সমললৈ যাওক

দীপ্তি

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]

দীপ্তি

[ প্ৰকাশন ]

 

দীপ্তি

 

“আত্মানং ৱিদ্ধি।"

 
 

শ্ৰীদণ্ডিনাথ কলিতা প্ৰণীত।

 

দ্বিতীয় সংস্কৰণ।

কেতেকীবাৰী, তেজপুৰ।

১৮৬১ শক।

বেচ ।০ অনা মাথোন।

[ মুদ্ৰণ ]

প্ৰকাশক :—শ্ৰীভাবিৰাম কলিতা।
বি, আৰ, কলিতা এণ্ড কোং।
তেজপুৰ, আসাম।


 

প্ৰিন্টার : সুৰেশচন্দ্ৰ দাস, এম-এ
অবিনাশ প্ৰেস
(জেনারেল প্ৰিন্টাৰ্স এণ্ড পাব্লিশাৰ্স লিঃ )
১১৯, ধৰ্ম্মতলা ষ্টীট, কলিকাতা

[ উছৰ্গা ]

 

উছৰ্গা



 

প্ৰিয়তম বন্ধু স্বদেশ-প্ৰাণ


 

৺চন্দ্ৰনাথ শৰ্ম্মাৰ

 

স্মৃতিত।

গ্ৰন্থকাৰ।

[ নিবেদন ]

নিবেদন।

 ধৰ্ম্ম আৰু সমাজৰ সম্পৰ্কে লিখকৰ নিজৰ মনোভাব ব্যক্ত কৰাই এই কবিতাবিলাকৰ প্ৰধান উদ্দেশ্য। কবিতাবিলাকৰ গোটাচেৰেক ‘বাঁহী” আৰু “চেতনাত” সময়ে সময়ে ৰাইজে দেখিছিল আৰু বাকীখিনিৰো সৰহ ভাগ, “তেজপুৰ সাৰস্বত সভাৰ” সভ্যসকলে শুনিছিল। পাঠক আৰু শ্ৰোতাসকলে কবিতাকেইটা কেনে পাইছিল ক’ব নোৱাৰোঁ, কিন্তু ইয়াৰ প্ৰত্যেকটোৱেই মোৰ প্ৰাণৰ কথা – অন্তৰৰ নিভৃত প্ৰদেশৰ পৰা ওলোৱা ভাবৰ ভুমুক, বিবেকৰ বাণী।

 বৰ আগ্ৰহেৰে আজি এই নগণ্য কবিতাকেইটা ৰাইজৰ ওচৰলৈ আগ বঢ়ালোঁ, অৱশ্যে হাত পাতি লোৱা-নোলোৱাটো তেওঁলোকৰ ৰুচিৰ কথা। লিখকৰ পক্ষে

“কৰ্ম্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন।
মা কৰ্ম্মফলহেতুৰ্ভূ: মা তে সঙ্গত্বকৰ্ম্মণি॥”

কেতেকীবাৰী, তেজপুৰ,
১৭ জেঠ, ১৮৪৭ শক।
ৰাইজৰ নিঃকিন সেৱক
 গ্ৰন্থকাৰ।
 

[ প্ৰকাশন ]


দ্বিতীয় সংস্কৰণ।

 প্ৰথম সংস্কৰণত যি দুই এটা ছপাৰ ভুল ৰৈ গৈছিল, তাক শুধৰোৱাৰ বাহিৰে এই সংস্কৰণত আন একো লৰ-চৰ কৰা নাই। ইতি—

তেজপুৰ,
১৫ আষাঢ়, ১৮৬১ শক।
গ্ৰন্থকাৰ।
 

[ সূচীপত্ৰ ]

সূচীপত্ৰ

বিষয়। পৃষ্ঠা   বিষয়।  পৃষ্ঠা
১। বিশ্ব সঙ্গীত   ৭। নিত্য-নৈমিত্তিক কৰ্ম্ম  ১৪
২। তুমি   ৮। সামাজৰ স্বাৰ্থপৰতা  ১৫
৩। ভিক্ষা   ৯। ব্ৰাহ্মণ  ২০
৪। প্ৰাৰ্থনা   ১০। গুৰু  ২৪
৫। ধৰ্ম্ম সঙ্গীত   ১১। ভকত  ২৭
 (১) তুমি পুণ্য জ্যোতিৰে   ১২। অভিজাতসকলৰ প্ৰতি  ২৯
 (২) মোৰ হৃদয়-দুৱাৰ ..   ১৩। অনুন্নত জাতিসকললৈ  ৩০
 (৩) কিয় দয়াময়   ১৪। সেৱা ধৰ্ম্ম  ৩২
 (৪) প্ৰভু তোমাৰ নিত্য প্ৰেম   ১৫। উদ্বোধন  ৩৪
 ৰসেৰে   ১৬। মিলন-সঙ্গীত  ৩৫
৬। আত্ম-প্ৰসাৰ ১১   ১৭। জাতীয় সঙ্গীত  ৩৬
  ১৮। উলাহ সঙ্গীত  ৩৮

[ শিৰোনাম ]
 

═ দীপ্তি ═

 

[  ]

দীপ্তি।

বিশ্ব-সঙ্গীত।

“ওঁ তৎসৎ।”

পূবত ওলাই বেলি সোণালী কিৰণ ঢালি
 মাৰ যায় পশ্চিমত দিনৰ শেহত;
অলপো বিৰাম নাই, সহস্ৰ কণ্ঠেৰে গায়,
 একেটি মহৎ গীত কঁপাই জগৎ,
 উঠে তাৰ প্ৰতিধ্বনি—“ওঁ তৎসৎ।”


সূৰুয আঁতৰি গলে, অবনী আন্ধাৰ হলে
 জ্বলি উঠে জোন-তৰা নীল-আকাশত;
সুধাসম আলোৰাশি বিতৰি তিমিৰ নাশি
 ধীৰে ধীৰে ধৰে গতি আপোন কক্ষত।
 গাই যায় খোজে খোজে—“ওঁ তৎসৎ।”


সিদ্ধ সন্ন্যাসীৰ দৰে চিৰকাল একে থৰে
 বিশ্বপ্ৰেমমত্ত গিৰি মুক্ত প্ৰান্তৰত;

[  ]

সৃষ্টিৰ বৈচিত্ৰ্য চাই, উৰ্দ্ধশিৰে স্তোত্ৰ গায়,
 থমকি থমকি বাজে গিৰি-কন্দৰত,
 এটি মাত্ৰ মহা সত্য—ওঁ তৎসৎ।


মাহ-ঋতু-দিন-বাৰ,একে একে হৈ পাৰ,
 লাহে লাহে লীন যায় পূৰ্ণ বছৰত;
প্ৰকৃতি মোহিনী সাজে কত ন ন বেশে বাজে,
 মূলত অনন্ত আছে প্ৰকাশে ঠাৰত;
 বিশ্বত জাননী দিয়ে – “ওঁ তৎসৎ।”


তটিনীৰ কল্লোলত, মলয়ৰ হিল্লোলত,
 কিবা গান ভাহি আহে পায় কোনে তৎ;
নহয় প্ৰলাপ বাণী, নতু অৰ্থ-শূন্য ধ্বনি,
 আছে অতি গূঢ় তত্ত্ব তাৰ ভিতৰত;
 ছেৱে ছেৱে উঠে গীত —“ওঁ তৎসৎ।”


ইদৰে একেটি গান, একেটি মধুৰ তান,
 একে শিক্ষা, একে দীক্ষ৷ সকলো দিশত;
পোহৰ-পোহাৰ মেলি অসত্য আন্ধাৰ ঠেলি
 বুৰাই সমস্ত বিশ্ব দীপ্ত আলোকত,
 প্ৰকাশিছে মহা সত্য—“ওঁ তৎসৎ।”

[  ]

তুমি।
“তত্ত্বমসি।”

 তুমিয়ে সাকাৰ, তুমি নিৰাকাৰ, তুমিয়ে চৈতন্য, তুমিয়ে জড়,
 তুমিয়ে নিৰ্গুণ, তুমিয়ে সগুণ, তুমিয়ে অমৰ, তুমিয়ে মৰ।
 তুমিয়ে অসৎ, তুমিয়েই সৎ, তুমিয়ে সূক্ষ্ম, তুমিয়ে স্থুল,
 তুমিয়ে পুৰুষ, তুমিয়ে নাৰী, তুমিয়ে শাখা, তুমিয়ে মূল।
ঘোষা।—তুমিয়ে ব্ৰহ্মা, তুমিয়ে বিষ্ণু, তুমিয়ে শিৱ মঙ্গলময়,
 তুমিয়ে আদি, তুমিয়ে অন্ত, তোমাতে সৃজন-পালন-লয়।


 তুমিয়ে স্ৰষ্টা, তুমিয়ে সৃষ্ট, তুমিয়ে প্ৰাণী, তুমিয়ে প্ৰাণ,
 তুমিয়ে তিমিৰ, তুমিয়ে আলো, তুমিয়ে মায়া, তুমিয়ে জ্ঞান।
 তুমিয়ে শূন্য, তুমিয়ে পূৰ্ণ, তুমিয়ে অনেক, তুমিয়ে এক।
 তুমিয়ে মুক্ত, তুমিয়ে বদ্ধ, তুমিয়ে বহুল, তুমিয়ে ঠেক।
ঘোষা।—তুমিয়ে ব্ৰহ্মা, তুমিয়ে বিষ্ণু, তুমিয়ে শিৱ মঙ্গলময়,
 তুমিয়ে আদি, তুমিয়ে অন্ত, তোমাতে সৃজন-পালন-লয়।


 তুমি যজমান, তুমিয়ে যাজক, তুমিয়ে গুৰু, তুমিয়ে শিচ,
 তুমিয়ে খাদ্য, তুমিয়ে খাদক, তুমিয়ে উচ্চ, তুমিয়ে নীচ।
 তুমিয়ে নৰক, তুমিয়ে স্বৰ্গ, তুমিয়ে পুণ্য, তুমিয়ে পাপ,
 তুমিয়ে সাধক, তুমিয়ে সাধ্য, তুমিয়েই বৰ, তুমিয়ে শাপ।

[  ]

ঘোষা।—তুমিয়ে ব্ৰহ্মা, তুমিয়ে বিষ্ণু,  তুমিয়ে শিৱ মঙ্গলময়,
 তুমিয়ে আদি, তুমিয়ে অন্ত, তোমাতে সৃজন-পালন-লয়।


 তুমিয়ে ব্ৰাহ্মণ, তুমিয়ে চণ্ডাল, তুমিয়ে ধনী, তুমিয়ে দীন,
 তুমিয়ে যোগী, তুমিয়ে ভোগী, তুমিয়ে মানী, তুমিয়ে হীন।
 তুমিয়ে অজ্ঞ, তুমিয়ে প্ৰাজ্ঞ, তুমিয়ে দাতা, তুমিয়ে চোৰ,
 বিশ্ব জুৰিছা তুমিয়ে মাথোঁ, সকলো সত্তা তোমাতে ওৰ।
ঘোষা।—তুমিয়ে ব্ৰহ্মা, তুমিয়ে বিষ্ণু, তুমিয়ে শিৱ মঙ্গলময়,
 তুমিয়ে আদি, তুমিয়ে অন্ত, তোমাতে সৃজন-পালন-লয়।

ভিক্ষা।

প্ৰভু, তোমাৰ বিমল জেউতি অকণি অন্ধ চকুত দিয়াঁ;
 তোমাৰ মধুৰ মোহন মূৰতি দেখি উজলক হিয়া।
 তোমাৰ ৰাগিণী বাজক প্ৰাণত মধুৰ পঞ্চম সুৰে;
 তোমাৰ পবিত্ৰ চৰণ বেণুৰ প্ৰসাদ লভক মূৰে।
 তোমাৰ সৌৰভ আশীষ মলয়ে আহক এছাটি লই;
 তোমাৰ প্ৰেমৰ এটি কণিকাই বোৱাওক হিয়াত নই।
 তোমাৰ কৰুণা-ব্যাধি, জৰা, মৃত্যু, বুজাৰ শকতি দিয়াঁ;
 তোমাৰ আদেশ পালিবৰ গুণে সাহেৰে পূৰোৱাঁ হিয়া।
 তোমাৰ জ্ঞানৰ অমৃত পৰশে গুচাওক প্ৰাণৰ জৰা;
 তোমাৰ আসন হক হৃদয়ত ভক্তি-শতদলে গঢ়া

[  ]

তোমাৰ স্ৰজন জোন-বেলি-তৰা আকাশ, পাতাল, ধৰা,
তোমাৰ কৃপাত দেখোঁ যেন প্ৰভু, তোমাৰে জেউতি চৰা।
তোমাৰ বিৰাট বাৰিধি-বুকত এটি বুদ্বুদ্ হই;
দিয়াঁ বৰ প্ৰভু পাৰোঁ যেন যাব তোমাৰ বুকতে লয়।

প্ৰাৰ্থনা।

তুমি বিশ্ব চৰাচৰ আছা বিয়াপি
 হে মোৰ জীৱন-স্বামী।
 নিখিল বিশ্ব তোমাতে অন্ত
 দীপ্ত তোমাতে আমি।
নেদেখোঁ তথাপি  মূৰতি তোমাৰ,
 কুহেলিকাময় দেখিছোঁ সংসাৰ,
অবিদ্যা-আবৃত নয়ন আমাৰ,
 অন্তৰ নিৰয়গামী।
প্ৰভু, কৰিছোঁ কাকূতি দিয়াঁ তব জ্যোতি,
 তোমাৰে সন্তান আমি;
 হে মোৰ জীৱন-স্বামী।


আমি মৰীচিকা দেখি ধাইছোঁ সততে
 আকাশ-কুসুম-কামী।

[  ]

 সংসাৰ-মৰুৰ  পৰি দহনত
  উঠিছে শৰীৰ ঘামি।
তুমি কৃপা-মেঘ ঢালি শান্তি-জল,
তাপিতৰ হিয়া কৰিছা শীতল,
নিয়াঁ উটুৱাই  পাপ-তাপ-মল
  আমাৰো অন্তৰযামী
যেন তোমাৰ অৰুণ  চৰণৰ ছাঁত
  থাকোঁ চিৰকাল আমি,
  হে মোৰ জীৱন-স্বামী।


আমি পালোঁ অহঙ্কাৰ চিৰ সহচৰ,
 সংসাৰ-ক্ষেত্ৰত নামি।
বিলাস-বাসনা পুৰাৱৰ গুণে
 ফুৰিলোঁ বসুধা ভ্ৰমি।
বিষয় চিন্তাত চিত্ত বিষময়,
চাপিল ওচৰ অন্তিম সময়,
দেখোঁ সমুখত অনন্ত নিৰয়
  হলোঁ কিযে অধোগামী।
ৰাখাঁ নিজগুণে প্ৰভু  কৰুণা বিতৰি
  অতি অকিঞ্চন আমি,
  হে মোৰ জীৱন-স্বামী।

[  ]

 আছা চন্দ্ৰ-সূৰ্য্য-তৰা,  গ্ৰহ-উপগ্ৰহ,
 ব্যাপি তৃণ-তৰু-ভূমি।
গায় প্ৰকৃতিয়ে তোমাৰে মহিমা,
 বিশ্ব-বিধাতা তুমি।
 গৰ্জ্জিছে আগত বাৰিধি অপাৰ
 কঁপিছে শৰীৰ দেখি দৃশ্য তাৰ,
কৃপা কৰি আজি আঁহা কৰ্ণধাৰ,
 আপুনি এবাৰ নামি।
নিয়াঁ পাৰ কৰি  অনন্ত সাগৰ,
 নিঃকিন যাতৰা আমি,
 হে মোৰ জীৱন-স্বামী।

ধৰ্ম্ম সঙ্গীত।

(১)

   বিভাস—একতালা।
তুমি পুণ্য জ্যোতিৰে ঢাকিছা বিশ্ব জীৱন-স্বামী।
হৃদয় আমাৰো কৰাঁহি পূৰ্ণ অন্তৰযামী।
 বিশ্ব-বিয়াপি তোমাৰে মায়া,
  নিৰখোঁ নিত্য তিমিৰ ছায়া,
মোহ-আৱৰণ নিয়াঁ আঁতৰাই অজ্ঞান জানি।

[  ]

 ঢালাঁ এটি ধাৰা অমৃত আলোৰ,
 সুমঙ্গল গীত শুনোৱাঁ মধুৰ,
সুপ্ত শকতি কৰাঁহে দীপ্ত নিদ্ৰিত আমি।
 দীন হিয়াৰ ক্ষীণ শকতি,
 যাচি সকাতৰে কৰিছোঁ প্ৰণতি,
বিতৰাঁ তোমাৰ কৰুণা-বিন্দু মঙ্গলকামী।
 তোমাৰ মধুৰ মন্ত্ৰ মোহন,
 শুনি কৰোঁ যেন কৰ্ত্তব্য সাধন,
আশীষ-নিৰ্ম্মালি কৰা বৰিষণ নিঃকিন আমি।

(২)

মোৰ হৃদয়-দুৱাৰ ৰাখিছোঁ মেলি
 জানোচা আহিবা বুলি;
অন্তৰ-আসন ৰাখিছোঁ পাতি
 পেলোৱাঁ চৰণ-ধূলি।
জলোক তোমাৰ আলোক-ৰাশি,
পাপ-হৃদয়ৰ তিমিৰ নাশি,
তোমাৰ প্ৰশান্ত কান্তি নিৰখি
 যাওঁ আপোনাকে ভুলি।
ৰুদ্ধ কণ্ঠ কৰাঁহে মুক্ত,
 সঙ্গীত-সুধা ঢালি,
মোহ-নিদ্ৰা ভাঙ্গি দিয়াঁ মোৰ
 জ্ঞান-আলোক জ্বালি।

[  ]

অন্ধ চকুত বিলোৱাঁ জ্যোতি,
বিশ্ব সৌন্দৰ্য উঠোক ফুটি
ধন্য জীৱন কৰোঁ তোমাৰ
 প্ৰেমৰ লহৰী তুলি।

(৩)

কিয় দয়াময়, তোমাৰ ইমান ফাঁকি?
নিজৰ মায়াৰে ৰাখিছা নিজকে ঢাকি।
 তুমি বিৰাজিছা হিয়াই হিয়াই,
 নাজানি বাজত ফুৰোঁ খেপিয়াই,
 দিয়াঁ দয়া কৰি বাট দেখুৱাই
 জ্বলাই জ্ঞানৰ চাকি।
 ৰূপ-গুণ দুয়ো তোমাৰে স্ৰজন,
 ৰূপ-গুণ-হীন তুমি নিৰঞ্জন,
 নোৱাৰোঁ সজাব মানস পটত
 তোমাৰ ছবিটি আঁকি।
ভাঙ্গি দিয়াঁ দেৱ, মোহৰ সপোন,
ধৰাঁ সমুখত জ্ঞানৰ দাপোণ,
দেখোঁ যেন জুৰি অণু-পৰমাণু
 সকলো তোমাৰে সাক্ষী।

(৪)

 ভৈৰবী—একতালা।
প্ৰভু, তোমাৰ নিত্য প্ৰেম-ৰসেৰে
 বুৰোৱাঁ অন্তৰ বুৰোৱাঁ

[ ১০ ]

তোমাৰ স্নিগ্ধ মধুৰ অমৃত পৰশে
 গুচোৱাঁ জড়তা গুচোৱাঁ।
মোৰ মৰু হৃদয়ত ঢালা প্ৰেম-বাৰি,
 মন্দাকিনীৰ ধাৰেৰে;
প্ৰভু, মেলাঁ দয়া কৰি অন্ধ নয়ন,
 দেখা দি মোহন সাজেৰে।
যেন আকাশে পাতালে-পৱনে,
নিতে তোমাকে নিৰখে নয়নে,
মোৰ মুগ্ধ ৰয় চিত তোমাৰ স্তুতিত
 সুৰত পাষাণ পমোৱা।
সহি জীৱন-যুদ্ধৰ জয়-পৰাজয়
 নিতকে শত্ৰুৰ লাঞ্ছনা,
চোৱাঁ ভগ্ন ই হৃদয় হাহাকাৰময়,
 নোৱাৰে সহিব যাতনা।
মোৰ দিয়াঁ হৃদয়ত শকতি,
যেন ভাবোঁ দুখ-সুখ একেটি,
মোৰ মান-অপমান, গালি-শলাগনি
 দুয়োকে একত মিলোৱাঁ।

[ ১১ ]

আত্ম-প্ৰসাৰ।

বজোৱাঁ বন্ধু, নীৰৱ বীণত
 মৃত সঞ্জীৱনী মূৰ্চ্ছনা তান,
সুপ্ত দেহৰ লুপ্ত শকতি
 জগাই জাগক নিদ্ৰিত প্ৰাণ।
সোৱঁৰাঁ এবাৰ সেই মহাদিন,
 অনন্তৰ অন্ধকাৰত লীন;
নাছিল যিদিনা আকাশ-পৃথিবী,
 আলো-অন্ধকাৰ একোৰে চিন।
নাছিল যিদিনা প্ৰাণীৰ বিকাশ,
 জল-স্থল একো নাছিল ভিন;
আছিল মাথোন এক মহা প্ৰাণ,
 অখণ্ড অব্যক্ত উপাধিহীন।
ভাবিছা নে বাৰু সিদিনা তোমাৰ
 শৰীৰী অস্তিত্ব আছিল বুলি?
যাক পাই আজি অহঙ্কাৰৰ
 ধুমুহা তুলিছা সোহহং ভুলি।
সৃষ্টি ৰহস্যত সি মহা সিন্ধুৰ
 তুমি-আমি মাথো একোটি বিন্দু;
চৈতন্য ‘একৰ’ একেটি আলোক
 লভিছে ইচ্‌লাম, খৃষ্টান, হিন্দু।

[ ১২ ]

সেই সাগৰৰে বাষ্প-কণা উঠি
 আকাশ বিবিধ মেঘেৰে ভৰে;
তাকে লক্ষ্য কৰি জন্ম-জন্মান্তৰ
 প্ৰত্যেক কণাটি উভতি লৰে।
আদি সেই এক, অন্ত সেই এক,
 একেই লক্ষ্য, একেই মূল;
তেও কিয় বাৰু দুয়োৰে মাজত
 দেখোঁ অনৈক্যৰ বিষম ভুল?
একেই অনেক, বহু হৈও এক,
 কোটি বিশ্ব জুৰি একেই প্ৰাণ;
একৰ উদ্দেশ্যে মন্দিৰে বাহিৰে
 কৰিছে কতনা সাধনা-ধ্যান।
মিছা তেন্তে কিয় হোৱা উচ্চ-নীচ?
 বোলা কিয় হীন, কিয়বা মানী?
কিয় নদ-নদী, জান-জুৰি-বিল,
 লোৱা নানা নাম?—সকলো পানী।
মহাবল ৰজা, হীনবল প্ৰজা,
 উত্তম-অধম, পণ্ডিত-দীন;
হোক নানা নাম, একেই আছিলা,
 হব’ই লাগিব একতে লীন।
কিয় তেনে হ’লে ঘিণোৱা আনক?
 মিছা অহমিকা পাহৰি যোৱাঁ।

[ ১৩ ]

প্ৰচাৰি সাম্য, মৈত্ৰী, স্বাধীনতা,
 একৰ স্ফুৰণ সবাতে চোৱাঁ।
সঙ্কীৰ্ণ গণ্ডীৰ ভেঁটা ভাঙ্গি দিয়াঁ,
 দিয়াঁ হৃদয়ৰ দুৱাৰ খুলি;
অসীমেৰে স'তে অভিন ভাবত
 যোঁৱা সসীমৰ অস্তিত্ব ভুলি।
বান্ধিবা তেতিয়া প্ৰেমৰ সূতাৰে,
 বিশ্ব মানৱক একেটি কৰি;
পৰ বুলি কেওঁ নৰ'ব সৃষ্টিত,
 সকলো ঘূৰিব তোমাকে ধৰি।
দেখিবা তেতিয়া তোমাৰে মাজত
 আকাশ-পাতাল, নৰক-স্বৰ্গ;
তোমাৰ হৃদয় জুৰি জিলিকিব,
 চন্দ্ৰ-সূৰ্য-নক্ষত্ৰ-বৰ্গ।
যাব দূৰ হৈ যত পাপ-তাপ,
 অশান্তিৰ আৰু নৰব লেশ;
স্বেচ্ছাচাৰিতাৰ সকলো কন্দল,
 হ'ব সেই দিনা সমূলি শেষ।
‘একৰ’ বাহিৰে নাথাকিব দুই
 ৰবা ভুমিয়েই তুমিয়েই জগৎ জুৰি,
লভিবা সিদ্ধি, মোক্ষ সিদিনা,
 পৰমানন্দ সিন্ধুত বুৰি;

[ ১৪ ]

নিত্য নৈমিত্তিক কৰ্ম্ম।

ঘোপমৰা অন্ধকাৰে আৱৰিলে বসুন্ধৰা,
 এটি জোৰ পথিকৰ পথৰ সম্বল;
নহলে হঠাৎ পৰি খালে-ডোঙে, হুলে-জোঙে
 হ’ব পাৰে লটিঘটি উদ্দেশ্য বিফল।
কিন্তু যেতিয়াই দিয়ে  পূবত অৰুণে দেখা,
 বসুধা-বুকুত জ্বলে উজ্জ্বল পোহৰ;
তেতিয়া ৰাখিলে জোৰ দৃষ্টিত বিকাৰ ঘটে,
 মিছা মাথোঁ বোজা এটি বাঢ়ে পথিকৰ।
তেনেকৈয়ে যতদিন, তোমাৰ চঞ্চল মন
 ঢাকি থয় অবিদ্যাৰ অন্ধ আৱৰণে;
তত দিন কৰি জোৰ নিত্য নৈমিত্তিক কৰ্ম্ম,
 লবা বাট জ্ঞানালোক পাবৰ কাৰণে।
কিন্তু যেতিয়াই দেখা  ৰিণিকি জ্ঞানৰ ৰাজ্য,
 নিত্য নৈমিত্তিক কৰ্ম্ম থোৱাঁ কৰি দূৰ;
তেতিয়াহে পাবা তুমি  প্ৰকৃত জ্ঞানৰ পুৰী,
 মধ্যাহ্ন-জ্যোতিৰে হ’ব হিয়া ভৰপূৰ।

[ ১৫ ]

সমাজৰ স্বাৰ্থপৰতা।

স্বাৰ্থপৰ মানৱ সমাজ, ক’ত তোৰ
কৰ্ত্তব্যৰ জ্ঞান? ধৰ্ম্মৰ ধৰণী ভাবি
মিছাকৈয়ে ওফন্দি ভেমত, ভাবিছ নে
মাত্ৰ তোৰ স্বাৰ্থৰ কাৰণে বিধাতাৰ
বিতোপন জগৎ সৃজন? দুৰ্ব্বলক
পীড়ি নিজে ৰবি মস্তকত, এই মহা
মন্ত্ৰ তোৰ ৰব নে সদায়? অৱস্থাৰ
বৈষম্যত কত শত জনে অনাহাৰে
তুলিছে বিননি, দেখা নাই অন্ধাৰত
বাট, তাৰ প্ৰতি আছে নে ভ্ৰূক্ষেপ তোৰ?
মন্ত্ৰ তোৰ—থাক পৰি, নুছুবি নুছুবি,
ধৰম—নুধাবি কোনো, থাক আন্ধাৰত।
কিযে হায়! ঘৃণিত ব্যৱস্থা তোৰ! তুচ্ছ
নাৰকীয় উদৰ-পূৰণ-হেতু! এনে
বৰ্ব্বৰ শাসন ল’ই সভ্যতাৰ কৰ
অভিমান! কৰ বাঞ্ছা ন্যায়ৰ শাসন!
কত তোৰ কুমন্ত্ৰণা, ষড়যন্ত্ৰ হায়!
প্ৰকৃত মানৱে যেবে বিশ্বৰ কল্যাণ-
হেতু, নামানি শাসন তোৰ, যায় ছিঙ্গি

[ ১৬ ]

পশুত্বৰ বন্ধন শিকলী। বুৰঞ্জীত
আছে শত শত জ্বলন্ত দৃষ্টান্ত তাৰ।—
 জ্ঞানৰ প্ৰচাৰ কৰি আন্ধাৰ যুগত,
বিলালে যি মহাত্মাই সত্যৰ আলোক,
সেই মহাজন চক্ৰেটিচে পৰি তোৰ
কোপ-অনলত, কলঙ্কৰ বোজা লই
এৰিলে জীৱন।
 সেই খৃষ্ট যাৰ নামে
বিতৰে মঙ্গল, সেই মহাত্মাৰো তোৰ
নিঃস্বাৰ্থ পবিত্ৰ কাৰ্য্য নসহিল প্ৰাণে,
ভাবিলি ঘটিব তোৰ স্বাৰ্থৰ বিকাৰ।
কৰি ঘোৰ ষড়যন্ত্ৰ দিলি অপবাদ,
ফল তাৰ প্ৰাণদণ্ড! কি ৰোমহৰ্ষণ!
ৰক্ষা যাৰ কৰুণাত অসমৰ ধৰ্ম্ম,
কৰ্ম্ম, জাতীয় জীৱন, ৰটিলি কলঙ্ক
সেই শঙ্কৰৰ নামে, ভুঞ্জালি লাঞ্ছনা
কত, দিয়া দেখি সাম্যবাদে ধৰমৰ
স্বাধীনতা বৰ্ণ-নিৰ্ব্বিশেষে। কত মিছা
অপবাদ দিলি অকাৰণে, এতিয়াও
চিন তাৰ যোৱা নাই মাৰ। নীচ স্বাৰ্থ,
অবিচাৰ, কত তোৰ কৰিম বৰ্ণন!
নৰকতো নাই স্থান তোৰ!

[ ১৭ ]

 হায় ৰে অবোধ নৰ, পৰপদানত,
এতিয়াও নহল চেতনা!  এনে ঘৃণ্য
সমাজৰ এতিয়াও মানিবি দাসত্ব!
মুগ্ধ কিয় বঞ্চকৰ চাটু বচনত?
নহয় জানিবি তোৰ মঙ্গলৰ বাবে,
স্বাৰ্থৰ কাৰণে মাত্ৰ নীচ উপদেশ,
শুনি তাকে ৰবি নে লাঞ্ছিত?
 শুনা হেৰা
সত্যবাণী লাঞ্ছিত মানৱ, – ভ্ৰাতৃগণ,
শুনা কাণ পাতি,—জন্মত নহয় কোনো
উত্তম অধম, সকলো সমান নৰ;
লবলই উচ্চাসন আছে অধিকাৰ।
নাযাবা পাহৰি—তুমি পুত্ৰ বিধাতাৰ,
নাযাবা পাহৰি—তুমি চৈতন্য, স্বাধীন।
তোমাৰ নিমিত্তে চোৱাঁ, চোৱাঁ চকু মেলি,
অনন্ত উন্নতি পথ আছে সুবিস্তৃত।
নামানিবা প্ৰতিৰোধ; স্বাৰ্থপৰ সমাজৰ
ছিন্ন কৰি যুক্তিহীন আচাৰ বন্ধন,
হোৱাঁ অগ্ৰসৰ, ল'ব তুলি দয়াময়
পৰম পিতাই। ভণ্ডৰ ৰটনা শুনি,
ষড়যন্ত্ৰ দেখি, পাহৰা কৰ্ত্তব্য যদি
কাপুৰুষ তুমি, মানব নামৰ মাত্ৰ

[ ১৮ ]

 কলঙ্ক নিশ্চয়।
 আৰু হে ৰমণীকুল,
বিশ্বৰ জননী, জড় হই ৰ'বা নে সদায়?
ৰাখিবা মনত—পুৰুষৰ অৰ্দ্ধাঙ্গিণী
তুমি, বিলাসৰ মাত্ৰ নোহোৱা সামগ্ৰী।
থাকা কিয় পৰি আন্ধাৰত? প্ৰবাহিত
ঐশী শক্তি তোমাৰো শিৰত, আতমাৰ
স্বাধীনতা নাই নে তোমাৰ? কিয় তেন্তে⸺
কিয় তাৰ কৰা অপমান, দাসী হই
অন্ধ আচাৰৰ? যি সমাজে ৰুদ্ধ কৰি
ৰাখিছে কপাট, নীচ ভাবে চিৰকাল
কৰিছে দলন, কঠোৰ শাসন কৰি
শত লাঞ্ছনাৰ, তেনে নীচ সমাজক
পদাঘাত কৰি লোৱা সত্যৰ আশ্ৰয়;
মনুষ্যত্ব বিকাশৰ কৰা আয়োজন।
ৰখিবা মনত—ৰমণীৰ উন্নতিত
উন্নতি জাতিৰ।

 “স্বদেশ-হিতৈষী” হেৰা,
কৰোঁ নিবেদন, সঁচাই জাগিছে যদি
স্বদেশৰ প্ৰেম, স্বজাতিৰ ভালপোৱা,
হিয়াত তোমাৰ, দুৰ্ব্বলক নকৰিবা
আৰু উৎপীড়ন। ধোবা, তেলী, চৰ্ম্মকাৰ,

[ ১৯ ]

নহয় কি স্বজন তোমাৰ? নহয় কি
সকলোটি ব্ৰহ্মৰ সন্তান? লোৱাঁ তেন্তে
আকোঁৱালি, লোৱাঁ ভাই বুলি, নিবিচাৰি
মিছা সৰু-বৰ। বিভুৰ মহিমা-স’তে
শুনোৱাঁ ই বাণী,— “উঠাঁ সবে নৰ-নাৰী,
ব্ৰহ্মৰ সন্তান, কৰা সত্য আলোকত
মানৱৰ মহত্ব সাধন, আছে তাত
সকলোৰে পূৰ্ণ অধিকাৰ।
  স্বাৰ্থ এৰি
বিলোৱাঁ মূৰ্খক জ্ঞান, অন্ন বস্ত্ৰ দান
দিয়াঁ নিঃকিনক; কৰা বলী সকলোকে
নৈতিক বলেৰে। স্বজাতিৰ প্ৰতি তুমি
নকৰি বিচাৰ, কি লাজেৰে বিচাৰিবা
বিজাতিৰ ওচৰত নিজে সুবিচাৰ?
প্ৰথমতে লোৱাঁ তুলি পতিত জাতিক
যোগ্য মান লভিবা আপুনি। স্বাৰ্থ যদি
নোৱাৰা এৰিব, নবজাবা বৃথা আত্ম
গৌৰৱৰ ঢোল; হিতৈষীৰ মুখা পিদ্ধি
নিদিবাহি ভাও; জাতীয় আকাশ ঢাকি,
ধূমকেতুৰূপে নকৰিবা অনৰ্থক
ভীতিৰ সঞ্চাৰ, বাক্য-আড়ম্বৰ-পুচ্ছ
কৰি প্ৰসাৰণ।

[ ২০ ]

 উত্তিষ্ঠত, জাগ্ৰত সকলো।
উত্তিষ্ঠত ভ্ৰাতৃবৃন্দ বলী-প্ৰপীড়িত,
জাগ্ৰত ভগিনীগণ পুৰুষ-লাঞ্ছিত,
উঠাঁ উঠাঁ তুচ্ছ কৰি স্তুতি-নিন্দা-বাদ
আছে যাৰ মনুষ্যত্ব ধৰ্ম্ম-নীতি-ভয়।
শিৰত বিভুক লই আগ বাঢ়াঁ সবে,
কৰ্ত্তব্য সাধন কৰি কৰ্ম্মৰ ক্ষেত্ৰত,
কৰা সুগঠিত—মনুষ্যত্ব- বিমণ্ডিত
মাৱন-সমাজ; ধৰ্ম্ম-অৰ্থ-কাম-মোক্ষ
লভিবা সকলো।

ঢাকা—আগষ্ট, ১৯২০।


ব্ৰাহ্মণ।

আছিলা ব্ৰাহ্মণ, তুমি দূৰ অতীতত,
জগতৰ শিক্ষাগুৰু, নমস্য লোকৰ।
তুমিয়েই ঈশবলে হই বলীয়ান,
পাৰিছিলা পশুবল কৰিব স্তম্ভিত;
দেখিছিলা জ্ঞানৰ চকুৰে সৃষ্টি, স্থিতি,
প্ৰলয়ৰ ৰহস্য মহান। ৰাখিছিলা

[ ২১ ]

নিলগাই ঐশ্বৰ্য্য বিভূতি; পৰিহৰি
ভোগ-তৃষ্ণা, সংসাৰ-বন্ধন, কৰিছিলা
বিশ্বৰ মঙ্গল-হেতু উৎসৰ্গ জীৱন।
ভুঞ্জি ফল-মূল, কৰি পান নিজৰাৰ
জল, মৰতত অমৃতৰ দিছিলা সন্ধান।
তোমাৰেই অপৰূপ পূত আলোকত
পাইছিল জীৱাত্মাই বিশ্বাত্মা দৰ্শন।
তাপসৰ কুঞ্জে কুঞ্জে চৰিছিল সিংহ,
বাঘ, হৰিণ, ভুজঙ্গ, শুনি সি তোমাৰ
“অহিংসা পৰমো ধৰ্ম্মঃ” মহামন্ত্ৰ-ধ্বনি।
তুমিয়ে দিছিলা শিক্ষা জীৱ ব্ৰহ্ম বুলি;
“সৰ্ব্বং ব্ৰহ্মময়ং জগৎ” তোমাৰে বচন।
তেন্তে কিয় আজি তুমি হ’লা ৰিপুদাস?
ধৰ্ম্ম-জ্ঞান, শাস্ত্ৰালাপ,—সকলো তোমাৰ
হ'ল আজি স্বাৰ্থৰ নিমিত্তে, জীৱনৰ
লক্ষ্য মাথোঁ অৰ্থ-বিনিময়। হায়! হায়!
আছিলা এদিন তুমি ইন্দ্ৰিয়-নিগ্ৰহ,
শম, দম, ক্ষমা, শৌচ, দয়া, অহিংসাৰ,
ত্যাগৰ জীৱন্ত ছবি, মূৰ্ত্ত অৱতাৰ।
আজি কিয় এৰিলা সকলো? কিয় এনে
অধঃ পতন? চোৱাঁ চোৱাঁ চকুমেলি,
পাহৰি ক্ষন্তেক অনৰ্থ অৰ্থৰ প্ৰীতি,

[ ২২ ]

ভোগ-লিপ্সা-মাদকতা, ঘৃণিত আস্বাদ
ক্ষমতাৰ। স্থিৰ নেত্ৰে চোৱাঁ এটিবাৰ,
কি দেখিছা, কি কৰিছা তুমি? সম্মুখত
ভীষণ নৰককুণ্ড, প্ৰেতৰ তাণ্ডব
নৃত্য, ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধি-হেতু পুনু তাতে
কুৰুক্ষেত্ৰ ৰণ। তুমিও মজিছা তাতে
আপোন পাহৰি; গোটেই জগত ল'ই
অন্ধৰ নিচিনা গ'ই আছা তললই
উভতি নাচাই।
 হে ব্ৰাহ্মণ, কৰ যুৰি
মাতিছোঁ তোমাক, ৰ’বা, ৰ’বা এখন্তক,
নানামিবা নানামিবা আৰু তললই।
আত্ম-বিস্মৃতিৰ এই গাঢ় কুহেলিকা
ছিন্ন কৰি উঠিব লাগিব। ইমানতে
সংজ্ঞা লভি নুঠা যদি তুমি, অতি ধ্ৰুব
নাথাকিব জগতত শান্তিৰ পোহৰ,
ঈশ্বৰৰ সিংহাসন পৰিব বাগৰি।
ৰাখিবা মনত,—ক্ষুদ্ৰ স্বাৰ্থ লই যদি
কৰ্ত্তব্য পাহৰা, নোহোৱা ব্ৰাহ্মণ তুমি।
ভোগ-তৃষ্ণা এৰিব লাগিব, এৰিব
লাগিব আৰু সঙ্কীৰ্ণতা সঙ্কীৰ্ণ মনৰ।
উঠাঁ তুমি, উঠাঁ আৰু বাৰ, ঈশ-জ্যোতি

[ ২৩ ]

বিলোৱাঁ ধৰাত, সাম্য-মৈত্ৰী-ভাব পুনু
হিয়াই হিয়াই জগোৱাঁ,—জগোৱাঁ এৰি
নীচ অহঙ্কাৰ। লভক দুৰ্ব্বলে বল;
তোমাৰ জ্ঞানৰ জ্যোতি শতধা বোৱাই
কৰা উদ্ভাসিত অজ্ঞানৰ অন্ধকাৰ
হৃদয় গহ্বৰ, উঠক সকলো এৰি
নৰকৰ দ্বাৰ। আকৌ এবাৰ তুমি
বজ্ৰনাদে শুনোৱাঁ বিশ্বক—অহিংসাৰ
পুণ্য কথা, ত্যাগৰ অপূৰ্ব্ব গীত,
সেৱাৰ ধৰম। বলি দিয়া নীচ ভাব,
স্বাৰ্থৰ পশুত্ব, ঘৃণা, দ্বেষ, অহঙ্কাৰ
আত্ম-পৰ-ভাব, সজীৱ কামনাৰাশি
বিশ্বাত্মাৰ বিৰাট যজ্ঞত। তেতিয়াহে
বৈষম্যৰ ভাওনা ভাগিব, জগতত
শান্তি বিৰাজিব, সত্যযুগ আকৌ নামিব।
তোমাৰ দৃষ্টান্ত দেখি আটায়ে বুজিব
আত্মৱৎ সৰ্ব্বভূত বুলি, ধৰা হ'ব
নন্দন কানন। তেতিয়া বুজিম তুমি
প্ৰকৃত ব্ৰাহ্মণ।

[ ২৪ ]

গুৰু।

“অখণ্ড-মণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰম্।
তৎপদং দৰ্শিতং যেন তস্মৈ শ্ৰীগুৰবে নমঃ॥”
গুৰু নামে তুমি শৰণ লগাই
 কৰিছা নিতকে নতুত শিষ্য;
দেখিছা নে তুমি চৰাচৰ-ব্যাপী
 প্ৰভুৰ ৰূপৰ মোহন দৃশ্য?
দেখিছা নে তুমি সেই বিশ্বৰূপ,
 অৰ্জ্জুনে এদিন দেখিলে যাক?
পাৰা নে শিষ্যৰ সন্দেহ গুচাব?
 পাৰা নে ছিঙ্গিব মোহৰ পাক?
দেখিছা নে তুমি সকলো ভূততে
 পৰম ব্ৰহ্ম বিৰাজমান?
পাৰিছা নে হ’ব সবাৰে সেৱক?
 গৈছা নে ভুলি মানাপমান?
ভোগৰ বাসনা; ধনৰ কামনা,
 পাৰিছা নে বাৰু কৰিব লয়?
পাৰিছা নে ল'ব পতিতক তুলি?
 কৰিছা নে তুমি ইন্দ্ৰিয় জয়?
পঞ্চ জনকৰ এজন স্বৰূপে
 ভাবা নে শিষ্যক তনয় বুলি?

[ ২৫ ]

এৰি ভেদ-ভাব কৰা নে প্ৰাৰ্থনা
 শিষ্যৰ কাৰণে অন্তৰ খুলি?
যদি সেয়ে হয়, তোমাৰ পাৱত
 কৰোঁ নমস্কাৰ সহস্ৰবাৰ?
তোমাৰ দীক্ষাৰ দীপ্ত আলোকে
 দিব দেখুৱাই মুক্তিৰ দ্বাৰ।
যদি হে মিছাই গুৰু-আসনত
 বহিছা স্বাৰ্থৰ দোকান পাতি,
কৰ-বৰঙ্গনি কৰিছা আদায়
 অন্ধ বিশ্বাসী মানুহ মাতি?
নিজেই নুবুজি ব্ৰহ্মৰ স্বৰূপ
 অলিয়া-বলিয়া যি পোৱা গাই,
ফাঁকি দি লোকক ধন ঘটি লৈ,
 আছা মাথোঁ নিজে সুখেৰে খাই।
যদিহে নিজক ভগবান পাতি
 আন সকলোকে কৰিছা ঘিণ,
তেনে হলে তুমি নোহোৱা তো গুৰু,
 ভণ্ড, শঠ, তুমি পাতকী হীন।
সত্য সনাতন ব্ৰহ্মৰ জেউতি
 যদিহে নেদেখা সবাৰে গাত;
তেন্তে নিজে থাকি অন্ধকাৰত
 কিদৰে অন্ধক দেখাবা বাট!

[ ২৬ ]

ভাবা যদি তুমি সকলো অশুচি
 তুমিয়ে মাথোন শুদ্ধ, বুদ্ধ,
হ'ব তেনেহলে তোমাৰ শিক্ষাত
 নিশ্চয় শিষ্যৰ উন্নতি ৰুদ্ধ।
এতেকতে তুমি অজ্ঞান- আন্ধাৰ
 গুচাই জ্ঞানৰ আলোক লোৱাঁ;
তাৰ পোহৰত অন্ধক চলাই
 প্ৰকৃত পথৰ সম্ভেদ কোৱাঁ।
হিংসা-মোহ-দ্বেষ সকলো পাহৰি
 ভোগৰ বাসনা দূৰত থৈ,
ত্যাগৰ জ্বলন্ত আদৰ্শ বিলাই
 যোৱাঁ সকলোকে লগত লৈ।
এৰি দিয়াঁ মিছা পদ-গৌৰৱৰ,
 লাহ-বিলাহৰ বিষম ভ্ৰান্তি;
তেতিয়া হে তুমি গুৰু-আসনৰ
 হ'বা উপযুক্ত, লভিবা শান্তি।
যদি হে নোৱাৰা দূৰ হোৱাঁ তুমি
 আনৰ দৃষ্টিকো নকৰা ক্ষীণ,
অন্ধ-আচাৰৰ বন্ধনত ৰাখি,
 নকৰিবা কাকো বিচাৰ-হীন।
তেতিয়া হলেও বিবেকৰ গতি
 নোৱাৰে একোৱে কৰিব ৰোধ;

[ ২৭ ]

কেনোবা এদিন জ্ঞানৰ আলোকে
 জগাবও পাৰে আতমা-বোধ।

ভকত।

বাহিৰত তুমি নিকা হ’বলই
 কৰা দহ বাৰ দিনৌ স্নান।
ৰঙা চুৰিয়াৰে ফোঁট-লগুণেৰে
 বুজোৱাঁ নিজক ধৰ্ম্ম প্ৰাণ।
আনৰ স্পৰ্শত অশুচি হোৱাৰ
 ভয়ত ডেও দি আঁতৰি যোৱা,
লৰা-তিৰুতাৰো হাতেৰে নাখাই
 নিজেই পৰম পবিত্ৰ হোৱা।
কোনোবা আহিলে চোতালত বহে
 গলেই তিওৱ৷ পানীৰে ঠাই;
বুজোৱা লোকক সকলো অশুচি,
 তোমাৰ নিচিনা পবিত্ৰ নাই।
ইফালে তোমাৰ মনত সদাই
 স্বাৰ্থ চিন্তাৰ জাবৰ ভৰা;
পাটী এৰি লোৱা মিছাৰে আশ্ৰয়
 মিছাকে সাবটি পাটীত পৰা।

[ ২৮ ]

মিছা সাক্ষী ক’ই ধন লবল’ই,
 তোমাৰ মনত খোকোজা নাই;
পৰৰ সম্পত্তি হাত কৰিবৰ
 ফুৰিছা সততে সুবিধা চাই।
কাক নো কাটিবা, কাক নো মাৰিবা,
 কাক ঠগি তুমি ঘটিবা ধন;
ইবোৰ চিন্তাৰ কুৎসিত চেঁকাৰে
 আলান্ধু-কলীয়া তোমাৰ মন।
নাভাবা এবাৰো বাহ্যিক আচাৰে
 নিদিয়ে তোমাৰ অন্তৰ মচি;
পৰক ঘিণালে মৰিও থাকিবা
 অসূৰ্য্য নামেৰে নৰ্কত পচি।
যদি শান্তি লাগে, স্বৰ্গ বিচাৰা,
 চেঁকা ধুই কৰা নিৰ্ম্মল মন;
ভণ্ডতাৰ মুখা দূৰত পেলোৱাঁ,
 লোৱাঁ আকোঁৱালি জগতখন।
তেতিয়াহে তুমি ধৰ্ম্ম আলোকত
 দেখিবা মুক্তিৰ সেন্দূৰী আলি;
তেতিয়াহে তুমি ভক্ত-শিৰোমণি
 হ’বা বিধাতাৰ আদেশ পালি!

[ ২৯ ]

অভিজাতসকলৰ প্ৰতি।

কিহৰ বলত হেৰা আত্ম-অভিমানী,
বুলিছা আনক নীচ, নিজক নাজানি?
তোমাৰ সম্বল মাথোঁ অহঙ্কাৰ ঘিণ,
তাৰে যদি হোৱা বৰ, কোন তেন্তে হীন?
তোমাৰেই লগালগি সমান ঘৰত,
তোমাৰে আচাৰ মানি চলে যি সতত;
তোমাৰ দৰেই যাৰ দেহাৰ গঠন,
তোমাৰ দৰেই কৰে জীৱন-যাপন।
তাকো তুমি ছেই ছেই কৰা নিলগতে;
তোমাকে মাথোন লাগে মানিব জগতে।
নোৱাৰা বুজিব তুমি সত্য চিৰন্তন,
ৰোগী-দুখী-ক্ষুধাৰ্ত্তৰো আত্মা নাৰায়ণ।
নাভাবা মনত আৰু একাঙ্গ বিকাৰ,
ঘটিলে বিকাৰ ঘটে সমস্ত দেহাৰ।
সমাজৰ এটি অঙ্গ হয় যদি হীন,
তুমিও যে তাৰে সতে থাকিবা অভিন।
যিমানে উধাব তুমি খোজা অকল'ই,
সমাজে তলৰ ফালে যাব টানি লই।
খাব পাৰা মান ভাগ আপোন ঘৰত,
পাবা কিন্তু অপমান পৰ সমাজত।
এতেকতে চিন্তা যদি ইষ্ট আপোনাৰ।

[ ৩০ ]

গুচোৱাঁ নীচতা-চেঁকা সমাজৰ গাৰ।
সমাজ বুৰাই ঢালা সাম্যৰ পোহৰ;
সকলোকে দিয়া ভাগ ভ্ৰাতৃ চেনেহৰ।
হীনক উন্নত কৰি তোমাৰ সমান,
বুকত সাবটি লোৱাঁ এৰি অভিমান।
তোমাৰ সমাজ হ’ব তেতিয়া প্ৰধান;
বিশ্ব-সমাজত পাব সম্মানৰ স্থান।
তেতিয়াহে হ’বা তুমি সঁচাকৈয়ে বৰ;
অযাচিত শ্ৰদ্ধা ভক্তি লভিবা আনৰ।

অনুন্নত জাতিসকললৈ।

শুনা মোৰ নিবেদন প্ৰিয় ভ্ৰাতৃগণ,
জানিবা নহয় লাভ কৰিলে ক্ৰন্দন।
তেজৰ সোৱাদ পোৱা বাঘৰ কাষত,
নোপোৱা সুফল গাই শাস্ত্ৰ-ভাগৱত।
কৰিছে যি দৈত্যৰূপ ধৰি অত্যাচাৰ,
সিসবৰ পৰা জানো পাবা সুবিচাৰ?
ধন ভৰি কৰি নিজ হীনতা-স্বীকাৰ,
নোৱাৰা মানুহ হ’ব জানা তত্ত্ব সাৰ।

[ ৩১ ]

তেনেহলে অনুনয়-বিনয় কিহৰ?
কি বাবত হেৰুওৱাঁ সম্মান নিজৰ?
উচ্চ হোক, নীচ হোক, লৌকিক ভাগত,
আদি অন্ত সকলোৰে এক জগতত।
তেনেহলে উঠাঁ আজি সঙ্ঘবদ্ধ হৈ,
প্ৰকৃত মানুহ হোৱাঁ শিক্ষা-দীক্ষা লৈ।
লোৱাঁ এই মহাসত্য এৰি হিংসা-ঘিণ,
সকলো মানুহ, হোক গুণ-কৰ্ম্ম ভিন।
কোনোবা মানুহ গুচি যদি দৈত্য হয়,
বলেৰে তোমাৰ পৰা স্বত্ব কাঢ়ি লয়,
তথাপি—মানুহ তুমি,—নকৰিবা ভয়,
এদিন সি পশুবল হব পৰাজয়।
কৰক যি পাৰে তুমি থাকা নিলগত,
নহবা সহায় তাৰ নীচ পীড়নত।
অন্যায় শাসন তাৰ কৰা পদাঘাত,
দৈত্যৰ দৈত্যত্ব হ'ব সমূলি নিপাত।
নিজৰ ভৰিত যদি নিজে থিয় হোৱা,
ন্যায়ৰ বৰ্ম্মেৰে যদি হৃদয় বন্ধোৱা,
বোত্তৱা প্ৰেমৰ জুৰি কৰি অভগন,
সত্যক আশ্ৰয় কৰা কৰি প্ৰাণপণ,
দৈত্যৰ শকতি নাই কৰে অত্যাচাৰ,
নিদিয়ে তোমাক ন্যায্য প্ৰাপ্য অধিকাৰ।

[ ৩২ ]

সিদিনা নালাগে কোনো ৰ’ব কাৰো ছাঁত,
বিশ্ব জুৰি হ’ব এটি মানুহৰ জাত।
এতেকতে ভাই, সুপ্ত শকতি জগোৱাঁ,
দৈত্যক মানুহ কৰি মানুহ বোলোৱাঁ।
নাথাকে তেতিয়া আৰু বিলাপৰ ঠাই,
সকলো মানুহ হ’বা সমানৰ ভাই।

সেৱা-ধৰ্ম্ম।

যত দিন পৰাধীন সেৱা-বৃত্তি লই,
বলীৰ শাসন মানি, হৃষ্টচিত্তে কৰা
তাৰ চৰণ লেহন; স্বাৰ্থৰ কাৰণে
আৰু তোমাৰ স্বাধীন চিন্তা, বিবেকক
কৰা নিৰ্ব্বাসন; ধনীৰ দ্বাৰত পৰি
কৰা তাৰ উচ্ছিষ্ট গ্ৰহণ; তত দিন
শূদ্ৰ তুমি, সকলোৰে ঘৃণিত লাঞ্ছিত।
যত দিন অন্তৰেৰে কৰিবা বিশ্বাস
নিজক অধম বুলি, বলীক আগত
দেখি হ’বা নত শিৰ, নোৱাৰিবা
তত দিন শূদ্ৰত্বৰ শৃঙ্খল ছিঙ্গিব।
মিছা যুক্তি, মিছা তৰ্ক, বাক্য-আড়ম্বৰে,

[ ৩৩ ]

কিংবা আবেদন নিবেদনে উচ্চাসন
নিদিয়ে তোমাক। কিন্তু যদি পোৱা এই
সত্যৰ আলোক,—ঈশ-জ্যোতি-কণা তুমি,—
অনন্তৰ এটি বুদ্ বুদ্; যি মহাভূতেৰে
স’তে ধনী, মানী, বলীৰ গঠন, সেই
মহাভূতে গঢ়া তোমাৰো শৰীৰ;—
এক মহাপ্ৰাণে প্ৰাণ সমস্ত বিশ্বৰ;
অছেদ্য সম্বন্ধ আছে প্ৰত্যেক জীৱৰে;
আছে এটি আকৰ্ষণ জুৰি প্ৰতি অণু
পৰমাণু; সেয়েই বান্ধিছে বিশ্ব প্ৰেম
নামে এডালি সূতাৰে; তেতিয়া উঠিব
জাগি প্ৰাণৰ মাজত, বিশ্ব-জোৰা
প্ৰেম-অনুভূতি, স্বেচ্ছা-প্ৰণোদিত হই
লাগিবা সেৱাত। সুষুপ্ত প্ৰাণৰ প্ৰীতি
জাগিব তেতিয়া, বুজিবা তেতিয়া তুমি
উন্মুক্ত স্বাধীন, বুজিবা তেতিয়া তুমি
শিষ্য বিবেকৰ, অমৃতৰ পুত্ৰ তুমি,
মৃত্যু ভয়ে নোৱাৰে কঁপাব, পাবা শান্তি
স্বাধীন ইচ্ছাৰে সেবি নৰ-নাৰায়ণ |
এই সেৱা ধৰ্ম্ম-চূড়ামণি। নাই তাত,
প্ৰভু-ভৃত্য, নাই তাত ভীতি-প্ৰদৰ্শন।
নাই তাত পুৰস্কাৰ-দণ্ড-বিভীষিকা।

[ ৩৪ ]

ঘৃণিত দাসত্ব এৰি, স্বাধীন ভাৰত
যিদিনা সাবটি ল’বা ধৰ্ম্ম জীৱ সেৱা,
বুৰাবা বসুধা বুকু শতধা বোৱাই,
অযাচিত প্ৰেমৰ প্ৰবাহ, সেইদিনা
নাথাকিব শূদ্ৰত্ব সেৱাৰ; হ’বা তুমি
প্ৰকৃত ব্ৰাহ্মণ।

উদ্বোধন।

উঠাঁ উঠাঁ ভাই, পিন্ধি ৰণ-সাজ,
যুদ্ধৰ কাৰণে হোৱাঁ আজি বাজ।
ভক্তি ভাবে সেবি জননী-চৰণ
জাতীয় যুদ্ধত সঁপাঁহি জীৱন।
গোৱাঁ উচ্চৰৱে বিভুৰ মহিমা,
লোৱাঁ অস্ত্ৰ তুলি প্ৰেম-ভক্তি-ক্ষমা।
হিংসাৰ সলনি যাচিবা মৰম,
পাপীক দেখিলে বিলাবা ধৰম।
পতিতক ল’বা কোলালই তুলি,
দুখিতক দেখি ধৰিবা আকোঁলি।
অন্যায় দেখিলে ন্যায় আচৰিবা,
পৰক দেখিলে আপোন কৰিবা।

[ ৩৫ ]

নিজৰ ভৰিত নিজে থিয় দিবা,
এৰা পাতলৈ হাত নেমেলিবা।
আত্ম সম্মানৰ উজ্জ্বল ভূষণ,
নকৰিবা ম্লান গলেও জীৱন।
অন্তৰত আছে ভগবান জানি,
শুনিবা সদায় বিবেকৰ বাণী।
ৰাখিবা মনত সকলো অভিন,
নোহে কোনো বৰ, নোহে কোনো হীন।
ইদৰে যুদ্ধত হোৱাঁ আগুৱান,
উৰিব নিশ্চয় বিজয়-নিচান।

মিলন-সঙ্গীত

জীৱন্তে উলাহে অঞ্জলি ভৰাই মিলন-মাধুৰী কৰাহে পান।
ক্ৰূৰ কামনা, স্বাৰ্থ-ভাবনা,পাহৰাঁ অলীক মানাপমান।
 একে জননীৰ সকলো তনয়,
 কিয় উচ্চ-নীচ স্বাৰ্থ-অভিনয়?
এৰাঁ ভেদাভেদ, ক্ষুদ্ৰ মানৱতা, শুনা পাতি কাণ মাতৃ-আহ্বান।
ঘোষা।— জীমূত মন্দ্ৰে, গভীৰ ছন্দে, মিলিত কণ্ঠে গোৱাঁহে গান।
শূন্য বিদাৰি সঞ্জীৱনী বীণে তোলক ঝঙ্কাৰ নচাওক প্ৰাণ।
যদিও আমাৰ ক্ষুদ্ৰ শকতি, বিষাদ দৈন্য-পীড়িত প্ৰাণ।

[ ৩৬ ]

 যদিও লুপ্ত অতীত কীৰ্ত্তি, গুপ্ত অতীত গৌৰৱ গান।
 তথাপি এবাৰ জগোৱাঁ হৃদয়,
 মিলাঁ প্ৰাণে প্ৰাণে নাথাকিব ভয়,
নৱ জাগৰণে দিব নৱ প্ৰাণ, নবীন শক্তি কৰিব দান।
ঘোষা।— জীমূত মন্দ্ৰে ইত্যাদি।
  তুমি তো চৈতন্য ব্ৰহ্মময় জীৱ, নোহোৱা তো জড় শৱ সমান।
 কিয় পাহৰিবা জনম-স্বত্ব, নহবা মানৱ কিয় মহান?
  জাতীয় যুদ্ধত তুমি মহাবীৰ,
  মচিব লাগিব অশ্ৰু জননীৰ
  সিংহনাদেৰে হোৱাঁ আগুৱান, বিভুৰ কৰুণা লভিবা দান।
ঘোষা।— জীমূত মন্দ্ৰে ইত্যাদি।

জাতীয়-সঙ্গীত।

যদি হে মিলিছা মাতৃ-আহ্বানত,
দিছা বলি প্ৰাণ জাতীয় যজ্ঞত,
যদি হে স্বাৰ্থত নোহোৱা বিতত,
 লোৱাঁ শুভক্ষণ সাদৰি।
একে জননীক যদি বোলা আই,
লোৱাঁ আকোঁৱালি কাকো নিঘিণাই,
আত্ম-পৰ ভাব পেলোৱাঁ গুচাই,
 লোৱাঁ সকলোকে আদৰি।

[ ৩৭ ]

পাতত বহিও জাতৰ বতৰা,
সৰু-বৰ বাছি কিয়বা আঁতৰা?
মাতৃৰ যজ্ঞত আপোন পাহৰাঁ,
  যাব সঙ্কীৰ্ণতা আঁতৰি।
মাতৃ-মন্দিৰত সকলোৱে মিলি,
ভাই-ভনী বুলি কৰাঁ কোলাকুলি,
গুচোৱাঁ মনৰ কপটতা-মলি,
 যোৱাঁ অহমিকা পাহৰি।
তেতিয়া হে আয়ে লব অৰ্ঘ্য তুলি,
দিব আশীৰ্ব্বাদ সুসন্তান বুলি,
তেতিয়া তুলিবা প্ৰাণ-মন খুলি
 জাতীয় প্ৰীতিৰ লহৰী।
তেতিয়া গীতত পানী হ'ব শিল,
ঢৌৱে ঢৌৱে তাৰ কঁপিব নিখিল,
স্বৰগ-মৰত হ'ব দুয়ো মিল,
 হাঁহিব জননী সাদৰী।
মৃদু সমীৰণে শুভ সমাচাৰ
দিগ্‌দিগন্তত কৰিব প্ৰচাৰ,
নতুন প্ৰভাত উদিব আমাৰ,
 পুণ্য কিৰণ বিতৰি।

[ ৩৮ ]

উলাহ সঙ্গীত।

অমৃত-ধাৰ কোন স্বৰগৰ ঢালে প্ৰাণে প্ৰাণে।
পুলকে পূৰ বাজিছে সুৰ, মিলন মধুৰ তানে।
 কৰ্ম্মক্ষেত্ৰৰ বিশাল ছবি,
  জ্ঞানালোকৰ উজ্জ্বল ৰবি;
হাঁহি হাঁহি হৃদয় জুৰি নতুন জীৱন আনে।
  আগ বাঢ়িছে নানান জাতি,
  এলাহ ভাগৰ কৰি কাতি,
তুমি কিয় আগ নহ'বা জীৱন থাকে মানে?
  জগৎ-জোৰা কামৰ মেলা,
  ভাগ লোৱাঁহি যায় যে বেলা,
ঢৌ তুলি দিওক নতুন প্ৰাণত মহানন্দৰ তানে।

অন্ত

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )