পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
পৰীক্ষিৎ বধ
 

শিষ্য সবে বিৰিণাক উভাৰিলা পাকে।
তাহাৰ তলত সপ্ত ৰজাৰ ধন দেখে॥
শিষ্য সবে লৈলা ধন টোপলি বান্ধিয়া।
চলি যাই ধন্বন্তৰী ধন দান পাইয়া॥১০৪
ধন দিয়া ধন্বন্তৰীক পাঠাইলা ঘৰে।
তক্ষক নাগ চলি যাই ৰজাৰ দুৱাৰে॥
সুকবি নাৰায়ণ দেবৰ সুৰস পাচালি।
তক্ষকৰ ছলনা বুলি একই লেছাৰি॥১০৫

দিহা

আজু বৃন্দাবনে চলিলা গোপাল।
চতুঃপাৰ্শ্বে ক্ৰীড়া কৰে যত ৰাখোৱাল॥
এহিমতে ফিৰি যাই ওজা ধন্বন্তৰী।
চলিলা তক্ষক নাগ দ্বিজ ৰূপ ধৰি॥১০৬
শুক্ল বস্ত্ৰ পৰিধান কমণ্ডলু কৰে।
অতি বৃদ্ধ মুনি বেশ চলে ধীৰে ধীৰে॥
বলিক ছলিতে যেন যাই দামোদৰ।
মদন চলিলা যেন মোহিতে শঙ্কৰ॥১০৭
বাসব চলিলা যেন বৃত্ৰক বধিতে।
ৰাৱণ সন্যাসী যেন সীতাক হৰিতে॥
এহিমতে চলি যাই ৰজাৰ দুৱাৰে।
দ্বাৰী গৈয়া জান দিলা ৰজাৰ গোচৰে॥১০৮