পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
পৰীক্ষিৎ বধ
 

তক্ষকে দংশিবে শুনিয়াছি পৰীক্ষিতে ।
তাহাক ৰাখিতে আমি যাইবো ত্বৰিতে ॥ ৬৩
ছয় কুৰি শিষ্য মোৰ অনুচৰ সঙ্গে ।
সৰ্প মাৰি বিষ খাই ঢাক ৰজাই ৰজে ॥
কৰ্কটক ধনঞ্জয় তক্ষক উৎপল ।
ধৃতৰাষ্ট্ৰ পাণ্ডু আদি যত নাগবল ॥ ৬৪
শঙ্খ আদি মহাপদ্ম যতেক প্ৰধান ।
আমাৰ নিকটে সবে মেড়ুক সমান ॥

শুনিয়া ওজাৰ বাণী, ব্ৰাহ্মণে বুলিলা বাণী,
 কথা দেখো কহা বৰ ভয়ে ।
স্বৰ্গ-মৰ্ত্ত্য পাতালত, ই তিনি যে ভুবনত,
 তক্ষকে দংশিলে কেহো জীয়ে ॥ ৬৫

দিহা

এতেক বচন যদি ব্ৰাহ্মণে বুলিলা ।
ক্ৰোধ কৰি ধন্বন্তৰী গৰ্জ্জন কৰিলা ॥ ৬৬
কোপ কৰি ধন্বন্তৰী ভাবে মনে মনে ।
সামান্য ব্ৰাহ্মণ নই বুলি অনুমানে ॥
আমাৰ বিক্ৰম আমি কি কহিবো তোৰে ।
আমাৰ বিক্ৰম জানে ব্ৰহ্ম হৰি হৰে ॥ ৬৭
কলিৰ ব্ৰাহ্মণ আৰ বলিৰ ছাগল ।
ভাল-মন্দ জ্ঞান নাই হয় যে পাগল ॥