পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰীক্ষিৎ বধ


মৃগৰজা ত্ৰিকালজ্ঞ ব্ৰহ্মশাপে হৈলা ভস্ম
 চন্দ্ৰত কলঙ্ক ব্ৰহ্মশাপে ।
নল হৈলা অজগৰ, সহস্ৰাক্ষি পুৰন্দৰ
 আমাক ৰাখিবো কাৰ বাপে ॥ ২৬
সৰগৰ পুত্ৰ পাপে, ভস্ম হৈলা ব্ৰহ্মশাপে,
 অগোত্ৰ হৈলা জলনিধি ।
সূৰ্য্যৰ নন্দন কৰ্ণে, অস্ত্ৰ পাসৰিলা ৰণে,
 অহল্যা হইলা শিলা বৃদ্ধি ॥ ২৭
যদুবংশ ছাপান্ন কোটী, নৰইলা এক গুটী,
 ব্ৰহ্মশাপ বিষম অনলে ।
মহাৰাজ দশৰথ, ব্ৰহ্মশাপে হৈলা হত,
 বলিৰজা গেল ৰসাতলে ॥ ২৮
দুৰ্ব্বাসা মুনিৰ জন্যে, লক্ষ্মী নাশ ত্ৰিভুবনে,
 পক্ষী হৈলা ইন্দ্ৰ বিদ্যাধৰী ।
জন্মৰাশি হৈলা কাম, বিষ্ণুৰ শৰীৰ ৰাম,
 ব্ৰহ্মশাপে আপন পাসৰি ॥ ২৯
কুবেৰৰ দুই পুত্ৰ, বৃক্ষলতা অদ্ভুত,
 যমল অৰ্জ্জুন তৰুৰূপে ।
দাৰুণ দ্বিজৰ ঘায়, চণ্ডী হৈলা শিলাকায়,
 গজ-কচ্ছপ ব্ৰহ্মশাপে ॥ ৩০
সুমৰিয়া হৰি হৰি, কান্দিয়া বিস্তৰ কৰি,
 হৃদয়ে ভাবিয়া মহাতাপ ।