পৃষ্ঠা:পৰীক্ষিৎ বধ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
পৰীক্ষিৎ বধ
 

তুমিতো নাগৰ ৰজা চিনিলো ইঙ্গিতে।
বিনা ধন দিয়া তুমি নাপাৰা যাইতে॥৮৯
তুমিতো নাহিকে জানা মনসাৰ বল।
মন্ত্ৰে বান্ধি ৰাখিবো তোমাৰ এই স্থল॥
তক্ষক বোলয় শুনা ধন্বন্তৰী ওজা।
এবেসে জানিলো তোমাৰ মহামন্ত্ৰৰ তেজ॥৯
আমিতো তক্ষক নাগ পাইলে পৰাভৱ।
আমাৰ বচন শুনি ৰাখহ গৌৰৱ॥
পৰীক্ষিৎ ৰজাৰ দেখা আযু হৈলা শেষ।
দৈবে তাহা ব্ৰহ্মশাপ পাইলা বিশেষ॥১০০
নিশ্চয় ফলিবে ওজা ব্ৰাহ্মণৰ গালি।
ব্ৰহ্মশাপ ব্যৰ্থ নহে জানহ সকলি।
এত শুনি ধনন্তৰী দেখিলা লেখিয়া।
পৰীক্ষিতৰ পৰমাযু দেখিলা গণিয়া॥১০১
দেখিলা পৰমহংস নাহি নিজ ঘৰে।
জ্যোতিৰ্ম্ময় নেদেখিলা নিৰঞ্জনপুৰে॥
এহিমতে কোন থানে নেদেখিয়া মন।
তক্ষকে বুলিলা পাছে লোৱা এই ধন॥১০২
এই যে বিৰিণা দেখা ধৰল বৰণ।
তাহাৰ তলত আছে সপ্ত ৰজাৰ ধন॥
হীৰা মাণিক কতো ৰজত কাঞ্চন।
আপোন ইচ্ছাই লোৱা যত লাগে ধন॥১০৩