পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰীক্ষিৎ বধ
 

ৰজাৰ কথা শুনি মুনি বুলিলা বচন।
পুণ্য হেতু ভাগবত কৰহ শ্ৰৱণ॥
সংযম আচাৰ কৰি নিৰাহাৰ হৈয়া।
নিৰবধি শুনিবা আপনি মন দিয়া॥৩৭
ইয়াক শুনিয়া পূৰ্ব্বে মহামুনি সবে।
পৰম কল্যাণ যাৈ তৰি গৈলা ভাবে॥
পৰীক্ষিতে কহে তবে যোৰহাত কৰি।
কোনে শুনাবেক মোক বোলহ বিচাৰি॥৩৮
ব্যাস বোলে শুকদেৱ আমাৰ তনয়।
পৰম বৈষ্ণৱ সেই ভাগবতময়॥
ৰজা বোলে শুকদেৱ অব্যাহত গতি।
এক স্থানে একত্ৰে নাথাকে এক ৰাতি॥৩৯
তাহাক পাইবো আমি কোথা তপোধন।
মোৰ ঠাই প্ৰয়োজন এই সপ্তদিন॥
ব্যাস বোলে যি স্থানত শুনে হৰিকথা।
সেই স্থানে শুকদেৱ আহিবো সৰ্ব্বথা ॥৪০
তাক শুনি পৰীক্ষিৎ হুয়া এক মন ।
ৰাম ৰাম হৰি হৰি বোলে সৰ্ব্বক্ষণ॥
হৰিধ্বনি শুনি বৰ আনন্দিত মন।
আচম্বিতে শুকদেৱ আসিলা তেখন॥৪১
শতেক সূৰ্য্যৰ তেজ বালক চৰিত্ৰ।
মুক্তকেশ দিগম্বৰ সৰ্প বিভুষিত॥