পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আমি থাকিতে বাপৰ এতেক দুৰ্গতি ।
নিশ্চয় শাপিবো তাৰে দৃঢ় কৰি মতি ॥ ১৫
এত বলি শৃঙ্গদেব কৰে আচমন ।
ব্ৰহ্মশাপ দিব বলে দাৰুণ বচন ॥
আমাৰ বাপৰ গলে যিবা সৰ্প দিল ।
জীৱন যৌৱন মদে গুৰুক লঙ্ঘিল ॥ ১৬
যদি ব্ৰাহ্মণ হওঁ মই ব্ৰহ্মতেজ থাকে ।
সপ্তদিনৰ মধ্যে তাক দংশিবো তক্ষকে ॥
এতেক বলিয়া কোপ ক্ষমি আপোনাৰ ।
দূৰ কৈলা মৰা সপ বাপৰ গলৰ ॥ ১৭
ধ্যানতে থাকিয়া মুনি জানিলা অন্তৰে ।
পৰীক্ষিৎ ব্ৰহ্মশাপ পাইলা নিৰ্ভৰে ॥
পুত্ৰ মুখ চাই মুনি বুলিলা বচন ।
কেন হেন ব্ৰহ্মশাপ দিল অকাৰণ ॥ ১৮
বিনা দোষে শাপ দিলা পৰীক্ষিৎ ৰজা ।
দেৱ দ্বিজ অতিথিক সদা কৰে পূজা ॥
বাপৰ বচনে পুত্ৰ বুলিলা বচন ।
আমাৰ বচন কভু নযাইবো খণ্ডন ॥ ১৯
পুত্ৰৰ মুখত শুনি নিষ্ঠুৰ বচন ।
শিষ্য এক পঠাই দিলা হস্তিনা ভুবন ॥
মোৰ পুত্ৰে ব্ৰহ্মশাপ দিয়াছে ৰজাক ।
সপ্তদিন মধ্যে ৰজাক দংশিবো তক্ষকে ॥ ২০