পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
পৰীক্ষিৎ বধ
 

যেতিয়া অনল গেল খাণ্ডব দহিতে।
মোৰ পুত্ৰে বধিয়াছে জননী সহিতে॥৫৮
আৰ পুত্ৰ কৰ্ণ সনে সৰ্পমুখ বাণ।
তাহাক কাটিয়া পাৰে কণ বিদ্যমান॥
সেহি হৈতে মন মোৰ আছয় সন্তাপ।
তাৰ ৰাতি পৰীক্ষিৎ পাইলা ব্ৰহ্মশাপ ॥৫০
এ সময়ে পুত্ৰ ধাৰ সুঙ্গিতে উচিত।
এত বলি নাগৰাজ চলিলা ত্বৰিত॥
এহিমতে তক্ষক যে কৰিলা গমন।
ধন্বন্তৰী সহিত হইলা দৰশন॥৬০

দিহা

ক্ষুধাৰ কাৰণে ধন্বন্তৰী, বিচাৰ কৰিলা বুলি,
 লাগি গৈলা ঔষধৰ ঘ্ৰাণ।
অধিক সুজন তুমি  সি কাৰণে পোছো আমি,
 কোৱা বাপু তুমি কোন জন॥৬১
শুনিয়া ব্ৰাহ্মণ বাণী,  ওজাই বুলিলা পুনি,
 তক্ষক নাগে খাইবো পৰীক্ষিৎ ৰজা।
তাহাক জীয়াবাৰে,  আমি যাই সত্বৰে,
 মোৰ নাম ধন্বন্তৰী ওজা॥৬২
ধন্বন্তৰী মোৰ নাম ঘৰ শঙ্খপুৰী।
শিবৰ সেৱক আমি ফুৰো সৰ্প মাৰি॥