পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্ন্যাসীৰ বেশধাৰী দণ্ডুকা কাননে হৰি
 চুৰি কৰে দুৰ্জ্জয় ৰাবণ ।
শ্ৰীৰাম লক্ষণ ভাই সীতা শোকে দুঃখ পাই
 ভ্ৰমিলেক অনেক কানন ॥
কিষ্কিন্ধ্যাত থিত হৈয়া সুগ্ৰীবক লাগ পায়া
 মিত্ৰ কৰে বানৰৰ সঙ্গে ।
বধিয়া প্ৰচণ্ড বালি চলি গৈলা লঙ্কাপুৰী
 সমুদ্ৰ বান্ধিলা মহাৰঙ্গে ॥
তিনি মাহ যুদ্ধ কৰি মজাইলা লঙ্কাপুৰী
 মহাৰজা ৰাবণ বিনাশ ।
উদ্ধাৰি জানকী নাৰী চলিয়া অযোধ্যাপুৰী
 সুখী কৰে তেহো গৃহবাস ॥
হাজাৰ বৎসৰ দিন সুখে পালে প্ৰতিদিন
 ৰাম-ৰাজ্যে দুখী কেহো নাই ।
নাৰায়ণ দেবে বোলে প্ৰভু ৰাম পদতলে
 বিপ্ৰক জানকী নাথে গাই ॥