পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
পৰীক্ষিৎ বধ
 

দিহা

ঐ আৰে লয়ৰে গোবিন্দৰ নাম
হৰি এই বাৰেসে বাৰ।
দুনাই ভাৰসা নাই মনুষ্য হইবাৰ॥১২৪
ৰাজা মৰা বাৰ্ত্তা পাই যত প্ৰজাগণ।
সত্বৰ কৰিয়া আসি মিলিলা তখন॥
জন্মেজয়ৰ ক্ৰন্দনত কান্দে প্ৰজাগণ।
কান্দিতে কান্দিতে সবে হৈলা অচেতন॥১২৫
এহিমতে দংশিলেক ৰাজা পৰীক্ষিৎ।
জন্মেজয় মহাৰাজা ভৈলা উপস্থিত॥
নিজ ধৰ্ম্মে ৰাজ্য কৰে শাসি বাহুবলে।
নানা দান ভোগ ৰাজা কৰিলা সকলে॥১১৬
সোণা ৰূপা দিলা দান লেখা জোখা নাই।
বৈতৰণী পাৰ হৈতে দিল শত গাই॥
পিতৃকাৰ্য্য কৰি ৰাজা আনন্দিত মন।
নিমন্ত্ৰিয়া আনিলেক যত ৰাজাগণ॥১২৭
সুতাৰে কহিলা কৰযোৰ কৰি।
ধন দিয়া কিৰাইলেক ওজা ধনন্তৰী॥
তাক শুনি জন্মেজয় ক্ৰোধ কৰি মন।
যি কাৰণে মৰে পিতৃ জানিলে কাৰণ॥১২৮
তক্ষক নাগে মোক কৰিলা অন্যায়।
বিনা দোষে বধিলেক আমাৰ পিতাই॥