পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
পৰীক্ষিৎ বধ
 

ধাৰ্ম্মিক শৰীৰ হুয়া নানাবিধ দান দিয়া,
 বিনা দোষে কৈলা বিড়ম্বন ॥ ১১৯
আমি কায়বাক্য-মনে,  কিবা স্বপ্ন জাগৰণে,
 তুমি বিনে অন্য নাহি জানি।
অনাথি কৰিয়া মোকে তুমি গৈলা পৰলোকে,
 কিমতে বঞ্চিবো অভাগিনী। ১২০
কৰিয়া মোক অনাথ  এৰি গৈলা প্ৰাণনাথ,
 কোনে পালিবেক প্ৰজাগণ।
তুমি যদি এৰি যোৱা,  একবাৰ কথা কোৱা,
 একবাৰ মই জুৰাওঁ নয়ন॥১২১
মৃগয়ায় গৈলা বনে  তৃষ্ণাযুক্ত হৈয়া কেনে,
 জিজ্ঞাসিল মুনিৰ গোচৰে।
সেই কোপে কৰি দৰ্প  মুনিৰ গলে দিলা সৰ্প,
 মুনিৰ পুত্ৰ শাপিলা তোমাৰে॥১২২
জন্মেজয় জননী আমি  আমাৰ মাৰিলা স্বামী
 তক্ষক নাগ হোৱে মোৰ পিতা।
সেই বাপ তক্ষক মোৰে  বধিলেক জামাতাৰে
 বিধবা আজি কৰিলেক মোক॥১২৩
নাৰায়ণ সুচৰিত  বধ হৈলা পৰীক্ষিৎ
 দংশিলেক তক্ষক বিষধৰ।