সমললৈ যাওক

পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
পৰীক্ষিৎ বধ
 

মুনিক দেখিয়া ৰজা উঠিয়া সত্বৰে।
দণ্ডৱতে প্ৰণামিলা বিধি অনুসাৰে ॥১৪৫
পাদ্য-অৰ্ঘ্য আচমন দিলেক আসন।
সিলেক মহামুনি প্ৰসন্ন বদন।
কৰযোৰ কৰি ৰজা মুনিক কৰে স্তুতি।
মুনি বোলে শুনা ৰজা চন্দ্ৰবংশপতি ॥১৪৬
শিবৰ ঔৰষে জন্ম মাতা পদ্মাবতী।
বনে বনে ফুৰো আমি তাহাৰ সন্ততি॥
যজ্ঞ কৰিবাৰে শুনি হৰষিত মন।
সি কাৰণে আসিয়াছো মাগিবাৰে দান॥১৪৭
ৰজা বোলে আজ্ঞা কৰা প্ৰসন্ন বদনে।
যিবা ইচ্ছা কৰা মুনি দিবো এতিক্ষণে॥
মুনি বোলে স্বস্তি দিলো তোমাৰ বচনে।
কাৰ্য্যকালে মাগিলে তুমি দিবা দানে ॥১৪৮
তবে জন্মেজয় ৰজা হৈয়া একমন।
উতঙ্গ মুনিৰ স্থানে কৰে নিবেদন॥
কি জন্য বিলম্ব কৰা শুনা মুনিবৰ।
যজ্ঞত প্ৰবৰ্ত্ত হৈয়া প্ৰাণ ৰক্ষা কৰ॥১৪৯
এত শুনি আহুতি তুলি লৈয়া হাতে।
লক্ষ লক্ষ নাগ আসি পড়িলা যজ্ঞতে॥
বৰ বৰ সৰ্প মৰে অগ্নিত পুৰিয়া।
দুৰ্গন্ধ বহিয়া যাই সংসাৰ বুড়িয়া ॥১৫০