পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাৰিলেক মৃগ যত তাহাক কহিবো কত
 তাতে বধ হইলা বিমুখ ।
কালপুৰুষ কোপে মায়া হৰিণ-ৰূপে
 দেখা দিলা ৰজাৰ সমুখ ॥ ৫
মৃগ দেখি নৰবৰ ধনুত যুৰিলা শৰ
 হৰিণ হানিতে গৈলা ধাইয়া ।
পাছে পাছে মহাৰাজ প্ৰবেশিলা বনমাজ
 মৃগ পলাইলা প্ৰাণ লৈয়া । ৬
মুনি দেখি তপোবনে জিজ্ঞাসিল তাৰ স্থানে
 কোন পথে গৈলেক কুৰঙ্গ ।
ধ্যানে বসি আছে মুনি উত্তৰ নিদিলা শুনি
 সমাধি হইব জানি ভঙ্গ ॥ ৭
মহামুনি তপোধন পৰম ধৰ্ম্মত মন
 উত্তৰ নিদিলা কোনে মতে ।
ৰজাৰ জন্মিল তাপ নাজানিলা ব্ৰহ্মশাপ
 মুনিৰে লাগিলা বিড়ম্বিতে ॥ ৮
তপ সজ্জা আছে সঙ্গে দণ্ড কমণ্ডলু ভাঙ্গে
 ধুতি বস্ত্ৰ উওৰি ফেলয় ।
মৰা সৰ্প সন্নিধানে তুলি লয় ধনুৰ্গুণে
 বেঢ়ি দিল মুনিৰ গলায় ॥ ৯
ভণ্ড তপস্বী মনে উত্তৰ নেদিলা কেনে
 এত বলি কৰিলা দুৰ্গতি ।