পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰীক্ষিৎ বধ

শান্তনু ৰজাৰ নাতি ধৰ্ম্মশীল মহামতি
 পাণ্ডু ৰজা ব্যাসৰ নন্দন ।
তাৰ পুত্ৰ সদাচাৰ বিষ্ণু অংশে অৱতাৰ
 যুধিষ্ঠিৰ আদি পঞ্চজন ॥ ১
অৰ্জ্জুন শৰীৰ ধৰি ক্ষিতিতলে অৱতৰি
 কুৰুকুল কৰিলা বিনাশ ।
নৰনাৰায়ণ চলে জন্মিয়া ভাৰতকুলে
 চন্দ্ৰবংশ কৰিলা প্ৰকাশ ॥ ২
অৰ্জ্জুনৰ তনয় অভিমন্যু মহাশয়
 তাৰ পুত্ৰ পৰীক্ষিৎ ৰজা ।
জানিয়া কুলৰ ধৰ্ম্ম বেদ অনুসাৰে কৰ্ম্ম
 পুত্ৰবৎ পালে সব প্ৰজা ॥ ৩
এক দিন পৰীক্ষিৎ চড়িয়া কঞ্চন ৰথ
 হাতে লৈয়া দিব্য ধনুঃশৰ ।
সৈন্য-সামন্ত সঙ্গে মৃগয়া কৰিতে ৰঙ্গে
 প্ৰবেশিল অৰণ্য ভিতৰ ॥ ৪