যফলে মিলে আসি ব্ৰাহ্মণ দুৱাৰে॥
দুৱৰী কহিলা গৈয়া শুনা দ্বিজবৰ।
ৰজাৰ আদেশে তুমি চল অন্তঃপুৰ॥১০৯
তাহাক শুনিয়া দ্বিজ হৰষিত মন।
ৰজাৰ সম্মুখে গৈয়া দিলা দৰশন।
ব্ৰাহ্মণ দেখিয়া ৰজা পৰম সাদৰে।
আগত বসাই লৈ দণ্ডৱত কৰে॥১১০
মহাৰাজ পৰীক্ষিৎ হৌক পুণ্যৰাশি।।
বদৰিকাশ্ৰম হৈতে আইলো সন্যাসী॥
পূৰ্ণ ভাগৱত কৰা কৰিয়া কামনা।
তোমাৰ ঠাই আসি আহো লইতে দক্ষিণা॥১১১
ব্যাসৰ মুখত পুনঃ শুনিলো সম্বাদ।
অকাল বদৰি ফল আনিছেো প্ৰসাদ॥
ব্ৰাহ্মণ দেখিয়া ৰজা নলস্কাৰ কৰি।
বড়ই কৌতূকে লৈলা অকাল বদৰি॥১১২
অদভূত দেখি ফল হস্ত পাতি লৈলা।
নাকৰ নিকতে নিয়া সুঙ্গিতে লাগিলা॥
তাৰ মধ্যে তক্ষক আছে কীটৰূপ হৈয়া।
সুঙ্গিতে দংশন কৈলা মৃত্যুকাল পাইয়া॥১১৩
সপ্তদিন হৈলা তবে ভাগৱত শুনিতে।
গঙ্গা অন্তৰ্জ্জলে ৰাজা থাকিয়া নিভৃতে॥