পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
পৰীক্ষিৎ বধ
 

যত নাগ মহীতলে পুৰি মাৰে মন্ত্ৰ বলে
 পৰীক্ষিত পুত্র জন্মেজয়॥৩৯
মুনি শাপ দিলা তাৰে  তক্ষক নাগে দংশিবাৰে
 আমি যাই দংশিলো বাপেৰে।
মনে ভাবি জন্মেজয়  পিতৃ বৈৰী নিশ্চয়
 যজ্ঞ কৰে আমাক মাৰিবাৰে ॥১৪০
শুনি তক্ষকৰ কাজ  আশ্বাশিলা দেৱৰাজ
 স্থান দিলা ইন্দ্ৰৰ খাটৰ তলে।
নাৰায়ণ দেবে কয়  সুকবি বল্লভ হয়
 তক্ষক ৰৈলা মন বিয়াকুলে ॥১৪১

তক্ষকে থইয়া পদ্মা আসিলা ত্বৰিতে।
কহিতে লাগিলা কথা আস্তিক সাক্ষাতে॥১৪২
পদ্মা বোলে পুত্র আমি জনম দুখুনী।
বিয়া কৰি বিনা দোষে এৰি গৈলা মুনি॥
মােৰ আৰ কোনাে নাই সংসাৰ ভিতৰ।
তুমি পুত্ৰ মোৰ আৰ পিতা মহেশ্বৰ ॥১৪৩
আস্তিক বােলয় মাতা স্থিৰ কৰা মন।
ৰাখিবো তক্ষক সমে যত নাগগণ॥
হৰষিত পদ্মাবতী আস্তিকৰ বোলে।
কপালে চুম্বন দিয়া তুলি লৈলা কোলে॥১৪৪
মায়েৰ চৰণ পুনঃ বলিয়া বিশেষে।
চলিলা যথাত ৰজা যজ্ঞ আৰম্ভিছে॥