পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰীক্ষিৎ বধ
 

মুনিৰ শুনিলা শিষ্যে এতেক বচন ।
হস্তিনা নগৰে শিষ্য  কৰিল গমন ॥
মুনিক দেখিয়া ৰজাৰ হৰষিত মন ।
বসিবাক দিলা নিয়া  ৰত্ন-সিংহাসন ॥২১
আশিৰ্ব্বাদ কৰি মুনি বসিলা সত্বৰে ।
মুনি শাপ বিবৰণ কহিলা ৰজাৰে ॥
এই বাৰ্ত্তা কহে দূত মুনিৰ সংবাদ ।
মহা চিন্তাত পৰে ৰজা ভাবিয়া বিষাদ ॥২২
সিংহাসন হৈতে ভূমিত  পৰিলা ত্বৰিত ।
আকাশ ভাঙ্গিয়া যেন পৰিলা মাথাত ॥

দিহা

 অনেক শোকে কালে নৃপমণি ॥২৩
শোকে কান্দে নৃপমণি শুনিয়া মুনিৰ বাণী,
 কান্দে ৰাজা বিষাদ বদনে ।
অজ্ঞানে কৰিলোঁ পাপ, ব্যৰ্থ নহে মুনি শাপ,
 কি জানি কুমতি হৈলা মোৰে ॥২৪
সংহাৰ কালত হিত, বুদ্ধি হৈলা বিপৰীত,
 কিবা কালে ধৰিলেক মোৰে ।
ধৰ্ম্মৰজা যুধিষ্ঠিৰ, মহাপুণ্যবান-ধীৰ,
 সশৰীৰে গৈলা স্বৰ্গপুৰে ॥২৫
হেন বংশে মোৰ জন্ম, কৰিলো কুৎসিৎ কৰ্ম্ম,
 ব্ৰহ্মশাপ আমাৰ ওপৰে ॥