পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
পৰীক্ষিৎ বধ
 

গৰুড বাহনে সৈতে বিষ্ণু আছে স্থিতি।
স্থানে স্থানে কওঁ শুনা আৰু নানা জাতি॥
ইন্দ্ৰ আদি দলে গায গন্ধৰ্ব‌্ব চাৰণ।
ভূত প্ৰেত দানব পিশাচ নাগগণ॥৭৯
বিষ্ণুদূত যমদূত বৈসে চাৰি জাতি।
নিতে বৰি আছে তাত পক্ষীগণে স্থিতি॥
সাৰা শালিকা আৰু ৰাইজে শালিকা।
পিতলিয়া কঙ্গ আৰু কনোৱা কনকা॥৮০
ধলা ধূলি বাদুলিযে দুলুক মযুৰ৷
ৰাজহংস চিলা আৰ শ্বেত কাকচৰ॥
কৃপতি কৈৰত আছে টিয়া কামলিয়া।
মানে কুৰুযা আছে ভাটো চান্দালিয়া॥৮১
এহিমতে পক্ষী সব আছে থৰ থৰ।
ওপৰত থাকি গাছ কাটন্ত সুতাৰ॥
তক্ষকৰ পৰাক্ৰন সুতাৰে আছে দেখি।
ভয়ে ডালে সাবটিয়া মুদিলা দুই আঁখি॥৮২
মনে মনে সুতাৰ সৰে লাগে বুলিবাৰে।
স্ত্ৰী-পুত্ৰ এৰি কেনে আইলো মৰিবাৰে।

দিহা

ইবাৰ তাৰিয়ো ভগবান
অ হৰি নাজানো কি মতে পৰিত্ৰাণ॥৮৩