পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
পৰীক্ষিৎ বধ

মন্ত্ৰীগণ চাই ৰাজা কহে কোপ কৰি ।
মাৰিব সকল নাগ কৈক যাবো সাৰি ॥ ১২৯
এত শুনি বলিলেক ধৌম তপোধন ।
আমি দিবো উপদেশ যদি লোৱা মন ॥
তক্ষকে জিনিবে কেৱে নোৱাৰে যুজিয়া ।
যজ্ঞ কৰি মাৰ নাগ অগ্নিত পুড়িয়া ॥ ১৩০
সপশত্ৰু যজ্ঞৰ যে কৰহ ব্যৱস্থা ।
আপনি কৰহ যজ্ঞ হৈয়া অধিকৰ্ত্তা ॥
ধৌম বলে আমি যজ্ঞ কৰিতে যোগ্য নয় ।
শুনিয়াছি নাগগণ ব্ৰাহ্মণ তনয় ॥ ১৩১
উপায় কহিবো শুনা আছয় কাৰণ ।
উতঙ্গ নামেতে মুনি আছে তপোবন ॥
তাহাৰ পিতাক আগে দংশিলেক সাপে ।
ইমত আকুল ভৈলা পিতাৰ সন্তাপে ॥ ১৩২
তাৰে আনি যজ্ঞ কৰা কহিলো বুজাই ।
এহিমতে মাৰা সৰ্প অন্য উপায় নাই ॥
জন্মেজয় তপোবনে কৰিলা গমন ।
উতঙ্গ মুনিৰ কাছে কৰে নিবেদন ॥ ১৩৩
অৰ্দ্ধেক আসন দিয়া কৰিলা গৌৰব ।
কহিলেক নাগ বধে কিবা যুক্তি তৰ ॥
মুনি বলে এই কৰ্ম্ম কৰিতে আমাৰ ।
শীঘ্ৰ আয়োজন ৰাজা কৰহ তাহাৰ ॥ ১৩৪