পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
পৰীক্ষিৎ বধ
 

নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 কান্দে ৰজা পায়া ব্ৰহ্মশাপ ॥৩১

দিহা

 ঐ আৰে পাৰ কৰা অ ৰঘুনাথ।
  এ ভব সাগৰে ॥৩২
এতেক ভাবিয়া ৰজা চিন্তাযুক্ত মন।
দেখিবাৰে ব্যাসদেৱ আসিলা তখন॥
ব্যাসক দেখিয়া সবে উঠিলা তখন।
দণ্ডবতে প্ৰণামিলা ব্যাসৰ চৰণ ॥৩৩
পাদ্য-অৰ্ঘ্য আচমন দিলেক আসন।
যোৰহাতে পৰীক্ষিতে কৰে নিবেদন॥
শুনা ব্যাস মহামুনি আমাৰ বচন।
অসময়ে হৈলা গুৰু আমাৰ মৰণ ॥৩৪
মৃগয়া কৰিতে গৈলো অৰণ্য ভিতৰে।
তাতে ব্ৰহ্মশাপ হৈলা আমাৰ উপৰে॥
সপ্তদিন মধ্যে মোক তক্ষকে দংশিবে।
ব্ৰহ্মশাপ ব্যৰ্থ নহে অৱশ্যে ফলিবে ॥৩৫
মৰণক লাগি ভয় নাহি কদাচন।
নতজিলো নাৰায়ণ শ্ৰীমধুসূদন॥
নাজানিলো কোন গতি হৈবেক আমাৰে।
নকৰিলো ধৰ্ম্ম-কৰ্ম্ম মতি অনুসাৰে॥৩৬