সমললৈ যাওক

পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
পৰীক্ষিৎ বধ।
 

পঞ্চশত মুখ দিয়া বিষ বহি পৰে।
তাক দেখি সুতাৰ সৰে হৰি হৰি স্মৰে॥
বিপদে পৰিয়া আজি আমাৰ যাই প্ৰাণ।
বোলে প্ৰভু ৰক্ষা কৰা দৈবকী নন্দন॥৮৪
বিপদত ৰক্ষা কৰা দেব নাৰায়ণ।
তুমি বিনে আৰ কোনে কৰিবেক ত্ৰাণ॥
পঞ্চশত ফণা ধৰে বৃক্ষক আকলি।
ভস্ম কৈলা বৃক্ষ গোট কালকূট ঢালি॥৮৫
ভস্ম ভৈলা বৃক্ষ গোট অতি বৰ ৰোষে।
ভয় কৰি ধন্বন্তৰী মহামন্ত্ৰ জপে।
ভস্ম কৰি বৃক্ষ চাই নিঃশ্বাসে উৰাই।
তাক দেখি ধনন্তৰী দুই হাত কোঞ্চাই।৮৬
মহামন্ত্ৰে ধনন্তৰী জল লৈয়া কৰে।
মহামন্ত্ৰ জপি দিলা ভস্মৰ উপৰে।
হাসি হাসি পাছে বোলে ওজা ধনন্তৰী।
দেখি থাকা ভস্ম হৈতে বৃক্ষ বাজ কৰি॥৮৭
পুনৰপি মহামন্ত্ৰ লাগিলা জপিতে।
ডালে মূলে উঠে গাছ সূতাৰ সহিতে॥
হাসিয়া হাসিয়া পাতে বোলে ধন্বন্তৰী
লাজ পাই তক্ষক ৰৈলা তল মুণ্ড কৰি॥৮৮
ওজাই বোলে তক্ষক তুমি তল মুণ্ড কেনে।
এতেক বৰাই পূৰ্ব্বে কৈলে কি কাৰণে॥