এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭
দীপ্তি।
৪
আছা চন্দ্ৰ-সূৰ্য্য-তৰা, গ্ৰহ-উপগ্ৰহ,
ব্যাপি তৃণ-তৰু-ভূমি।
গায় প্ৰকৃতিয়ে তোমাৰে মহিমা,
বিশ্ব-বিধাতা তুমি।
গৰ্জ্জিছে আগত বাৰিধি অপাৰ
কঁপিছে শৰীৰ দেখি দৃশ্য তাৰ,
কৃপা কৰি আজি আঁহা কৰ্ণধাৰ,
আপুনি এবাৰ নামি।
নিয়াঁ পাৰ কৰি অনন্ত সাগৰ,
নিঃকিন যাতৰা আমি,
হে মোৰ জীৱন-স্বামী।
⸻
ধৰ্ম্ম সঙ্গীত।
(১)
বিভাস—একতালা।
তুমি পুণ্য জ্যোতিৰে ঢাকিছা বিশ্ব জীৱন-স্বামী।
হৃদয় আমাৰো কৰাঁহি পূৰ্ণ অন্তৰযামী।
বিশ্ব-বিয়াপি তোমাৰে মায়া,
নিৰখোঁ নিত্য তিমিৰ ছায়া,
মোহ-আৱৰণ নিয়াঁ আঁতৰাই অজ্ঞান জানি।
২