পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কতক্ষণে মুনিবৰে,  সন্মানে বিদায় কৰে,
 জন্মেজয় ৰজাৰ নন্দন।
নাৰায়ণ দেৱে কয়  সুকবি বল্লভ হয়,
 নাৰায়ণ দেৱৰ সুবচন ॥১৬২

এহিমতে আইলা মুনি পদ্মাৰ গোচৰে।
যিমতে আনিলা নাগ কহিলা তাহাৰে॥
পদ্মা বোলে বাপু তুমি কৰিলা বৰ কৰ্ম্ম।
আজি হৈতে তক্ষকৰ হৈলা পুনৰ্জন্ম॥১৬৩
কতক্ষণ মুনি তথা থাকি সেহি স্থানে।
প্ৰণাম কৰিয়া গেল গন্ধমাদনে॥
এহিমতে আস্তিক মুনি গমন কৰিলা।
হেনয় সময় নেতা পদ্মাক কহিলা ॥১৬৪
নেতা বোলে শুনা বৈনী জয় বিষহৰি।
এহিমতে তক্ষক জিনিলা ধন্বন্তৰী॥
এই ওজা যতদিন পৃথিবীত ৰবে।
তাবৎ নেদেখি বৈনী বিবাদ সাধিতে ॥১৬৫
পদ্মা বোলে আগে বধি ওজা ধন্বন্তৰী।
তবেসে চান্দোৰ বাদ সাধিবাৰে পাৰি॥
ওজাৰ ভবনে যাব গোৱালিনী বেশে।
দধিৰ পসাৰ কৰি সজায় বিশেষে॥১৬৬
তলে দিবা কালকূট উপৰে দধি সৰ।
ক্ষীৰ ক্ষীৰসা লাৰু পসৰা উপৰ॥